আই আই এমৰ প্ৰথম ক্লাচ –
ৰাতিপুৱাই মেচত ইডলি-বড়া নাকে কাণে গুজি ক্লাছলৈ দৌৰ দিলোঁ –প্ৰথম দিনাই লেট হ’ব
নোৱাৰি – তাতে শুনা মতে প্ৰফেচৰকেইজন যথেষ্ট ষ্ট্ৰিক – সময়মতে ক্লাছলৈ আহে –
পি জি পি অফিচে ঠিক কৰি
দিয়া নিদিষ্ট আসনত বহি ক্লাছটোলৈ মন কৰিলোঁ- বেছিভাগেই অচিনাকি মুখ-
মুখত এটা মিঠা হাঁহি লৈ
কিতাপৰ দমটোৰে সৈতে ছোৱালী এজনী আহি কাষৰ চিটটোত বহিলহি! অনুমান কৰিলোঁ
মিনাক্ষীয়েই হ’ব, কালি নটিচ বৰ্ডত নাম দেখিছিলোঁৱেই ইতিমধ্যে-
ক্লাছ আৰম্ভ হ’বলৈ এতিয়াও
আছে ৫ মিনিটমান – কথা পাতিবলৈ সেয়া অফুৰন্ত সময় -
ময়েই আৰম্ভ কৰিলোঁ
কথাবাৰ্তা –
নিজৰ চিনাকিটো দি সুধিলোঁ -
মিনাক্ষী ৰাইট??
হ্য় মিনাক্ষী, মুম্বাইৰপৰা!!
অ’হ৷ মই আকৌ তোমাক চেন্নাইৰ
পৰা অহা বুলি ভাবিছিলোঁ – নামফলকত থকা মিনাক্ষীৰ উপাধি সুব্ৰমনিয়ান লৈ আঙুলিয়াই
ক’লো মই৷
অ’হ৷ তামিলিয়ান কিন্তু
মুম্বাইতে ডাঙৰ দীঘল হৈছোঁ - বহুতেই এই কথাটো সোধে মোক৷ এটা মিঠা হাঁহি বিৰিঙি
উঠিল তাইৰ ওঁঠত৷ মনটো এনেই ভাল লাগি গ’ল- মাতটো মই ভৱাৰ দৰে টেংটেঙীয়া নহয় –
মুম্বাই এফেক্ট চাগৈ-
বেয়া নহয় মনতে ভাবিলোঁ৷
অথচ কালি যেতিয়া আমাৰ
ছেকছ’নৰ ল’ৰা -ছোৱালীৰ নামবিলাক নটিছ বৰ্ডত মাৰিছিল – দেখিলো মোৰ ৰোল নং ৮৯,চেকচন
বি – নিজৰ নাম দেখাৰ পাছত প্ৰথম চকু মোৰ গৈছিল মোৰ কাষত কোন বহিব তাকে জানিবলৈ – দেখা
পালো – ৰোল নম্বৰ ৮৮ – মোহন আনন্দ – “ তামিলিয়ানেই হ’ব চাগে – যোৱা দুটা বছৰৰ
অভিজ্ঞতাৰে আজিকালি মানু্হৰ নামবিলাকৰপৰা মানুহজন ক’ৰ হয়, অনুমান কৰিব পৰা হৈছোগে”
“যেনে উপাধিতো কাৰ,ৱাৰ,তাৰ আদিত শেষ হ’লে ধৰি লও মাৰাঠী হ’ব চাগে – উদাহৰণস্বৰূপে
টেন্দুলকাৰ, গাভাস্কাৰ, সাৱাৰকাৰ, মংগেচকাৰ ইত্যাদি”৷ মনটো অলপ বেয়া লাগি গ’ল৷
এতিয়া মানে হিন্দীত কথা পতা বন্ধ মোৰ৷ এইবাৰ ৰোল নম্বৰ ৯০ লৈ চকু দিলোঁ৷ দেখিলোঁ -
ৰোল নম্বৰ ৯০ মিনাক্ষী সুব্ৰমনিয়ান – হে হৰি! এইগৰাকীও দেখোন তামিলিয়ান
মনটো তেতিয়া পুৰাই বেয়া
লাগি গ’ল – দুটা তামিলিয়ানৰ মাজত গোটেই ফাষ্ট ইয়েৰটো কটাব লাগিব – হিন্দীতো চাগৈ
নকবই – তামিলত টেং টেংকৈ কথা পাতি থাকিব নিজৰ মাজত আৰু মই মাজতে চেনদুইচড৷ ৰাতিপুৱাই
ৰুম পাওতে আহি দেখিছিলোঁ মোৰ ৰুমমেটটোও তামিলিয়ান৷ হিন্দী একোকে বুজি নাপায়৷ এতিয়া
ক্লাছটো দুটা তামিলিয়ান – দূয়োকাষত - কি যে হ’ব আৰু দেই৷ ৰাতি ডিনাৰ কৰোঁতে অসমৰপৰাই অহা লগৰ ববিতা আৰু
বহ্নিমানক সুধিলোঁ তাহাঁতৰ ছেকছন কি? ক’লে দুয়োটাৰে ছেকছন চি আৰু একেলগে দুয়োটা
বহিব পাৰিব – মনটো বেয়া লাগি গ’ল – মোৰহে এনে হ’বলে পাইনে??
