Monday, May 4, 2015

আগতে প্ৰেম কৰা নাই – প্ৰেম চাগে এনেকুৱাই

  আগতে প্ৰেম কৰা নাই – প্ৰেম চাগে এনেকুৱাই

কালি ভন্টিয়ে ক’লে বুদ্ধ পূৰ্ণিমা ৰাতি গাৰু তলত গোলাপ ফুল লৈ শুলে ৰাতি হেনো জীৱন লগৰীক দেখা পায় – সেইমতে ভন্টিয়ে কোৱামতে সন্ধিয়া বজাৰলৈ গৈ গোলাপ ফুল এপাহ কিনি আনি গাৰুৰ তলত থৈ শুৱাৰ প্লেন বনালোঁ -বুলু আজি দেখিমেই দেখিম সন্ধিয়া মাৰ্কেটলৈ গৈ ১০ টকা দি তেজ ৰঙা গোলাপ ফুল এপাহ কিনি আনিলোঁ – এই যেন বেজীৰে ফুটাই দিলে পাহীৰপৰা তেজ বিৰিঙি আহিব  -- গোলাপফুল পাহ দেখিয়েই মনটো পুৰা ৰোমাণ্টিক ৰোমাণ্টিক হৈ গল দেই -- আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই


ভবা মতে প্লেন – গধূলিতে ভাত পানী বনাই খাই মেলি ৰেডি। ফেচবুক, ৱাটছএপো বন্ধ কৰি থলো ৯ তা বজাতে – শুৱাৰ আগতে ভালকে ড’ভ চাবোন আৰু গাৰ্নিয়াৰ চেম্পুৰে গা-মূৰ ভালকে ঘঁহি ঘঁহি ধুলো – তাৰ পাছত গোতেই গাতে পুৰা ডিঅ মাৰি ফ্ৰেছ ফ্ৰেছ হৈ ল’লো – আনকালে ১২ তাৰ বজাৰ পাচত শু- কালি ১১ তাতে শুলো – পূৰ্ণিমাৰ ৰাতি – ৰোমান্টিক লাগক বুলিয়েই ৰুমৰ খিৰিকি কেইখন খুলি দিলোঁ – জোনাক এজোৰাই ৰুমটোলৈ সোমাই আহি পুৰা পোহৰাই দিলে – কেনে মজ্জা আৰু -- এনে লাগিছিল – আজি মত্যৰ কোনোবা নাহিলে স্বৰ্গৰপৰা বাপ্পেকে অপ্সৰা এজনী হলেও নামি আহিব সপোনত –


 বাহিৰৰ জোনাকভৰা আকাশ আৰু জোনটোলে চাই চায়ে টোপনী গ’লো -- চিলমিলকৈ টোপনীতো আহিছিল আৰু  -- ৰুমটোলৈ যেন কোনোবা যেন আহিছে এনে লাগিল – বুকুৰ ধপধপনি বাঢ়ি গল দেই -- অলপ পাছত এনে লাগিল যেন মূৰৰ শিতানত বহি লৈ কানৰ কাষত যেন কোনোবাই কিবা কিবি কৈ আছে – কু কু কু  --এইবাৰহে এইবাৰ আৰু দেই -- প্ৰেমৰ ভাষা চাগে এনেকুৱাই – মই পাচে একো বুজা নাই -- চেহ মই পাছে বুজি নাপালে কি হ’ব এতিয়া – আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই

 অলপ পাছত এনে লাগিল যেন গা মুৰ গোতেইখন খজুৱাইছে  -ৱা এইটো কেনেকুৱা কথা – গোতেই গাতোতে যেন কিহবাই কামুৰিছে – বিহুগীত বিলাকত যে মৰম সনা কথা কয় এয়াই নি বাৰু ?? – হ’ব পাৰে - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই –


 ভাবিলোঁ অলপ পাছত চাগে – এই কু কু বাৰ্ত্তালাপ, প্ৰেমৰ খজুৱটীবোৰ আতৰিব – তাৰ ঠাইত ধুনীয়া মূখ এখনি আহি সপোনত দেখা দিব, হিয়া শাঁত পেলাই দিব – আগ্ৰহেৰে বাট চাই ৰ’লো সেই ক্ষণটোলৈ- কি হ’ব পাৰে মই নাজানোঁ - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই

এক ঘন্টামান সময় অপেক্ষা কৰিলোঁ কিজানি - নাই ইমান আগ্ৰহেৰে বাট চোৱাৰ পাছতো তেনে ক্ষন অহাৰ একো উম ঘাম নাপালোঁ – বৰঞ্চ কু কু ৱনি আৰু খজুৱতীবোৰ বাঢ়িলহে - আগ্ৰহ লাহে লাহে তিক্ততালৈ পৰিৱৰ্ত্তন হ’ল –

  শেষত ধৈৰ্য্যৰ সীমা চিগিল মোৰ – লাইট অন কৰি ঘড়ীটো চালো – ১২ বাজি ০৫ মিনিট – শোৱা এক ঘন্টায়ো হোৱা নাই – আৰু ৰুমত এয়া কি - গোতেই ৰুমটোতে দেখোন মহৰ দপদপনি  -- আনকালে ৰুমৰ দুৱাৰ খিৰিকি খুলি নোশোঁও মই – আজি সপোনৰ ৰাজকুমাৰীক চাবলৈ গৈ দুৱাৰ খিৰিকী খুলিবলৈ গৈ এনে অৱস্থা – নিজৰ ওপৰতে খং উঠিল – কিহৰ উকে খাইছিল বাৰু খিৰিকী কেইখন খুলিবলৈ – ভৰি হাতৰ চিটচিটনীয়ে খংতো দুগুনে বঢ়াই তুলিলে --

 গাৰুতো দাঙি গোলাপ পাহ চালোঁ – সন্ধিয়াৰ তেজৰঙা ফ্ৰেছ গোলাপ ফুল পাহ দেখোন চেপেটা হ’ল – পাহিবোৰো গাৰুৰ ভৰত চিগি ফান ফান হ’ল – গোলাপ পাহ দেখি মোৰ মনটো মৰহি গ’ল –
গোলাপ ফুল পাহ দাঙি ৰুমৰ দাষ্টবিনটোত দলিয়াই দিলোঁ – মনটো কিবা শোকে খুন্দা মাৰি ধৰিলে –
কিহৰ শোক ধৰিব নোৱাৰিলোঁ – প্ৰেমৰো নেকি বাৰু??? -- হ’ব পাৰে - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই --


  উঠি গৈ অল আউটৰ ছুইটছটো অন কৰি দিলোঁ -মহৰ কামোৰৰ চিটচিটনি তেতিয়াও মাৰ যোৱা নাই দেই --

