Wednesday, August 21, 2013

ইনফ্লেচন, লিকুইদিটি, ইন্টাৰেষ্ট ৰেট আৰু দেশৰ বিকাশ

কালি আপুনি ১ কিলো পিয়াঁজ ২০ টকাত কিনিছিল আৰু আজি ৩০ টকাত কিনিছে --- এনেদৰে দিনক দিনে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িয়ে আহিছে– এইদৰে সামগ্ৰীৰ দাম বঢ়া প্ৰক্ৰিয়াটোকে Inflation বোলা হয়৷ 

অকল পিয়াঁজৰ দাম বাঢ়িলেই তেনেহ’লে কম নেকি আমি যে Inflation হৈছে বুলি – নিশ্চয় ক’ব নোৱাৰোঁ – পিয়াঁজৰ সমসাময়িক ভাবে বাকীবিলাক বস্তুৰ দামো চাব লাগিব৷ 

Inflation ৰ আচল কথাটো হ’ল আপোনাৰ কাৰণে পিয়াঁজৰ মূল্য একেই আছে- কিন্তু আপোনাৰ হাতত থকা টকাৰ মূল্য কমি গৈছে৷ সেই কাৰণে আপুনি অধিক দাম দি পিঁয়াজ কিনিব লগীয়া হৈছে৷ এই যে টকাৰ মূল্য কমি গৈছে তাৰ মানে কি?? ইয়াৰ অৰ্থ হ’ল টকাৰ ক্ৰয় কৰিব ক্ষমতা কমি গৈছে৷ আগতে আপুনি ২০ টকাতেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিছিল, কিন্তু আজি সেই একেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিবলৈ আপোনাক ৩০ টকাৰ দৰকাৰ হৈছে৷ 

এতিয়া আহোঁ – কিহৰ কাৰণে এই Inflation হয়৷ 

ধৰি লওক আজি ভাৰতৰ উৎপাদিত সামগ্ৰীৰ পৰিমাণ ১ কিলো৷ আৰু মাৰ্কেটত থকা টকাৰ পৰিমাণ ১০০ টকা৷ তেতিয়াহ’লে এই ১ কিলো সামগ্ৰীৰ কাৰণে আজিৰ দিনত ১০০ টকাৰ লেনদেন হ’ব পাৰে৷ কালিলৈ যদি ৰিজাৰ্ভ বেংকে আৰু ১০০ টকা চপাই মাৰ্কেটলৈ মুকলি কৰি দিয়ে আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণ একেই ১ কিলো থাকে তেনেহ’লে এই একেই ১ কিলো সামগ্ৰীৰ কাৰণে হোৱা লেনদেনৰ পৰিমাণ কালিলৈ হৈ পৰিব ২০০ টকা৷ ফলস্বৰূপে বস্তুৰ দাম বাঢ়িল, টকাৰ ক্ৰয় ক্ষমতা কমিল৷ এয়াই inflation

এই যে ৰিজাৰ্ভ বেংক অধিক টকা মাৰ্কেটলৈ এৰি দিছে তাকেই liquidity বুলি কোৱা হয়৷ যিমানেই বেছি টকা মাৰ্কেটলৈ আহিব সিমানেই liquidity বেছি হ’ব আৰু সমান্তৰালভাৱে inflation বেছি হ’ব৷ ঠিক তেনেদৰে liquidity কমা মানে মাৰ্কেটৰপৰা টকা কম হৈ যোৱাটোকে বুজাই৷

কিন্তু এই liquidity মানে মাৰ্কেতত প্ৰচলিত টকাৰ পৰিমাণ কমা বঢ়া কেনেকৈ কৰে-

১) cash reserve ratio(CRR): প্ৰত্যেক বেংকেই তেওঁলোকে কৰা লেনদেনৰ (net demand and time liability) এটা অংশ ৰিজাৰ্ভ বেংকৰ ওচৰত জমা ৰাখিব লাগে৷ এই অংশটোকে CRR বুলি কোৱা হয়৷ ধৰক আজি CRR ৰ পৰিমাণ ৪%৷ তাৰ অৰ্থ হ’ল আজিৰ দিনত SBI(state bank of India) ৰ যিমান টকাৰ লেনদেন(net demand and time liability) আছে তাৰ ৪% ৰিজাৰ্ভ বেংক ৰ ওচৰত SBI য়ে জমা ৰাখিব লাগে৷ ৰিজাৰ্ভ বেংক ৰ ওচৰত ৰখা এই টকা বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে ল’ন দিয়া আদি কাৰ্য্য) নোৱাৰে৷ ফলত মাৰ্কেটত থকা টকাৰ পৰিমাণ কমি থাকে৷ কিন্তু যদিহে ৰিজাৰ্ভ বেংক য়ে CRR ৰ পৰিমাণ কালিলৈ ৩% কৰি দিয়ে তেনেহ’লে এই ১% টকা ( ভাৰতত ইয়াৰ পৰিমাণ ৬৪০০০ কোটিৰ সমান হয়) বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে আপোনাক- মোক ল’ন দিয়া) পাৰিব৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ বাঢ়ি যাব-ইয়াকে liquidity বঢ়া বুলি কয়- ঠিক তাৰ বিপৰীতে CRR বঢ়াই ৰিজাৰ্ভ বেংকে মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ কমাব পাৰে --

