Friday, May 31, 2013

পুৰুষৰ চিট বনাম মহিলাৰ চিট

কেইদিনমানৰ আগৰ কথা। DTC ( delhi transport corporation) ৰ এখন বাছেৰে নয়দালৈ গৈ আছিলো। সন্ধিয়া সময়। ভীৰ যথেষ্ট বেছি। এই গেলা গৰমতো মানুহৰ ঠেলা হেঁচা চিঞৰ বাখৰ। গালেৰে বৈ অহা ঘাম মুচিবলৈ হাতখন ওপৰলৈ নিবলৈও যেন অলপ ঠাই নাপাম। বৰ অশান্তি লাগিছিল।

    এনেতে হুলস্থুল শুনাত আগফালে চাই দেখিলো  - এগৰাকী মহিলাই মহিলাৰ আসনত বহি থকা এজন পুৰুষ যাত্ৰীক উচ্চ সুৰত কথা শুনাই আছে। গম পালো পুৰুষ যাত্ৰীজনে মহিলাৰ বাবে সংৰক্ষিত আসনখন এৰি দিবলৈ মান্তি হোৱা নাই। মহিলাগৰাকিও কম নহয়- এৰি দিয়া নাই – চিঞৰি চিঞৰিয়ে পুৰুষ যাত্ৰীজনক গালি পাৰিবলৈ ধৰিলে , ওপৰত লগাই থোৱা “মহিলাৰ বাবে” লেবেলটোলৈ আঙুলিয়াই কবলৈ আৰম্ভ কৰিলে সেই আসনৰ ওপৰত থকা মহিলাৰ চৰকাৰ প্ৰদত্ত অধিকাৰৰ কথা।

শেষত উপায় নাপাই পুৰুষ যাত্ৰীজনে আসনখন এৰি দিবলৈ বাধ্য হ’ল। কিন্তু তেও সহজে মহিলাগৰাকীক এৰি নিদিলে। তেও চিঞৰিয়ে মহিলাগৰাকীক কলে ‘মহিলালৈ নির্ধাৰিত আসনত বহিলে আমাক যে আপোনলোকে আসনৰপৰা উঠাই দিয়ে, পুৰুষৰ আসনত বহিলে আপোনালোকক কেতিয়াবা কোনো পুৰুষে উঠি দিবলৈ কোৱা দেখিছেনেকি?”

এইবাৰ মোৰ অবাক হোৱাৰ পাল। ইমান বছেৰে মই  বাছে ট্ৰেইনেৰে ফুৰিছো - মহিলা আৰু বিকলাংগৰ বাবে সংৰক্ষিত আসন দেখিছো কিন্তু পুৰুষৰ বাবে সংৰক্ষিত আসন আজিলৈকে দেখা নাই।

 এইবিধ আকৌ কেতিয়াৰপৰা আহিল --

পাছত গম পালো। সকলোৰে বাবে মুকলি পাচফালৰ আসনকেইখনক যাত্ৰীজনে পুৰুষৰ বাবেই সংৰক্ষিত বুলি ভাবি লৈছিল ।

Wednesday, May 29, 2013

ককা আৰু নাতি

ককা কমলা কুঁৱৰীৰ সাধুটো কওকচোন ।
ককাৰ সাধুকথা আৰম্ভ হৈ যায় -
            "কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীনো কিমানে হ'ল
             স্বর্গদেউ ঈশ্বৰ স্বর্গদেউ ঈশ্বৰ পানী একাঠু হ'ল-----"

ককা এইবাৰ "তেজীমলাৰ" সাধুটো কওক --
ককাই সুৰ লগাই লগাই তেজীমলাৰ কাহিনী কৈছিল
            "হাতো নেমেলিবি ফুলো নিচিঙিবি, ক'ৰে নাৱৰীয়া তই
            পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই"

আৰু এশ এটা সাধুকথা। ককাৰ মুখত এই সাধুকথাবোৰ বাৰে বাৰে শুনিলেও যেন কেতিয়াও আমনি নালাগিছিল। ককাৰো যেন কেতিয়াও সাধুকথা কৈ আমনি নালাগিছিল। সদায় হাঁহি হাঁহি বৰ উৎসাহেৰে আমাক সাধু শুনাইছিল।
             

কি যে মৰম কৰিছিল আমাক। আমিও যেন এখন ঠেং সদায় ককাৰ ঘৰলৈ যাবলৈ দাঙি থৈছিলো। গৰম বন্ধ, পূজা বন্ধ বা বছেৰেকীয়া পৰীক্ষাৰ পাছত পোৱা বন্ধই নহওক, বন্ধত ককা-আইতাৰ ঘৰলৈ ধাপলি মেলিছিলো। তেতিয়া আৰু আমাক কোনে পাই। কবলৈ গলে সেইকেইদিন উঠি ৰজা বহি ৰজা। যি ইচ্ছা যায় তাকে কৰিছিলো।