Tuesday, September 2, 2014

ডি প্ৰবেবিলিটি আৱ মেকিং এ ৰাওন্দ ৰুটি

আই আই এমৰ প্ৰথম ক্লাচ – ৰাতিপুৱাই মেচত ইডলি-বড়া নাকে কাণে গুজি ক্লাছলৈ দৌৰ দিলোঁ –প্ৰথম দিনাই লেট হ’ব নোৱাৰি – তাতে শুনা মতে প্ৰফেচৰকেইজন যথেষ্ট ষ্ট্ৰিক – সময়মতে ক্লাছলৈ আহে –
পি জি পি অফিচে ঠিক কৰি দিয়া নিদিষ্ট আসনত বহি ক্লাছটোলৈ মন কৰিলোঁ- বেছিভাগেই অচিনাকি মুখ-
মুখত এটা মিঠা হাঁহি লৈ কিতাপৰ দমটোৰে সৈতে ছোৱালী এজনী আহি কাষৰ চিটটোত বহিলহি! অনুমান কৰিলোঁ মিনাক্ষীয়েই হ’ব, কালি নটিচ বৰ্ডত নাম দেখিছিলোঁৱেই ইতিমধ্যে-
ক্লাছ আৰম্ভ হ’বলৈ এতিয়াও আছে ৫ মিনিটমান – কথা পাতিবলৈ সেয়া অফুৰন্ত সময় -
ময়েই আৰম্ভ কৰিলোঁ কথাবাৰ্তা –
নিজৰ চিনাকিটো দি সুধিলোঁ - মিনাক্ষী ৰাইট??
হ্য় মিনাক্ষী, মুম্বাইৰপৰা!!
অ’হ৷ মই আকৌ তোমাক চেন্নাইৰ পৰা অহা বুলি ভাবিছিলোঁ – নামফলকত থকা মিনাক্ষীৰ উপাধি সুব্ৰমনিয়ান লৈ আঙুলিয়াই ক’লো মই৷
অ’হ৷ তামিলিয়ান কিন্তু মুম্বাইতে ডাঙৰ দীঘল হৈছোঁ - বহুতেই এই কথাটো সোধে মোক৷ এটা মিঠা হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠত৷ মনটো এনেই ভাল লাগি গ’ল- মাতটো মই ভৱাৰ দৰে টেংটেঙীয়া নহয় – মুম্বাই এফেক্ট চাগৈ-
বেয়া নহয় মনতে ভাবিলোঁ৷
অথচ কালি যেতিয়া আমাৰ ছেকছ’নৰ ল’ৰা -ছোৱালীৰ নামবিলাক নটিছ বৰ্ডত মাৰিছিল – দেখিলো মোৰ ৰোল নং ৮৯,চেকচন বি – নিজৰ নাম দেখাৰ পাছত প্ৰথম চকু মোৰ গৈছিল মোৰ কাষত কোন বহিব তাকে জানিবলৈ – দেখা পালো – ৰোল নম্বৰ ৮৮ – মোহন আনন্দ – “ তামিলিয়ানেই হ’ব চাগে – যোৱা দুটা বছৰৰ অভিজ্ঞতাৰে আজিকালি মানু্হৰ নামবিলাকৰপৰা মানুহজন ক’ৰ হয়, অনুমান কৰিব পৰা হৈছোগে” “যেনে উপাধিতো কাৰ,ৱাৰ,তাৰ আদিত শেষ হ’লে ধৰি লও মাৰাঠী হ’ব চাগে – উদাহৰণস্বৰূপে টেন্দুলকাৰ, গাভাস্কাৰ, সাৱাৰকাৰ, মংগেচকাৰ ইত্যাদি”৷ মনটো অলপ বেয়া লাগি গ’ল৷ এতিয়া মানে হিন্দীত কথা পতা বন্ধ মোৰ৷ এইবাৰ ৰোল নম্বৰ ৯০ লৈ চকু দিলোঁ৷ দেখিলোঁ - ৰোল নম্বৰ ৯০ মিনাক্ষী সুব্ৰমনিয়ান – হে হৰি! এইগৰাকীও দেখোন তামিলিয়ান
মনটো তেতিয়া পুৰাই বেয়া লাগি গ’ল – দুটা তামিলিয়ানৰ মাজত গোটেই ফাষ্ট ইয়েৰটো কটাব লাগিব – হিন্দীতো চাগৈ নকবই – তামিলত টেং টেংকৈ কথা পাতি থাকিব নিজৰ মাজত আৰু মই মাজতে চেনদুইচড৷ ৰাতিপুৱাই ৰুম পাওতে আহি দেখিছিলোঁ মোৰ ৰুমমেটটোও তামিলিয়ান৷ হিন্দী একোকে বুজি নাপায়৷ এতিয়া ক্লাছটো দুটা তামিলিয়ান – দূয়োকাষত - কি যে হ’ব আৰু দেই৷  ৰাতি ডিনাৰ কৰোঁতে অসমৰপৰাই অহা লগৰ ববিতা আৰু বহ্নিমানক সুধিলোঁ তাহাঁতৰ ছেকছন কি? ক’লে দুয়োটাৰে ছেকছন চি আৰু একেলগে দুয়োটা বহিব পাৰিব – মনটো বেয়া লাগি গ’ল – মোৰহে এনে হ’বলে পাইনে??
ৰাতি বিচনাত শুৱাৰ আগতেও তাকেই ভাবিলোঁ৷ এই মিনাক্ষী নামটো বৰ পুৰণিকলীয়া নিচিনা লাগিল – ভাবিলোঁ হ’ব চাগৈ একেবাৰে এজনী কনজাৰ্ভেটিভ পৰিয়ালৰ পৰা অহা ছোৱালী – কি যে বেড লাক৷ নিজকে নিজেই ক’লো ৷
মিনাক্ষীৰ কাষত প্ৰাপ্তি বহিব৷ দিল্লীৰ ছোৱালী – এচ আৰ চি চি ৰপৰা আহিছে৷ যোৱা ১ মাহে ফেচবুকত নতুন ক্লাছটোৰ কাৰণে খুলা গ্ৰুপটোত মাজে মাজে তাইক পষ্ট কৰা দেখিছিলোঁ৷ দেখনিয়াৰ ছোৱালী৷ দিল্লীৰ স্মাৰ্ট ছোৱালী টেগটো সুন্দৰকৈ বজাই ৰাখিছে৷ মনতে ভাবিলোঁ – ছেহ এই মিনাক্ষীজনী নহা হ’লে গোটেই ফাৰ্ষ্ট ইয়েৰটো তাই লগতেই বহিব পাৰিলোঁহেঁতেন - এনেবোৰ জল্পনা কল্পনা লৈয়ে টোপনি যাবলৈ চেষ্টা কৰিলোঁ - ফ’নত তেতিয়াও তামিলিয়ান ৰুমমেটে ঘৰৰ মানুহক দিনপঞ্জী শুনাই আছে- অনুমান কৰিলোঁ কেম্পাছৰ কথাই কৈছে চাগৈ,– আহিবলগীয়া দিনকেইটাৰ কথা ভাবিবলৈ আৰু সাহস নহ’ল -
আৰু আজি ক্লাছত মুখত এটা মিঠা হা্ঁহিৰে সৈতে এজনী বেলেগ মিনাক্ষী৷ কালি মই ভবা মিনাক্ষীতকৈ বহুতো বেলেগ৷ ক্লাছলৈ পৰিসংখ্যাৰ প্ৰফেচৰজন সুমাই আহিল৷ চি কে ৰাজু ৷ অভিজ্ঞতাৰে পুষ্ট এজন ৰসাল প্ৰফে চৰ ৷ছিনিয়ৰ বিলাকে তেওক ছপত্তি বাবা বুলি কয় – যিকোনো কথাৰ উদাহৰণ দিবলৈ ৰুতি বনোৱাৰ উদাহৰণ দিয়ে – আজিও ব্যতিক্ৰম নহ’ল – ক্লাছ আৰম্ভ হ’ল এটা প্ৰশ্নেৰে - প্ৰবেবিলিটি অফ মেকিং এ ৰাওন্দ ৰুতি ?? দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয়, বিবাহিত মহিলা, অবিবাহিত মহিলা, চাকৰি কৰা মহিলা আদিৰ চেম্পল লৈ ৰুতি বনোৱাক লৈ দীৰ্ঘ আলোচনা চলিল – ক্লাছত হাঁহিৰ ৰোল উঠিল –
দিল্লীৰপৰা অহা প্ৰথম শাৰীত বহা ল’ৰাজনে হাতখন দাঙি চাৰক সুধিলে – “ চাৰ, ফৰ এ নৰ্থ ইন্দিয়ান, ৱাট ইছ দি প্ৰবেবিলিটি অৱ লাইকিং ইডলি, ডোচা, চাম্বাৰ ??” – নামফলকখনলৈ চালোঁ – অনিৰুদ্ধ তাৰ নাম – হয়তো প্ৰথমবাৰলৈ আহিছে দক্ষিণ ভাৰতলৈ- মনত পৰিল আজি ৰাতিপুৱা ব্ৰেক-ফাষ্টত ইডলি-বড়া আছিল – বেচেৰালৈ সঁচাকৈয়ে বেয়া লাগিল-
গোটেই ক্লাছতে আকৌ হাঁহিৰ ৰোল উঠিল –
আচৰিত লাগিল – কি যে প্ৰশ্ন সুধিছে আৰু দেই -
প্ৰফেচৰৰ মাতত সম্বিত ঘুৰি আহিল –
  “ ০ – এটা ডাঙৰ শূন্য যদিহে তুমি হোষ্টেলৰ মেচত পোৱা ডোচা, ইডলিৰ কথা কৈছা” –
হাত তালিত গোটেই ক্লাছটো ৰজন জনাই গ’ল -
আনন্দ মোহনলৈ চালোঁ - ব্যস্ত নিজৰ জগতত – মই ভবাৰ দৰে মুঠেই নহয় – একদম ফ্ৰি আৰু হেল্পফুল ল’ৰা – মাজে মাজে গুনগুনাই গান গাইছে – কাৰনাটিক সংগীতত ৰাপ আছে, অথনি চিনাকি হওঁতে কৈছিল এই বিষয়ে- মই ভবাৰ নিচিনা মুঠেই নহয়, মনৰ ডাৱৰবিলাক আঁতৰিছে যেন লাহে লাহে - এইবাৰ মিনাক্ষীলৈ চালোঁ – একান্ত মনেৰে প্ৰফেচৰৰ কাহিনী শুনি গৈছে – মাজে মাজে নোটবুকখনত কিবা আক বাক কৰিছে – মাজে মাজে চকুত চকু পৰিলে হাঁহে – অনবৰতে ছোৱালীজনীৰ মুখত এটা মিঠা হাঁহি লাগি থাকে৷ আহ কি যে এক মিঠা হা্ঁহি – আজি ৰাতিপুৱা লগ কৰালৈকে এই কনজাৰ্ভেটিভ তামিলিয়ানৰ পৰা এনে হাঁহি পোৱাটো পৰ্বতত কাছ কণী বিচৰা সমান বুলিয়েই ভাবি আহিছিলোঁ – আৰু এতিয়া এই হা্ঁহি- যেন কিবা এটা আপোন আপোন কৰি ল’ব পৰা হাঁহি ৷ নিজকে সুধিলোঁ মই বাৰু প্ৰেমত পৰিলোঁ নেকি বাৰু ??? যদি সঁচাকৈয়ে পৰিলোঁ তেন্তে মিনাক্ষীৰ হাঁহিটোত নে? তাইৰ চকু জুৰিয়েও হাঁহেনেকি বাৰু?? আপুনা আপুনি চকু গ’ল তাইৰ ফালে – নাই নাচালে এইবাৰ মোৰ ফালে – তাই ব্যস্ত প্ৰফেচৰৰ নোটছ লিখাত, মাজে মাজে লিখি থাকোঁতে আগফালে হাওলি পৰা চুলিকেইডাল আঁতৰাই আকৌ ডুব গৈছে নোটছ লিখাত – মিনাক্ষীয়ে নোটছ লিখা দেখি যেন মোৰ সম্বিত ঘুৰি আহিল - ধেইত কি কথা বাৰু ভাবিছোঁ – আমি ল’ৰাবিলাকে অলপতে বহুত দূৰলৈকে ভাবি লওঁ –এইবাৰ ক্লাছত মন দিবলৈ চেষ্টা কৰিলোঁ – চপত্তি চাৰৰ আলোচনা এতিয়াও চলিয়েই আছে -“দি প্ৰবেবিলিটি আব মেকিং এ ৰাওন্দ ৰুটি ”
কিন্তু মনৰ নিভৃত কোণত মই যেন শুনিছো – “ ডি প্ৰবেবিলিটি আৱ ফলিং ইন লাভ উইথ ডি ম’ষ্ট বিউটিফুল স্মাইল আই হেভ এভাৰ চিন ”–