2) ইন্টাৰেষ্ট ৰেট :: ইন্টাৰেষ্ট ৰেট যদি বেছি হয় তেন্তে আপুনি মই অধিক সুত পোৱাৰ আশাত বেংকৰপৰা টকা নুলিয়াম৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ অৰ্থাত liquidity কম হৈ থাকিব৷ আনহাতে যদি ইন্টাৰেষ্ট ৰেট কম হৈ পৰে তেন্তে বেংকত টকা থোৱাত বেছি লাভজনক নেদেখি আমি খৰচ কৰিব পাৰোঁ বা বেলেগ কিবা কামত লগাব পাৰোঁ৷ এই যে বেংকৰপৰা মাৰ্কেটলৈ টকা ওলাই আহিল –ই liquidity বঢ়ায় 

এতিয়া ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে সাধাৰণ ৰাইজে বস্তুৰ দাম বঢ়াটো মানে inflation হোৱাটো নিবিচাৰে৷ তেতিয়াহ’লে ৰিজাৰ্ভ বেংক য়ে মাৰ্কেটত liquidity কম কৰি ইয়াক কমাব পাৰে৷ কিন্তু তাকে কৰিবলৈ ইন্টাৰেষ্ট ৰেট বঢ়াব লাগিব৷ যদি সাধাৰণ ৰাইজক সকাহ দিবলৈ সেয়াই জৰুৰী কিয় ৰিজাৰ্ভ বেংক য়ে তাকে কৰা নাই??

অধিক ইন্টাৰেষ্ট ৰেটে দেশৰ প্ৰগতিত বাধা হিচাপে থিয় দিয়ে৷ দেশৰ বিকাশৰ বাবে দেশৰ উদ্যোগ আদিত উৎপাদিত সামগ্ৰীৰ চাহিদা থাকিব লাগে৷ এখন দেশৰ মাৰ্কেটত জনসাধাৰণে যিমানেই বেছি খৰচ (spending ) কৰিব তাৰ উদ্যোগ-পাতিৰ অৱস্থা সিমানেই ভাল হ’ব আৰু দেশৰ অৰ্থনীতিও সিমানেই সৱল হৈ থাকিব৷ সেয়েহে recession ৰ সময়ত যেতিয়া জনসাধাৰণে ভৱিষ্যতৰ শংকাত খৰচ পাতি কৰিবলৈ এৰি দিছিল বহুতো দেশৰ চৰকাৰে খৰচ(spending) বঢ়াবলৈ stimulus package ঘোষণা কৰিছিল৷ কিন্তু ইন্টাৰেষ্ট ৰেট বেছি হ’লে জনসাধাৰণে বেছি সুত পোৱাৰ আশাত খৰচ কৰাতকৈ বেংকত পইচা থ’বলৈ বিচাৰিব৷ ফলত দেশত খৰচৰ (spending) পৰিমাণ কম হৈ পৰিব আৰু তাৰ ফলস্বৰূপে উদ্যোগ-জগতৰ বৃদ্ধি হ্ৰাস পাব আৰু ই দেশৰ প্ৰগতি(growth) স্থবিৰ হৈ পৰিব৷ 

ঠিক তেনেদৰে যিমানেই ইন্টাৰেষ্ট ৰেট বেছি হয় সিমানেই ধাৰ কৰিব পৰা ক্ষমতা হ্ৰাস পায় আৰু তাৰ পৰিণতিত খৰচ কৰিব পৰা ক্ষমতাই হ্ৰাস পাই যায়৷ উদাহৰণস্বৰূপে বেংক ল’নৰ ইন্টাৰেষ্ট ৰেট কম হ’লে আপুনি মই গাড়ী কিনিবলৈ, ঘৰ বনাবলৈ ল’ন ল’ব বিচাৰিম৷ ফলস্বৰূপে চাহিদা বঢ়াৰ বাবে গাড়ী নিৰ্মাণ উদ্যোগটো বা চিমেন্ট, ষ্টিল বনোৱা উদ্যোগ কেইটাৰ অৱস্হা শক্তিশালী হৈ পৰিব৷ এই উদ্যোগৰ প্ৰগতিয়ে দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তাৰ বিপৰীতে ইন্টাৰেষ্ট ৰেট বেছি হ’লে আপুনি মই ল’ন ল’বলৈ ইচ্ছা প্ৰকাশ নকৰিম৷ ফলত খৰচ কম কৰিম আৰু ইয়াৰ প্ৰভাৱ উপৰোক্ত উদ্যোগকেইটাত পৰিব৷ 