 মাঘৰ বিহুত উৰুকাৰ দিনা ককাৰ ঘৰত থকাটো আমাৰ কাৰণে অঘোষিত পৰম্পৰা হৈ পৰিছিল। ককায়েও আমি যাম বুলি জানি প্ৰত্যেক বছৰতেই আগৰেপৰাই প্ৰস্তুতি চলাইছিল। ঘৰৰ চোতালতে ভেলাঘৰ সাজি দিছিল। ভেলাঘৰত মাটিত খেৰ পাৰি বহিব আৰু শুব পৰা কৰি দিছিল। গোটেই ৰাতিটোলৈ যাতে জুৰে তাৰ হিচাপত আগতিয়াকৈ পাছফালৰ বাৰিৰে পৰা গছৰ ডাঙৰ মুঢ়া আৰু খৰিৰ ব্যৱস্হা কৰিছিল। উৰুকাৰ দিনা ভেলাঘৰত আমাক জুই ধৰি দিছিল । লগতে লৈ আনিছিল বিবিধ প্ৰকাৰৰ আলু আৰু জুইত পুৰি আমাক সেই আলুৰ সোৱাদ লবলৈ দিছিল। ইফালে ঘৰৰ ভিতৰৰপৰা আইতাৰ আনলিমিটেড পিঠা-পনাৰ চাপ্লাইটো আছিলেই। ভোজ খোৱাৰ পাছত জুইৰ আঙঠাৰ তাপতে আমি খেৰৰ ওপৰত পাৰি দিয়া বিচনাত পৰি টোপনি গৈছিলো। ককাই গোটেই ৰাতি আমাক ৰখি থাকিছিল। আইতা ভিতৰত পিঠা-পনা পোৰাত ব্যস্ত আছিল। পাছদিনা পুৱতি নিশাতে ককাই আমাক টোপনিৰপৰা জগাই গৰম পানীৰে গা পা ধোৱাই নাম ঘৰলৈ লৈ গৈছিল। নাম ঘৰত গাঁৱৰ ৰাইজে একেলগে মেজি জ্বলায়। মেজিৰ জু্‌ইত তামোল পানৰ সৈতে এটকীয়া বা পঞ্চাশ পইছাৰ মুদ্ৰা দলিয়াই দি সেৱা কৰিছিলো আৰু পাছত মেজিৰ কাষতে বহি নাৰিকলৰ সোৱাদ লৈছিলো। 


ককা আইতাৰ ঘৰলৈ গলে ককাৰ লগত প্ৰায়েই গাওঁ ফুৰিবলৈ গৈছিলো। সচা কবলৈ গলে ককাৰ লগত এনেদৰে গাও ফুৰা চকা কৰোতেই কিজানি গাঁৱৰ বেছিভাগ মানুহৰ লগত মই চিনাকি হৈছিলো।  আলহীৰ ঘৰত ককাৰ লগতে আমিও লাল চাহ আৰু তামোলৰ জুটি লৈছিলো। জাৰৰ দিনত কেতিয়াবা কেতিয়াবা ন খাবলৈও গৈছিলো। মাজ চোতালত থৈ দিয়া লেন্ঠনৰ পোহৰত ককাৰ কাষতে বহি ন চাউলৰ ভাত খাইছিলো। লগত ৰাইজৰ মাজত হাঁহিৰ খলকনি তোলা ধেমালিৰ ৰস।  গাঁও ফুৰি ৰাতি ৰাতি আন্ধাৰ নিজান গাৱঁৰ ৰাস্তাইদি ঘৰলৈ ঘুৰি আহোতে খুব ভয় লাগিছিল। ককাৰ হাতখন জোৰেৰে খামোচ মাৰি ধৰিছিলো আৰু চকুমুদি ককাৰ ওপৰত ভৰসা কৰিয়েই খোজ দিছিলো। বিশেষকৈ আহঁত বা বৰ গছৰ তলেদি আহোতে মই কিজানি চকু ভুলতেও মেলি চোৱা নাছিলো।   


অসমীয়া পৰম্পৰাৰ একো এটাকে যাতে আমি বাদ নিদিও নকৰো তাৰ ওপৰত ককাই সদায় চকু দিছিল। প্ৰত্যেক বছৰতেই যাতে আমি চুঙা চাউল খাও তাৰ বাবে ব্যৱস্হা কৰিছিল। কেতিয়াবা কিবা কাৰণত আমি ককা আইতাৰ ঘৰলৈ যাব নোৱাৰিলে ককাই পাছদিনা ৰাতিপুৱাই বাছ ধৰি আমাৰ ঘৰ ওলাইছিলহি। লগত লৈ আনিছিল অসংখ্য বাঁহৰ চুঙা আৰু গাখীৰ। ঠিক তেনেদৰে বাৰিৰ গছত ফলমূল পকিলেও ককাই সযতনে আমালৈ সেয়া লৈ আনিছিল। মোনাৰপৰা উলিয়াই দিছিল পকি মোক খা মোক খা কৰি থকা আম,কঠাল, লেটেকু,পনিয়ল আদি বাৰিত লগা ফলমূল বিলাক।


মাজে মাজে ককাই বাৰিৰ শাক পাছলি বা ফলমূল বেপাৰীক বেচা মেলা কৰিছিল। তাত পোৱা টকাকেইটা ককাই সযতনে সাঁচি ৰাখিছিল। ককাৰ ঘৰলৈ গলে বা ককা আমাৰ ঘৰলৈ আহিলে হাততে সেই টকা গুজি দিছিল। যেন তাৰ ওপৰত কেৱল নাতিৰহে অধিকাৰ। তেতিয়া ককাৰ চকুত দেখিছিলো এক বুজাব নোৱাৰা আনন্দ। তেনেদৰে ককাৰ বৃদ্ধ পেন্সনৰ ভাগো আমি নাতিকেইটাই পাইছিলো। চাকৰি কৰাৰ পাছতো যেতিয়া ককাৰ ওচৰলৈ গৈছিলো তেতিয়াও ককাই সাঁচতিৰপৰা আলফুলকৈ অতদিনৰেপৰা সাঁচি ৰখা টকাকেইটা মোলৈ উলিয়াই দিছিল। কেতিয়াবা ২০-৩০ টকা কেতিয়াবা ১০০-২০০ টকা। কিন্তু সেই টকাকেইটাৰ আৰত থকা আনন্দ জানো  এম. এন. চি. ত কাম কৰি  মাহৰ শেষত পোৱা মোটা দৰমহাটোৱে মোক দিব পাৰিছিল। মৰমৰ তুলাচনীত যে ককাৰ সেই টকাৰ ভৰ মোৰ দৰমহাতকৈ শতগুণে বেছি।