আৰু সেয়া প্ৰফেচৰে যেন উত্তৰত কৈছে – ১, যদিহে সেয়া মিনাক্ষীৰ হাঁহিটো হয় -

Monday, September 1, 2014

জীৱন যু্দ্ধৰ এনাস্থেচিয়া ::


কেম্পাছত সময় শেষ হৈ আহিছে – আৰু মাথো এটা মাহ – তাৰ পাছতেই সকলো বেলেগ বেলেগ ঠাইলৈ যাবগৈ –

প্লেছমেন্ট ইতিমধ্যে শেষ হৈছে – সকলোৰে বাবে স্বস্তিৰ উশাহ লোৱা সময় – যোৱা ১৮ মাহে দিনে ৰাতিয়ে কৰা কষ্টৰ যেন অৱসান ঘটিছে -

হতাশ কৰে মোক – ইমান বিলাক টেলেন্টেড ল’ৰা ছোৱালী – আৰু সকলোৱে চিন্তা কৰে কেৱল এটা হাইলি পেইড জব পোৱাৰ – ক’ত ভাল আৰ্টিষ্ট আছে, ক’ত ভাল ডান্সাৰ আছে, লিখক আছে – কিন্তু কেৱল মাথো পইছা ঘটাৰ স্বপ্নই নিজৰ এই ভালপোৱা কামবিলাকত কিবা এটা কৰাৰ স্বপ্নক টেটু চেপি মাৰিছে-

 মিনাক্ষীয়ে পি পি অ পালে – এটা ইন্টাৰনেচনেল ইনভেষ্টমেন্ট বেংকত – কেম্পাছৰ ড্ৰিম জব – দৈনিক কমেও ১৫-১৬ ঘন্টা অফিচত দিব লাগিব – দৰকাৰ হ’লে কেতিয়াবা সেয়াও কম হয় -
কৈছিল মোকো এপ্লাই কৰিবলৈ - মন আছিল কিন্তু মই জানো মই নোৱাৰোঁ দিব ইমান সময় অফিচত – জীৱনৰ কাৰণেহে টকা, টকাৰ কাৰণে জীৱনটো নহয় – আৰু ইন্টাৰভিও যিহে এপ্লাই কৰা হলেও মই যে চাকৰিটো নাপালোঁহেঁতেন তাত মই এশ শতাংশই নিশ্চিত -

  সাধাৰণতে এনে বেংকবিলাকত যাৰ লগত অফিচত কাম কৰিব লাগে তেওঁলোকেই ইন্টাৰভিও লবলৈ আহে – সেয়েহে ইন্টাৰভিউত প্ৰাৰ্থীক বহুত সুক্ষ্মভাবে চালি জাৰি চায় যাতে নিজৰ টিমলৈ ভুল প্ৰাৰ্থীক বাচনি কৰা নহয় – মিনাক্ষীয়ে কৈছিল ইন্টাৰভিও লওঁতে হেনো ইন্টাৰভিও লোৱা ল’ৰাজনে তাইক কৈছিল – “মই মোৰ পত্নীৰ লগত যিমান সময় কটাম তাতকৈ বহুত বেছি সময় দৈনিক অফিচত তোমাৰ লগত কটাব লাগিব – গতিকে মই নিশ্চিত হ’ব লাগিব যে তোমাৰ সঁচাকৈয়ে ফাইনেন্সত ইন্টাৰেষ্ট আছে - 

 হাঁহি মাৰি কৈছিলোঁ – “ থেংকছ গড!! সি ইছ মেৰিড ” – হাঁহিটোত যেন বিষন্নতা আছিল তাই ঠিকেই ধৰিব পাৰিছিল -  আচৰিত হোৱা নাছিলোঁ – এনে কথা বহুতো শুনিছোঁ – ছিনিয়ৰ বহুতৰে ব্ৰেক আপ হোৱা দেখিছোঁ কেৰিয়াৰ আৰু ফেমিলিৰ মাজত হোৱা এনে তুমুল যুদ্ধত – বেছিভাগতে হৃদয়ে হাৰ মনা দেখিছোঁ – শুনাত একো নতুন কথা নহয় মোৰ বাবে – কিন্তু ভয় লাগে নিজৰ কথা ভাবি – ভৱিষ্যতৰ কথা ভাবি -

   কেমেৰাটো লৈ ওলাই গ’লো – বতৰতো ডাৱৰীয়া – বৰষুণ দিব পাৰে – জানুৱাৰী, ফেব্ৰুৱাৰী মাহত সাধাৰণতে কেৰালাত বৰষুণ নিদিয়ে – হয়তো আজিৰ বৰষুণ জাক কেম্পাছৰ শেষ বৰষুণ জাকো হ’ব পাৰে –আজি কেইখন মান ভাল ফ’ট তুলিব লাগিব –বৰষুণত কেম্পাছটো অপৰূপ দেখি - নিজকে ক’লো –“ আই এম গইং টো মিচ দিছ কেম্পাছ এ লট”

