Sunday, December 8, 2013

চাকৰি

ৰাতিপুৱাই বৰুৱাই বাতৰিখন মেলি ল’লে – প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ হৰফেৰে আই আই টি দিল্লীৰ ১২ জন ল’ৰাই কোটি টকীয়া চাকৰি পোৱাৰ খবৰ আহিছে৷ বৰুৱাৰ মুখত এটা হাঁহি বিয়পি পৰিল৷ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ এয়া প্লেছমেন্টৰ সময় – এইকেইদিন বাতৰি কাকতবোৰত আই আই টিৰ প্লেছমেন্টৰ কথা খুবেই লিখি আছে৷ কোটিৰ ঘৰত দৰমহা পোৱা ল’ৰাৰ খবৰ৷ বাতৰি কাকতত বৰুৱায়ো এই খবৰবোৰ পঢ়িছে৷ ভাল লাগে তেওঁৰ মনটো – পোনাৰো এনে এটা চাকৰি হ’ব বুলিয়ে পোনায়ে তেওঁক কয়–

পোনা বৰুৱাৰ একমাত্ৰ ল’ৰা – আই আই টী খড়গপুৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ এইবেলি সিও ওলাব ইঞ্জিনিয়াৰিং পাছ কৰি – প্লেছমেন্ট তাহাঁতৰ কলেজৰো চলি আছে - সেয়েহে বৰুৱাই বৰুৱানীক এনে বাতৰি পালে চিঞৰি পঢ়ি শুনায়৷ আজিও বাতৰিতো তেওঁ পঢ়িবলৈ ল’লে –
“ফেছবুকে আমেৰিকাৰ অফিচৰ কাৰণে ১.3 কোটি টকা দিছে, গুগলেও আমেৰিকাৰ অফিচৰ কাৰণে কেইবাজনকো আই আই টি বোম্বেৰপৰা নিৰ্বাচিত কৰিছে৷”

আমেৰিকাৰ কথা শুনি বৰুৱানীয়ে ক্ষন্তেক পৰ তভক মাৰি ৰৈ ক’লে – ইমানখিনি পঢ়ি শুনি এতিয়া আকৌ চাকৰিও বিদেশতহে কৰিব লগীয়া হ’লনে? ভাৰততো আজিকালি ভাল দৰমহা দিয়া চাকৰি আছে৷ বৰুৱানীয়ে কি ক’বলৈ বিচাৰিছে বৰুৱাই ধৰিব পাৰিলে -

বাতৰিত বৰুৱাই ভাৰতত এনে পষ্টিং দিয়া কথা বিচাৰি নাপালে – তথাপি বৰুৱানীৰ মনটো ভাল লগাবলৈকে ক’লে “ আছে আছে কিয় নাথাকিব, চবেই আমেৰিকা, ইউৰোপত চাকৰি কৰিবলৈ নাযায়৷ বৰুৱানীয়ে যেন ইয়াৰ কাৰণেহে বাট চাই আছিল, পোনছাটেই কৈ উঠিল- “পোনাই এইবিলাক চাকৰি কৰিব নালাগে৷ নালাগে ইমান টকা-পইচা! ইমানবোৰ টকা আমাক কিয় লাগিছে – বাহিৰত থাকি ল’ৰা চাহাব হ’ব নালাগে –ঘৰৰ ল’ৰা ঘৰতে থাকি চাকৰি কৰক” – তাতে পোণাই ইমান গেবাৰী খাটিব কিয় লাগিছে, আঁহো বুলি ক’লেও আহিব নোৱাৰে, কামৰপৰা আজৰিকে নাপায় -

বৰুৱানীৰ মতে ঘৰৰ ল’ৰা ঘৰতেই থাকক – কিহৰ বাহিৰত চাকৰি কৰিব লাগে – অইল, অএনজিচি, গেছ ক্ৰেকাৰ, এনআৰএল এইবিলাকতো আছেই৷ আৰামত ঘৰৰ ভাত খাই খাই ল’ৰাই চাকৰি কৰিব পাৰিব-

যোৱাবাৰ বৰুৱানী শইকীয়াৰ অইলত চাকৰি কৰা জোৱায়েকৰ ঘৰলৈ গৈছিল – অইলৰ সা-সুবিধাবোৰ হেনো বৰুৱানীয়ে বৰ ভাল দেখিলে – সেই তেতিয়াৰেপৰা বৰুৱানীৰ এটাই আশা – ল’ৰাই অইল বা অএনজিচিতে চাকৰি কৰক – চাকৰি পোৱাৰ পাছত অলপ থান থিত লাগিলেই বৰুৱানীয়ে ল’ৰাৰ বিয়াখন পাতি দিয়াৰ মতলবতেই আছে৷