ককাই আমাক প্ৰায়েই সাধু কৈছিল। আমিও ককাৰ সাধু শুনি বেচ ৰস পাইছিলো। ৰাতি ককাৰ লগত শুবলৈ দাদা আৰু মই প্ৰায়েই কাজিয়া কৰিছিলো। গৰমৰ দিনত ৰাতি বিছনাত ককাই বিচনীৰে বিচি বিচি সাধু শুনাইছিল। কমলা কুঁৱৰীৰ সাধুতো ককাৰ বৰ প্ৰিয় আছিল বোধহয়। বাৰে বাৰে শুনা স্বতেও আমাৰ আমনি নালাগিছিল। কিন্তু ককাই সাধুকথাতকৈ বেছিকৈ তেওৰ জীৱনৰ কাহিনীবিলাকহে কৈছিল । কেনেকৈ বেপাৰ কৰিছিল,দেউতাক কষ্ট কৰি পঢ়োৱাইছিল,  ইত্যাদি অনেক কথা।


সদায় যে ককা আৰু আমাৰ একেটা সুঁতিৰে পানী বৈছিল সেইটোও সত্য নহয়। কেণাটো লাগিছিল যেতিয়া ককা আমাৰ ঘৰলৈ আহে। ককা আমাৰ ঘৰলৈ আহিলে প্ৰায়ে ঘূৰি যাবলৈ আহে। থাকিলেও দুই এদিনতকৈ বেছি নাথাকে। আমি ককাক ৰাখিবলৈ বহুত বুদ্ধি সাজিছিলো। ককাৰ চোলা,চুৰিয়া লুকোৱাই থৈছিলো, ঘড়ীৰ সময় পিছুৱাই থৈছিলো যাতে ককাই বাছ ধৰিবগৈ  নোৱাৰে ইত্যাদি অনেক কিবা কিবি। ককায়ো আমাৰ লগত মাজে মাজে জেদ ধৰিছিল। কিন্তু ক্ষন্তেকৰ বাবেহে। মুহূর্ততে আকৌ আমি আগৰদৰেই ককা নাতি হৈ পৰিছিলো।


ককাই আমাক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল। সুবিধা পালেই গাঁৱৰ মানুহৰ আগত আমাৰ প্ৰশংসা কৰিবলৈ নেৰিছিল। পৰীক্ষাত কোন ডিভিজনত পাছ কৰিছো তাৰ খবৰ ককাৰ নখ দর্পণত আছিল।


এদিন ককাক সুধিছিলো “ ককা আটাইকেইটা নাতিৰ ভিতৰত আপোনাৰ কাক ভাল লাগে”
ককাই ধেমালিতে হাঁহি মাৰি কৈছিল “জী নাতি জপনা কাতি, পো নাতি ধৰে ছাতি”

কিন্তু মোৰেই দুর্ভাগ্য - আমাক এৰি থৈ যোৱাৰ সময়ত ককাক মই মাত এষাৰো দিব নোৱাৰিলো -- ককা  ঢুকোৱাৰ খবৰটো পোৱাৰ পাছত বহুত দেৰিলৈকে কাণত ককাই কোৱা কথাফাঁকি বাজি থাকিল -
  " -- পো নাতি ধৰে ছাতি "  

(আজি আৰু ককা আমাৰ মাজত নাই। কিন্তু ককাৰ এই কথাবিলাকে দেখোন মনত বৰকৈ খুন্দিয়াইছেহি। ককাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই প্ৰার্থনা কৰিলো)


বেবেৰিবাং


মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পাছত বিজ্ঞান শাখাত নাম লগালো।আগৰ কেৱল এখন বিজ্ঞানৰ পাঠ্যপুথিৰ ঠাইত পদার্থ বিজ্ঞান,ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানৰ দেখিলেই ভয় লগা কিতাপে ঠাই ললে।

দ্বিতীয় বার্ষিকলৈ পোৱাৰ লগে লগে  থিঅৰি ক্লাছৰ লগতে প্ৰেক্টিকেল ক্লাছো আৰম্ভ হ’ল। লেব’ত এপ্ৰন পিন্ধি "ছল্ট টেস্ট" কৰোতে নিজকে কিবা ডাঙৰ বিজ্ঞানী বুলি ভবা হলো। যেন এই হঠাৎ কিবা এটা জগত টোলপাৰ লগোৱা বস্তু আৱিস্কাৰ কৰিম। টোলপাৰ লগাবলৈ কিবা আৱিস্কাৰ কৰিলো নে নাই সেয়া মই নাজানো পিছে ৰসায়ন বিজ্ঞানৰ লেব’ত লগৰ দুটামানৰ লগত টেস্ট টিউব ভঙাৰ ৰেকর্দ কৰি কলেজত যে টোলপাৰ লগাইছিলো সেয়া ঠিক মনত আছে। প্ৰিন্সিপাল চাৰে এবাৰ লেবলৈ আহি কিবা ৱার্নিং দিয়া কথাও মনত পৰে।

এতিয়া আহো আচল কথাটোলৈ । জীৱবিজ্ঞানৰ প্ৰেক্টিকেল’ৰ ক্লাছত আমাক ভেকুলী  কাটিবলৈ শিকোৱা হৈছিল। টেবুলৰ সোঁমাজতে ওলোটাকৈ পেলাই পেটটো কাটি দিয়াৰ পাছতো বহুত সময়লৈকে ভেকুলী টোৰ হৃদযন্ত্ৰটো উঠা নমা কৰি থাকিছিল। তাকে দেখি বাকিবিলাকৰ কি ভাব হৈছিল নাজানো মোৰ কিন্তু একেবাৰেই ভাল লগা নাছিল। ক্লাছত উৎপাত কৰিব পাৰো, ক্লাছৰপৰা পলাব পাৰো, দীপাৱলিত শিক্ষকে নেদেখাকৈ আলু বম ফুটাব পাৰো কিন্তু এই কটা মেলা কথা কলেই মোৰ হাত ভৰি পেটতে লুকাইছিল।

