Wednesday, August 7, 2013

যৌতুক


টংক মাষ্টৰৰ ডাঙৰ জীয়েক জোনটিৰ বিয়া ৷৷ মাষ্টৰৰ চিন্তা হঠাৎ বিয়াখন পাতিবলৈ কৰপৰা ইমান পইচা পায় ৷ ল’ৰা ধনী ঘৰৰে, স্বভাৱে চৰিত্ৰয়ো ভাল ৷ সেয়েহে বিয়াখন দিব পাৰিলে তেও স্বস্তিত উশাহ এটা ল’ব পাৰিব ৷৷ সৰুজনীলৈ তেওঁৰ চিন্তা নাই ৷৷ তাইৰ বিয়া হয়  মানে ফৰ লেন হাইৱে’টো হৈ উঠিব ৷ তেতিয়ালৈ মাটিৰ দামো বাঢ়িব৷ তেতিয়া তেও তাইৰ বিয়াত সেই ৰাস্তাৰ কাষৰ মাটি দৰাকে বিক্ৰী কৰিব পাৰিব ।।।

ল’ৰাৰ ঘৰে অৱশ্যে একো বিচৰা নাই ৷৷ কিন্তু একো দিব নালাগে বুলিও কোৱা নাই ৷৷ সমস্যাটো হৈছে মাষ্টৰনীক লৈহে ৷ তেওঁৰ মতে জোনটি তেওঁলোকৰ ডাঙৰ ছোৱালী গতিকে তাইৰ বিয়াত সকলো দিব লাগিব৷ সকলো মানে টি ভি, ফ্ৰিজ, গডৰেজ, ৱাশ্বিং মেচিন সকলো ৷ যোৱা মাহত হৈ যোৱা ঠিকাদাৰৰ ছোৱালীৰ বিয়াত ঠিকাদাৰে এখন নেন ‘কে দিছিল ৷ এতিয়া তেওঁলোকে একো নিদিলে তেওঁলোকৰ মান সন্মান ক’ত থাকিব৷৷

হয় তোন গাৱৰ গোপিনী মেলত ঠিকাদাৰৰ জীয়েকৰ বিয়াৰ পাছত কম আলোচনা হৈছিল নেকি গাড়ী দিয়াক লৈ ৷৷ মাষ্টৰনীয়ে তেতিয়াই ভাবিছিল জোনটিকো লগত ভাল ভাল দামী বস্তু দিব লাগিব৷৷ ইমানদিনে আমনি লাগি থকা টি ভিৰ প্ৰগ্ৰেমৰ মাজত দিয়া এড কেইটা যেন হঠাৎ অতি ইন্টাৰেষ্টিং হৈ  পৰিল ঘৰখনত ৷৷

 মাষ্টৰে পইচা যোগাৰ কৰিবলৈ চেষ্টাও নকৰাকৈ নাথাকিছিল৷ বেংকলৈ গৈছিল ল’ন এটা বিচাৰি ৷ পাছে আগৰ ঘৰৰ ল’নটোৱেই মৰা নাই৷ তাতে ৰিটায়াৰমেন্টলৈ বেছি দিন নাই৷ সেয়েহে মেনেজাৰে ল’ন দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে ৷ হ’ওতে মাষ্টৰৰ বেংকত পইচা অলপ নথকা নহয় ৷ কিন্তু তাৰো উদ্দেশ্য নথকা নহয় ৷ ল’ৰা দিগন্ত পঢ়াত ভালেই ৷ এই বেলি ১০+২ পাছ কৰিব ৷ ইয়াৰ পাছত তাৰ ডাক্তৰি পঢ়িবলৈ খুবেই ইচ্ছা আছে ৷ কলেজৰ মাষ্টৰৰ মতে সি চিট পাবই ৷ সেয়েহে তাৰ পঢ়াৰ কাৰনে লাগিবলগীয়া টকাখিনি মাষ্টৰে আগতীয়াকৈ সাঁচি ৰাখিছে ৷

নাই ছোৱালীৰ বিয়াত পইচা খৰচ কৰি তেখেতে দিগন্তৰ ভৱিষ্যত চূৰমাৰ কৰিব নোৱাৰে ৷ মাষ্টৰনীক তেও শুনাই দিছিল তেওঁৰ শেষ সিদ্ধান্ত ৷৷