বৰুৱানীৰ ইচ্ছা আছিল পোনাক ডাক্তৰ পঢ়োৱাৰ কিন্তু পোনাৰ আকৌ সৰুৰে পৰা কম্পিউটাৰৰ প্ৰতি প্ৰৱল ধাউতি আছিল – সেই যে ক্লাছ ছেভেনত সি কম্পিউটাৰৰ লগ ল’লে তাক আৰু এৰি নিদিলে, আই আই টিত এডমিছনো সি কম্পিউটাৰ বিভাগতেই ল’লে – পোনাৰ উৎসাহ দেখি আৰু বৰুৱাই ডাক্তৰি পঢ়িবলৈ তাক জোৰ নকৰিলে৷

  থাৰ্ড ইয়েৰত পোনাই ফেচবুকতে ইন্টাৰ্ণচিপ কৰিছিল, ফেচবুকৰ আমেৰিকাৰ অফিচত৷ বৰুৱানীৰ সেই দুইমাহ দুই-যোগ যেন লাগিছিল৷ ৰাতিপুৱা, গধূলি মাথো পোনাৰ কথা৷

এইবাৰ নামঘৰত বৰুৱানীয়ে ৰাসৰ সবাহৰ দিনা নামঘৰত চাকি এগছি জ্বলাই থৈ আহিছে – পোনাৰ ভাল চাকৰি এটা হ’বলৈ – কাকতিৰ ল’ৰাটোৰ চাকৰি হওক বুলি তেখেতসকলে নামঘৰলৈ শৰাই এখন আগবঢ়াইছিল, শৰাই আগবঢ়োৱাৰ কথা ভবাৰ দুই সপ্তাহৰ পাছতেই টেটৰ ৰিজাল্টত কাকতিৰ ল’ৰাৰ নাম আহিছিল৷ সেই তেতিয়াই বৰুৱানীয়ে ঠিক কৰিছিল ৰাসৰ দিনাই নামঘৰত গৈ চাকি এগছি দি থৈ আহিব -
দুপৰীয়া পোনাৰ ফ’ন আহিল – তাৰ প্লেছমেন্ট হৈ গ’ল – জাপানীজ ছফটৱেৰ কম্পেনী এটাত তাৰ চাকৰি হ’ল – দৰমহা ভাৰতীয় টকাৰ হিচাপত কোটিৰ ওপৰতেই হ’ব, সা-সুবিধাও ভালেই৷ গতিকে পোনাই এই কোম্পানীটোতে জইন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা মাকক ক’লে –বৰুৱানীৰ ক’বলৈ মন গৈছিল – নালাগে সেইবিলাক চাকৰি কৰিব, ঘৰৰ ল’ৰা ঘৰলৈকে আহ, ইয়াত চাকৰি নাইকিয়া হোৱা নাই নহয়- পাছে  বৰুৱানীয়ে একো ক’ব নোৱাৰিলে পোনাক – মাথো ও আ কৈ শলাগিয়ে ফ’নটো থৈ দিলে –

আবেলি বৰুৱা অফিচৰপৰা ঘূৰি অহাৰ পাছত বৰুৱানীয়ে বৰুৱাক খবৰটো কওঁতে বৰুৱানীৰ গালেৰে দুধাৰি অশ্ৰু বৈ আহিল – বৰুৱাই ধৰিব নোৱাৰিলে সেয়া বৰুৱানীৰ পুতেকে চাকৰি পোৱাৰ আনন্দৰ চকুলো নে পুতেক ঘৰৰপৰা আৰু বেছি দূৰলৈ আঁতৰি যোৱাৰ বেদনাৰ চকুলো –


 বৰুৱাৰো চকুহালো সেমেকি উঠিল৷ বাহিৰলৈ চাই বৰুৱাই ভাবিলে -কালিলৈয়ে বিএচএন্এলৰ অফিচত গৈ ব্ৰডবেন্ডৰ কনেকচন এটাৰ কাৰণে এপ্লাই কৰিব লাগিব – ওচৰত নাথাকিলেও পুতেকৰ লগত অন্তত মাকে স্কাইপতে কথা পাতিব পাৰিব৷ 