  একাডেমিক ব্লকৰ দীঘল কৰিডৰটোৱেদিয়েই বাট ল’লো – জুনিয়ৰ দুটা মানে কেছ-ষ্টাডি কৰি আছে – ব্যস্ত নিজৰ মাজতে পি পি টি বনোৱাত- বাহিৰৰ সুন্দৰ পৰিৱেশটোলৈ ভ্ৰূক্ষেপ নাই  - এবছৰৰ আগৰ নিজৰ কথা মনত পৰি গ’ল – আমিও টো এনেকুৱা ই আছিলোঁ – ভাল গ্ৰেড লাগে, ভাল চাকৰি লাগে আৰু ক’ত কি –
   লাইব্ৰেৰীত সুমাই চালোঁ – লগৰ কাকো কে দেখা নাপালোঁ – জুনিয়ৰ বিলাক পঢ়াত ব্যস্ত – বেটছ ট’পাৰ অঙ্কুৰe কোণত মেগাজিন পঢ়ি আছে – আচৰিত নহলোঁ– এনেয়েনো বেটছ ট’পাৰ হ’ব পাৰিছেনে – চকু আপুনা আপুনি গ’ল সেই নিদিষ্ট টেবুলখনলৈ – নাই তাত আজি মিনাক্ষী নাই – তাৰ সলনি জুনিয়ৰ দুটামানে পঢ়ি আছে – কিমান যে কথা পাতিছিলোঁ এই টেবুলতে – জুনিয়ৰ কেইটাৰো চাগৈ পঢ়াৰ মাজে মাজে কিমান কথাৰ চুপটি মৰা হৈছে – কেম্পাছৰ গৰম খবৰ, ছিনিয়ৰ বেটছ’ৰ খবৰ, প্লেছমেন্টৰ খবৰ আৰু ক’ত কি -

এদমিন ব্লক পাও গৈ মানে বৰষুণ পৰা আৰম্ভ হ’লেই – অৰুণলৈ ৱাটছ এপত মেছেজ কৰিলো এডমিন ব্লকলৈ আহিবলৈ – বহুত দিনৰেপৰা আমি বৰষুণ এজাকৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ – আজি আহিছে যেতিয়া এৰাত নাই -

অলপ পাছতেই বিজুলী-গাজনিৰে সৈতে ডাঙৰকে বৰষুণজাক আহিল – সোঁ-সোৱাই বতাহ বলিছে - বতাহত নাৰিকল গছৰ পাতবিলাক মুক্ত মনেৰে নাচিছে – সন্মুখৰ পাহাৰকেইটাও কুঁৱলীৰ আৱৰণত অদৃশ্য হৈ পৰিল- চাৰিওফালে কেৱল শুদ্ধ বগা কুঁৱলীৰ উৰনী – কেমেৰাটো হাতত লৈ ছাতাৰ স্পীড, আই এচ অ, এপাৰচাৰ ছেটিং কৰাত লাগিলোঁ – কেম্পাছৰ সৌন্দৰ্য্য ধৰি ৰখাৰ সুৱৰ্ণ সুযোগ এয়া- এৰি দিব নোৱাৰি –

অলপ সময়ৰ পাছতে অৰুণ আৰু বাকী লগৰ কেইটাও আহি পালেহি – সকলোৰে মনত উল্লাস – আহিয়েই বাহিৰৰ মুকলি দৰালৈ দৌৰি ওলাই গ’ল – বৰষুণত তিতিছে, নাচিছে, কাষৰ জমা হৈ পৰা পানী ডোঙাত জঁপিয়াইছে, বিভিন্ন ভঙ্গিমাত প’জ দিছে – আৰু মই মাথো কেমেৰাত আৱদ্ধ কৰি গৈছোঁ সেই দৃশ্যাৱলী – কালিলৈ হয়তো এই ফ’টকেইখন সিহঁতে ফেচবুকত আপলড কৰিব – কেম্পাছৰ সৌন্দৰ্য্যক লৈ বন্ধুৰপৰা বাহ বাহ বুটলিব – আৰু মই – সেয়াইতো মোৰ আনন্দ – কিবা এটা ভাল কৰিব পৰাৰ আনন্দ – জীৱনৰ সুন্দৰ মুহূৰ্ত্তবিলাক ধৰি ৰাখিব পৰা আনন্দ - কিবা এটা ক্ৰিয়েটিভ কৰাৰ আনন্দ – দুদিন পাছত জীৱনৰ কোবাল সোঁতত নিজকে উটুৱাই দিওঁতে এনেবিলাক সোঁৱৰণীয়েই তো জীৱনটি সজীৱ কৰি তুলিব –

  সোঁৱৰণীও বৰ আচৰিত অতীতৰ সেই ভাল লগা মিঠা ক্ষণবিলাকে আজি তোমাৰ চকু চলচলীয়া কৰিব পাৰে মুহূৰ্ত্তৰ বাবে নিজৰ সংযমী মনটোক লেকাম চিঙি দৌৰিবলৈ বাধ্য কৰিব পাৰে – আহ – তপত চকুলো আজিকালি নিচেই সুলভ -

  চেঁচা বতাহজাকে কঢ়িয়াই অনা এজাক এচাকনিয়ে তিয়াই পেলালে মোক গোতেই গাতো চেচাঁ-চেঁচা লাগি গ হাতখন মেলি দি বৰষুণৰ টোপালবোৰ চুই চালোঁ – সেই একেই আকৰ্ষণ – উলাই কৰিব নোৱাৰা দুৰ্বাৰ আকৰ্ষণ - কেমেৰাটো বেগটোত সুমুৱাই বাৰাণ্ডাতে বেগটো থৈ লাহে লাহে বাহিৰৰ বৰষুণ জাকলৈ ওলাই আহিলোঁ - এৰি দিলোঁ নিজকে বৰষুণ জাকৰ মাজত বৰষুণৰ টোপালবোৰে মুখখন কোবাই গল - ভাল লাগিল - পাৰে যদি বৰষুণ জাকে উটুৱাই নিয়ক মোৰ চকুপানীখিনি - কলহৰ মুখেৰে ঢলা বৰষুণৰ শব্দত হৃদয়ৰ গাজনিবোৰ যেন তল পৰিল এনে লাগিল ভাল লাগিল মনতো জীৱনৰ যুদ্ধত এনে সময়বিলাকেই তো এনাস্থেচিয়াৰ কাম কৰে