অশান্তিৰ আন এটা কাৰণো আছিল। প্ৰেক্টিকেলৰ কাৰণে ভেকুলী ছাত্ৰ ছাত্ৰীয়ে নিজেই যোগাৰ কৰিব লগীয়া হৈছিল। মই তেতিয়া হোস্টেলত আছিলো। হোস্টেল’ত থকাৰ বাবে ময়ো নিজেই ভেকুলী  যোগাৰ কৰিব লগা হৈছিল। কৰবাত ভেকুলীৰ টোৰ-টোৰনি শুনিলেই ছার্ক মাছে তেজৰ গোন্ধ পালেই চিকাৰৰ সন্ধানত যোৱাৰ নিচিনাকৈ দৌৰি গৈছিলো ভেকুলী ক’ত আছে বুলি বিছাৰি।

সেইসময়ত ভেকুলী ধৰিবলৈ গলে হাতত পলিথিন পিন্ধি লৈছিলো। ভেকুলী ধৰিবলৈ ঘিণ নলগা নহয়।কিন্তু পলিথিন পিন্ধাৰ অন্য এটা কাৰণো আছিল। ভেকুলী ৰ মূত যাতে হাতত নপৰে। মানুহে ভেকুলী  ধৰিলে ভেকুলী য়ে ৰক্ষা পাবলৈ হাততে মূতি দিয়ে। আৰু ধৰিবলৈ যোৱাজনেও যদি আগতিয়াকৈ প্ৰতিকাৰ নলয় তেন্তে স্বাভাবিকতেই তেও ভেকুলী টো এৰি দিব লগাত পৰে। ভেকুলীৰ মূতেৰে হাত লেতেৰা কৰাতকৈ ভেকুলীটোকে এৰি দিয়া ভাল। সেই সুযোগতে ভেকুলীয়ে পলাই পত্ৰং দিয়ে। অথাৎ কবলৈ গলে  মূত্ৰ বিসর্জনেই হৈছে ভেকুলীৰ আত্মৰক্ষাৰ উপায়।

এতিয়া ভেকুলীৰপৰা ভূতৰ কথালৈ আহো ।  কালি অ ক ব’ত এটা ভৌতিক গল্প পঢ়াৰ পাছত এনেয়ে লগৰ এজনৰ লগত ভূতৰ বিষয়ে কথা পাতি আছিলো। ভূত আছেনে নাই, যদি আছে ভূত দেখিবলৈ কেনেকোৱা, ভূতৰ কিহ’লে ভয় ইত্যাদি কথাবিলাক। কথা প্ৰসংগত বন্ধুজনেই উল্লেখ কৰিলে যে ভূতৰ হেনো প্ৰস্ৰাৱলৈ ভয়। সৰিয়হ, কটাৰীৰ কথা শুনিছিলো কিন্তু প্ৰস্ৰাৱৰ কথা মই জনা নাছিলো। কথাষাৰ শুনি চাৎকৰে কথা এষাৰ মনলৈ আহিল ..আমি যে প্ৰায়েই এষাৰ কথা কও বা শুনা পাও  “আমুকে সেইদিনা ভূতৰ ভয়তে মূতি দিলে” তাৰমানে ভূতৰ পৰা বাছিবলৈহে ভয় খোৱা মানু্হজনে মূতি দিয়ে নেকি বাৰু? মানুহক ভয় খোৱাবলৈ আহি মানুহে মূতা দেখি ভূতে নিজেই ভয় খাই যায় আৰু মুহুর্ততে হৰলুকি মাৰে। বেঁজক খৰে খালে বুলি ইয়াকে কৈ চাগে ।

অভিজ্ঞতা নথকাৰ বাবেই মই এই কথাষাৰৰ সত্যতাৰ ওপৰত অভিমত ৰাখিবলৈ অপাৰগ। কেৱল চিনেমা বা সাধুকথাতহে আজিলৈকে এ্নে কথা শুনি আহিছো। কিন্তু যদিহে কথাষাৰ সঁচা হয় তেন্তে মানুহে ভয়তে মূতি দিয়া আৰু ভূতৰ মূতলৈ ভয় এই দুয়োটা কথাৰ মাজত যে কিবা সমন্ধ আছে তাক নুই কৰিব নোৱাৰি। নিজে বাচিবলৈ ভেকুলীয়ে মূতি দিয়াৰ নিচিনাকৈ মানুহেও আত্মৰক্ষাৰ হেতু ভূতৰ ভয়ত মূতি দিয়ে বুলি কলে ভুল কোৱা নিশ্চয় নহব ।

যদি সেয়াই সত্য তেনেহ’লে ভয়তে মূতি দিয়া মানুহজনক অলপধতুৱা বুলি ঠাট্ৰা কৰাতকৈ তেখেতে যে ভূতকো “এন্টিজেক” দিব পাৰিলে তাৰ বাবে তেওৰ উপস্হিত বুদ্ধিক ( যদিও সেয়া  স্বতঃস্ফুত) আমি প্ৰশংসাহে জনোৱা উচিত। ।

Monday, May 27, 2013

ৰিকি চানলৈ যাবা ???


কালি আবেলি ঘৰলৈ যাবলৈ আহি বাছৰ অপেক্ষাত পাণবজাৰৰ বাছ স্টপ টোত ৰৈ আছো। অলপ পাছতে ওচৰতে ছোৱালী দুজনী আহি ৰলহি। সাজ পোছাকে দেখাত ভাল ঘৰৰ ছোৱালী যেনেই লাগিল। ইফালে বাছৰ দেখা দেখিয়ে নাই। ছোৱালী দুজনীৰ এই গেলা গৰমত বাছৰ কাৰণে ৰ'দত থিয় হৈ হৈ বোধহয় আমনি লাগিল। পেচেন্জাৰলৈ বুলি ওচৰতে ৰৈ থকা অটো'ৰিক্সা চালকজনক সুধিলে " ৰিকি চানলৈ যাবা??"