Friday, December 6, 2013

ভোট


বলক আকৌ যাওঁ - ইমান দেৰি কৰিছে ভোট দিয়া আৰম্ভ হ'লেই -

ৰমেনে মাকক চিঞৰি ক'লে -

সি আজি জীৱনত প্ৰথমবাৰৰ বাবে ভোট দিব -

পঞ্চায়ত ইলেকচন হৈছে - সি কমেও তিনিটা ভোট দিব - কম কথা নেকি -

তাতে এইবাৰ তাৰ মোমায়েক উঠিছে গাৱ পঞ্চায়তৰ সভাপতি পদৰ কাৰণে৷ তাহাঁতৰ গাৱলৈ আহিলে সিয়ো মাজে মাজে মোমায়েকৰ লগত প্ৰচাৰত ঘুৰে৷ মোমায়েকে ইমান ব্যস্ততাৰ মাজতো তাহাঁতৰ ঘৰত সোমাই চাই একাপ নুখুৱাকৈ নাযায়৷ যোৱা কেইদিনত সকলো দলৰ প্ৰাৰ্থীয়ে আহি তাক অনুৰোধ কৰি থৈ গৈছে ভোটটি দিবলৈ – যেতিয়া মাকক আহি কয় যে আপোনাৰ বহুমূলীয়া ভোটতো দি আমাৰ দলক জয়যুক্ত কৰক তাৰ কিবা নিজকে বৰ ডাঙৰ মানুহৰ নিচিনা লাগে, দুপলকৰ কাৰণে হ’লেও তাৰ মনটো উৎফুল্লিত হৈ পৰে – এই কাৰণেই ইলেকচন তাৰ ভাল লাগে – যোৱাবাৰ বিধান সভা ইলেকচন হওঁতে তাহাঁতৰ ঘৰে এখন হিৰ চাইকেল আৰু এখন কম্বল পাইছিল৷ এতিয়া সি স্কুললৈ চাইকেল চলাই যায়, ঠাণ্ডাত আগৰ নিচিনাকৈ জাৰত কপি শুব নালাগে, কম্বলৰ ওঁম লৈ ফস্তি মাৰি শুৱে -

ভোটৰ দিনা পাচবেলালৈ ভোট কেন্দ্ৰত মানুহৰ ভিৰ বাঢ়ি যায় - তাতে গৰমৰ দিন- পাছবেলা প্ৰখৰ ৰদত থিয় হৈ থাকিব নোৱাৰি লাইনত - সেয়েহে সি আৰু মাকে ৰাতিপুৱাই ভোটটো দি থৈ অহাৰ কথা কালি ৰাতি ভাত খাই থাকোঁতেই ভাবিছিল- কিন্তু ভাবিলে কি হ'ব- পুৱা ৭ টাতে সি গৰুজনী পথাৰত এৰাল দি নিজেও গা ধুই ওলাই মেলি সাজু হ'ল কিন্তু মাকৰ আকৌ গা ধুই গোঁসাই ঘৰত চাকি-গছ জ্বলাই মানে ঘড়ীত ন বাজিবলৈ কেই মিনিট মানহে থাকিল -

প্ৰথমে মাকে সৈতে সি গৈ দলীয় কাৰ্য্যালয়টোত সোমাল৷ অস্থায়ী চালি এখনৰ তলত আজিৰ এই দলৰ অফিচ – ভোট দিবলৈ অহা মানু্হক সহায় কৰিবলে হেনো অফিচটো খুলিছে– গাৱৰে ৰত্নেশ্বৰ মাষ্টৰৰ পুতেকে ভোট দিবলৈ যোৱাসকলক কৈ আছে কোনটো চিনত ভোট দিব লাগিব, বেলট কাগজত কোন নম্বৰত তাহাঁতৰ দলৰ প্ৰাৰ্থীৰ নাম আছে – ভোট দি অহা সকলে চালিৰ তলতে বহি জিৰাইছে, দুই এটা কথা পাতিছে – ৰাৱণ দাইতিৰ জীয়েক দুজনীয়ে লাল চাহৰ কাপ যাচিছে - ৰত্নেশ্বৰ মাষ্টৰৰ পুতেকৰপৰা ভোটাৰৰ ক্ৰমিক নাম্বাৰটো লৈ মাকৰ সৈতে ৰমেন ভোট কেন্দ্ৰলৈ আগবাঢ়িল- সি মনতে ভাবিলে উভতি আহি চাহ খাব, প্ৰথমে ভোট দি লোৱা যাওক -

ধূলি উৰুৱাই বগা এম্বেছাদৰ এখন তাহাঁতক পাছ পেলাই আগবাঢ়ি গ’ল – ফটিকে চলোৱা গাড়ী সেইখন- ফটিক তাৰ লগতেই স্কুলত পঢ়িছিল – কিন্তু আৰ্থিক অৱস্থাই টানিব নোৱাৰাত ঠিকাদাৰৰ ঘৰত ড্ৰাইভৰ সোমাল৷ এতিয়া বিয়া পাতি এটা ল’ৰাৰ বাপেকো হ’ল – এই কেইদিন ইলেকচনত প্ৰচাৰৰ অভিযানত নামিছে – ঠিকাদাৰৰ বোৱাৰীয়েকেও গাৱ পঞ্চায়তৰ সভাপতি পদৰ কাৰনে নিৰ্বাচনত উঠিছে, প্ৰতিদ্বন্দী তাৰ মোমায়েক– এতিয়া ফতিকে গাড়ীৰে মানুহ অনা নিয়া কৰিছে ভোট কেন্দ্ৰলৈ৷ আনকালে হোৱা হ’লে ফটিকে তাক গাড়ীতে উঠাই নিলেহেঁতেন – পাছে আজি ব্যতিক্ৰম – আজি তাৰ গাড়ী বিশেষ এটা দলৰ সমৰ্থক সকলৰ বাবেহে –

বাটৰ ধূলি খাই খাই মাকৰ সৈতে ৰমেন স্কুলৰ গেট পাওগৈ মানে সৰু সোৰা লাইন এটা হৈছিলেই – মানুহৰ কথাৰ গুণগুণনি এটা চাৰিওফালে বিয়পি পৰিছে৷ অলপ সময় থিয় হৈয়ে ৰমেনৰ আমনি লাগিল৷ পাছে বেছি দেৰি ৰ’বলগীয়া নহ'ল৷ সোনকালেই স্কুল ঘৰৰ ভিতৰত সোমাল- প্ৰথম মাকেই গ'ল- নিজৰ নামৰ বিপৰীতে চহী মাৰি সি মাকৰ পাছফালে থিয় দিলেগৈ – আঙুলিটোলৈ চালে সি -আঙুলিত দিয়া ক’লা চিঞাহি একেবাৰে আঠা ল’গাদি লাগি ধৰিলে৷ দুবাৰ মান সি মোহাৰিবলৈ চেষ্টা কৰিল কিন্তু সকলো অথলে গ’ল৷ কালি খগেন কাইটিৰ চহৰত থকা ডাঙৰ ল’ৰাটোৱে কোৱা কথাষাৰ মনত পৰিল – যোৱাবাৰ ইলেকচনত বোলে সি চহৰৰ উপৰিও গাৱটো আহি ভোট দিছিল – ভোট কেন্দ্ৰলৈ ৰুমাল এখনত স্পিৰিট সানি লৈ গৈছিল- আঙুলিত চিঞাহি লগোৱাৰ পাছতে পুলিং অফিচাৰ কেইজনে নেদেখাকৈ ৰুমালেৰে মোহাৰি পেলাইছিল কলা দাগটো – তাৰ পাছত গাৱলৈ আহি আকৌ ভোট দিছিল –

মাকে ভোট দি উলাই আহে মানে তাৰ সময়খিনি নাযায় নোপোৱায় যেন লাগিল৷ মাকে ভোট দি শেষ হোৱাত তালৈ চাই হাঁহি এটা মাৰি ওলাই গ’ল – এইবাৰ সি সোমাই গ’ল –