এনাস্থেচিয়াৰ যে মোক এতিয়া অতিকে প্ৰয়োজন --

সাধু কথাৰ কাহিনী নহয় এই জীৱন

দিনবিলাক গৈ আছে – ৰাতিপুৱাৰ পৰা গধূলিলৈকে ক্লাছ কৰা, মূৰ তুলিবলৈ সময় নোপোৱাকৈ এছাইনমেন্ট, প্ৰেছেন্টটেছনৰ কাৰনে প্ৰস্তুতি কৰা, কেছ ষ্টাডি কৰা, ক্লাছত ভাগৰত টোপনি যোৱা, আৰু তাৰ মাজত ভাগৰুৱা মোৰ মনত প্ৰাণৰ সঞ্চাৰ কৰা মিনাক্ষীৰ মিঠা হাঁহিটো-
মই জানো তাই এজনী ভাল ছোৱালী – আজিলৈকে লগ পোৱা সকলো ছোৱালীতকৈ তাই বেলেগ -  কিন্তু এনে নহয় যে বেলেগ অসাধাৰণ গুণ আছে ছোৱালীজনীৰ গাত –একেবাৰেই ছিম্পল – সাজপাৰ সাধাৰণ, অতি নম্ৰ, অমায়িক ব্যৱহাৰ আৰু এটা বুধি দীপ্ত ব্ৰেইন – ওঁঠত অনবৰতে লৈ ফুৰা হাঁহি, উজ্জ্বল চকু জুৰিৰে সৈতে তাইক অত্যন্ত ভাল দেখি –
ভাল পাই পেলাইছোঁ সঁচাকৈয়ে মই মিনাক্ষীক৷ আজি আৰু এই কথাত কোনো সন্দেহ নাই- কিন্তু কালিলৈকে যে ভাবিছিলোঁ – মই প্ৰেম কৰা মানুহ নহয় –
ধেইত অকৰাটো – দাগ চিনেমাৰ সংলাপটো মনত নাই হ’বলা –
“প্ৰেম কৰা নাযায় প্ৰেম হই যায় -“
হৈ গ’ল বাৰু প্ৰেম – এতিয়া কি কৰা যায় – তাইৰ কথাকে ভাবি ভাবি আকাশৰ তৰা গণি থাকো নে বেলেগ কিবা কৰোঁ – এনেবোৰ অস্থিৰ মুহূৰ্ত্ততে সাগৰখনলৈ বৰ মনত পৰে –
প্ৰায়েই গৈছিলোঁ সাগৰৰ পাৰলৈ – ৰাতি দিনাৰ কৰি প্ৰায়েই সাগৰ তীৰত বহি চাই ৰৈছিলোঁ সন্মুখৰ সীমাহীন অন্ধকাৰখিনিলৈ – সন্মুখত অন্তহীন অন্ধকাৰ আৰু মূৰৰ ওপৰত এখন তৰাৰে ভৰা মুকলি আকাশ - মাজে মাজে মাছমৰীয়া নাওৰ দুই এটা পোহৰ – কিন্তু নাওৰ তিৰবিৰাই থকা পোহৰতকৈ মাজসাগৰৰ অন্ধকাৰখিনি বেছি ভাল লাগে- মাদকতা যোগ দিয়ে পাৰত প্ৰতি মূ্হূৰ্ত্ততে খুন্দা মৰাহি উত্ৰাৱল ঢ়ৌবোৰে - বিলিন হৈ যাব বিচাৰো তাৰ মাজত – যেতিয়া সাগৰৰ ঢৌ-বিলাক আহি পাৰৰ শিলত খুন্দা মাৰেহি ক’ব নোৱাৰাকৈয়ে আগবাঢ়ি যাওঁ এখোজ দুখোজকে- হেৰুৱাৰ বেদনাত নে পোৱাৰ আনন্দত সেয়া মই নাজানোঁ - হৃদয়ত মৰমৰ ঢৌ-বুৰেও চাগৈ এনেকৈয়ে জোৱাৰ তোলে – এবাৰ জোৱাৰ আহিলে এৰি দিবলৈ কষ্ট হয় – বৰ কষ্ট হয় –
সুধিছিলোঁ এদিন সাগৰ তীৰতেই – ইমান বেলেগ কিয় তুমি ??
সেই স্বভাৱ কৃত মিঠা হাঁহিটোৰে মোৰ কথাষাৰ উৰুৱাই দি কৈছিল – “ একো বেলেগ নহয় – মই বাকীবিলাক ছোৱালীৰ নিচিনাই, তুমি ঠাট্টা কৰিছা – চকুত লাজ লাজ ভাৱ”
পঢ়াটোতো তুমি ছিৰিয়াছ! সদায় কেৱল কিতাপৰ মাজতেই নিজকে ৰাখা! কেৰিয়াৰক লৈ কি চিন্তা হয়??
পি পি অ (প্ৰি প্লেছমেন্ট অ’ফাৰ) টো পালে ভাল লাগিব – প্লেছমেন্টক লৈ চিন্তা নহ’ব আৰু তেতিয়া-
তাই সুখী হোৱাটো মই বিচাৰোঁ – কিন্তু নিবিচাৰোঁ মই তাই নিজৰ জীৱন এটা গতানুগতিক হাইলি পেইড চাকৰিতে সীমিত ৰাখক-
অলপ পৰ সাগৰখনলৈ চাই কৈছিলোঁ – এই মাছমৰীয়া নাও বিলাক দেখিছা – কি যে সংগ্ৰাম কৰিছে দুবেলা দুমুঠিৰ বাবে – পৰিয়ালৰ বাবে -
আৰু আমি ব্যস্ত এক ৰেট ৰেচ’ত – নিজকে প্ৰথম স্থানত দেখা পোৱাৰ আশাত এনে এখন ৰেচ যাৰ শেষ নাই –
জীৱন সেইটো – য’ত তুমি কৰা কামৰ প্ৰতিটো মুহূৰ্ত্ত তুমি উপভোগ কৰা – সদায় অফিচত এক্সেল, পি পি টি বনোৱা, প্ৰেছেনটেছন দিয়া, সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা কাহানিও নেদেখা ক্লাইন্টৰ লগত দৈনিক ঘন্টা ঘন্টা কথা পতা –এইবোৰ কি গোটেই জীৱনটো কৰিব পাৰি নেকি??
 “তুমি ভৱাৰ দৰে সাধু কথাৰ কাহিনী নহয় এই জীৱন – সকলোৱে ষ্টিভ জৱ, আম্বানি হ’ব নোৱাৰে বা হবলৈ সকলোৰে সেই এটিটিউড নাথাকে – বি প্ৰেক্তিকেল -
চিৰিয়াছ হৈ পৰিছিল মিনাক্ষী – কেৰিয়াৰক লৈ সদায়েই তাই ছিৰিয়াছ –
তাই জানে মই চাকৰি কৰিবলৈ মুঠেই ইচ্ছুক নহয় – প্ৰায়েই মই তাইক নিজে কিবা এটা কৰাৰ কথা কওঁ – কিন্তু মই নিজেই নাজানোঁ মই কি কৰিব বিচাৰোঁ – সদায়েই মোৰ একেটা উত্তৰ – এতিয়াও বিচাৰি পোৱা নাই – সেয়েহে চাকৰি, কেৰিয়াৰৰ কথা ওলালেই গোমা হৈ পৰে তাইৰ মুখ
“তুমিওটো এটা ভাল চাকৰি পাম বুলিয়েই আহিছিলা আই আই এমলৈ – এতিয়া কিয় মত বদলি কৰিছা” –
“ঠিকেই কৈছে তাই - এটা ভাল চাকৰি পোৱাৰ আশাতেই আহিছিলোঁ ইয়ালৈ – কিন্তু এতিয়া চাকৰিতকৈও বেছি প্ৰয়োজনীয় অভাৱ এটা বৰকৈ অনুভৱ কৰিছোঁ – জীৱনত নিজে কিবা কৰাৰ ইচ্ছা- কেনেকৈ তাইক বুজাও যে মই জীৱনটো নিজে বিচৰা মতে জীয়াব বিচাৰোঁ – কিন্তু মই যে তাইকো বিচাৰোঁ -

বিষয়টো গহীন হৈ পৰিছিল – একো ক’বলৈ আৰু মন নগল- 
মৌনতাৰ সান্নিধ্যত সময় কটোৱাতো আজিকালি আমাৰ বাবে অভ্যাসত পৰিণত হৈ পৰিছে – মৌনতাই বহুত কথা কয় – তাই বুজি পায় -

এটুপ দুটোপকৈ বৰষুণ পৰিবলৈ ধৰিছে, ঘন ক’লা ডাৱৰৰ মাজত জোনটো লাহে লাহে ঢ়াক খাই পৰিছে –

বহাৰপৰা উঠি পেন্টত লাগি থকা বালি জোকাৰি ক’লো - ব’লা যাও – কালিলৈ দুটাকৈ প্ৰেছেন্টেছন আছে ক্লাছত – ৰবিহ’ত ৰৈ থাকিব মোলৈ – আকৌ আজি ৰাতিতো উজাগৰে কটাব লাগিব পি পি টি বনাবলৈ –  

Sunday, December 8, 2013

চাকৰি

ৰাতিপুৱাই বৰুৱাই বাতৰিখন মেলি ল’লে – প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ হৰফেৰে আই আই টি দিল্লীৰ ১২ জন ল’ৰাই কোটি টকীয়া চাকৰি পোৱাৰ খবৰ আহিছে৷ বৰুৱাৰ মুখত এটা হাঁহি বিয়পি পৰিল৷ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ এয়া প্লেছমেন্টৰ সময় – এইকেইদিন বাতৰি কাকতবোৰত আই আই টিৰ প্লেছমেন্টৰ কথা খুবেই লিখি আছে৷ কোটিৰ ঘৰত দৰমহা পোৱা ল’ৰাৰ খবৰ৷ বাতৰি কাকতত বৰুৱায়ো এই খবৰবোৰ পঢ়িছে৷ ভাল লাগে তেওঁৰ মনটো – পোনাৰো এনে এটা চাকৰি হ’ব বুলিয়ে পোনায়ে তেওঁক কয়–