গতিকে আমি দেখিলো যে দেশৰ অৰ্থনীতিৰ বিকাশৰ বাবে ইন্টাৰেষ্ট ৰেট কম কৰিব লাগে –কিন্তু inflation ৰ পৰা সাধাৰণ ৰাইজক সকাহ দিবলৈ আকৌ ইন্টাৰেষ্ট ৰেট কম নোহোৱাটো বাঞ্ছনীয়৷ গতিকে পলিচি বনোৱা সকলে সদায় এই দুয়োটাৰে মাজত সহাৱস্হান কৰে যাতে দেশৰ সমৃদ্ধিও হওক আৰু একে সময়তে সাধাৰণ ৰাইজৰ অৱস্থাও বেয়া নহওক –

যেন সাপো মৰক আৰু লাঠিও নাভাঙক -

Tuesday, August 20, 2013

ডলাৰ আৰু ৰুপি --

যোৱা কেইবাদিনো ধৰি বাতৰি কাকতত প্ৰকাশ পাই আহিছে যে ভাৰতৰ ৰুপিৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত দ্ৰুতগতিত হ্ৰাস পাইছে৷ আজিৰ লেখাত কেনেকৈ এই বিনিময় হাৰ নিৰ্ধাৰিত হয় আৰু সাধাৰণ জনতাৰ ওপৰত কেনেকৈ প্ৰভাব পেলায় তাৰ ওপৰত এক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ৷

সাধাৰণতে মুদ্ৰাৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত(market) নিৰ্ধাৰিত হয়৷ ডলাৰৰ তুলনাত মাৰ্কেটত ৰুপিৰ চাহিদা যদি বেছি হৈ পৰে তেনেহ’লে ৰুপিৰ মূল্যও বেছি হৈ পৰে৷ বজাৰত পিঁয়াজৰ ষ্টক কম হ’লে পিঁয়াজৰ দাম বঢ়াৰ নিচিনা এই কথা৷ আনহাতে ৰুপিৰ চাহিদা কম যদি হয় তেনেহ’লে ৰুপিৰ মূল্যও কম হৈ পৰে৷ এই ৰুপি-ডলাৰৰ চাহিদা নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ গতিৰ দিশৰ ওপৰত৷ দেশখনলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বৈছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে এই বিনিময় হাৰ ৷ দেশৰ আমদানি-ৰপ্তানি, বৈদেশিক বিনিয়োগ, সঞ্চয় আদিৰ ওপৰত নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ সোঁতৰ দিশ৷ 

যিমানেই ৰপ্তানি বেছি হয় সিমানেই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত ডলাৰৰ পৰিমাণ বাঢ়ি যায় (উদাহৰণৰ সুবিধাৰ্থে ডলাৰ লৈছো) বিদেশী ৰাষ্ট্ৰক ভাৰতৰ বস্তু কিনিবলৈ ৰুপিৰ দৰকাৰ পৰে৷ সেয়েহে তেওঁলোকে ডলাৰ দি ৰুপি কিনি লয়৷ ফলত ৰুপিৰ চাহিদা বজাৰত বাঢ়ি যায় আৰু তাৰ ফলস্বৰূপে ৰুপিৰ মূল্য বাঢ়ি যায়৷ তাৰ বিপৰীতে যেতিয়া অধিক আমদানি কৰিব লগীয়া হয় তেতিয়া আমি ডলাৰ পৰিশোধ কৰি বিদেশৰপৰা বস্তু কিনিব লগীয়া হয়৷ এই যে বস্তু কিনিবলৈ ডলাৰৰ প্ৰয়োজন হয় ই মাৰ্কেটত ৰুপিৰ তুলনাত ডলাৰৰ মূল্য বঢ়াই তুলে আৰু ফলস্বৰূপে ৰুপিৰ মান কমি যায়৷ 