দিগন্তই হয়তো কথাটো বুজিছিল ৷ দেউতাকক সিয়েই প্ৰস্তাৱ দিলে যে সি ল’ন লৈয়েই পঢ়িব ৷ তাৰ কাৰনে সাঁচি ৰখা টকাখিনি বায়েকৰ বিয়াতেই দেউতাকে খৰচ কৰক ৷৷ বায়েকৰ বিয়াখন ঠিকে ঠাকে হৈ যাওঁকচোন ৷ ৷ সি কিবা প্ৰকাৰে মেনেজ কৰিব ৷৷ তাতে ভিনিহিয়েকৰ কেইবাটাও বেংকৰ মেনেজাৰৰ লগত ভাল সম্পৰ্ক আছে ৷৷ একো নহ’লে সি এটা বছৰ ড্ৰপকে দিব ৷ তাত কোনো তাৰ আক্ষেপ নাই ৷ বায়েকৰ বিয়াখন মাথো হৈ গলেই হ’ল ৷৷ মাষ্টৰে একো ক’ব পৰা নাছিল পুতেকক ৷ মাথো নিৰ্বাক হৈ তললৈ মূৰ কৰি শুনি গৈছিল বুকুত শেলে বিন্ধা দি বিন্ধা দিগন্তৰ কথাবোৰ৷ মাষ্টৰে বুজিছিল পুতেকক বুজাব পৰাৰ শক্তি আৰু তেওঁৰ নাই আজি ৷৷ সেই কেই বছৰ মানৰ আগতে পূজাৰ দোকানত পুতলা গাড়ী দেখি লাগেই বুলি দাবী কৰি এৰাতি নুশুৱাকৈ থকা সৰু ল’ৰাটোৰ আজি ইমান আত্মবিশ্বাস, চকুত ইমান দৃঢ়তা, প্ৰত্যয় ৷৷

~~~~~~~~~~~~****~~~~~~~~~~~~~~~~~~~~

আজি জোনটিৰ বিয়া ৷৷ ৰভাতলীত মানুহৰ গিজগিজনি ৷ কাৰো গাত আজি আহৰি নাই ৷ ৰভাৰ এটা চুকত ছোৱালীৰ লগত দিব লগীয়া বস্তুবিলাক থৈ দিয়া আছে ৷ নতুন মডেলৰ টি ভি, গডৰেজ, ৱাশ্বিং মেছিন আদি সকলোৱেই আছে ৷৷ মানুহে চাই মেলি কথা পাতিছে, কোনোৱে মাষ্টৰ-মাষ্টৰনীক প্ৰশংসা কৰিছে ৷৷

কিন্তু মাষ্টৰ যেন সুখী হ’ব পৰা নাই ৷৷৷ এই কেইদিনতে ঘোষিত হ’বলগীয়া মেডিকেলৰ এনট্ৰেন্স পৰীক্ষাৰ ৰিজাল্টৰ কথা ভাবিলেই তেওঁৰ মনলৈ এটা অপৰাধ মূলক মনোভাব আহি যায় ৷৷ মনত ভয় ভাব – ছোৱালীক যৌতুক দিওঁতে তেও দিগন্তৰ ভৱিষ্যত তোকেই জলাঞ্জলি দিয়া নাইতো !!!!  যদি দিগন্তই অৰ্থৰ অভাৱত এই বছৰ পঢ়িব নোৱাৰে তেও তেন্তে নিজকে কেতিয়াও ক্ষমা নকৰিব ৷ নাই কেতিয়াও তেও ক্ষমা কৰিব নোৱাৰিব ৷৷


Wednesday, July 31, 2013

অসহায়


সৰুৰেপৰা সঙ্গীতৰ প্ৰতি তাৰ এটা টান আছিল ৷ দেউতাকে ভাল ভায়লিন বজাইছিল ৷ নামকৰা শিল্পী আছিল ৷ দেউতাকে যেতিয়া ভায়লিন বজাইছিল সি দেউতাকৰ কাষতে বহি আপোন পাহৰা হৈ শুনি থাকিছিল ৷ সপোন দেখিছিল এদিন সিও দেউতাকৰ দৰে ভায়লিন বজাব৷ অজস্ৰ গুনমুগ্ধই হাত চাপৰিৰে তাক উৎসাহ দিব৷

অলপ ডাঙৰ হৈ ভালদৰে ভায়লিন খন ধৰিব পৰা হোৱাত এদিন সিয়ো দেউতাকৰ আঙুলিত ধৰি ধৰি ভায়লিন শিকিবলৈ ল’লে ৷ ভোক পিয়াহ সকলো নাইকিয়া হৈ গল তাৰ ৷ ঘন্টা ঘন্টা ধৰি সদায়েই সি ভায়লিন বজাবলৈ ল’লে৷৷ লাহে লাহে তাৰ হাত পাকৈত হৈ পৰিল৷ মানুহে কোৱা হৈছিল বাপেকৰ নিচিনাকৈয়ে সি ভাল বজায় বুলি ৷

এতিয়া সি এজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভায়লিন বাদক৷ দিল্লীত অনুষ্ঠিত প্ৰতিযোগীতাত তাৰ ভায়লিন বাদনে যথেষ্ট প্ৰশংসা বুটলিছিল৷ কেইবাজনো সংগীতজ্ঞই তাক এই সাধনা জাৰি ৰাখিবলৈ পৰামৰ্শ দিছিল ৷

