Monday, June 3, 2013

আম আৰু আম আদমি



বজাৰলৈ ওলাই গ’লো গধূলি সময়ত-
ভাবিলো আজি মই ভাত ৰান্ধিম।শাক পাচলি কেইটামানকে লৈ যাও-

শাক পাচলিৰ দোকানীজনক ফ্ৰেন্স বিনৰ ফালে আঙুলিয়াই প্ৰশ্নবোধক দৃষ্টি এটা দিলো-
উত্তৰ আহিল- ১২০ টকা কিলো।

শুনি তবধ মানিলো- কি কয় হে। মানুহ মাৰিব দেই।
নাই বিন নাখাও। এইবাৰ ফুলকবিলৈ চকু গ’ল – ৫০০ গ্ৰাম হ’ব কি নহব কিজানি –
শীঘ্ৰেই তাৰো উত্তৰ পালো-
৫০ টকা হেনো এপাহ কবিত – বজাৰত সঁচাকৈয়ে জুই লাগিল দেই- 

ইয়াৰ পাছত আৰু বেলেগ কিবা শাক-পাচলিৰ ফালে চকু দিবলৈ সাহ নহল-

পাছে মোক খা মোক খা কৰি থকা আমকেইটা দেখি ৰব নোৱাৰিলো। ঘৰত থকা হ’লে কিজানি আমেই আম হ’লহেতেন। আবেলি নিমখ জলকীয়া দি খোৱা টেঙা আম,ভাতৰ লগত আমৰ চাটনি, মিক্সাৰ গ্ৰাইন্দাৰটোত গাখীৰেৰে সৈতে বনোৱা মেংগ মিল্কছেকৰ কথা মনলৈ আহি গল।  

অলপ সাহ গোটাই দোকানীজনক সুধিলো- “পাছে কেনেকৈ দিছে আম?’ মনতে ভাবিছো কিল’ ৭০-৮০ টকামান হ’লে লৈ যাম আৰু-

দাদা ৩০ টকা কিল’- লৈ যাওক লৈ যাওক.. ৰত্নাগিৰিৰ আম।
পাচলে কি ক’লে শুনা নহ’ল আৰু মোৰ। ৰত্নাগিৰিৰ আম হয়নে নহয় তাকো চিন্তা কৰা নহ’ল- 

দোকানীজনক ক’লো – দিয়া দিয়া- ভাল চাই ২ কিল’ আম দিয়াছোন-

বাকীবোৰ শাক পাচলি আমাৰ সাধ্যৰ বাহিৰত। এতিয়া আমিবোৰ “আম আদমিৰ” কাৰণে আমেই সকলো আৰু।