পোনা বৰুৱাৰ একমাত্ৰ ল’ৰা – আই আই টী খড়গপুৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ এইবেলি সিও ওলাব ইঞ্জিনিয়াৰিং পাছ কৰি – প্লেছমেন্ট তাহাঁতৰ কলেজৰো চলি আছে - সেয়েহে বৰুৱাই বৰুৱানীক এনে বাতৰি পালে চিঞৰি পঢ়ি শুনায়৷ আজিও বাতৰিতো তেওঁ পঢ়িবলৈ ল’লে –
“ফেছবুকে আমেৰিকাৰ অফিচৰ কাৰণে ১.3 কোটি টকা দিছে, গুগলেও আমেৰিকাৰ অফিচৰ কাৰণে কেইবাজনকো আই আই টি বোম্বেৰপৰা নিৰ্বাচিত কৰিছে৷”

আমেৰিকাৰ কথা শুনি বৰুৱানীয়ে ক্ষন্তেক পৰ তভক মাৰি ৰৈ ক’লে – ইমানখিনি পঢ়ি শুনি এতিয়া আকৌ চাকৰিও বিদেশতহে কৰিব লগীয়া হ’লনে? ভাৰততো আজিকালি ভাল দৰমহা দিয়া চাকৰি আছে৷ বৰুৱানীয়ে কি ক’বলৈ বিচাৰিছে বৰুৱাই ধৰিব পাৰিলে -

বাতৰিত বৰুৱাই ভাৰতত এনে পষ্টিং দিয়া কথা বিচাৰি নাপালে – তথাপি বৰুৱানীৰ মনটো ভাল লগাবলৈকে ক’লে “ আছে আছে কিয় নাথাকিব, চবেই আমেৰিকা, ইউৰোপত চাকৰি কৰিবলৈ নাযায়৷ বৰুৱানীয়ে যেন ইয়াৰ কাৰণেহে বাট চাই আছিল, পোনছাটেই কৈ উঠিল- “পোনাই এইবিলাক চাকৰি কৰিব নালাগে৷ নালাগে ইমান টকা-পইচা! ইমানবোৰ টকা আমাক কিয় লাগিছে – বাহিৰত থাকি ল’ৰা চাহাব হ’ব নালাগে –ঘৰৰ ল’ৰা ঘৰতে থাকি চাকৰি কৰক” – তাতে পোণাই ইমান গেবাৰী খাটিব কিয় লাগিছে, আঁহো বুলি ক’লেও আহিব নোৱাৰে, কামৰপৰা আজৰিকে নাপায় -

বৰুৱানীৰ মতে ঘৰৰ ল’ৰা ঘৰতেই থাকক – কিহৰ বাহিৰত চাকৰি কৰিব লাগে – অইল, অএনজিচি, গেছ ক্ৰেকাৰ, এনআৰএল এইবিলাকতো আছেই৷ আৰামত ঘৰৰ ভাত খাই খাই ল’ৰাই চাকৰি কৰিব পাৰিব-

যোৱাবাৰ বৰুৱানী শইকীয়াৰ অইলত চাকৰি কৰা জোৱায়েকৰ ঘৰলৈ গৈছিল – অইলৰ সা-সুবিধাবোৰ হেনো বৰুৱানীয়ে বৰ ভাল দেখিলে – সেই তেতিয়াৰেপৰা বৰুৱানীৰ এটাই আশা – ল’ৰাই অইল বা অএনজিচিতে চাকৰি কৰক – চাকৰি পোৱাৰ পাছত অলপ থান থিত লাগিলেই বৰুৱানীয়ে ল’ৰাৰ বিয়াখন পাতি দিয়াৰ মতলবতেই আছে৷

বৰুৱানীৰ ইচ্ছা আছিল পোনাক ডাক্তৰ পঢ়োৱাৰ কিন্তু পোনাৰ আকৌ সৰুৰে পৰা কম্পিউটাৰৰ প্ৰতি প্ৰৱল ধাউতি আছিল – সেই যে ক্লাছ ছেভেনত সি কম্পিউটাৰৰ লগ ল’লে তাক আৰু এৰি নিদিলে, আই আই টিত এডমিছনো সি কম্পিউটাৰ বিভাগতেই ল’লে – পোনাৰ উৎসাহ দেখি আৰু বৰুৱাই ডাক্তৰি পঢ়িবলৈ তাক জোৰ নকৰিলে৷

  থাৰ্ড ইয়েৰত পোনাই ফেচবুকতে ইন্টাৰ্ণচিপ কৰিছিল, ফেচবুকৰ আমেৰিকাৰ অফিচত৷ বৰুৱানীৰ সেই দুইমাহ দুই-যোগ যেন লাগিছিল৷ ৰাতিপুৱা, গধূলি মাথো পোনাৰ কথা৷

এইবাৰ নামঘৰত বৰুৱানীয়ে ৰাসৰ সবাহৰ দিনা নামঘৰত চাকি এগছি জ্বলাই থৈ আহিছে – পোনাৰ ভাল চাকৰি এটা হ’বলৈ – কাকতিৰ ল’ৰাটোৰ চাকৰি হওক বুলি তেখেতসকলে নামঘৰলৈ শৰাই এখন আগবঢ়াইছিল, শৰাই আগবঢ়োৱাৰ কথা ভবাৰ দুই সপ্তাহৰ পাছতেই টেটৰ ৰিজাল্টত কাকতিৰ ল’ৰাৰ নাম আহিছিল৷ সেই তেতিয়াই বৰুৱানীয়ে ঠিক কৰিছিল ৰাসৰ দিনাই নামঘৰত গৈ চাকি এগছি দি থৈ আহিব -
দুপৰীয়া পোনাৰ ফ’ন আহিল – তাৰ প্লেছমেন্ট হৈ গ’ল – জাপানীজ ছফটৱেৰ কম্পেনী এটাত তাৰ চাকৰি হ’ল – দৰমহা ভাৰতীয় টকাৰ হিচাপত কোটিৰ ওপৰতেই হ’ব, সা-সুবিধাও ভালেই৷ গতিকে পোনাই এই কোম্পানীটোতে জইন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা মাকক ক’লে –বৰুৱানীৰ ক’বলৈ মন গৈছিল – নালাগে সেইবিলাক চাকৰি কৰিব, ঘৰৰ ল’ৰা ঘৰলৈকে আহ, ইয়াত চাকৰি নাইকিয়া হোৱা নাই নহয়- পাছে  বৰুৱানীয়ে একো ক’ব নোৱাৰিলে পোনাক – মাথো ও আ কৈ শলাগিয়ে ফ’নটো থৈ দিলে –

আবেলি বৰুৱা অফিচৰপৰা ঘূৰি অহাৰ পাছত বৰুৱানীয়ে বৰুৱাক খবৰটো কওঁতে বৰুৱানীৰ গালেৰে দুধাৰি অশ্ৰু বৈ আহিল – বৰুৱাই ধৰিব নোৱাৰিলে সেয়া বৰুৱানীৰ পুতেকে চাকৰি পোৱাৰ আনন্দৰ চকুলো নে পুতেক ঘৰৰপৰা আৰু বেছি দূৰলৈ আঁতৰি যোৱাৰ বেদনাৰ চকুলো –


 বৰুৱাৰো চকুহালো সেমেকি উঠিল৷ বাহিৰলৈ চাই বৰুৱাই ভাবিলে -কালিলৈয়ে বিএচএন্এলৰ অফিচত গৈ ব্ৰডবেন্ডৰ কনেকচন এটাৰ কাৰণে এপ্লাই কৰিব লাগিব – ওচৰত নাথাকিলেও পুতেকৰ লগত অন্তত মাকে স্কাইপতে কথা পাতিব পাৰিব৷ 