পঢ়াত বেয়া নাছিল সি ৷ আই আই এম ত চিট পাইছিল ৷ ঘৰত সকলো সুখী হৈছিল৷ অত দিনে অভাৱ অনাটনে আগুৰি থকা ঘৰখনলৈ তাৰ ৰিজাল্টে আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল৷ কিন্তু সি নাজানিছিল সি নিজে সুখী হৈছিল নে নাই ৷ তাৰ মন আছিল ভায়লিনৰ এটা ক’ৰ্চ লোৱাতহে ৷ কিন্তু উপযুক্ত প্ৰাপ্যৰপৰা সদায়েই বঞ্চিত হোৱা তাৰ মৰমৰ কেইবাজনো শিল্পীৰ জীৱনৰ শেষলৈ হোৱা দুৰাৱস্থা দেখি সি পঢ়িবলৈ যোৱাৰ সিদ্ধান্তকেই লৈছিল৷ স্বয়ং দেউতাকেই তাক পঢ়িবলৈ যাবলৈ কৈছিল ৷ নিজৰ জীৱনৰ অভিজ্ঞতাৰপৰাই তেও ঠিকেই বুজিছিল যে ভায়লিনৰ সুৰেৰে হাজাৰজন শ্ৰোতাৰ মন তেও ভৰাই তুলিব পাৰে, লৈ যাব পাৰে শ্ৰোতাক এখন বেলেগ জগতলৈ কিন্ত নোৱাৰে তেও দূৰ কৰিব মাথো পৰিয়ালটোৰ সাধাৰণ অভাৱ অভিযোগবোৰ ৷

ক্ষীণ আশা এটা তথাপিতো পুহি ৰাখিছিল সি ৷ কিন্তু কলেজলৈ অহাৰ পাছত ব্যস্ততাত হেৰাই গৈছিল আগতে ভায়লিন খনৰ লগত কটোৱা নিবিৰ মূহুৰ্ত্তবোৰ ৷ কেছ ষ্টাডি, এচাইনমেন্ট, ক্লাছৰ লগত যুজ দিওতে পাহৰি গৈছিল সি তাৰ মৰমৰ ভায়লিনখনৰ কথা ৷ পাহৰিবলৈ বাধ্য কৰাইছিল নিজকে সি ৷ এয়া যে প্ৰতিযোগীতাৰ যুগ৷ লাহে লাহে ভায়লিন খনত ধুলিৰ প্ৰলেপ পৰিবলৈ আৰম্ভ কৰিছিল ৷

আজি বহু দিন হ’ল কোঠাৰ চোকতেই পৰি আছে ভায়লিনখন৷ আজি তাৰ আৰু ভায়লিনখনৰ মাজত থকা আগৰ সেই মধুৰ সম্পৰ্ক নাই ৷ আৰু ৬ মাহৰ পাছত হয়তো বহুজাতিক কোম্পানীৰ লাখটকীয়া দৰমহাই কাঢ়ি লৈ যাব আজি চিগো নিচিগোকৈ থকা বাকী থকা সম্পৰ্কও৷ সৰুতে দেখা সেই সপোনবিলাক য’ত দেউতাকৰ নিচিনাকৈ সিয়ো ভায়লিন বজাইছে, বজোৱাৰ শেষত হাততালিৰ গুন্জনত হ’ল মুখৰিত হৈ পৰিছে আদি যেন তাৰপৰা ক্ৰমান্বয়ে দূৰলৈ আতৰি গৈছে--

নিজকে বৰ অসহায় বোধ কৰিলে – সজাত বন্দী বনৰ পখীটিয়েও চাগৈ মুকলি আকাশত উৰিবলৈ নোপোৱাৰ বেদনাত চাগে এনেকৈয়ে অনুভৱ কৰে --

Tuesday, July 30, 2013

ৰ’দ নিদিয়া আৰু বৰষুণ নপৰা মানুহ

ৰাতিপুৱা ৪ বাজিবৰ হ’ল৷ এতিয়াও এচাইনমেন্ট টো শেষ হোৱা নাই ৷ আজিও সূৰ্য্যোদয় হোৱাৰ আগত শুব পৰাৰ আশা একেবাৰে কম ৷ এতিয়াও ৰুমত গ্ৰুপৰ লগৰকেইটাৰ ব্ৰেইন ষ্টৰমিং চলিয়েই আছে৷

দুৱাৰখন খুলি বেলকনিলৈ ওলাই আহিলো৷ এচাতি চেচা বতাহে আহি মুখখন চুই গ’ল৷ যোৱা এটা বছৰত শেষৰাতিৰ এই বতাহজাক যেন মোৰ অতি চিনাকী হৈ পৰিছে ৷ বতাহজাকেও যেন বুজি পায় আমাৰ কথা ৷ গা-মন সতেজ কৰি তোলা এই বতাহজাকে উদ্যম ঘুৰাই অনাত কেতিয়াও বিফল নহয় ৷ মা'ৰ ৰাতিপুৱাৰ চাহটুপিৰ দৰেই কাম কৰে বতাহজাকে ৷