মই একোকে বুজি নাপালো। কোন এ্ই ৰিকি?? আৰু এই যে ক’লে চানলৈ বুলি মইতো আজিলৈকে গুৱাহাটীত এনে ঠাইৰ নাম শুনা নাই। একেবাৰে SUN 'ৰ কথাই কলেনেকি বাৰু?? দুয়োজনীৰে তাঁৰ দুডালমান ধিলা আছে চাগৈ । মনতে ভাবিলো। কিন্তু মোক আচৰিত কৰি অট’ চালকজনে ছোৱালীকেইজনিক যাম বুলি কৈ অট’ স্টার্ট দিলে আৰু ছোৱালীকেইজনীৱেও অটো'ত উঠি গলগৈ।মই চাই থাকোতেই গল।


 নিজৰেই আচৰিত লাগিল। অট’ চালকজনেও দেখোন জানে ঠাইটুকুৰাৰ কথা। মানে সচাকৈয়ে চান নামৰ ঠাই এডোখৰ এই গুৱাহাটীতে আছে। নিজৰ এই গুৱাহাটীতে নিজকেই কিবা অচিনাকী অচিনাকী যেন লাগিল। বাছত আহি থাকোতে লগৰজনক সুধিম বুলি ভাবিও নোসোধিলো। সেইটো কথাকে নাজানো বুলি যদি ঠাট্ৰা কৰে। নাই মান সম্মান হেৰুৱাব নোৱাৰি। তাতকৈ ঘৰত গৈ আজি গুগ’ল মেপতে চাব লাগিব ক’ত এই চান ঠাইটুকুৰা আছে। ঘৰত আহি চালো। নাই নাপালো এ্ই চান  নামৰ ঠাইটুকুৰা। মনতে ভাবিলো " এতিয়াও আমাৰ এই গুৱাহাটীৰে বহুত ঠাই আপডেট কৰিবলগীয়া আছে দেই গুগ'ল মেপত। ভাবি ওৰ নাপালো ক’ত থাকিৰ পাৰে এই ঠাইকণ।


পাছত ঘৰত ৰাতি ভাতৰ পাতত কথাটো উলিয়াওতেহে উৰহীৰ ওৰ ওলাল ।

ক্লাছ নাইন'ত পঢ়া খুৰাৰ লৰাতোয়েই মোৰ কথা শুনি ধেক ধেকাই হাঁহি ক'লে .."ছোৱালীকেইজনী চাগৈ ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ে। মডার্ণ ছোৱালী। আজিকালি হেনো তাহাতি ইস্টাইলতে অটো'ৰিক্সাক ৰিকি বুলি আৰু চান্দমাৰিক চান বুলি কয়। সেয়েহে অট'ৰ চালক জনক চান্দমাৰিলৈ যাৰ নে নাযাই সুধিবলৈকে কৈছিল "ৰিকি চানলৈ যাবা ??"


হয়তোন তেনেকৈ নোসোধিলে লগৰ ল’ৰা ছোৱালীয়ে গাৱঁলীয়া ভূত বুলি নাহাঁহিব নেকি কিবা তাঁহাতক ? প্ৰেচতিজ বোলা কথা এটাও থাকে নহয়।

 কথাতো শুনি সৰুতে পঢ়া কৌতুক এটাৰ কথা মনত পৰি গ’ল। কৌতুকটো আছিল এনেধৰণৰ--
  দেউতাক : মাজনি আজিকালি তুমি যে মোক “পাপা” বুলি নকৈ ‘দেদ্দি” বুলি কোৱা?
  মাজনি: “পাপা” বুলি ক’লে উঠ কেইটা লাগি যায় আৰু লিপস্টিক এৰাই যায় কিন্তু দেদ্দি বুলি ক’লে সেয়া নহয়। সেইকাৰণেই পাপাৰপৰা দেদ্দিলৈ এই পৰিবর্ত্তন”

 কথাটো মনত পৰিলত ময়ো মুখৰ ভিতৰতেই এনেই দুবাৰমান আওৰাই চালো “ৰিকি চানলৈ যাবা?

ইউৰেকা!!!! ইউৰেকা!!!  এতিয়াহে যেন উৰহীৰ ওৰ ওলাই পৰিছে। ৰিকি বা চান বুলি ক’লেচোন উঠকেইটা লগ নালাগে কিন্তু চান্দমাৰি বুলি ক’লে দেখোন লাগি যায়। তাৰমানে কথাটো সেইটোয়েই নেকি বাৰু ।

"এই মডার্ণ ছোৱালীবিলাক কিন্তু সাংঘাটিক ইনজেনিআছ দেই!!!"

মোৰ অজানিতেই মূখৰপৰা অতর্কিতে কথাষাৰ ভাতৰ পাততে ওলাই গ'ল। তেতিয়াহে মন কৰিলো যে খোৱা বাদ দি সকলোৰে চকু দেখোন মোৰ ওপৰত। অলপ যেন সময় লাগিল তেওলোকৰ কথাষাৰৰ গুৰি ক'ত বুজিবলৈ?  অলপ পাছত মায়ে ক'লে "হ'ব দে চিন্তা কৰিব নালাগে। তোলৈ তেনেকোৱা চানলৈ,মুনলৈ যোৱা এজনীকে আনিব লাগিব।"

হে হৰি। দিন কাল বৰ বেয়া চলিছে দেই!!! মান ভন্ঞ্জনৰ দিন আছিল নেকি বাৰু আজি। কেলেন্ডাৰখন চাব লাগিছিল ৰাতিপুৱাই। চিঞৰিয়ে মাক কলো -

"সেই কিনো কথাবোৰ কৈ থাকে জানো । মাংস অলপ দিয়ক । ভাল বনাইছে আজি মাংস "