যেতিয়া দেশৰ অৰ্থনীতি শক্তিশালী হয়, ভবিষ্যতে আৰু উন্নত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া বিদেশী বিনিয়োগকাৰীয়ে ভাৰতত তেওঁলোকৰ ধন বিনিয়োগ কৰিবলৈ বিছাৰে৷ ফলস্বৰূপে মাৰ্কেটত ৰুপিৰ চাহিদা বাঢ়ি যায়৷ এনেদৰে যেতিয়াই দেশলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বয় দেশখনৰ মুদ্ৰাৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেকৈ যেতিয়া এই সোঁতৰ দিশ বিপৰীত মুখী হয় তেতিয়া দেশৰ মুদ্ৰাৰ মূল্য তললৈ নামি আহে৷ দেশৰ অৰ্থনীতিৰ মন্দাবস্হা, চৰকাৰৰ দুৰ্বল নীতি বা দেশৰ ৰাজনৈতিক অৱস্থাৰ Instability আদি বিভিন্ন কাৰণত বিনিয়োগকাৰীয়ে দেশৰ অৰ্থনীতিৰ ভৱিষ্যতৰ ওপৰত শংকা প্ৰকাশ কৰে আৰু বিদেশত সেই ধন বিনিয়োগ কৰিবলৈ চেষ্টা কৰে৷ বিনিয়োগকাৰীয়ে বিশ্বাস কৰে যে ভাৰতৰ সলনি বিদেশত বিনিয়োগ কৰিলে তেওৰ ৰিটাৰ্ণ ভাল হ’ব৷ সেয়েহে তেও ৰুপি পৰিশোধ কৰি ডলাৰ কিনিবলৈ চেষ্টা কৰে৷ ফলস্বৰূপে ৰুপিৰ চাহিদা কমি যায় আৰু ডলাৰৰ মূল্য বজাৰত বাঢ়ি যায়৷ লগে লগে দেশত বিনিয়োগৰ পৰিমাণো কমি যায়৷ 

কিন্তু এই মুদ্ৰাৰ মানে অতি বেছি পৰিমাণে উঠা নমা কৰিলে দেশখনৰ চেন্ট্ৰেল বেংকে (ভাৰতৰ ৰিজাৰ্ভ বেংক) হস্তক্ষেপ কৰে মাজে মাজে ৷ ইয়াৰ বাবে কিছুমান পলিচি ৰিৰ্জাভ বেংকে হাতত লোৱা দেখা যায়৷ তাৰ ভিতৰত এটা হ’ল বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভৰপৰা ডলাৰ বেচা-কিনা কৰা৷৷
প্ৰত্যেক দেশৰে এটা বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভ থাকে৷ এই বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত বিভিন্ন দেশৰ বৈদেশিক মুদ্ৰা থাকে৷ দেশৰ সামগ্ৰীৰ ৰপ্তানিয়ে এই ৰিজাৰ্ভ বঢ়োৱাত সহায় কৰে৷ ঠিক তেনেদৰে আমদানিয়ে ৰিজাৰ্ভৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ কম কৰে৷ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত থকা এই বিভিন্ন দেশৰ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি নিজ দেশৰ মুদ্ৰাৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ উদাহৰণ স্বৰূপে ৰুপিৰ মূল্য কমি গলে (ডলাৰৰ চাহিদা বাঢ়ি গলে) এই ৰিজাৰ্ভৰপৰা ডলাৰ বিক্ৰী কৰি বজাৰত ডলাৰৰ চাপ্লাই বঢ়াব পাৰি৷ চাপ্লাই বাঢ়ি গ’লে ডলাৰৰ মূল্য বৃদ্ধি কম হ’ব আৰু এনে কৰিলে ৰুপিৰ মূল্য বেছি তললৈ যোৱাৰ পৰা ৰোধ কৰিব পাৰি৷ ঠিক তেনেদৰে ৰুপিৰ মূল্য কমাবলৈ ৰিজাৰ্ভ বেংকে আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰ ক্ৰয় কৰিব পাৰে৷

আন এটা পলিচি হ’ল ইন্টাৰেষ্ট ৰেট বঢ়োৱা৷ ইয়াৰ উদ্দেশ্য হ’ল বিদেশী বিনিয়োগকাৰীক ভাৰতত বিনিয়োগ কৰিবলৈ আকৰ্ষিত কৰা যাতে তেওঁলোকৰ বিনিয়োগৰ কাৰণে ৰুপিৰ চাহিদা মাৰ্কেটত বৃদ্ধি হয় আৰু ৰুপিৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেদৰে ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰি ভাৰতীয় বিনিয়োগকাৰীৰ বিদেশত কৰা বিনিয়োগৰ পৰিমাণো হ্ৰাস কৰিব পাৰি৷ ইয়াতো যদি বিদেশলৈ বোৱা ধনৰ সোঁত নকমে তেন্তে ৰিজাৰ্ভ বেংকে বিদেশত কৰা বিনিয়োগত প্ৰতিবন্ধকতা লগাব পাৰে৷ কেইদিন মানৰ আগতে ৰিজাৰ্ভ বেংকে বিদেশত এজন ভাৰতীয়ই বিনিয়োগ কৰিব পৰা ধনৰ পৰিমাণৰ উচ্চ সীমা বান্ধি দিয়াৰ কাৰণ ইয়েই৷ 