মেজখনত মোহৰতো পৰি আছিল৷ মোহৰটো লৈ সি প্ৰথম কাগজখনৰ ওপৰত জোৰকৈ হেচি ধৰিলে৷ তেতিয়াহে তাৰ যেন হুচ আহিল – ভোট দিয়াৰ উত্তেজনাত সি দেখোন প্ৰাৰ্থী নোচোৱাকৈয়ে মোহৰ মাৰি দিলে – ভয়ে ভয়ে সি কাগজখন চালে – যি ভয় কৰিছিল সেইটোৱেই হ’ল – তাৰ মোহৰটো সুন্দৰকৈ ফটিকৰ গাড়ীৰ উপৰত অনবৰত উৰি থকা পতাকাখনৰ চিহ্নটোৰ বিপৰীতে জিলিকি আছে৷ কাষতে এটা নাম – ফুলেশ্বৰী শইকীয়া ৷ হয় সেইটোৱেই ঠিকাদাৰৰ বোৱাৰীয়েকৰ নাম৷ তাৰ কান দুখন গৰম হৈ অহাৰ নিচিনা অনুভৱ হ’ল- কি কৰা যায় এতিয়া – মোমায়েকৰ মুখখন মনত পৰি তাৰ বুকুখন হমহমাই গ’ল৷নিজকে বৰ অসহায় অনুভৱ কৰিলে সি -

ইয়াৰ পাছত সি সাৱধানে চাই মেলি বাকী কেইটা ভোট দিলে- ৱাৰ্ড মেম্বাৰ, জিলা পৰিষদৰ সদস্যৰ ভোটকেইতাত সি একো ভুল নকৰিলে৷ এইবাৰ কাগজকেইখন সাৱধানেৰে জাপি টিংৰ বাকচটোৰ ফাঁকেৰে সোমোৱাই স্কুলৰ বাহিৰলৈ সি ওলাই আহিল৷

স্কুলৰ সন্মুখৰ বড়জোপাৰ তলত এমোকোৰা হাঁহি লৈ মাক ৰৈ আছিল৷ ওচৰ পোৱাত মাকে ক’লে
“ব’ল দলৰ অফিচত বহি চাহ একাপকে খাই যাওঁ, ডিঙিটো শুকাই গৈছে অথনিৰে পৰা থিয় হৈ এই ৰদত৷ তাতে অতদূৰ বাট কুৰি বাবলৈ আছেই”

ৰাতিপুৱাৰে পৰা ভোট দিবলৈ তাৰ যি উৎসাহ আছিল পলকতে যেন হেৰাই গ’ল - মাকৰ মুখলৈ চাবলৈ আৰু তাৰ সাহস নহ’ল-মাকৰ পাছে পাছে সি খোজ ল'লে৷ দলৰ অস্থায়ী অফিচটো পোৱাৰ আগে আগে মাকক ক’লে –“ তয়ে চাহ খা- ৰ’দটো আজি চোকা – গৰুজনীৰ খুটিটো সলনি কৰিবৰ হ’ল, পোৱালীয়ে গাখীৰ খাব লাগিলে মোমাইদেওক আজি আৰু গাখীৰ চাহ খুওৱা নহ’ব”



Sunday, December 1, 2013

কিংবদন্তি

সৰুতে ঘৰত আমি সৰু ল’ৰা ছোৱালী কেইটাই কাজিয়া কৰিলে ককা-আইতাই কৈছিল –তহঁতৰ মোমায়েকহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল – কাজিয়া নকৰিছিলেই,সকলো কাম মিলা-প্ৰীতিৰে কৰিছিল, খোৱা বস্ত ভগাই মেলি খাইছিল – আমিও কথাবোৰ বিশ্বাস কৰিছিলোঁ – ভাবিছিলোঁ হয় চাগৈ দে –মামাহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল –

পূৱা গধূলি যেতিয়া কিতাপ পঢ় পঢ় বুলি মা-দেউতাই চিঞৰি থাকিছিল – আইতাই কৈছিল – তহঁতৰ মোমায়েৰহঁতক কিতাপ লোৱাৰ কথা কোৱাৰ দৰকাৰেই নাছিল – সময় হোৱাৰ লগে লগে নিজেই পঢ়াৰ টেবুলত বহিছিল – আৰু তহঁতক দেখ -- কিতাপ পঢ় পঢ় বুলি মাৰ বাপেৰে চিঞৰি থাকিব লাগে – আমি ভাবিছিলোঁ তেতিয়া  মামাহতে বাৰু কেনেকৈ পঢ়া টেবুলত নিজৰ মনটো বহাই থৈছিল – মানিব লাগিব দেই মামাহঁতক