Sunday, May 26, 2013

বয়সৰ চাপ




দিল্লীলৈ আহিবৰেপৰা লক্ষ্য কৰিছো চুলি দেখোন বেছিকৈ সৰিবলৈ লৈছে। আগতেও নসৰা নহয়। কিন্তু ইয়ালৈ অহাৰ পাছত দেখোন ধুমুহাৰ গতিৰে সৰিবলৈ লৈছে। এনেকৈ থাকিলে হ'ল আৰু। অতি শিঘ্ৰেই যে এডালো বাকী নাথাকিবগৈ তাত কোনো সন্দেহ নাই। লগৰকেইটাক ক'লে বিবিধ কথা কয়। পানীৰ প্ৰব্লেম, দেনদ্ৰাফ হৈছে,দিল্লীৰ ধূলি, টেনছন, কামৰ প্ৰেছাৰ ইত্যাদি এশ এটা কথা।  কাৰণটো কি গম নাপালেও কথাটোৱে যে মোক টেনছন দিছে বুজিবলৈ বাকী নাথাকিল। সেয়েহে বন্ধ দিন পাই কালি গ'লো ডাক্তৰৰ ওচৰলৈ।

  লেডি ডাক্টৰ। বেচ হাঁহিমুখিয়াল। ভাবিলো এনেকুৱা হাঁহি দেখিলে  দেখোন বেমাৰীৰ বেমাৰ আধা আধি ভালেই হই যাব। 
মোক বহিবলৈ দি নাম, কি কৰো, প্ৰব্লেম কি সোধিলে। ময়ো যথাযথ উত্তৰ দিলো। 
এইবাৰ সোধিলে "তোমাৰ বয়স কিমান?"
মই কলো " পঁচিছ"
 ডাক্টৰণী বাইদেৱে উত্তৰ শুনি লিখি থকাৰেপৰাই  মূৰ তুলি মোলৈ চাই হাঁহি হাঁহি কলে 
" এই বয়সতে তোমাৰ চুলিৰ প্ৰব্লেম হ'ব নালাগে নহয়"

কথাষাৰ যদিও ধেমালিত ক'লে মোৰ মনত খু-দুৱনি লাগিল। বয়সটো কোৱাৰ পাছতহে যে এনেকৈ ক'লে?? তেওৰ সম্মুখত বহি ইতিমধ্যে মই দেখোন ২-৩ মিনিট সময় কথা পাতিলো । তেতিয়াতো নকলে যে মোৰ এই বয়সতে চুলি সৰিব নালাগে বুলি। তেও ধৰিব নোৱাৰিলেনেকি যে উঠ চেপিলে এতিয়াও মোৰ গাখীৰ ওলোৱা অবস্হা। কাৰণটো কি হ'ব পাৰে বাৰু? বয়সৰ চাপ মোৰ ওপৰত পৰিছে নিশ্চয়!!! 

মোক দেখাত বাৰু বুঢ়া বুঢ়া লাগিছেনেকি?? এইবাৰ আকৌ লাগিল এটা চিন্তা।
"ধেইত তেৰি!!! আহিছিলো টেনছন দূৰ কৰিবলৈ আৰু আহি ইয়াত আৰু এটা টেনছনৰ কাৰণ যোগ কৰি ল'লো। তাকো পইছা দি "

গামোচা আৰু আমাৰ পৰিচয়



কালি আবেলি পৰত দিল্লীত থকা লগৰ এজনৰ ঘৰলৈ গৈছিলোঁ। দিল্লীৰ ভিতৰুৱা গলি বিলাকৰ কথা আৰু কি কম । পথ বুলিবলৈ কথমপি ৰিক্সা এখন যাব পৰাকৈ  বহল। মুৰৰ ওপৰত টেলিফ',বিদ্যুত পৰিবাহী তাঁৰৰ জঁট। 
লগৰ জনৰ লগত খোজ কাঢ়ি যাওঁতে এনেই ওপৰলৈ চাই পঠিওৱাত দেখিলো - ওপৰৰ তাঁৰত গামোচা এখন ওলমি আছে। পুৰণি মলিয়ন গামোচা। হয়তো বহুত দিনৰপৰা তেনেকৈয়ে আছে। বতাহে বোধহয় কাৰোবাৰ বেলক'নিৰপৰা উৰুৱাই আনি এই তাঁৰৰ মেৰপাকত পেলালেহি। যত গামোচাখন আছে তাৰপৰা বুটলি অনাৰ কাৰো সাধ্য নাই। "স্পাইডাৰ মেন" থকা হ'লে হয়তো সম্ভৱ হ'ল্ হয়। কিন্তু দিল্লীৰ এই গলিবিলাকৰ যিহে গতি মাজে মাজে ভাবো  স্পাইডাৰমেন যদি এই গলি বিলাকৰ মাজেদি উৰে তেন্তে এই তাঁৰবিলাকত বাৰু কিমান উজুটি খালেহেতেন? হয়তো কোৱা টান হ'ব।
লগৰ জনৰ এপার্টমেন্টটো কাষতেই। তাক ওলমি থকা গামোচা খন দেখুৱাই কলো " অই ওচৰতে অসমৰ মানুহ আছে দেখোন। যাবি আকৌ চা চিনাকি হ'বি। ভাল লাগিব কথা বতৰা পাতি" 
  "তই কি মই এতিয়া বিদেশত আছো বুলি ভাবিছ নেকি? দিল্লী হয়। গোটেই খন অসমীয়া মানুহেৰে ভৰি আছে। তাতে ইয়ালৈ অহা দুদিন মান হৈছে হে মোৰ । ছেট'ল হৈ লওঁ ৰ। " সি ভেকাহি মাৰিলে।