ৰাতি বিচনাত শুৱাৰ আগতেও
তাকেই ভাবিলোঁ৷ এই মিনাক্ষী নামটো বৰ পুৰণিকলীয়া নিচিনা লাগিল – ভাবিলোঁ হ’ব চাগৈ
একেবাৰে এজনী কনজাৰ্ভেটিভ পৰিয়ালৰ পৰা অহা ছোৱালী – কি যে বেড লাক৷ নিজকে নিজেই ক’লো
৷
মিনাক্ষীৰ কাষত প্ৰাপ্তি
বহিব৷ দিল্লীৰ ছোৱালী – এচ আৰ চি চি ৰপৰা আহিছে৷ যোৱা ১ মাহে ফেচবুকত নতুন
ক্লাছটোৰ কাৰণে খুলা গ্ৰুপটোত মাজে মাজে তাইক পষ্ট কৰা দেখিছিলোঁ৷ দেখনিয়াৰ
ছোৱালী৷ দিল্লীৰ স্মাৰ্ট ছোৱালী টেগটো সুন্দৰকৈ বজাই ৰাখিছে৷ মনতে ভাবিলোঁ – ছেহ এই
মিনাক্ষীজনী নহা হ’লে গোটেই ফাৰ্ষ্ট ইয়েৰটো তাই লগতেই বহিব পাৰিলোঁহেঁতেন - এনেবোৰ
জল্পনা কল্পনা লৈয়ে টোপনি যাবলৈ চেষ্টা কৰিলোঁ - ফ’নত তেতিয়াও তামিলিয়ান ৰুমমেটে
ঘৰৰ মানুহক দিনপঞ্জী শুনাই আছে- অনুমান কৰিলোঁ কেম্পাছৰ কথাই কৈছে চাগৈ,–
আহিবলগীয়া দিনকেইটাৰ কথা ভাবিবলৈ আৰু সাহস নহ’ল -
আৰু আজি ক্লাছত মুখত এটা
মিঠা হা্ঁহিৰে সৈতে এজনী বেলেগ মিনাক্ষী৷ কালি মই ভবা মিনাক্ষীতকৈ বহুতো বেলেগ৷ ক্লাছলৈ
পৰিসংখ্যাৰ প্ৰফেচৰজন সুমাই আহিল৷ চি কে ৰাজু ৷ অভিজ্ঞতাৰে পুষ্ট এজন ৰসাল প্ৰফে চৰ
৷ছিনিয়ৰ বিলাকে তেওক ছপত্তি বাবা বুলি কয় – যিকোনো কথাৰ উদাহৰণ দিবলৈ ৰুতি বনোৱাৰ
উদাহৰণ দিয়ে – আজিও ব্যতিক্ৰম নহ’ল – ক্লাছ আৰম্ভ হ’ল এটা প্ৰশ্নেৰে - প্ৰবেবিলিটি
অফ মেকিং এ ৰাওন্দ ৰুতি ?? দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয়, বিবাহিত মহিলা, অবিবাহিত
মহিলা, চাকৰি কৰা মহিলা আদিৰ চেম্পল লৈ ৰুতি বনোৱাক লৈ দীৰ্ঘ আলোচনা চলিল – ক্লাছত
হাঁহিৰ ৰোল উঠিল –
দিল্লীৰপৰা অহা প্ৰথম শাৰীত
বহা ল’ৰাজনে হাতখন দাঙি চাৰক সুধিলে – “ চাৰ, ফৰ এ নৰ্থ ইন্দিয়ান, ৱাট ইছ দি
প্ৰবেবিলিটি অৱ লাইকিং ইডলি, ডোচা, চাম্বাৰ ??” – নামফলকখনলৈ চালোঁ – অনিৰুদ্ধ তাৰ
নাম – হয়তো প্ৰথমবাৰলৈ আহিছে দক্ষিণ ভাৰতলৈ- মনত পৰিল আজি ৰাতিপুৱা ব্ৰেক-ফাষ্টত
ইডলি-বড়া আছিল – বেচেৰালৈ সঁচাকৈয়ে বেয়া লাগিল-
গোটেই ক্লাছতে আকৌ হাঁহিৰ