মুঠতে কিবা এটা কৰিলেই ওপৰৰপৰা চিঞৰ আহে - সৰু থাকোতে আমি এনে আছিলোঁ, তেনে আছিলোঁ, মামা, জেঠাইহতে এনে কৰিছিল, তেনে কৰিছিল ইত্যাদি !! মুঠতে মাঁমাহতৰ আখ্যান শুনি শুনি কান ঘোলা হৈ গৈছিল - অলপ উৎপাত কৰিলেই ৰেকৰ্ডিং কৰা কেছেট খন বাজি যায় - 

সময় সলনি হ’ল – কাজিয়া কৰা, কিতাপ নপঢ়া, দুষ্টালি কৰা কাৰবাৰবোৰ কিন্তু এতিয়াও চলি থাকিল! সলনি হ'ল কেৱল সেইবিলাক দুষ্টালি কৰা অভিনেতা কেইজন! নতুন নতুন বহুতো কণমানি ল'ৰা ছোৱালীৰে মিতিৰ কুটুম্বৰ ঘৰ ভৰি পৰিল৷ এতিয়া ঘৰলৈ গ’লে কেতিয়াবা কেতিয়াবা মিতিৰ ফুৰিবলৈ যাও –

এই সৰু সৰু ল’ৰা ছোৱালী থকা মিটিৰ কুটুম্বৰ ঘৰলৈ গ’লে মাজে মাজে কিছুমান কথা শুনিবলৈ পাও – শুনি মনটো মোৰ তাহানি আইতাই কোৱা কথাবিলাকলৈ মনত পৰে –

 এতিয়াও ঘৰখনত থকা সৰু ল'ৰা-ছোৱালী কেইতাই কাজিয়া কৰিলে বা কিতাপ নপঢ়ি ধিতিঙালি কৰি ফুৰিলে ঘৰৰ ডাঙৰ বিলাকে আইতাই কোৱা সেই সংলাপ কেইটাৰ কেছেটখনেই বজায় – মাথো মামাহঁতৰ বদলি দেখোন নায়কৰ তালিকাত আমাৰ নামবিলাক সংলাপ কেইটাত সোমাবলৈ ধৰিলে – কেনেকৈ আমি ভমিলা প্ৰীতিৰে বিস্কুট-মিঠাই ভগাই খাইছিলোঁ, কেনেকৈ আমি সদায় পঢ়া-শুনা কৰিছিলোঁ – মনটো শুনি মোৰ কেনে লাগে কব নোৱাৰা – এনে হোৱাটো মোৰ দেখোন মনতেই নপৰে -- মোৰ মেমৰি বাৰু ফেল মাৰিছে নেকি ?? 

লাহে লাহে এতিয়া বুজা হ'লো বহুতো কথা, – যে মামাহ’তে কেনেকৈ কাজিয়া নকৰাকৈ থাকিব পাৰিছিল - যেনেদৰে আমি পাৰিছিলোঁ - বাহিৰৰ ইমান ৰঙেৰে ভৰা পৃথিৱীখন উপেক্ষা কৰি কেনেকৈ পঢ়া টেবুলত বহি থাকিব পাৰিছিল – যেনেদৰে আমি পাৰিছিলোঁ -

মোৰ মনটো এতিয়া এই কথাটো ভাবি বৰ ভাল লাগে যে আইতাই কোৱা সেই কথাবোৰ গালো বালো খোলাকটিৰ তাল হোৱাৰ নিচিনা হৈছিল -  আমি সৰু ল’ৰা কেইটাক ঠগিবলৈ কিমান চেষ্টা কৰিলে – পাৰিলে জানো – অলপ সময়ৰ কাৰণে আমি নিটাল মাৰিলেও দিনটোত দুই তিনিবাৰ ৰণশিঙা বজাইছিলোঁ, প্ৰায়েই কিতাপকেইখনক চুটি দিছিলোঁ, চেকনিৰ কোবলৈ ভয় লাগিলেও দুষ্টালি কৰিবলৈ এৰা নাছিলোঁ -- মুঠতে আইতাৰ ভাষাত কবলৈ গ'লে এখন কাণেৰে সোমোৱাই কথাবোৰ আনখন কাণেৰে উলিয়াই দিছিলো - 

 ভাল লাগে যেতিয়া আজিৰ ল'ৰা- ছোৱালী কেইটায়ো তাকেই কৰে - পাৰিলে হয়তো ক'লোহেতেন চুলি পকাই দে মাৰ বাপেৰৰ - শান্ত শিষ্ট মহাদুষ্ট হোৱাৰ আমেজেই সুকীয়া -