মই আৰু একো নকলো। গামোচা খনেৰেই যে পৰিচয়তো ইমান সহজে পাব পাৰি। মনলৈ আহিল ইন্ঞ্জিনিয়াৰিং কলেজ'ৰ নামভৰ্ত্তিৰ সময়ত হোৱা এটা মিঠা অভিজ্ঞতাৰ কথা 
ইন্ঞ্জিনিয়াৰিংৰ কাৰনে আবেদন কৰা AIEEE পৰীক্ষাৰ কাউন্সেলিং শিলছৰত হৈছিল। কাউন্সিলংত গম পালো মই National Institute of Technology চমুকৈ NIT   জলন্ধৰত চিট পাইছোঁ। কিন্তু গম পালো যে সাত দিনৰ ভিতৰতেই এডমিশ্যন লব লাগে। সেয়েহে দেউতা আৰু মই পোনে পোনেই শিলছৰৰ পৰা জলন্ধৰলৈ গলোগৈ। জুন মাহৰ ১৭ তাৰিখে এডমিশ্যন হৈ গল। তেতিয়াহে গম পালো যে ক্লাছ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাহে আৰম্ভ হ'ব। 
এতিয়া কি কৰা যায়। মাজত ১৫ দিনমান আছে। ঘৰলৈ ঘূৰি যাবলৈও অসুবিধা। প্ৰথম বাৰৰ কাৰনে অসমৰ বাহিৰলৈ আহিছোঁ। অহা যোৱাত বিৰাট অসুবিধা। শেষত সিদ্ধান্ত কৰিলোঁ যে ঘৰলৈ মই উলটি নাযাওঁ। মই এইকেইটা দিন হোষ্টেলতে থাকো। মোৰ নিচিনাকৈ থাকি যোৱা আৰু ২-৩ জনমান অসমৰ বাহিৰৰ লৰাক লগ পালো । লগৰ লৰা দেখি দেউতা নিশ্চিন্ত হ'ল। হোষ্টেলত এডমিশ্যন লোৱাৰ পাছত দেউতা ঘৰলৈ গলগৈ। 
 হোষ্টেলৰ এডমিশ্যন লওঁতে গম পালো মোৰ ৰুমমেট দুয়োজনেই অসমৰ। কথাটো গম পাই ভাল লাগিল। কিন্তু পাছত গম পালো তেওঁলোক দুয়োজনেই হেনো এডমিশ্যন লৈ ঘৰলৈ উলটি গল। ক্লাছ আৰম্ভ হোৱাৰ আগে আগেহে হোষ্টেললৈ আহিব।
ৰুমলৈ আহি বিছনা পত্ৰ ঠিক ঠাক কৰি ললো। ওচৰে পাজৰে খবৰ কৰি দেখিলো প্ৰায় ৬-৭ জনমান লৰাই আছে মোৰ "উইং" টোত। হ'ব তেও - নাই মোমাইতকৈ কণা মোমায়েই ভাল।
    ৰুমত বহি বহি ভাবিবলৈ ধৰিলো "এই ১৫ দিন অকলে অকলে এই ৰুমটোত থাকিব পাৰিমনে বাৰু মই ?" আগতে হোষ্টেলত নথকা নহয় কিন্তু অকলে অকলে ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত থকাৰ কথাটো ভাবিয়েই কিবা ভয় ভয় লাগিল। তাতে আগৰে পৰা শুনি অহা ৰেগিংৰ দুস্বপ্নবোৰটো আছেই লগতে। 
 "ছেহ অসমৰ লৰা এজন পোৱাহ'লে। মোৰ হিচাপমতে অসমৰপৰা কমেও ৮-৯ জন লৰা আহিব লাগে। কিন্তু মই জনাত তেতিয়ালৈকে ৩ জন লৰাইহে এডমিশ্যন লৈছে। " বাকি কেইজনো আহিব চাগে লাহে লাহে। মোৰ পাছত এডমিশ্যন লৈছে বোধহয়।" মনতে ভাবিলো। লগ কৰিব পৰা হ'লে ভাল হল হয়। কিজানি মোক দেখি তাৰ মাজৰে কোনোবা এজনেও যদি থাকি যোৱাৰ সিদ্ধান্ত কৰি পেলায়।"
কিন্তু কথা হ'ল যদি কোনোবা অসমৰপৰা আহে মই সেই কথা কেনেকৈ জানিম? তেওঁলোকেই বা কেনেকৈ মোৰ কথা জানিব । 
হঠাৎ উপাই এটা বিচাৰি পালো। বেগ'ৰপৰা গামোচাখন উলিয়ালো আৰু বেলক'নিত সকলোৰে চকুত পৰাকৈ ৰছীত আৰি দিলো। মোৰ ৰুমটো গ্ৰাউন্দ ফ্ল'ৰতেই আছিল আৰু হোষ্টেলৰ এডমিশ্যন অফিছ'লৈ মোৰ ৰুমটোৰ কাষেদিয়েই যাব লাগে। স্বাভাবিকতেই গামোচাখন সকলোৰে চকুত পৰিব।
দৰবে কাম দিলে। ২-৩ ঘন্টামান যোৱাৰ পাছত কোনোবাই আহি দুৱাৰত ঢকিয়ালেহি। যোৱা দুদিন ধৰি ট্ৰেইন'ত যাত্ৰা কৰি কৰি ভাগৰ লাগিছিল। সেয়েহে আবেলি অলপ ভাগৰ পলুৱাই লওঁ বুলি শুই পৰিছিলোঁ।  
খপজপকৈ টোপনিৰপৰা উঠি দুৱাৰ খুলি দেখিলো বেগ,'ল্ডল লৈ লৰা এজন ৰৈ আছে দুৱাৰমুখত। কাষত আৰু এজন মানুহ। সম্ভৱ দেউতাক। (পাছত গম পালো তেখেত লৰাজনৰ খুৰাক আছিল)
 মই কিবা কোৱাৰ আগতেই খুৰাকেই সুধিলে মোক - "য়ঁহা আছাম ছে কয়ী হে ক্যা? হাম আছাম ছে আয়া হো"

বিদেশত আপোন মানুহ !!!! মোক তেতিয়া কোনে পাই আৰু ""হয় খুৰা .. আহক আহক সোমাই আহক"