এতিয়া আহোঁ বিনিময় হাৰে কিদৰে সাধাৰণ জনতাক প্ৰভাৱিত কৰে৷ দেশৰ মুদ্ৰাৰ মূল্য কমিলে বিদেশী সামগ্ৰীৰ দাম বাঢ়ি যায় যাৰ ফলত তুলনামূলকভাৱে আমদানিৰ খৰচ বাঢ়ি যায়৷ উদাহৰণ স্বৰূপে পেট্ৰলৰ দামৰ কথা ক’ব পাৰি৷ আজিকালি প্ৰায়েই পেট্ৰলৰ দাম কমা বঢ়া দেখা যায়৷ আন্তৰাষ্ট্ৰীয় বজাৰত ক্ৰোদ অইলৰ (crude oil) দাম কমা-বঢ়াৰ লগতে ভাৰতীয় মুদ্ৰাৰ ( ৰুপি) মূল্যৰ সঘনে উঠা নমা কৰাই তাৰ এটা প্ৰধান কাৰণ৷ ৰুপিৰ মূল্য যদি কম হয় তেন্তে একে পৰিমাণৰ পেট্ৰল আমদানি কৰিবলৈ তেল কোম্পানীবোৰে আগতকৈ অধিক খৰচ কৰিবলগীয়া হয় যাৰ ফলত সাধাৰণ জনতাই অধিক দামত পেট্ৰল কিনিবলগা হয়৷ উদাহৰণ স্বৰূপে crude oil আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰত কিনা হয়৷ এতিয়া ধৰক আজি ১ লিটাৰ পেট্ৰলৰ মূল্য ১ ডলাৰ আৰু ডলাৰ ৰুপিৰ বিনিময় হাৰ হ’ল ১ ডলাৰ=৫০ টকা ৷ এনেক্ষেত্ৰত ১ লিটাৰ পেট্ৰল কিনিবলৈ তেল কোম্পানীয়ে আজি ৫০ টকা দিব লাগিব৷ এতিয়া ধৰি লওক কালিলৈ বিনিময় হাৰ হ’লগৈ ১ডলাৰ=৬০ টকা৷ তেন্তে তেল কোম্পানীয়ে কালিলৈ সেই একেই ১ লিটাৰ পেট্ৰল কিনিবলৈ ৬০ টকা দিব লাগিব৷ ঠিক তেনেদৰে নিত্য ব্যৱহাৰ্য্য যিবোৰ সামগ্ৰী বিদেশৰপৰা আমদানি কৰা হয়, দেশৰ মুদ্ৰাৰ মূল্য কম হ’লে সেইবিলাক সামগ্ৰীৰ দাম বাঢ়ি যায় আৰু সাধাৰণ ৰাইজক জুৰুলা কৰে৷

বহুতে বৈদেশিক মুদ্ৰাৰ মূল্যৰ তুলনাত নিজ দেশৰ মুদ্ৰাৰ মূল্য কমি গলে আক্ষেপ কৰে৷ সেয়া স্বাভাৱিক৷ কিন্তু বহুতো এনে দেশ আছে যি জানি বুজিয়েই নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে৷ সাধাৰণতে চীনে এইধৰণে নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে বুলি আমেৰিকাই বহুত সময়ৰেপৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা দেখা গৈছে৷

সাধাৰণতে দেখা যায় মুদ্ৰাৰ মূল্য কমি গ’লে এখন দেশৰ ৰপ্তানিৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰ মূল কাৰণ হ’ল যেতিয়া নিজ দেশৰ মুদ্ৰাৰ মূল্য বৈদেশিক মুদ্ৰাৰ মূল্যতকৈ কমি যায়, বিদেশৰ মানুহৰ বাবে সেই দেশৰ বস্তুবিলাক সস্তা হৈ পৰে৷ ফলস্বৰূপে সেই দেশৰ পৰা তেওলোকে কম খৰচতে বেছিকৈ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে ধৰি লোৱা হওক ভাৰতৰ এজন চাহ ব্যৱসায়ীয়ে এক কিলো চাহ ৫০ টকাত বিক্ৰী কৰে৷ যদি আজি ১ ডলাৰ= ৫০ টকা তেন্তে এজন আমেৰিকানে আজি এক কিলো চাহ ক্ৰয় কৰিবলৈ ১ ডলাৰ পৰিশোধ কৰিলেই হ’ব৷ কিন্ত ৰুপিৰ মূল্য কম হৈ কালিলৈ যদি ১ ডলাৰ=৬০টকা হয় তেন্তে কালিলৈ সেই একেই ১ কিলো চাহ কিনিবলৈ ০.৮৩ ডলাৰ দিলেই হব৷ অথাৎ ভাৰতীয় চাহ আমেৰিকানজনৰবাবে সস্তা হৈ পৰিল৷ অন্যহাতে ইয়াৰ কাৰণে চাহ ব্যৱসায়ীজনৰ চাহ ৰপ্তানি কৰিবলৈ অধিক সুবিধা হৈ পৰিল৷ আজিৰ প্ৰতিযোগিতামূলক মূল্যৰ দিনত এনে সস্তা হৈ পৰা সামগ্ৰীয়ে এখন দেশৰ ৰপ্তানিৰ দিশটো সৱল কৰি ৰখাত বহুপৰিমাণে সহায় কৰে৷

এতিয়া আহোঁ চীনৰ প্ৰসংগলৈ৷ চীনৰ অৰ্থনীতি বহু পৰিমাণে ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে চীনৰ কাৰণে নিজৰ দেশৰ সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত আন দেশৰ সামগ্ৰীতকৈ তুলনামূলকভাৱে অধিক প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ চীনৰ মুদ্ৰাৰ মূল্য কম কৰি ৰখাটো অতিকে জৰুৰী৷ সেয়েহে চীনে নিজৰ মুদ্ৰাৰ মান নিৰ্ধাৰণ কৰাটো আন্তৰাষ্ট্ৰীয় বজাৰৰ ওপৰত এৰি নিদি নিজেই হস্তক্ষেপ কৰি সদায়ে চীনৰ মুদ্ৰাৰ মান কম কৰি ৰাখে বুলি বাকী ৰাষ্ট্ৰবিলাকে অভিযোগ উত্থাপন কৰিছে৷ উদাহৰণ স্বৰূপে ডলাৰ’ৰ মূল্য কমি গলে চীনে আমেৰিকান ট্ৰেজাৰিৰ জৰিয়তে (us treasuries) ডলাৰ কিনে যাতে ডলাৰৰ মূল্য বাঢ়ি যায়৷ ফলস্বৰূপে চীনা মুদ্ৰাৰ মূল্য তুলনামূলক ভাবে কম হৈ থাকে আৰু চীনত উৎপাদিত সামগ্ৰী competitive হৈ থাকে ৷৷


~~~~~~~~~~~~~~~~~~

আজিৰ ৰাতিপুৱাৰ লেখাটো পঢ়ুৱৈয়ে আদৰি লোৱা দেখি ভাল লাগিছে৷ তাত বিশেষকৈ অৰ্থনীতিৰ ওপৰত আলোকপাত কৰিছিলোঁ কিন্তু ই কেনেদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে তাক চমুকৈহে উল্লেখ কৰিছিলোঁ – এই লেখাত ৰুপিৰ মূল্যৰ অৱনমনে ষ্টক, বিনিয়োগ, ৰপ্তানি-আমদানিৰ পৰা নিলগত থকা অসমৰ ৰাইজৰ জীৱনত কেনে প্ৰভাব পেলাব পাৰে তাকে ক’বলৈ চেষ্টা কৰিছোঁ - 

১) যিবিলাক সামগ্ৰী আমি বাহিৰৰপৰা আমদানি কৰো- তেনে সামগ্ৰীৰ দাম অতি সোনকালেই বঢ়াৰ সম্ভাৱনা আছে৷ তাৰ ভিতৰত পেট্ৰল- ডিজেল আৰু সোণ উল্লেখযোগ্য৷ ভাৰতৰ আমদানিৰ এক বুজন অংশ খাৰুৱা তেল আৰু সোণে অধিকাৰ কৰে৷ সেয়েহে ৰুপিৰ মূল্য কম হোৱাৰ লগে লগে পেট্ৰল ডিজেলৰ লগতে সোণৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক৷

কিন্তু ডিজেলৰ মূল্যৰ সমান্তৰালভাৱে বৃদ্ধি পাব খাদ্য সামগ্ৰীৰ মূল্য, পৰিৱহণত অধিক খৰচ কৰিবলগীয়া হ’ব৷

২)খাদ্য সামগ্ৰীৰ তালিকাত পালচ, তেল আদিৰ দাম বাঢ়িব পাৰে৷ কিয়নো ইয়াৰ বেছিভাগেই ভাৰতে আমদানি কৰে৷ ঠিক একেদৰে FMCG (fast moving consumer goods) সামগ্ৰীৰ দাম বৃদ্ধি পাব৷

৩) ল’ন ত অধিক ইন্টাৰেষ্ট দিব লাগিব

ৰিজাৰ্ভ বেংকে ইতিমধ্যে ভাৰতত বিনিয়োগৰ কাৰণে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰিছে৷ ইয়াৰ সমান্তৰাল ভাবে আপুনি মই লোৱা বেংকৰ ল’নৰ সুত বেছিকৈ পৰিশোধ কৰিব লাগিব (যদিহে ইতিমধ্যে আপুনি ল’ন লৈছে আৰু সুত floating interest হ’লে) ৷ ঠিক তেনেকৈ নতুন ল’ন ল’বলৈ গ’লে অধিক সুতত ল’ন ল’ব লাগিব৷৷ এয়া গৃহ ল’ন, কাৰ ল’ন, শিক্ষাৰ বাবে লোৱা ল’ন সকলোতে প্ৰযোজ্য৷

বিশেষকৈ বাহিৰত পঢ়িবলৈ যোৱা বিদ্যাৰ্থীৰ কাৰণে খৰচৰ পৰিমাণ যথেষ্ট বাঢ়ি যাব৷

৪) বিদেশ ভ্ৰমণ অধিক খৰচী হ’ব৷ এই সময়ত বিদেশ ভ্ৰমণ নকৰাই ভাল৷ অন্যহাতে বিদেশী পৰ্যটকৰ বাবে ভাৰত ভ্ৰমণৰ বাবে অতি উপযুক্ত সময়৷ অতি কম খৰচতে ভাৰত ভ্ৰমণ কৰিব পাৰিব৷ সেইফালৰপৰা চাবলৈ গলে tourism industry ৰ কাৰণে ভাল সময় ৷৷

৫) নতুনকৈ গাড়ী কিনিব বিচাৰিছে যদি গাড়ীৰ দাম বঢ়াৰ সম্ভাৱনা অধিক৷ কিয়নো অধিকাংশ গাড়ী, মটৰ বাইকৰ নিৰ্মাতাই পাৰ্টছ বাহিৰৰপৰা আমদানি কৰে৷ গতিকে নিৰ্মাতাৰ খৰচ বঢ়াটো স্বাভাৱিক৷

ঠিক তেনেদৰে ঘৰ নিমাৰ্ণৰ বাবে দৰকাৰী সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব পাৰে৷ কাৰণ industry ৰ মূল ইন্ধন ডিজেল, কয়লাৰ ( কয়লাও আমদানি কৰে ভাৰতে) মূল্য বৃদ্ধিয়ে চিমেন্ট, ষ্টিলৰ দাম নিশ্চয় বৃদ্ধি কৰিব

শেহত কও যে এইয়া এক সম্ভাব্য ভৱিষ্যতৰ আলোকপাতহে৷ ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে পলিচিৰ যঠেষ্ট সাল সলনি কৰিছে যোৱা কেইমাহত৷ আশা কৰো অতি সোনকালেই ৰুপিয়ে আকৌ ডলাৰক টক্কৰ দিবলৈ সক্ষম হ'ব৷৷

Wednesday, August 7, 2013

যৌতুক


টংক মাষ্টৰৰ ডাঙৰ জীয়েক জোনটিৰ বিয়া ৷৷ মাষ্টৰৰ চিন্তা হঠাৎ বিয়াখন পাতিবলৈ কৰপৰা ইমান পইচা পায় ৷ ল’ৰা ধনী ঘৰৰে, স্বভাৱে চৰিত্ৰয়ো ভাল ৷ সেয়েহে বিয়াখন দিব পাৰিলে তেও স্বস্তিত উশাহ এটা ল’ব পাৰিব ৷৷ সৰুজনীলৈ তেওঁৰ চিন্তা নাই ৷৷ তাইৰ বিয়া হয়  মানে ফৰ লেন হাইৱে’টো হৈ উঠিব ৷ তেতিয়ালৈ মাটিৰ দামো বাঢ়িব৷ তেতিয়া তেও তাইৰ বিয়াত সেই ৰাস্তাৰ কাষৰ মাটি দৰাকে বিক্ৰী কৰিব পাৰিব ।।।

ল’ৰাৰ ঘৰে অৱশ্যে একো বিচৰা নাই ৷৷ কিন্তু একো দিব নালাগে বুলিও কোৱা নাই ৷৷ সমস্যাটো হৈছে মাষ্টৰনীক লৈহে ৷ তেওঁৰ মতে জোনটি তেওঁলোকৰ ডাঙৰ ছোৱালী গতিকে তাইৰ বিয়াত সকলো দিব লাগিব৷ সকলো মানে টি ভি, ফ্ৰিজ, গডৰেজ, ৱাশ্বিং মেচিন সকলো ৷ যোৱা মাহত হৈ যোৱা ঠিকাদাৰৰ ছোৱালীৰ বিয়াত ঠিকাদাৰে এখন নেন কে দিছিল ৷ এতিয়া তেওঁলোকে একো নিদিলে তেওঁলোকৰ মান সন্মান ক’ত থাকিব৷৷

হয় তোন গাৱৰ গোপিনী মেলত ঠিকাদাৰৰ জীয়েকৰ বিয়াৰ পাছত কম আলোচনা হৈছিল নেকি গাড়ী দিয়াক লৈ ৷৷ মাষ্টৰনীয়ে তেতিয়াই ভাবিছিল জোনটিকো লগত ভাল ভাল দামী বস্তু দিব লাগিব৷৷ ইমানদিনে আমনি লাগি থকা টি ভিৰ প্ৰগ্ৰেমৰ মাজত দিয়া এড কেইটা যেন হঠাৎ অতি ইন্টাৰেষ্টিং হৈ  পৰিল ঘৰখনত ৷৷

 মাষ্টৰে পইচা যোগাৰ কৰিবলৈ চেষ্টাও নকৰাকৈ নাথাকিছিল৷ বেংকলৈ গৈছিল ল’ন এটা বিচাৰি ৷ পাছে আগৰ ঘৰৰ ল’নটোৱেই মৰা নাই৷ তাতে ৰিটায়াৰমেন্টলৈ বেছি দিন নাই৷ সেয়েহে মেনেজাৰে ল’ন দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে ৷ হ’ওতে মাষ্টৰৰ বেংকত পইচা অলপ নথকা নহয় ৷ কিন্তু তাৰো উদ্দেশ্য নথকা নহয় ৷ ল’ৰা দিগন্ত পঢ়াত ভালেই ৷ এই বেলি ১০+২ পাছ কৰিব ৷ ইয়াৰ পাছত তাৰ ডাক্তৰি পঢ়িবলৈ খুবেই ইচ্ছা আছে ৷ কলেজৰ মাষ্টৰৰ মতে সি চিট পাবই ৷ সেয়েহে তাৰ পঢ়াৰ কাৰনে লাগিবলগীয়া টকাখিনি মাষ্টৰে আগতীয়াকৈ সাঁচি ৰাখিছে ৷

নাই ছোৱালীৰ বিয়াত পইচা খৰচ কৰি তেখেতে দিগন্তৰ ভৱিষ্যত চূৰমাৰ কৰিব নোৱাৰে ৷ মাষ্টৰনীক তেও শুনাই দিছিল তেওঁৰ শেষ সিদ্ধান্ত ৷৷

দিগন্তই হয়তো কথাটো বুজিছিল ৷ দেউতাকক সিয়েই প্ৰস্তাৱ দিলে যে সি ল’ন লৈয়েই পঢ়িব ৷ তাৰ কাৰনে সাঁচি ৰখা টকাখিনি বায়েকৰ বিয়াতেই দেউতাকে খৰচ কৰক ৷৷ বায়েকৰ বিয়াখন ঠিকে ঠাকে হৈ যাওঁকচোন ৷ ৷ সি কিবা প্ৰকাৰে মেনেজ কৰিব ৷৷ তাতে ভিনিহিয়েকৰ কেইবাটাও বেংকৰ মেনেজাৰৰ লগত ভাল সম্পৰ্ক আছে ৷৷ একো নহ’লে সি এটা বছৰ ড্ৰপকে দিব ৷ তাত কোনো তাৰ আক্ষেপ নাই ৷ বায়েকৰ বিয়াখন মাথো হৈ গলেই হ’ল ৷৷ মাষ্টৰে একো ক’ব পৰা নাছিল পুতেকক ৷ মাথো নিৰ্বাক হৈ তললৈ মূৰ কৰি শুনি গৈছিল বুকুত শেলে বিন্ধা দি বিন্ধা দিগন্তৰ কথাবোৰ৷ মাষ্টৰে বুজিছিল পুতেকক বুজাব পৰাৰ শক্তি আৰু তেওঁৰ নাই আজি ৷৷ সেই কেই বছৰ মানৰ আগতে পূজাৰ দোকানত পুতলা গাড়ী দেখি লাগেই বুলি দাবী কৰি এৰাতি নুশুৱাকৈ থকা সৰু ল’ৰাটোৰ আজি ইমান আত্মবিশ্বাস, চকুত ইমান দৃঢ়তা, প্ৰত্যয় ৷৷

~~~~~~~~~~~~****~~~~~~~~~~~~~~~~~~~~

আজি জোনটিৰ বিয়া ৷৷ ৰভাতলীত মানুহৰ গিজগিজনি ৷ কাৰো গাত আজি আহৰি নাই ৷ ৰভাৰ এটা চুকত ছোৱালীৰ লগত দিব লগীয়া বস্তুবিলাক থৈ দিয়া আছে ৷ নতুন মডেলৰ টি ভি, গডৰেজ, ৱাশ্বিং মেছিন আদি সকলোৱেই আছে ৷৷ মানুহে চাই মেলি কথা পাতিছে, কোনোৱে মাষ্টৰ-মাষ্টৰনীক প্ৰশংসা কৰিছে ৷৷

কিন্তু মাষ্টৰ যেন সুখী হ’ব পৰা নাই ৷৷৷ এই কেইদিনতে ঘোষিত হ’বলগীয়া মেডিকেলৰ এনট্ৰেন্স পৰীক্ষাৰ ৰিজাল্টৰ কথা ভাবিলেই তেওঁৰ মনলৈ এটা অপৰাধ মূলক মনোভাব আহি যায় ৷৷ মনত ভয় ভাব – ছোৱালীক যৌতুক দিওঁতে তেও দিগন্তৰ ভৱিষ্যত তোকেই জলাঞ্জলি দিয়া নাইতো !!!!  যদি দিগন্তই অৰ্থৰ অভাৱত এই বছৰ পঢ়িব নোৱাৰে তেও তেন্তে নিজকে কেতিয়াও ক্ষমা নকৰিব ৷ নাই কেতিয়াও তেও ক্ষমা কৰিব নোৱাৰিব ৷৷