ৰোল উঠিল –
আচৰিত লাগিল – কি যে প্ৰশ্ন
সুধিছে আৰু দেই -
প্ৰফেচৰৰ মাতত সম্বিত ঘুৰি
আহিল –
“ ০ – এটা ডাঙৰ শূন্য যদিহে তুমি হোষ্টেলৰ মেচত
পোৱা ডোচা, ইডলিৰ কথা কৈছা” –
হাত তালিত গোটেই ক্লাছটো
ৰজন জনাই গ’ল -
আনন্দ মোহনলৈ চালোঁ -
ব্যস্ত নিজৰ জগতত – মই ভবাৰ দৰে মুঠেই নহয় – একদম ফ্ৰি আৰু হেল্পফুল ল’ৰা – মাজে
মাজে গুনগুনাই গান গাইছে – কাৰনাটিক সংগীতত ৰাপ আছে, অথনি চিনাকি হওঁতে কৈছিল এই
বিষয়ে- মই ভবাৰ নিচিনা মুঠেই নহয়, মনৰ ডাৱৰবিলাক আঁতৰিছে যেন লাহে লাহে - এইবাৰ মিনাক্ষীলৈ
চালোঁ – একান্ত মনেৰে প্ৰফেচৰৰ কাহিনী শুনি গৈছে – মাজে মাজে নোটবুকখনত কিবা আক
বাক কৰিছে – মাজে মাজে চকুত চকু পৰিলে হাঁহে – অনবৰতে ছোৱালীজনীৰ মুখত এটা মিঠা
হাঁহি লাগি থাকে৷ আহ কি যে এক মিঠা হা্ঁহি – আজি ৰাতিপুৱা লগ কৰালৈকে এই
কনজাৰ্ভেটিভ তামিলিয়ানৰ পৰা এনে হাঁহি পোৱাটো পৰ্বতত কাছ কণী বিচৰা সমান বুলিয়েই
ভাবি আহিছিলোঁ – আৰু এতিয়া এই হা্ঁহি- যেন কিবা এটা আপোন আপোন কৰি ল’ব পৰা হাঁহি ৷
নিজকে সুধিলোঁ মই বাৰু প্ৰেমত পৰিলোঁ নেকি বাৰু ??? যদি সঁচাকৈয়ে পৰিলোঁ তেন্তে
মিনাক্ষীৰ হাঁহিটোত নে? তাইৰ চকু জুৰিয়েও হাঁহেনেকি বাৰু?? আপুনা আপুনি চকু গ’ল
তাইৰ ফালে – নাই নাচালে এইবাৰ মোৰ ফালে – তাই ব্যস্ত প্ৰফেচৰৰ নোটছ লিখাত, মাজে
মাজে লিখি থাকোঁতে আগফালে হাওলি পৰা চুলিকেইডাল আঁতৰাই আকৌ ডুব গৈছে নোটছ লিখাত – মিনাক্ষীয়ে
নোটছ লিখা দেখি যেন মোৰ সম্বিত ঘুৰি আহিল - ধেইত কি কথা বাৰু ভাবিছোঁ – আমি ল’ৰাবিলাকে
অলপতে বহুত দূৰলৈকে ভাবি লওঁ –এইবাৰ ক্লাছত মন দিবলৈ চেষ্টা কৰিলোঁ – চপত্তি চাৰৰ
আলোচনা এতিয়াও চলিয়েই আছে -“দি প্ৰবেবিলিটি আব মেকিং এ ৰাওন্দ ৰুটি ”
কিন্তু মনৰ নিভৃত কোণত মই
যেন শুনিছো – “ ডি প্ৰবেবিলিটি আৱ ফলিং ইন লাভ উইথ ডি ম’ষ্ট বিউটিফুল স্মাইল আই
হেভ এভাৰ চিন ”–
আৰু সেয়া প্ৰফেচৰে যেন
উত্তৰত কৈছে – ১, যদিহে সেয়া মিনাক্ষীৰ হাঁহিটো হয় -