Saturday, May 25, 2013

তোৰ বাপেৰে কেইজনী বিয়া কৰাইছিল



মেট্ৰিকৰ দেওনা পাৰ হোৱাত ছল্ট ব্ৰুক একাডেমী'ত গৈ বিজ্ঞান শাখাত নাম ভর্ত্তি কৰিলো।  প্ৰথমবাৰৰ বাবে জীৱনত হোস্টেলত থকাৰ অভিজ্ঞতা হ'ল। মা দেউতাৰ চকুৰ আতৰ হোৱাৰ পাচত নিজকে কিবা ডাঙৰ হ'লো ডাঙৰ হ'লো নিচিনা লাগি গ'ল। নিজৰ ইচ্ছা অনুযায়ী সকলো কাম কৰিবলৈ ললো। চিনেমা চোৱা,সন্ধিয়া নিউ মার্কেটত পাক এটা মৰা, চাৰিআলিত আড্ডা দিয়া আদি অনেক কাম। মুঠতে জীৱনলৈ অনেক পৰিবর্ত্তন আহিল।    

আমি হোস্টেলত থকা কেইটামানে প্ৰায়েই ক্লাছৰপৰা পলাইছিলো। কম্পাউন্দৰ দেৱাল জাপ মাৰি প্ৰায়েই পলাইছিলো। নতুন চিনেমা মুক্তি পোৱাৰ দিনা ক্লাছৰপৰা পলোৱাটো সাধাৰণ কথা হৈ পৰিছিল। কথাটো চাৰ বাইদেউ সকলে গম পোৱাত চাৰপ্ৰাইজ এটেন্দেন্স লবলৈ ধৰিলে । ধৰা পৰা কেইটাৰ গার্জেন ক'ল হয়।

আমাৰ লগতে তিতাবৰৰ নৃপেন নামৰ লৰা এজন আছিল। অঘাইটং লৰা বুলিয়ে সি সকলোৰে মাজত জনাজাত। নৃপেন ক্লাছৰ পৰা প্ৰায়েই পলায়। এইটো কামত সি সিদ্ধহস্ত। কোন তলকত কেনিনো সি সৰকি যায় আমিবোৰে পাত্তাই নাপাও। 

এদিন এটেন্দেন্স লওতে তিনিটামান লৰা ধৰা পৰিল। নৃপেনো তাৰ মাজৰ এটা আছিল। প্ৰিন্সিপাল চাৰে তিনিওটাকে মাক-দেউতাকক মাতিবলৈ কলে।  
নৃপেনৰ মহা চিন্তা হ'ল। কি কৰা যায়। ঘৰত কোনো পধ্যেই এইবোৰ কথা জনাব নোৱাৰি। আনহাতে মাক-দেউতাকক নামাতিলেও নহয়। উপায় নাপাই শেষত নৃপেনে তাৰ চিনাকী ল'কেল দাদা এটাৰ সহায় লৈ কৰবাৰপৰা বিচাৰি অচিনাকি মহিলা এগৰাকিক এদিনৰ কাৰণে তাৰ মাক হবলৈ মান্তি কৰালে।  কথামতে কাম। মাক'ক লৈ সি চাৰৰ অফিছ'ত হাজিৰ। চাৰে তাৰ বিষয়ে মাকক আপত্তি দর্শালে, মাকেও শুনিলে। হই গ'ল কাম। একো বাধা বিঘিনি নঘটাকৈ সেইবাৰলৈ ঘটনাৰ অন্ত পৰিল।

এই ঘটনাৰ পাছত এমাহ মানলৈকে ঠিকেই আছিল সকলো। কিন্তু আকৌ এদিন সি ধৰা পৰিল। ক্লাছৰপৰ পলাই হোস্টেললৈ গৈ থাকোতেই বাটত ৱার্ডেন চাৰৰ মুখামুখি হ'ল। চাৰৰ আৰু একো বুজিবলৈ বাকি নাথাকিল। স্কুটাৰৰ পাছ চিটত বহুৱাই পোনে পোনে প্ৰিন্সিপালৰ ৰুম পোৱালেহি আনি। আকৌ গার্জেন ক'ল। 

এইবাৰ সি বিবুদ্ধিত পৰিল। যোৱাবাৰৰ মাক হোৱা মানুহজনীক কৰপৰা সি এতিয়া বিচাৰি আনে। মনতে সি ভাবিলে কিজানি চাৰে তাৰ মাকৰ চেহেৰা মনত ৰখা নাই। সেইবুলি ভাবিয়েই এইবেলিও সি  আগৰবাৰৰ নিচিনাকৈ মাক এগৰাকি বিচাৰি আনিলে। আগৰবাৰৰ নিচিনাকৈয়ে মাক আহিল,চাৰৰপৰা আপত্তি ললে,তাক অলপ টানকৈ কথা শুনালে আৰু গলগৈ।

নৃপেন নিশ্চিত হল যে চাৰে মাকৰ মুখখন মনত ৰখা নাই।

গ'ল কথা গুছিল। দুমাহ মানৰ পাছত আকৌ তাৰ গার্জেন ক'ল পৰিল। দেৱালীত কাষৰ ছোৱালী হোস্টেললৈ ৰকেট মাৰিছিল। ধৰা পৰিলত ৱার্ডেন চাৰৰ কাণটলীয়া চৰৰ লগতে গার্জেন ক'ল পৰিল।
এইবাৰ তাৰ একদম চিন্তা নাই। চাৰে যেতিয়া মাকৰ মুখখন মনত ৰখা নাই সি হাজাৰটা গার্জেন ক'ল লৈও ভয় নকৰে। যোৱা দুবাৰৰ নিচিনাকৈ এইবাৰু সি মাক এগৰাকি আনি চাৰৰ ৰুমত উপস্হিত কৰালেহি। চাৰেও আগৰ নিচিনাকৈ আপত্তি দিলে,মাকে শুনিলে তাক টানকৈ কথা শুনালে আৰু অলপ পৰ থাকি উভতি গলগৈ।

  মাক যোৱাৰ পাছত প্ৰিন্সিপাল চাৰৰ তালৈ প্ৰশ্নবাণ 

" ঐ তোৰ বাপেৰে কেইজনী বিয়া কৰাইছিল হুহ? মোক কি বুর্বক বুলি ভাবিছ ?"

( confession page' এটা পস্টৰ আধাৰত এই লেখাটি লিখিছিলো )