যোৱা এটা বছৰত কিমান যে পৰিৱৰ্ত্তন আহিছে জীৱনলৈ ৷ যেতিয়া আন মানুহ শোৱাপাটীৰপৰা উঠে সিহঁত শুবলৈ যায় ৷ ৪-৫ ঘন্টাৰ টোপনী মাৰি কৰ্কশ এলাৰ্মৰ শব্দত সাৰ পাই উঠি দৌৰ মাৰে পুনৰ ক্লাছলৈ ৷ ব্ৰেকফাষ্ট কৰাই নহয় প্ৰায়েই ৷ প্ৰথম আহোতে খুবেই কষ্টকৰ হৈছিল কিন্তু এতিয়া এইবিলাক সাধাৰণ হৈ পৰিছে ৷ কৰিব লাগিব এয়াই৷ বিকল্পটো নাই আমাৰ হাতত ৷

হঠাৎ সৰুতে পঢ়া গাত ৰ’দ নিদিয়া আৰু বৰষুণ নপৰা মানুহজনৰ সাধুটো মনলৈ আহি গ’ল৷ মনত পেলাবলৈ চেষ্টা কৰি থাকিলো সাধুটোৰ কথা ৷ এলেহুৱা ৰাজকুমাৰৰ স্হান আছেনে বাৰু আজিৰ যুগত? আছে কিয় নাথাকিব!! নহ'লে আমাৰ ৰাহুল বাবাই আজি ইমান ফটফটাই থাকিব নোৱাৰিলে হেতেন হয়৷ কিন্তু মইতো তেও নহয়৷ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই৷ আজি মই গাত ৰদ নিদিয়া আৰু বৰষুণ নপৰা মানুহজন হ’বই লাগিব ৷ ইয়াৰ কোনো বিকল্প নাই

“ঐ লাগি ধৰিলি যে বাহিৰত গৈ ৷ সোনকালে আহ পি পি টি বনাই চাবমিট কৰিব লাগে ৷ ডেদলাইন আছে ৬ বজাত”  ৰুমৰ ভিতৰৰপৰা ভাহি আহিল লগৰটোৰ মাত – আহ কি যে অনুভৱ এই ডেদলাইনৰো ৷ সকলোৱে ডেদলাইনৰ পাছে পাছে দৌৰে ৷ সকলোৱে কয় ইয়াত- “deadlines are sacrosanct”

এটা দীঘল নিশ্বাস এৰি ৰুমৰ ভিতৰলৈ সোমাই আহিলো –
মনে মনে আওৰালেো ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাটো –

“The woods are lovely, dark, and deep,
But I have promises to keep,
And miles to go before I sleep,
And miles to go before I sleep”

লেপটপটো খুলি বহি পৰিলো বাকী থকা কামখিনি শেষ কৰাৰ উদ্দেশ্যৰে ৷ মনত পৰিল আকৌ ৰ'দ নিদিয়া আৰু বৰষুণ নপৰা মানুহজনৰ কথা !!!!

Tuesday, July 9, 2013

জীৱন

কিয় বাৰু ভাব হয় আজিকালি জীৱনটো যেন শূণ্যতাৰে ভৰা
মনতচোন  নপৰে মোৰ কাহানিও আগতে এনে অনুভৱ কৰা
পাহৰিয়েই পেলাইছো দেখোন সেই কথাবোৰ হাঁহিব পৰা
আজি মোৰ বাবে সেয়া ঢুকি নোপাৱা দুৰ আকাশৰ তৰা ৷৷

দিক-বিদিক চলাথ কৰিলো বিধিৰ বিপাকত পৰি
তথাপিও নাপালো সফলতা ক’তো মই বিচাৰি
ভাগৰুৱা আজি মই আনক অনুসৰণ কৰি
চাৰখাৰ কৰিলে নিষ্ঠুৰ জীৱনে মোৰ মনৰ পাপৰি ৷৷

বিচাৰি ফুৰিছো জীৱনত কি মই নিজেই পোৱা নাই বুজি
ভৱিষ্যতৰ পথো দেখোন হৈ পৰিছে অন্ধকাৰময় আজি
তথাপি জীৱনৰ সোঁতত নিজকে উটুৱাবলৈ নহও কেতিয়াও মই ৰাজী