Sunday, June 2, 2013

জানমণি আৰু মই

জানমণি আৰু মই
~~~~~~~~~~~~~~
২০০৫ চনৰ জানুৱাৰি মাহৰ কথা। উচ্চ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিবলৈ হোস্টেলৰপৰা ঘৰলৈ আহিলো। সেই সময়তে বজাৰলৈ জানমণি নামৰ ভি চি ডি খন আহিল। দেউতাই অফিছৰপৰা আহোতে এদিন ঘৰলৈ জানমণিৰ চি ডি এখন লৈ আনিল।

জানমণি মোৰ লগতে ঘৰৰ সকলোৰে কাৰণে বিহু গানৰ প্ৰথম চি ডি। ২০০৪ চনত মৰমজান নামৰ চি ডি এখন ওলাইছিল যদিও চোৱাৰ সুযোগ পোৱা নাছিলো।

  জানমণি ভিচিডি চাই সকলোৰে লগতে মোৰো খুব আনন্দ লাগিল। বিশেষকৈ গান কেইটাই আৰু শ্যামন্তিকা শর্মাৰ বিহু নাচে বৰ বাৰুকৈয়ে আকর্ষিত কৰিলে। কেইবাবাৰো চালো দুদিন মানৰ ভিতৰতে। যেতিয়াই সুবিধা পাও ভিচিডি প্লেয়াৰ টোৰ আগত বহি যাও। ঘৰত বাকী থকা সময়খিনিতো টেপ ৰেকর্ডাৰটোত জানমণিৰ গানকে বাজি থকা হ'ল।
  মুখৰ ভিতৰতো গুনগুনাই থাকিবলৈ ল'লো-
 
       " সোণজনী নোসোধিবা তোমালৈ মোৰ
         মৰম আছে কিমান  - সাগৰৰ পানী যিমান"

সৰুতে ঘৰত বিহু গান এটা শুনিছিলো টেপ ৰেকর্ডাৰত - গানটো সম্ভৱ এনে আছিল -
     " যেতিয়া ফাগুণৰ বতাহ বলে
       মাজনী তোমালৈ মনত পৰে" -
মাৰ মুখত শুনিছিলো -- গানটো প্ৰথম শুনি খুৰা এজনে হেনো কৈছিল --
   "কোনোবা আছ যদি মোৰ গাত বিহ জলকীয়া এটা সানি দে ঐ "

এতিয়া জানমণিৰ গান কেইটা শুনিলেও যেন মোৰো সেই অনুৰূপ অনুভৱ হ'বলৈ ধৰিল। মা-দেউতাই দেখিলে - ল'ৰাৰ পঢ়াৰ পৰা ধাউতি গৈ দেখোন " ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ" তহে লাগিলগৈ ।ইফালে পৰীক্ষা সমাগত। কিবা এটা নকৰিলে নহ্য় দেখিছো।

এদিন টি ভি চাই থাকোতেই মায়ে ভালকৈ এজাউৰি দিলে। দৰৱে কাম দিলে হ'ব পায়। দুদিনমান ঠিকেই গ'ল। কিন্তু মই দেখিলো যে - নাই শ্যামন্তিকাৰ নাচ নোচোৱাকৈ থাকিব নোৱাৰি আৰু ।
পঢ়াৰ টেবুলত মন নবহা হ'ল- মা-দেউতাই টো বুজি নাপায় যে --

        "পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে
          এৰো বুলি কোনেও এৰিবতো নোৱাৰে
          মৰম আহে বাঢ়ে লাহে লাহে
          বুকু জহে খহে মনে মনে  "

কিমান আৰু জানমণিক নোচোৱাৰ বেদনা লৈ কিতাপৰ টেবুলত বহি থাকিম। সেয়েহে ল'ৰা আকৌ পঢ়া এৰি টি ভি ৰ আগত । আহিনিৰ জীয়েকে সঁচাকৈয়ে সেইপাত ভাল বাণ মাৰিলে মোৰ ওপৰত।  মায়ে দেখিলে কথা বিষম- কিবা এটা নকৰিলে যে নহ'ব ভালকৈয়ে বুজি পালে ।

পাছে মায়ে একোকে কৰিব লগীয়া নহ'ল -  এদিন দুপৰীয়া জানমণিৰ নাচ চাই থাকোতেই হ'ল নহয় অঘটনটো। থালৌং কৈ শব্দ এটা কৰি টি ভি টো বন্ধ হৈ থাকিল। লগতে চি ডি প্লেয়াৰটোও। কাৰেন্ট টোও গুছি গ'ল। গম পালো কিবা এটা যে হ'ল। মনে প্ৰাণে ভাবিলো যে চি ডি প্লেয়াৰটো আৰু টি ভি টো যাতে ঠিকেই থাকে। কিন্তু কাৰেণ্ট অহাৰ পাছতহে দেখিলো টিভিটো দেখোন স্টার্টেই নহয়। পাছত গম পালো "high voltage" অহা বাবে টিভি আৰু চিডি প্লেয়াৰ দুইটাই বেয়া হৈছে, মেকানিকে পৰীক্ষা কৰি ক'লে ভিতৰৰ চার্কিট হেনো জ্বলি গ'ল । হিয়া উজাৰি ASEB' ক গালি পাৰিলো।

মা-দেউতাই মোৰ কান্ড কাৰখানা দেখি পৰীক্ষা শেষ হৈ নোযোৱালৈকে টিভি ভাল নকৰাৰ সিদ্ধান্তকে ললে ।উপাইহীন হৈ ময়ো জানমণিৰ স্মৃতিৰ বেদনাকে লৈ গধুৰ মন এটা লৈ পঢ়াত মন দিবলৈ ধৰিলো পাছে প্ৰথমকেইদিন বৰ কষ্ট হ'ল-
যেন--
          "ঐ ফুল মৰহিলে সুবাস থাকি যাব
           স্মৃতিৰ বেদনাই কন্দুