Thursday, November 28, 2013

আজিকালিৰ ছোৱালী চোৱা

ঘৰত দাদাৰ কাৰণে ছোৱালী চোৱা চিতা কৰিবলৈ আৰম্ভ কৰি দিছে । মই ভালেই পাইছো। সোনকালেই মোৰো বাটটো খুল খাই পৰিব। কিমান আৰু ফেচবুকত লোকৰ আঙঠি পিন্ধোৱা বা বিয়াৰ ফ’টত লাইক আৰু কমেন্ট কৰি থাকিম। নিজৰ ফ’টখনো আপল’দ কৰি লাইক বুটলাৰ সময় আহি পৰিছে।

 কেইদিনমানৰ আগত মাক দাদাৰ বিয়াৰ কথা উলিয়াওতে মায়েই ক’লে – এই ছোৱালী বিচৰা কামটো বৰ সহজ নহয় দেই। ছোৱালী বিচাৰিছোহে বিছাৰিছো ছোৱালী দেখোন বিচাৰিয়েই নাপাও। প্ৰায়বোৰ ছোৱালীৰে দেখোন আজিকালি ঠিকেই হৈ থাকে“

 কথাটো শুনি ভালেই পালো নে বেয়াই পালো ধৰিব নোৱাৰিলো। মায়ে বাৰু সেই কথাষাৰৰ জৰিয়তে নিজৰ ছোৱালী নিজেই আন বুলি কৈছেনেকি বাৰু? আৰু প্ৰায়বোৰ ছোৱালীৰেই যে বিয়া আগতিয়াকৈ ঠিক হৈ থাকে বুলি কলে, আমি মানে সেই বিদ্যাত বাকীবোৰতকৈ বহুত পাছ পৰি আছোনেকি হে??

 পাছে আজিকালি দেখোন ছোৱালী চোৱা প্ৰচেছ টোৱেই বেলেগ। তাৰ অর্থ এইটো নহয় যে মই তাহানিতে ছোৱালী চাবলৈ গৈছিলো। মাঁহতেই ৰস লগাই লগাই মামালৈ, খুৰালৈ ছোৱালী কেনেকৈ চাইছিল তাক আমাৰ আগত কৈছিল। কিন্তু এতিয়া যি দেখিছো আজিকালি ইন্টাৰনেটতে হয় যায় দেখোন লৰা ছোৱালী চোৱা। ইজনে সিজনক ফেচবুকৰ প্ৰফাইল’ৰ লিংকটো দি দিব যেন সেয়া বিয়াৰ “ৰেজিওম” হে। ইমেইল'ত ফ'টৰ আদান প্ৰদাণ চলে৷ দৰাই ছোৱালীৰ ফ’ট চাব, ছোৱালীয়ে লৰাৰ ফ’ট চাব। উভয় পক্ষৰে সম্মতি হ’লে বাকী কাম কাজ আগবাঢ়ে। মুঠতে গোটেইখন হাই-ফাই কাৰবাৰ। ভাল কথা ভাল কথা। একেবাৰেই খৰছ পাতি নাই বুলিব পাৰি। ছোৱালী চাবলৈ আহিছে বুলি মিঠাই, দৈৰ টেকেলী আনিবলগীয়া নহয়, নতুন কোচন কভাৰ, নতুন পর্দাও আৰিবলগীয়া নহয়। ঘৰত ৰং-চূণ দিব নালাগে। মুঠতে বহুত খৰছ হোৱাৰপৰা ঘৰখন ৰক্ষা পৰে।

সিদিনা বিয়া খাবলৈ যাওতে দূৰ সম্পর্কীয় খুৰী এগৰাকীক লগ পালো। তেখেতেই মোক কলে জীয়েকৰ হেনো বিয়া। তাৰিখ লবলৈহে বাকী আছে। দৰাৰ কথা সুধাত গম পালো; দৰা হেনো আমেৰিকাত থাকে। ভাল চাকৰিয়েই কৰে। চাকৰিৰ ব্যস্ততাৰ বাবে একেবাৰে বিয়াতহে আহিব বোলে । মোৰ সন্দেহ হোৱাত সুধিকে পেলালো; “তেতিয়াহ'লে দৰাই ছোৱালীক দেখাই নাই নেকি??” খুৰীয়ে যেন এই প্ৰশ্নটোৰ বাবেহে বাট চাই আছিল। তপৰাই কলে “আজিকালি ইন্টাৰনেটৰ যুগত আৰু লৰা ছোৱালী সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও পচন্দ কৰিব পাৰি। তাইৰ ফেচবুকৰ ফ’ট দেখিছে দৰাই। তাতে ‘স্কাইপ”ত ভিদিঅত কথা-বতৰা পাতিছে, খুৰা-খুৰীয়েও স্কাইপতে লৰাক দেখিলে, কথা বতৰা পাতিলে ” । মুঠতে স্কাইপতে বিয়া খাটাং।“

 ভাবিলো এনে এটা দিন আহি আছে নেকি বাৰু যেতিয়া দৰা হোমৰ গুৰিত বহিব লন্ডনত আৰু একেসময়তে ছোৱালী বহিব জকাইচুকত।

 ভাবিলে গছত গৰু উঠা কথা যেন লাগে কিন্তু সৌ সিদিনাখনিলৈকে দেখোন মবাইল'ৰ কথা ভাবিবই পৰা নাছিলো কিন্তু আজি দেখোন হাটে বাটে ডেকাই-বুঢ়াই চবৰে হাততে মবাইল। মবাইল নহলে সংসাৰ অচল।

সকলো সম্ভৱ। এই পৃথিৱীত অসম্ভৱ বুলি কোনো কথা নাই । অপেক্ষা মাথো সময়ৰ৷৷

Monday, November 25, 2013

পৰীক্ষা

এই পৰীক্ষা আহিলেই মোৰ বেয়া লাগে – দিনৰ দিনটো পঢ়ি থাক – মূৰত সোমালে বাৰু থিকেই আছে কিন্তু নুসোমালে একা ৷৷ মাথা চাথা একেবাৰে বেয়া হৈ যায় ৷৷ কেতিয়াবা কেতিয়াবা ভাবো – নপঢ়াকৈয়ে দি দিও নেকি বাৰু পৰীক্ষাটো – দেখা যাওক কৰ পানী কলৈ যায় –
আগতে তেনে নকৰা নহয় - এবাৰ কৰিছিলোঁ – নপঢ়াকৈয়ে পৰীক্ষা দিছিলোঁ –
ইঞ্জিনিয়াৰিংৰ প্ৰথম বৰ্ষ – ফিজিক্সৰ পেপাৰ – আমাৰ পৰীক্ষাৰ ফাইনেল মূল্যাংকনত দুটা ক্লাছ টেষ্টৰ মাৰ্কো যোগ হয়৷ এন্ড টাৰ্ম ৫০ নম্বৰ, দুটা ক্লাছ টেষ্টৰ ২X২০= ৪০ নম্বৰ আৰু এচাইনমেন্টৰ ১০ নম্বৰ মুঠ ১০০ মাৰ্কচ৷
দুয়োটা ক্লাচ টেষ্ট এন্ড টাৰ্ম হোৱাৰ আগতেই হৈ যায়, গতিকে ক্লাচ টেষ্টত ভাল নম্বৰ পালে আৰু এন্ড টাৰ্মলৈ চিন্তা নাই৷ তাতে এচাইনমেন্টত ১০ ভিতৰত কমেও ৫ মাৰ্কচ মান পোৱাৰ তো নিশ্চয়তা থাকেই –
প্ৰথম ক্লাছ টেষ্টত ২০ ৰ ভিতৰত ১৭ পালো৷ বেয়া নাছিল মাৰ্ক৷ দ্বিতীয় টোতো ২০ ৰ ভিতৰত ১৪ পালো৷ গতিকে দুয়োটা ক্লাছ টেষ্ট মিলাই মোৰ মাৰ্ক হ’ল ৪০ ৰ ভিতৰত ৩১৷ মনে মনে হিচাপ এটা কৰি চালো – এচাইনমেন্টত যদি ৫ ও পাও তেতিয়াও মই ৫০ মাৰ্কৰ ভিতৰত ৩৫ ৰ ওপৰত এন্দ টাৰ্ম নিদিয়াকৈ পাই আছো– বাকী এন্দ টাৰ্মৰ ৫০ মাৰ্কৰ পৰাও কিবা এটা নহয় কিবা এটাটো আনিমেই –
মানে মই এন্ড টাৰ্ম নিদিয়াকৈয়ে এই পেপাৰখনত পাছ হৈ আছো৷ কেনে আৰু !!!!

কথাটো ভাবি মনটো ফূৰ্ত্তি লাগি গ’ল৷ পাছ বুলি জনাৰ পাছত কিহতেনো মই পঢ়ো আৰু?? মই আৰু এন্ড টাৰ্মৰ কাৰণে নপঢ়িলো – গোটেই ৰাতিটো লগৰকেইটাৰ লগত আড্ডা দি ৰাতিপুৱা পৰীক্ষা দিবলৈ গ’লোঁ – প্ৰশ্নকাকত দেখিহে থৰ কাছুটি হেৰাল – প্ৰশ্নবোৰ জনা জনা যেন লাগিছে কিন্তু মনলৈ দেখোন একো উত্তৰ অহা নাই –দুই ঘন্টা মান যুজি যুজি কিবা কিবা লিখি পৰীক্ষা হ’ল পৰা ওলাই গুচি আহিলো –


ফলাফল আহিলত দেখিলো – ৫০ ৰ ভিতৰত মই মাত্ৰ ১১ হে পালো সেই বিষয়টোত- দুয়োটা ক্লাছ টেষ্টত ২০ নম্বৰৰ পৰীক্ষাটোত মই তাতোতকৈ বেছি নম্বৰ পাইছিলোঁ -

Saturday, November 23, 2013

মা তোমাৰ কোলাত ওমলিম-

মা তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায়
তোমাৰ হাতেৰে আকৌ এবাৰ চুলিখিনি ফুৰাই দিয়া
মনৰ অশান্তি, দেহৰ ভাগৰ যাওক আঁতৰি তোমাৰ স্নেহৰ পৰশত মা
পাম বিচাৰি মই আকৌ সেই  ভয় শূন্যতা, পামনে বাৰু মা ??
কটাব বিচাৰো দুটি পল আকৌ তোমাৰ মমতাৰ বান্ধোনত
আকৌ সেই মুক্ত পক্ষী হৈ – কি যে এক আকুলতা

মা তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায় –


সৰুতে যে দুষ্টালি কৰিলে কোলাত তুলি মোক লৈ আনিছিলা –
মই যে তোমাৰ কোলাৰপৰা নামিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ
আকৌ পামনে বাৰু তেনে এটা সময় –
এইবাৰ তোমাৰ অদৃশ্য বান্ধোনৰ জোৰ কিমান ??
পাৰিমনে বাৰু আকৌ মই মুকলি হৈ আহিব তোমাৰ পৰা
কিন্তু আজি নিবিচাৰোঁ যে মই মুকলি হৈ আহিব
থাকিব বিচাৰোঁ যে মই তোমাৰ কোলাতেই আজীৱন 
তোমাৰ মৰমত উমলি চিৰদিন -
মা তোমাত কোলাতেই আকৌ এবাৰ ওমলিবলৈ মন যায় –


শীতৰ ঠেঁটুৱৈ ধৰা জাৰ  আৰু তোমাৰ উমাল  শ্বালখন
 বুকুত সাবটি যে দিছিলা সঞ্জীৱনী সুধা  
আহ – কি মিঠা ময় দিন আছিল সেয়া
তোমাৰ কোলাতেই যে টোপনি যোৱা সেই নিশাবোৰ
আজি দেখোন নাহে মোৰ কাষলৈ –
হাজাৰ টকীয়া উমাল জেকেটতো দেখোন নাপাওঁ বিচাৰি সেই উম
 – ই কি স্বপ্ন আছিল নেকি? নাছিলোতো কেতিয়াও মই স্বপ্নবিভোৰ
মা এইবাৰ শীতত আকৌ এবাৰ তোমাৰ কোলাত ওমলিম মই –



ফুত গধূলিতে টোপনি যোৱা আৰু মোক কোলাত লৈ ভাত খুওৱা
মা কিয় বাৰু সেই দিনবোৰ গুচি গ’ল মিঠা স্মৃতিৰ সুবাস এৰি
সুবাসৰ পাছে পাছে দৌৰোঁতে ময়ো যে নিজকে পাহৰি যাওঁ –
আনন্দৰ বন্যাত যে নিজকে পুনৰ আৱিষ্কাৰ কৰো আজি
সেয়াই চাগৈ জীৱন মা- তোমাৰ কোলা আৰু মোৰ হাঁহি
কলিজাৰপৰা ওলাই আহে এটা শেতা হুমুনিয়াহ মা - বৰ বিষাদময় 

মা তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায়

আকৌ এবাৰ প্ৰাণভৰি ওমলিবলৈ মন যায় মা --

Thursday, November 14, 2013

শিশুদিৱস, কিছু নিৰ্ভেজাল ধেমালি আৰু মোৰ ল'ৰালিকাল

সৰুতে হেনো মই বৰ দুষ্ট আছিলোঁ – ক’বলৈ গলে খটাসুৰ বুলিহে মাতিছিল কোনোবা চিনাকি মানুহ ঘৰলৈ আহিলে – কোনো কোনোৱে আকৌ কৈছিল – এই পাপু নামৰ সকলো লৰাই মহা দুষ্ট হয় – হয় তোন মই যদি দুষ্ট কৰিছোঁ তেন্তে মোৰ গাত একো ভুল নাই – সৱ ভুল মা-দেউতাৰ গাত – কিয় মোৰ নামটো পাপু দিছিল – এতিয়া পাই থাক মজাতো বাপ্পেকে - 
আমাৰ ঘৰত জাৰ্চি গৰু আছিল সৰু থাকোঁতে৷ খুব গাখীৰ খাইছিলোঁ৷ দেউতাই গাখীৰ খীৰাই আনি পুৱাই পুৱাই খাবলৈ দিছিল ওহাৰৰপৰা অহা গৰম গৰম গাখীৰ৷ খাই ইমান ভাল পোৱা নাছিলোঁ যদিও আজি দেখোন কথাটো ভাবিয়ে ভাল লাগে – এতিয়া ৰাতিপুৱাই আমোলৰ গাখীৰৰ পেকেটটো খুলিলে কিবা মনটো উৰি যায় সেই তাহানিৰ দিনলৈ -

পূজাৰ পাছৰ কথা – পূজাত কিনা পিষ্টলটোৰ গুলী খতম হোৱাত এলাগী কৰি হুইচেলটো আপোন কৰি ল’লো – ৰাতিপুৱা শুই উঠিয়েই হুইচেলটো বজাও – এদিন এনেকে হুইচেলটো বজাই গোহালিৰ ফালে যাওঁতে দেউতাক গাখীৰ খীৰাই থকা দেখিলো – বাল্টিটো প্ৰায়ে গাখীৰেৰে ভৰ্তি হও হও আৰু ৷ 

কি জানো মোৰ মন গল- গৰুজনীৰ কাণৰ ওচৰলৈ গৈ জোৰকৈ হুইচেলটো বজাই দিলোঁ – থলংকৈ শব্দ এটাহে শুনিবলৈ পালো – ঘুৰি চাই দেখিলো – গোহালিৰ মজিয়াখন প্ৰায় বগা হৈ পৰিছে -
দেউতালৈ চাবলৈ আৰু সাহস ন’হল – ভিৰাই দৌৰহে মাৰিলো আৰু গোহালিৰপৰা বাহিৰলৈ –
তাৰ পাচৰ চোৱা নকও আৰু দিয়ক – 

গাড়ীৰ প্ৰতি সৰুৰে পৰাই মোৰ খুব চখ৷ সদায়েই মই গাড়ী, বাইক আদিৰ কথা পাতি বৰ ভাল পাও৷ বজাৰলৈ কি নতুন গাড়ী আহিছে, কি কি নতুন সুবিধা আছে আদি বিলাক জানিবলৈ সদায়েই উৎসুক হৈ থাকো৷ 
পাচে মা-দেউতাই আকৌ মোৰ এই গাড়ীৰ প্ৰতি থকা আগ্ৰহৰ কথা বৰ সোনকালেই জানিব পাৰিছিল - মই হেনো সৰুতে মামা এজন তেওঁৰ গাড়ী লৈ আমাৰ ঘৰলৈ আহিলেই হাঁহি মাৰি চিঞৰি দিছিলোঁ – অ মাম্মা চক্কা গাড়ী – মামাৰ চকা গাড়ীত উঠি চাহ-বাগিচাৰ মাজে মাজে আমি প্ৰায়েই ফুৰিবলৈ গৈছিলোঁ – তেতিয়া আৰু মোক কোনে পায়৷ পাছে গাড়ী ৰখিলেই হেনো মোৰ আৰম্ভ হৈ যায় কন্দা-কটা -

পাছে তাতোতকৈ ভাল প্ৰমাণ এটা পাইছিল হেনো পূজা চাবলৈ যাওঁতে –
দেউতা কৰ্মসূত্ৰে খোৱাংত (ডিব্ৰুগড়) তেতিয়া৷ মোৰ তিনি-চাৰি বছৰ হৈছে কি নাই৷ দূৰ্গা পূজা চলি থাকোঁতে এদিন আমি ঘৰৰ গোটেই কেইটা পূজা চাবলৈ ওলালোঁ৷ পূজাৰ দোকান বিলাকত বেলুন-পুতলা চাই থাকোঁতে এখন গাড়ীয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিলে৷ ৰঙা আৰু হালধীয়া ৰঙেৰে এখন ৰিকভাৰী ট্ৰাক৷ মা-দেউতাক খাটনি ধৰিলোঁ গাড়ীখন মোক কিনি দিবলৈ – নাই খাটনি কামত নাহিল –মুখ ফুলাই শুদা হাতে আহি ঘৰ পালোঁহি- দেখিলো দাদাক দুখনমান কিতাপ কিনি দিলে –
ঘৰ পায়েই আৰম্ভ কৰি দিলোঁ মোৰ নাটক – কন্দা কটা হুলস্হূল৷ নাই মোক গাড়ীখন লাগিবই বুলিছোঁ লাগিবই৷ সেইদিনা হেনো মোৰ ভাত-পানী খোৱাই নহ’ল৷ ৰাতি এপৰলৈকে গাড়ীখন লাগে লাগে বুলি কান্দি কান্দি ভাগৰত লালকাল দি টোপনি গ’লোঁ -
ৰাতিপুৱাই শুই উঠি সপোন দেখাৰ নিচিনা লাগিল – কালি মই পচন্দ কৰি অহা গাড়ীখন দেখোন মোৰ গাৰুৰ কিনাৰত মই উঠালৈ ৰৈ আছে৷ যেন ট্ৰেফিক চিগনেলত ৰৈ ভোৰভোৰাই আছে – এই লাইটটো সেউজীয়া হ’লেই যেন গাড়ী পুৰা উৰি যোৱা দি যাব৷ মনতো তৎক্ষণাৎ ফৰকাল হৈ গ’ল – দে দৌৰ গাড়ী লৈ বাহিৰলৈ – 

বহুত পাছত মায়ে কৈছিল – ৰাতিপুৱাই শুই উঠিয়ে দেউতাই বোলে দোকানলৈ গৈ দোকানীক শুৱাৰপৰা জগাই গাড়ীখন কিনি আনিছিল৷ 

“ছাংলট ফেনলা” কিতাপখনত এটা বাক্য আছিল – নৱ নামৰ সেনানীজনে দিগন্তক কোৱা কথাখিনি এনেকুৱা আছিল বোধহয় “এনেকুৱা অপাৰেচনত গৈ ভাল লাগে য’ৰপৰা ঘুৰি অহাৰ সম্ভাৱনা খুবেই কম হয়৷ এনে অপাৰেচনৰ পৰা ঘুৰি অহাৰ মজাই বেলেগ” 

মই এনেকুৱা অপাৰেচনত গৈ পোৱা নাই কিন্তু সৰুতে অজানিতে কিছুমান দুঃসাহসীক কাম নকৰাও নহয় – হয়তো সেইসময়ত মই এই দুঃসাহস কি তাক জনাই নাছিলোঁ৷ 

বাছত যাওঁতে সদায় দেখোঁ- হেন্দিমেনবিলাকে বাছ ৰখোৱাৰ আগতে জাপ মাৰি দিয়ে৷ মোৰো এদিন এনে কৰিব মন গ’ল৷ কিন্তু বাছতটো মই এই কাম কৰিব নোৱাৰিম৷ মায়ে অনবৰতে হাতখন খামোচ মাৰি ধৰিয়ে থাকে৷ সেয়েহে সিদ্ধান্ত কৰিলোঁ- এই কামটো মই ঘৰৰ স্কুটাৰখনত কৰিম -

ককাৰ ঘৰলৈ প্ৰায়েই দেউতাৰ লগত স্কূটাৰত পাছফালে বহি যাওঁ৷ তাতেই এদিন আইডিয়া টো মনত খেলালে৷ দেউতাই ককাৰ ঘৰৰ পদূলিমুখলৈ ১০০ মিটাৰমান থাকোঁতেই ইঞ্জিন বন্ধ কৰি দিয়ে আৰু স্কুটাৰখন চলি গৈ থাকে৷ এদিন এনেকৈ দেউতাই ইঞ্জিন বন্ধ কৰি দিয়াৰ পাছত যেতিয়া স্পীড কম হোৱা যেন ভাৱ হ’ল তেতিয়াই মা’য়ে ভৰি থোৱা ফুটপ্লেটত থিয় হৈ জাপ মাৰি দিলোঁ পাছফাললৈ লক্ষ্য কৰি৷ পাছফালে এই-কাৰণে জাপ মৰিছিলোঁ কাৰণ মই পাছফালটো ভালকৈ দেখি আহিছিলোঁ কিন্তু তাৰ বিপৰীতে আগফালে কি আছে কেনেকৈ জানিম মই – সেই সময়ত নিউটনৰ জড়তাৰ কথা মোৰ শিশু মনে কেনেকৈ জানিব বাৰু –

জাপ মৰাৰ পাছত দুই-তিনিটা মান পাক ঘূৰণি খোৱা নিচিনা লাগিল৷ তাৰ পাছত আৰু একো মনত নাই – নিজকে পুনৰ আৱিষ্কাৰ কৰিলোঁ- আইতাৰ বিচনাত- দেউতা, আইতাই পানী চটিয়াই আছে মোৰ মুখত -

ককাৰ ঘৰৰপৰা ঘূৰি আহোঁতে দেউতাই মোক স্কুটাৰৰ আগফালে থিয় কৰাই নিজৰ দুই ভৰিৰ মাজত সোমোৱাই আনিলে – মাজে মাজে তাতো আকৌ স্কুটাৰখনৰ স্পীড বঢ়াবলৈ থ্ৰটোলটো নপকোৱাকৈয়ো নাথাকিলোঁ –

এতিয়া কথাবিলাক মনত পৰিলে ভাবো – আকৌ এবাৰ কৰিব পৰা হ’লে এনেবিলাক কাম --

Tuesday, November 12, 2013

পাচপৰ্ট এপ্লিকেচন -- অসম আৰু কেৰেলা

২০১০ চন৷ ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাচত চাকৰিত সোমাবলৈ লোৱাৰ লগে লগে কোম্পানীয়ে পাচপৰ্ট বিচাৰিলে৷ তেতিয়ালৈকে পাচপৰ্টৰ কথা ইমানকৈ ভবা নাছিলোঁ৷ বিশেষকৈ পাচপৰ্ট আবেদন কৰোতে হোৱা মানুহৰ দুখ-কষ্টৰ কথা শুনিয়ে আমনি লাগিছিল৷ লগৰ কেইবাটাৰো দেখিছিলোঁ পাছপৰ্ট লৈ কি অৱস্থা৷ সেয়েহে ভাবিছিলোঁ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে মই এই আহুকালবিলাকৰ কাষ নাচাপোঁ৷ 

কিন্তু কোম্পানীয়ে বিচাৰিলে যেতিয়া উপায় নাইকিয়া হ’ল৷ এপ্লাই কৰিলো পাছপৰ্টৰ বাবে৷ 
এমাহ-দুমাহ হৈ গ’ল৷ পুলিচ ভেৰিফিকেচনৰ একো খা-খবৰ নাই৷ পাছত দেউতাই চিনাকি মানুহ এজনক সুধি গম পালে মোৰ ফাইলটো স্থানীয় থানালৈ পঠিওৱা হৈ গ’ল৷ কিন্তু পুলিচৰ পিনৰ পৰা একো খা-খবৰেই নাই৷ সেয়েহে বন্ধত ঘৰলৈ যাওঁতে নিজেই যাম বুলি ঠিক কৰিলোঁ পুলিচ থানালৈ৷ 

ডিচেম্বৰৰ শীতকো আওকাণ কৰি এদিন পুৱাই পুৱাই থানালৈ গ’লো ৷ থানালৈ অহা উদ্দেশ্যৰ কথা কবলৈহে পালো এজন পুলিচে সুধিলে “ বিদেশলৈ যোৱা নেকি ???” যেন পাচপৰ্ট মানুহে বিদেশলৈ যাবলৈহে বনায়৷ ( কথাটো অৱশ্য ইমান মিছাও নহয়)৷ 

অলপ সময়ৰ পাছত ভাৰপ্ৰাপ্ত বিষয়াজন আহিল৷ অলপ সময় মোৰ ফাইলটো লিৰিকি বিদিকি চাই কুটিল হাঁহি এটা মাৰি মোলৈ ক’লে – 
“পাছে ভাইটি চাকৰি কৰিবা, বিদেশলৈ যাবা পইচা ঘটিবা ৷ এই কামটো কৰি দিয়াৰ বাবে আমাকো কিবা এটা কিন্তু দিব লাগিব”

আজিলৈকে কাকো ঘোচ দি পোৱা নাই৷ আৰু এনেকুৱা পৰিস্থিতিৰো আগতে সন্মুখীন হোৱা নাই৷ সেয়েহে মই একো কি কম কি নকম একো বুজিব নোৱাৰিলোঁ৷ একো নকৈ তেওঁলৈ মই হেবাংটোৰ নিচিনাকৈ চাই থাকিলোঁ৷ 

পুলিচ বিষয়াজনে মোৰ মনৰ অৱস্থাটোৰ কথা গম পালে হ’বলা৷ তেও নিজেই কলে – কামটো কৰি দিম বাৰু৷ তুমি দেউতাক পঠিয়াই দিবা৷ এতিয়া যোৱা৷ 

এনেই এইবিলাক কথা-কান্ড ভাল নালাগে, তেওঁৰ কথা শুনি মই ভালেই পালো৷ ঘৰলৈ গুচি আহিলো৷ দুই তিনিদিনৰ পাছত চুটি শেষ হোৱাত কৰ্মস্থলীলৈ ঘূৰি আহিলো৷

দুই তিনি মাহ মান একো খা-খবৰ নাই৷ এদিন হঠাৎ পাছপৰ্ট এপ্লিকেচনৰ ষ্টেটাছ পঢ়ি দেখিলো – পুলিচ ৰিপোৰ্ট আহিল – কিন্তু ৰিপোৰ্ট ADVERSE আছিল৷ মই ঘৰৰ বাহিৰত থকাৰ প্ৰমাণ দিয়া নাছিলোঁ৷ পাছপোৰ্ট অফিছে গুৱাহাটীত মোক আকৌ প্ৰমাণ দাঙি ধৰিবলৈ ক’লে৷ কিন্তু সেইসময়ত মই বাংগালোৰত থকা বাবে যাব নোৱাৰিলোঁ আৰু সেইবাৰলৈ পাচপৰ্টৰ আশা বাদ দিলো৷ দুই তিনি মাহ মানৰ পাছত দেখিলো মই ভবাৰ দৰেই মোৰ আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে৷ তাৰমানে পাছপোৰ্ট পাবলৈ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব৷ 

যি কি নহওক, লাইনত থিয় হৈ থাকি এপ্লাই কৰা, পুলিচ ভেৰিফিকেচনৰ ঝামেলা আৰু ক’ত কি এইবিলাক দেখি সিদ্ধান্ত কৰিলো দৰকাৰ হ’লেহে পাচপোৰ্টৰ কাৰণে আকৌ আবেদন কৰিম৷ 

২০১৩ – কেৰেলা 

ইতিমধ্যে তিনি বছৰ পাৰ হৈ গল৷ পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াটো টেক্নলজিৰ পৰশ পৰি আগতকৈ বহুত সহজ হৈ পৰিল৷ ইন্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই বহি বহি আবেদন কৰিব পৰা হ’ল৷ সেয়েহে যোৱা অক্টোবৰ মাহত কেৰেলাত কোজিকোড়’ৰ পৰা পাছপোৰ্টৰ কাৰণে অনলাইন এপ্লাই কৰিলো৷

নিজৰ সুবিধামতে এপইন্টমেন্টো ল’লো আৰু সেইমতে ৩ অক্টোবৰ তাৰিখে পাছপৰ্টৰ অফিচলৈ তথ্য-পাতি ভেৰিফিকেচনৰ কাৰণে গলো৷ তাত দেখিবলৈ পালো কেনে সুন্দৰ ভাবে পৰিচালনা কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো৷ সকলো কাম সময়মতে একো জঞ্জাল নলগাকে নিয়াৰিকৈ কৰা হৈছে৷ কোনো আবেদন কৰ্তাই লাইনত থিয় হ’ব লগীয়া হোৱা নাই৷ এজেন্টৰ লগত দৰ-দাম কৰিবলগীয়া হোৱা নাই৷ অফিচৰ বিষয়াসকলো যথেষ্ট শৃংখলাবদ্ধ৷ দেখি ভাল লাগিল টেক্নল’জিয়ে যে কেনেকৈ পৰিৱৰ্ত্তন আনিছে আমাৰ জীৱনলৈ৷ তথাপিতো বাৰু আমি কিয় পৰিৱৰ্ত্তনৰ প্ৰতিৰোধ কৰো৷ যি কি নহওক আগতে নিদিষ্ট কৰি দিয়া সময় অনুসৰিয়েই মোক ভেৰিফিকেচনৰ কাৰণে মাতিলে আৰু সকলো কাম সময়মতে ৩০-৪৫ মিনিটৰ ভিতৰত হৈ গ’ল৷ 

এতিয়া মোৰ আৰু পাছপোৰ্টৰ মাজত আছে মাথো পুলিচ ভেৰিফিকেচন৷ ভয় লাগিল এইবাৰো কিজানি আগৰ বাৰৰ দৰে হয়৷ পুলিচে নছোৱাব নেকি আকৌ এইবাৰো৷ পাচে সেই ভয়ে মোৰ মনত খোপনি পুতিবলৈ সময় পোৱাৰ আগতেই ৭ দিনৰ পাছতেই এদিন মোক স্থানীয় পুলিচ থানাৰপৰা পুলিচ ভেৰিফিকেচনৰ কাৰণে মাতি পঠিয়ালে৷ সময় দিয়া মতেই পাছদিনা মই স্থানীয় পুলিচ থানালৈ গলো৷ তেখেতসকলে মোৰ প্ৰমাণ-পত্ৰ সমূহ চালে আৰু এটা চহী লৈ মোক পঠিয়াই দিলে৷ পইচা-পাতিৰ কথা একোৱেই নকলে৷ মাত্ৰ ৫-১০ মিনিট সময়ৰ কাম৷ 

এতিয়া আৰু ভয় নাই৷ পুলিচ ভেৰিফিকেচনো হৈ গ’ল আৰু ইন্টাৰনেটত পাছপোৰ্ট পৰ্টেলত সময়ে সময়ে দেখা পালো মোৰ পাছপোৰ্ট এপ্লিকেচনৰ অগ্ৰগতি৷ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাছপোৰ্ট আহি মোৰ হাতত পৰিলহি৷ আবেদন কৰাৰপৰা সময় ল’লে মাথো ১৮ দিন৷ ইমান কম সময়তে পাছপোৰ্ট পালো আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ জেপৰপৰা অতিৰিক্ত এটকাও খৰচ কৰিব লগীয়া নহ’ল৷ 

কিন্তু জমনি কথাটো হ’ল যোৱা সপ্তাহত আমাৰ অসমৰ ঘৰলৈ স্থানীয় পুলিচ থানাৰ পৰা ফ’ন আহিছিল৷ পুলিচ ভেৰিফিকেচনৰ কাৰণে মোক তেওঁলোকে হেনো মাতিছে৷ পাছপোৰ্ট আহি মোৰ হাততো পৰিলহি আৰু অসম পুলিচৰ ভেৰিফিকেচন সম্পূৰ্ণ হোৱা নাই ?? মন কৰিব মই তৎকাল শাখাত পাছপোৰ্টৰ কাৰণে এপ্লাই কৰা নাছিলোঁ সাধাৰণ শাখাতহে কৰিছিলোঁ৷ সাধাৰণ ভাবে আবেদন কৰিলে পুলিচ ভেৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পাছতহে পাছপোৰ্ট দিয়া হয়৷ অসম পুলিচৰ এনে কাণ্ড দেখি আচৰিত লাগিল৷

এয়া যি কি নহওক, কেৰেলা কিয় দেশৰ one of the most advanced state আৰু আমাৰ অসম one among the least developed state সেই কথা বুজিবলৈ বেচি সময় নালাগিল মোৰ৷৷