Friday, December 6, 2013

ভোট


বলক আকৌ যাওঁ - ইমান দেৰি কৰিছে ভোট দিয়া আৰম্ভ হ'লেই -

ৰমেনে মাকক চিঞৰি ক'লে -

সি আজি জীৱনত প্ৰথমবাৰৰ বাবে ভোট দিব -

পঞ্চায়ত ইলেকচন হৈছে - সি কমেও তিনিটা ভোট দিব - কম কথা নেকি -

তাতে এইবাৰ তাৰ মোমায়েক উঠিছে গাৱ পঞ্চায়তৰ সভাপতি পদৰ কাৰণে৷ তাহাঁতৰ গাৱলৈ আহিলে সিয়ো মাজে মাজে মোমায়েকৰ লগত প্ৰচাৰত ঘুৰে৷ মোমায়েকে ইমান ব্যস্ততাৰ মাজতো তাহাঁতৰ ঘৰত সোমাই চাই একাপ নুখুৱাকৈ নাযায়৷ যোৱা কেইদিনত সকলো দলৰ প্ৰাৰ্থীয়ে আহি তাক অনুৰোধ কৰি থৈ গৈছে ভোটটি দিবলৈ – যেতিয়া মাকক আহি কয় যে আপোনাৰ বহুমূলীয়া ভোটতো দি আমাৰ দলক জয়যুক্ত কৰক তাৰ কিবা নিজকে বৰ ডাঙৰ মানুহৰ নিচিনা লাগে, দুপলকৰ কাৰণে হ’লেও তাৰ মনটো উৎফুল্লিত হৈ পৰে – এই কাৰণেই ইলেকচন তাৰ ভাল লাগে – যোৱাবাৰ বিধান সভা ইলেকচন হওঁতে তাহাঁতৰ ঘৰে এখন হিৰ চাইকেল আৰু এখন কম্বল পাইছিল৷ এতিয়া সি স্কুললৈ চাইকেল চলাই যায়, ঠাণ্ডাত আগৰ নিচিনাকৈ জাৰত কপি শুব নালাগে, কম্বলৰ ওঁম লৈ ফস্তি মাৰি শুৱে -

ভোটৰ দিনা পাচবেলালৈ ভোট কেন্দ্ৰত মানুহৰ ভিৰ বাঢ়ি যায় - তাতে গৰমৰ দিন- পাছবেলা প্ৰখৰ ৰদত থিয় হৈ থাকিব নোৱাৰি লাইনত - সেয়েহে সি আৰু মাকে ৰাতিপুৱাই ভোটটো দি থৈ অহাৰ কথা কালি ৰাতি ভাত খাই থাকোঁতেই ভাবিছিল- কিন্তু ভাবিলে কি হ'ব- পুৱা ৭ টাতে সি গৰুজনী পথাৰত এৰাল দি নিজেও গা ধুই ওলাই মেলি সাজু হ'ল কিন্তু মাকৰ আকৌ গা ধুই গোঁসাই ঘৰত চাকি-গছ জ্বলাই মানে ঘড়ীত ন বাজিবলৈ কেই মিনিট মানহে থাকিল -

প্ৰথমে মাকে সৈতে সি গৈ দলীয় কাৰ্য্যালয়টোত সোমাল৷ অস্থায়ী চালি এখনৰ তলত আজিৰ এই দলৰ অফিচ – ভোট দিবলৈ অহা মানু্হক সহায় কৰিবলে হেনো অফিচটো খুলিছে– গাৱৰে ৰত্নেশ্বৰ মাষ্টৰৰ পুতেকে ভোট দিবলৈ যোৱাসকলক কৈ আছে কোনটো চিনত ভোট দিব লাগিব, বেলট কাগজত কোন নম্বৰত তাহাঁতৰ দলৰ প্ৰাৰ্থীৰ নাম আছে – ভোট দি অহা সকলে চালিৰ তলতে বহি জিৰাইছে, দুই এটা কথা পাতিছে – ৰাৱণ দাইতিৰ জীয়েক দুজনীয়ে লাল চাহৰ কাপ যাচিছে - ৰত্নেশ্বৰ মাষ্টৰৰ পুতেকৰপৰা ভোটাৰৰ ক্ৰমিক নাম্বাৰটো লৈ মাকৰ সৈতে ৰমেন ভোট কেন্দ্ৰলৈ আগবাঢ়িল- সি মনতে ভাবিলে উভতি আহি চাহ খাব, প্ৰথমে ভোট দি লোৱা যাওক -

ধূলি উৰুৱাই বগা এম্বেছাদৰ এখন তাহাঁতক পাছ পেলাই আগবাঢ়ি গ’ল – ফটিকে চলোৱা গাড়ী সেইখন- ফটিক তাৰ লগতেই স্কুলত পঢ়িছিল – কিন্তু আৰ্থিক অৱস্থাই টানিব নোৱাৰাত ঠিকাদাৰৰ ঘৰত ড্ৰাইভৰ সোমাল৷ এতিয়া বিয়া পাতি এটা ল’ৰাৰ বাপেকো হ’ল – এই কেইদিন ইলেকচনত প্ৰচাৰৰ অভিযানত নামিছে – ঠিকাদাৰৰ বোৱাৰীয়েকেও গাৱ পঞ্চায়তৰ সভাপতি পদৰ কাৰনে নিৰ্বাচনত উঠিছে, প্ৰতিদ্বন্দী তাৰ মোমায়েক– এতিয়া ফতিকে গাড়ীৰে মানুহ অনা নিয়া কৰিছে ভোট কেন্দ্ৰলৈ৷ আনকালে হোৱা হ’লে ফটিকে তাক গাড়ীতে উঠাই নিলেহেঁতেন – পাছে আজি ব্যতিক্ৰম – আজি তাৰ গাড়ী বিশেষ এটা দলৰ সমৰ্থক সকলৰ বাবেহে –

বাটৰ ধূলি খাই খাই মাকৰ সৈতে ৰমেন স্কুলৰ গেট পাওগৈ মানে সৰু সোৰা লাইন এটা হৈছিলেই – মানুহৰ কথাৰ গুণগুণনি এটা চাৰিওফালে বিয়পি পৰিছে৷ অলপ সময় থিয় হৈয়ে ৰমেনৰ আমনি লাগিল৷ পাছে বেছি দেৰি ৰ’বলগীয়া নহ'ল৷ সোনকালেই স্কুল ঘৰৰ ভিতৰত সোমাল- প্ৰথম মাকেই গ'ল- নিজৰ নামৰ বিপৰীতে চহী মাৰি সি মাকৰ পাছফালে থিয় দিলেগৈ – আঙুলিটোলৈ চালে সি -আঙুলিত দিয়া ক’লা চিঞাহি একেবাৰে আঠা ল’গাদি লাগি ধৰিলে৷ দুবাৰ মান সি মোহাৰিবলৈ চেষ্টা কৰিল কিন্তু সকলো অথলে গ’ল৷ কালি খগেন কাইটিৰ চহৰত থকা ডাঙৰ ল’ৰাটোৱে কোৱা কথাষাৰ মনত পৰিল – যোৱাবাৰ ইলেকচনত বোলে সি চহৰৰ উপৰিও গাৱটো আহি ভোট দিছিল – ভোট কেন্দ্ৰলৈ ৰুমাল এখনত স্পিৰিট সানি লৈ গৈছিল- আঙুলিত চিঞাহি লগোৱাৰ পাছতে পুলিং অফিচাৰ কেইজনে নেদেখাকৈ ৰুমালেৰে মোহাৰি পেলাইছিল কলা দাগটো – তাৰ পাছত গাৱলৈ আহি আকৌ ভোট দিছিল –

মাকে ভোট দি উলাই আহে মানে তাৰ সময়খিনি নাযায় নোপোৱায় যেন লাগিল৷ মাকে ভোট দি শেষ হোৱাত তালৈ চাই হাঁহি এটা মাৰি ওলাই গ’ল – এইবাৰ সি সোমাই গ’ল –

মেজখনত মোহৰতো পৰি আছিল৷ মোহৰটো লৈ সি প্ৰথম কাগজখনৰ ওপৰত জোৰকৈ হেচি ধৰিলে৷ তেতিয়াহে তাৰ যেন হুচ আহিল – ভোট দিয়াৰ উত্তেজনাত সি দেখোন প্ৰাৰ্থী নোচোৱাকৈয়ে মোহৰ মাৰি দিলে – ভয়ে ভয়ে সি কাগজখন চালে – যি ভয় কৰিছিল সেইটোৱেই হ’ল – তাৰ মোহৰটো সুন্দৰকৈ ফটিকৰ গাড়ীৰ উপৰত অনবৰত উৰি থকা পতাকাখনৰ চিহ্নটোৰ বিপৰীতে জিলিকি আছে৷ কাষতে এটা নাম – ফুলেশ্বৰী শইকীয়া ৷ হয় সেইটোৱেই ঠিকাদাৰৰ বোৱাৰীয়েকৰ নাম৷ তাৰ কান দুখন গৰম হৈ অহাৰ নিচিনা অনুভৱ হ’ল- কি কৰা যায় এতিয়া – মোমায়েকৰ মুখখন মনত পৰি তাৰ বুকুখন হমহমাই গ’ল৷নিজকে বৰ অসহায় অনুভৱ কৰিলে সি -