গঢ়িম মই নিজেই জীৱনৰ পথ লগালো আজি তাৰ বাজী ৷৷

Sunday, July 7, 2013

সহায়

১)

“দাদা পাৰিলে মানে অলপ পা-পইছা দি সহায় কৰক। আমি বৰ দুখীয়া ঘৰৰ ল’ৰা। এইবেলি বানে খেতিটো মাৰিলে। ঘৰটোৱো উটোৱাই নিলে। আপোনালোকে সহায় নকৰিলে আমি অথাই-সাগৰত পৰি মৰিম।“

ল’ৰাটোৰ চকুৰ কৰুণ চাৱনিটো আৰু মই চাই থাকিব নোৱাৰিলো। ইমান এখন নিমাখিত মুখ অথচ কি এক দুর্যোগ মূৰৰ ওপৰত লৈ এই অকনমানি ল’ৰাটি সহায় বিচাৰি মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে।

মনটো বেয়া লাগি গ’ল। সুধিলো পঢ়া শুনা কৰে নে নাই।

“এইবাৰ মেট্ৰিক দিম। পাছে বান আহোতে কিতাপ পত্ৰ সকলো পানীত তল গ’ল। এতিয়া কিতাপ পত্ৰ কিনিবলৈও পা-পইছা নাই। পাৰিলে আপুনিয়ে অলপ সহায় কৰক আৰু দাদা। আপোনালোকৰ সহায় নাপালে মোৰ পঢ়া নহব আৰু!!“

মনতে ভাবিলো পা-পইছা অলপ দিবপৰা হ’লে ভাল আছিল কিন্তু যিহে দিন চলিছে নিজৰেই লালবাটি জ্বলিছে। হঠাৎ মনলৈ আহিল মই দেখোন ল’ৰাটোক কিতাপ-পত্ৰ দিয়ে সহায় কৰিব পাৰো। এনেও এইবাৰ ভনীজনীয়ে মেট্ৰিক পৰীক্ষা দি উঠিছে। তাইৰ পঢ়া কিতাপবিলাক ঘৰতেই আছে। ল’ৰাটোক তাকেই দিব পৰা যাব। কথাটো ভাবি মনটো ভাল লাগি গ’ল।

ল’ৰাটোক ওচৰলৈ মাতি আনি ক’লো যে পইছা পাতি দিবলৈ মোৰ ইমান এটা সামর্থ্য নাই কিন্তু তাৰ পঢ়াৰ কাৰণে যি কিতাপ-পত্ৰ লাগে তাৰ কিছু পৰিমাণে যোগাৰ দিব পাৰো।

তৎমূহুর্ততে ল’ৰাটোৰ মুখখন ম্লান পৰি গ’ল। অকনমান দেৰিৰ আগলৈকে কিতাপ-পত্ৰ কিনিবলৈ পইছা বিছৰা ল’ৰাটিক কিতাপেই দিবলৈ ওলোৱাত মুখখন যিহে কেঁহৰাজ বটাটোৰ নিচিনা কৰিলে তাতেই গম পালো তাৰ উদ্দেশ্যৰ কথা। কিতাপ নিবলৈ পাছত আকৌ এদিন আহিম বুলি কৈ ততালিকে ল’ৰাটি মোৰ চকুৰ আতৰ হ’ল। ল’ৰাজনে একো মুখ ফুটাই নকলে যদিও মই সকলো বুজি পালো।

২)

মানুহগৰাকী আহি চোতালতে থিয় হৈ মাত দি আছিল। কোচত কেঁচুৱা এটা।

মই ওলাই যোৱাত কিবা এটা দি সহায় কৰাৰ কথা কলে। গম পালো মগনীয়াই হ’ব। হাতত এটা মোনা লৈ ফুৰিছে। বয়সে কিজানি ত্ৰিশ চোৱাই নাই এনে লাগিল। ইমান কম বয়সতে মাগি ফুৰা দেখি অলপ আচৰিতেই হ’লো।

ভিতৰলৈ আহি মাক কথাটো কোৱাত মা ওলাই গ’ল চাউল এবাটি লৈ। এইবাৰ মাক আচৰিত কৰি মানুহগৰাকীয়ে ক’লে যে চাউল হেনো তেওক নালাগে। পাৰিলে পা-পইছা দিয়েই সহায় কৰিবলৈ কলে।

মাৰ খং উঠি আহিল। সুধিলে ইমান কম বয়সতে যে ঘৰে ঘৰে মাগি ফুৰিছে তেও কি কাম বন কৰিব নোৱাৰে নেকি?

উত্তৰ আহিল। কলে যে তেও ভুই ৰোৱা, ধান দোৱা, চাউল জৰা আদি সকলো কামেই জানে। আগতে গাৱত ঘৰে ঘৰে সেইবিলাক কাম কৰিয়েই দুপইচা আর্জিছিল। পাছে তেওলোকৰ গাৱৰফালে হেনো বান অহাৰ পাছত কাম কৰিবলৈ নোহোৱা হ’ল । সেয়েহে এতিয়া উপায় নাইকিয়া হৈহে ঘৰে ঘৰে তেও হেনো মাগি ফুৰিবলগীয়া হৈছে।

কথা শুনি মায়ে চোতালত থকা বস্তাটোলৈ আঙুলিয়াই ক’লে “কাম জান যেতিয়া চাউলখিনিকে তেতিয়াহলে জাৰি থৈ যা। দিনৰ ভাতসাজো খাবি আৰু কাম শেষ হ’লে পাৰিশ্ৰমিকো লৈ যাবি। লাগি থাকিলে মাগি খাব নালাগে।“

মায়ে কথাষাৰ কবলৈহে পালে মানুহগৰাকী ভোৰভোৰাই উঠিল “ পইছা দিবলৈ মন নাই যদি কৈ দিব লাগে আকৌ। এই কাম আকৌ কিয় কৰোৱাব লাগে” উচাৎ মাৰি মানুহগৰাকী লগে লগেই গুচি গল। 

মা আৰু মই তাতেই তধা লাগিলো।।

Saturday, July 6, 2013

লাইফ বনাব লাগে

কিমান আৰু পঢ়িম??? সেই তাহানিৰেপৰা একেষাৰ কথাকে শুনি আহিছো।

এইবাৰ ভালকৈ পঢ়ি ল। এইটো পৰীক্ষা পাছ কৰিলে আৰু চিন্তা নাই একেবাৰে লাইফ বনি যাব।
মেট্ৰিক’ৰ আগতে মা দেউতাই তেনেকৈয়ে কৈছিল। ভালকৈ পাছো কৰিলো। ভাল চাই কলেজ এখনত এডমিছনো ল’লো। কিন্তু ক’তা লাইফ দেখোন একেই থাকিল, ক’তো একো সলনি হোৱা নেদেখিলো। মা দেউতাই কোৱামতে দেখোন মোৰ লাইফটো বনি নগল। কৰবাত বাৰু কেনা থাকি গ’ল নেকি। সঁচাকথা কবলৈ গলে তেতিয়া আগতকৈ পঢ়াৰ কাৰণে প্ৰেছাৰ বাঢ়িলহে। এইবাৰ আকৌ উপদেশবাণী আহিল যে সেই সময় হেনো কেৰিয়াৰ বনোৱাৰ সময়। মেট্ৰিক পাছ কৰাৰ পাছত এই দুইবছৰতেই কেৰিয়াৰৰ দিশ নির্ণয় হয়। কেনেবাকৈ ভালকৈ পঢ়া-শুনা কৰি ডাক্তৰ-ইঞ্জিনিয়াৰিংৰ লাইন ধৰিব পাৰিলে আৰু কোনো কথা নাই। লাইফ বনি যাব। গতিকে শেষবাৰৰ কাৰণে ভালকৈ পঢ়ি লও বুলি  এইচ চি বার্মা, ইৰদভ পঢ়িবলৈ ল’লো। বর্ডৰ পৰীক্ষাৰ লগতে এন্ট্ৰেন্স পৰীক্ষা বিলাকৰ কাৰণেও নিজকে সাজু কৰিলো।
 
  কষ্টৰ ফলো নোপোৱাকৈ নাথাকিলো। এন আই টি ত চিটো পালো। ভাবিলো ইঞ্জিনিয়াৰ বনি গলো যেতিয়া এতিয়া আৰু মোক কোনে পায়। এতিয়া মই উঠি ৰজা বহি ৰজা। লাইফ বনি গ’ল। কলেজত এবাৰ সোমালো যেতিয়া ইঞ্জিনিয়াৰ হৈয়ে ওলাম। তাৰ পাছৰ লাইফ কেনে মজা হ’ব আৰু। পাছে স্বপ্ন ভংগ হবলৈ বেছি দেৰি নালাগিল। যেতিয়া প্ৰথমটো ক্লাছ টেষ্টত নিজৰ নম্বৰবিলাক দেখিলো আৰু ছিনিয়ৰে মোৰ নম্বৰ চাই সাৱধান বাণী শুনালে গম পালো মানে আগৰ সেই মাৰাথনৰ শেষ পইন্ট টো মই পোৱাহিয়েই নাই। এতিয়াও মই শেষ পইন্ট পাবলৈ বহু যোজন বাট। ভালকৈ চাই দেখিলো চাৰিওফালে দেখোন সকলোৱে কেৱল প্ৰতিযোগিতাত নামিছে। সকলোবোৰ  লাগি আছে নিজকে প্ৰতিষ্ঠা কৰাত। বাকীবোৰে যেতিয়া লাগি আছে মই কিয় পাছ পৰি থাকিম।