ইয়াৰ পাছত সি সাৱধানে চাই মেলি বাকী কেইটা ভোট দিলে- ৱাৰ্ড মেম্বাৰ, জিলা পৰিষদৰ সদস্যৰ ভোটকেইতাত সি একো ভুল নকৰিলে৷ এইবাৰ কাগজকেইখন সাৱধানেৰে জাপি টিংৰ বাকচটোৰ ফাঁকেৰে সোমোৱাই স্কুলৰ বাহিৰলৈ সি ওলাই আহিল৷

স্কুলৰ সন্মুখৰ বড়জোপাৰ তলত এমোকোৰা হাঁহি লৈ মাক ৰৈ আছিল৷ ওচৰ পোৱাত মাকে ক’লে
“ব’ল দলৰ অফিচত বহি চাহ একাপকে খাই যাওঁ, ডিঙিটো শুকাই গৈছে অথনিৰে পৰা থিয় হৈ এই ৰদত৷ তাতে অতদূৰ বাট কুৰি বাবলৈ আছেই”

ৰাতিপুৱাৰে পৰা ভোট দিবলৈ তাৰ যি উৎসাহ আছিল পলকতে যেন হেৰাই গ’ল - মাকৰ মুখলৈ চাবলৈ আৰু তাৰ সাহস নহ’ল-মাকৰ পাছে পাছে সি খোজ ল'লে৷ দলৰ অস্থায়ী অফিচটো পোৱাৰ আগে আগে মাকক ক’লে –“ তয়ে চাহ খা- ৰ’দটো আজি চোকা – গৰুজনীৰ খুটিটো সলনি কৰিবৰ হ’ল, পোৱালীয়ে গাখীৰ খাব লাগিলে মোমাইদেওক আজি আৰু গাখীৰ চাহ খুওৱা নহ’ব”



Sunday, December 1, 2013

কিংবদন্তি

সৰুতে ঘৰত আমি সৰু ল’ৰা ছোৱালী কেইটাই কাজিয়া কৰিলে ককা-আইতাই কৈছিল –তহঁতৰ মোমায়েকহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল – কাজিয়া নকৰিছিলেই,সকলো কাম মিলা-প্ৰীতিৰে কৰিছিল, খোৱা বস্ত ভগাই মেলি খাইছিল – আমিও কথাবোৰ বিশ্বাস কৰিছিলোঁ – ভাবিছিলোঁ হয় চাগৈ দে –মামাহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল –

পূৱা গধূলি যেতিয়া কিতাপ পঢ় পঢ় বুলি মা-দেউতাই চিঞৰি থাকিছিল – আইতাই কৈছিল – তহঁতৰ মোমায়েৰহঁতক কিতাপ লোৱাৰ কথা কোৱাৰ দৰকাৰেই নাছিল – সময় হোৱাৰ লগে লগে নিজেই পঢ়াৰ টেবুলত বহিছিল – আৰু তহঁতক দেখ -- কিতাপ পঢ় পঢ় বুলি মাৰ বাপেৰে চিঞৰি থাকিব লাগে – আমি ভাবিছিলোঁ তেতিয়া  মামাহতে বাৰু কেনেকৈ পঢ়া টেবুলত নিজৰ মনটো বহাই থৈছিল – মানিব লাগিব দেই মামাহঁতক

মুঠতে কিবা এটা কৰিলেই ওপৰৰপৰা চিঞৰ আহে - সৰু থাকোতে আমি এনে আছিলোঁ, তেনে আছিলোঁ, মামা, জেঠাইহতে এনে কৰিছিল, তেনে কৰিছিল ইত্যাদি !! মুঠতে মাঁমাহতৰ আখ্যান শুনি শুনি কান ঘোলা হৈ গৈছিল - অলপ উৎপাত কৰিলেই ৰেকৰ্ডিং কৰা কেছেট খন বাজি যায় - 

সময় সলনি হ’ল – কাজিয়া কৰা, কিতাপ নপঢ়া, দুষ্টালি কৰা কাৰবাৰবোৰ কিন্তু এতিয়াও চলি থাকিল! সলনি হ'ল কেৱল সেইবিলাক দুষ্টালি কৰা অভিনেতা কেইজন! নতুন নতুন বহুতো কণমানি ল'ৰা ছোৱালীৰে মিতিৰ কুটুম্বৰ ঘৰ ভৰি পৰিল৷ এতিয়া ঘৰলৈ গ’লে কেতিয়াবা কেতিয়াবা মিতিৰ ফুৰিবলৈ যাও –

এই সৰু সৰু ল’ৰা ছোৱালী থকা মিটিৰ কুটুম্বৰ ঘৰলৈ গ’লে মাজে মাজে কিছুমান কথা শুনিবলৈ পাও – শুনি মনটো মোৰ তাহানি আইতাই কোৱা কথাবিলাকলৈ মনত পৰে –

 এতিয়াও ঘৰখনত থকা সৰু ল'ৰা-ছোৱালী কেইতাই কাজিয়া কৰিলে বা কিতাপ নপঢ়ি ধিতিঙালি কৰি ফুৰিলে ঘৰৰ ডাঙৰ বিলাকে আইতাই কোৱা সেই সংলাপ কেইটাৰ কেছেটখনেই বজায় – মাথো মামাহঁতৰ বদলি দেখোন নায়কৰ তালিকাত আমাৰ নামবিলাক সংলাপ কেইটাত সোমাবলৈ ধৰিলে – কেনেকৈ আমি ভমিলা প্ৰীতিৰে বিস্কুট-মিঠাই ভগাই খাইছিলোঁ, কেনেকৈ আমি সদায় পঢ়া-শুনা কৰিছিলোঁ – মনটো শুনি মোৰ কেনে লাগে কব নোৱাৰা – এনে হোৱাটো মোৰ দেখোন মনতেই নপৰে -- মোৰ মেমৰি বাৰু ফেল মাৰিছে নেকি ?? 

লাহে লাহে এতিয়া বুজা হ'লো বহুতো কথা, – যে মামাহ’তে কেনেকৈ কাজিয়া নকৰাকৈ থাকিব পাৰিছিল - যেনেদৰে আমি পাৰিছিলোঁ - বাহিৰৰ ইমান ৰঙেৰে ভৰা পৃথিৱীখন উপেক্ষা কৰি কেনেকৈ পঢ়া টেবুলত বহি থাকিব পাৰিছিল – যেনেদৰে আমি পাৰিছিলোঁ -

মোৰ মনটো এতিয়া এই কথাটো ভাবি বৰ ভাল লাগে যে আইতাই কোৱা সেই কথাবোৰ গালো বালো খোলাকটিৰ তাল হোৱাৰ নিচিনা হৈছিল -  আমি সৰু ল’ৰা কেইটাক ঠগিবলৈ কিমান চেষ্টা কৰিলে – পাৰিলে জানো – অলপ সময়ৰ কাৰণে আমি নিটাল মাৰিলেও দিনটোত দুই তিনিবাৰ ৰণশিঙা বজাইছিলোঁ, প্ৰায়েই কিতাপকেইখনক চুটি দিছিলোঁ, চেকনিৰ কোবলৈ ভয় লাগিলেও দুষ্টালি কৰিবলৈ এৰা নাছিলোঁ -- মুঠতে আইতাৰ ভাষাত কবলৈ গ'লে এখন কাণেৰে সোমোৱাই কথাবোৰ আনখন কাণেৰে উলিয়াই দিছিলো - 

 ভাল লাগে যেতিয়া আজিৰ ল'ৰা- ছোৱালী কেইটায়ো তাকেই কৰে - পাৰিলে হয়তো ক'লোহেতেন চুলি পকাই দে মাৰ বাপেৰৰ - শান্ত শিষ্ট মহাদুষ্ট হোৱাৰ আমেজেই সুকীয়া -