   আকৌ আৰম্ভ কৰিলো আধা হৈ ৰোৱা মাৰাথন। চাৰি বছৰৰ মূৰত ডিগ্ৰী পালো, সফলতাৰে ইঞ্জিনিয়াৰ হৈ ওলাই আহিলো। কেম্পাছ প্লেছমেন্টত এটা চাকৰি পাইছিলো। এতিয়া ভাবিলো চাকৰি হৈ গ’ল যেতিয়া লাইফ পুৰা বনি গ’ল। এতিয়া আৰু কষ্ট কৰিব নালাগে। সেই হিছাপত লাইফ বনি যাব লাগিছিল। কিন্তু নবনিল- কৰবাত কিবা কেনা আকৌ লাগিল বোধহয়। জীৱনলৈ একো পৰিৱর্ত্তন নাহিল। চাকৰিত জইন কৰাৰ দুদিন পাছতেই গম পালো যে এইবিধ দেখোন পঢ়া-শুনাতকৈয়ো বেছি কামোৰ। কেৱল কাম কাম আৰু কাম। জীৱনৰ অর্থই যেন নাইকিয়া হৈ গ’ল। গম পালো দেখিবলৈ,শুনিবলৈ ভাল বুলি কলে কি হ’ব এই চাকৰি বোলা বস্তুটোৱে দেখোন জীৱনৰ আনন্দ নাইকিয়া কৰাত একেবাৰে অনুঘটকৰ দৰে কাম কৰে। নাই এইদৰে নচলিব। লাইফটো বনাবলৈ ইমানদূৰ আহিলো যেতিয়া এতিয়া এৰি দিয়াত নাই।

আকৌ লাইফ বনোৱাৰ কিবা উপাই আছেনেকি বিছাৰিবলৈ ধৰিলো। অলপ অধ্যয়ন কৰি গম পালো আজিকালি সাধাৰণ ইঞ্জিনিয়াৰিংৰ ডিগ্ৰীৰে লাইফ বনাব নোৱাৰি। কেনেবাকৈ যদি উচ্চ শিক্ষা ল’ব পাৰো তেতিয়াও লাইফ বনি যোৱাৰ আশা আছে। সিদ্ধান্ত কৰিলো মাষ্টাৰ ডিগ্ৰী লম। গম  পালো যে আই আই এমৰ পৰা এম বি এ কৰিলে হেনো ভাল চাকৰি পায়। লাইফ বনি যাব তেতিয়া। শুনি ভাল পালো। হওক তেও লাইফটো বনি যোৱাৰ আশাৰ বন্তিকন যে নুমাই যোৱা নাই। আৰম্ভ কৰিলো আকৌ আই আই এমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে পঢ়া। দিনত চাকৰি আৰু বাকী সময়ত পৰীক্ষাৰ কাৰনে পঢ়া। লাইফ’ত আনন্দ কৰাৰ আশা আকৌ বাদ দিলো এটা বছৰৰ কাৰণে।

  পৰীক্ষা দিলো আৰু চিটো পালো। এইবাৰ সকলোৱে ক’লে একেবাৰে জেগাত আহি পৰিছোহি হেনো মই। মোৰ লাইফ বনি গ’ল আৰু।  কৰিবলৈ একো নাই মোৰ। দুটা বছৰৰ পাছত হেনো মই ৰজাৰদৰে জীৱন কটাব পাৰিম। মনতো একেবাৰে ফুলি উঠিল। সপোনেই হওক বাৰু কিন্তু ইমানদিনে ভাবি অহাৰ দৰে লাইফটো বনি যোৱাৰ সপোন যে আকৌ দেখিবলৈ পৰা হৈছো। কিন্তু কলেজলৈ অহাৰ পাছতেই গম পালো যে ইয়াত সোমাবলৈ যিমান টান তাতোতকৈ বহুগুণে টান দেখোন ইয়াৰপৰা ওলাই যাবলৈ। আগতে আই আই এমত সোমোৱাৰ সপোন দেখিছিলো এতিয়া আই আই এমৰপৰা ওলোৱাৰ সপোন দেখা হ’লো। আগতকৈ যেন মাৰাথানৰ চোকটো বাঢ়িলহে । দিনৰ দিনটো কেছ স্টাদি, এছাইনমেন্ট, পি পি টি আদিতেই ব্যস্ত থাকো। ভূতৰ ওপৰত দানৱ পৰাদি ক্লাছটেষ্ট, কুইজ আদি উপসর্গবিলাকটো মূৰৰ কামোৰণি হৈ আহিবলে অনবৰতে সাজু হৈ থাকেই।

  গম পালো মোৰ লাইফটো মই সেই তাহানিতে ভবাৰ নিচিনাকৈ আই আই এমটো বনি নুঠিল। এতিয়া আশাৰে ডিগ্ৰীটো লোৱালৈ বাট চাও। মনতে ক্ষীণ আশা এটা পুহি ৰাখিছো কিজানি তেতিয়া লাইফটো বনি যায়। কিন্তু এই ছিনিয়ৰবিলাকে দেখোন বেলেগ কিবা কথাহে কয়।  ছিনিয়ৰৰ পৰামর্শ মতে এই দুই বছৰতেই হেনো যিমান মৌজ-মস্তি কৰিব পাৰি সকলো কৰি লব লাগে তাৰ পাছত হেনো কামৰ বাহিৰে কৰিবলৈ একোৱে নাথাকে লাইফটোত। মই দেখোন এতিয়াৰ অৱস্হাটোকে বেয়া দেখিছো আৰু ছিনিয়ৰে কয় আহিব লগীয়া দিনবিলাক হেনো ইয়াতকৈয়ো বেছি নিৰস। মানে মোৰ লাইফটো নবনিবই নেকি বাৰু কাহানিও মই ভবাৰদৰে??

এতিয়া মাজে মাজে ভাবো তাহানিৰে পৰা যে শুনি আহিছো এই লাইফ বনি যোৱাৰ কথা এইটো বাৰু সঁচা নে মৰীচিকা ??? এই লাইফ বনোৱাৰ চক্কৰটোত ফচি দেখিছো মোৰ জীৱনৰ লাভ-লোকচানৰ সমীকৰণটোত দেখোন মই বৰ বেয়াকৈয়ে ঘাটি খালো। এতিয়াৰপৰা আৰু লাইফ বনোৱাৰ চিন্তা নকৰো। বৰ ঠগ খালো দেই !!! আজি ভাবিছো যে এতিয়াৰপৰা লাইফ বনোৱাতকৈ লাইফ এন্জয় কৰাতহে গুৰুত্ত্ব দিম। হ’ল আৰু বহুত!!! ইমান চেষ্টাৰ পাছতো যেতিয়া লাইফ বিছৰামতে নবনেই লাইফটো উপভোগ কৰাই ভাল। যলৈ যেনেকৈ ই গৈ থাকে গৈ থাকক নিজে নিজেই মই আৰু চিন্তা কৰি মূৰ ঘমাই নাথাকো।।



(এতিয়া আকৌ লগৰ কেইটামানৰ  চিভিল ছার্ভিছৰ পৰীক্ষাত সফলতা দেখি মাজে মাজে ভাবো কেনেবাকৈ আই এ এচ হৈ যাব পাৰিলেও লাইফ বনি যাব। কিন্তু ৰিক্স কিয় লও বাৰু? ইমানদিনে ফাঁকি খাই আহিছো এতিয়াও যদি একেটাকে হয়।) 

কেৰিয়াৰ বনাম ঘৰ

কেৰিয়াৰ গঢ়িবলৈ আহিলো ওলাই এদিন চেনেহৰ ঘৰখন এৰি
কেৰিয়াৰ আজি মৰীচিকা হ’ল নোপোৱা হ'লো ক’তো বিচাৰি।

ট্ৰেইন বগালো, বাছ বগালো দেখিলো নিতৌ ন-ন ঠাই
তথাপি আপোন ঘৰখনহে লাগে  বিকল্প দেখোন ক'তো নাই।

ফ্লেট’ত থাকো আকাশলংঘী অট্ৰালিকাত দেখিবলৈ ভাল লগা
আজিলৈকে পাছে ওচৰ চুবুৰীয়াৰ মুখখনেই মই নাই দেখা।

দিনটোৰ শেষত ভাগৰুৱা দেহ লৈ যেতিয়া ঘৰলৈ আহো
মাৰ এষাৰ মৰমৰ মাতৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰো।

বিৰিয়ানি পিজ্জা কিমান আৰু খাম দেখিলেই আমনি লাগে
অতদিনে অনাদৃত পইতা ভাতমুঠি আজি অমৃত দুর্লভ হৈ পৰে।

বিহুৱে-পার্বণে লগৰ ল’ৰা যেতিয়া ঘৰলৈ যায়
মনটোক মই কেনেকৈ বুজাও কেৰিয়াৰ যে ইম্পৰটেন্ট ভাই।

ঘৰৰ ল’ৰাই আলহী হৈ পৰিলো বাহিৰত থকাৰে পৰা
বিয়া সকামতো মোৰ প্ৰয়োজন নাই, যেন আকাশৰ নিষ্প্ৰভ তৰা।

সেউজীয়া পথাৰ,শীতৰ কুঁৱলীয়ে আজি বাৰুকৈয়ে আমনি কৰে
আকৌ এবাৰ সেয়া দেখা পোৱাৰ আশাই মোক অতি ব্যাকুল কৰি তোলে।

কেৰিয়াৰ - ই যে মায়া লগা মোহ কেনেকৈ ইয়াক এৰো
চেনেহৰ ঘৰখনলৈ ঘুৰি যোৱাৰ সপোন দিঠক হওক মোৰ তাকেই প্ৰার্থনা কৰো।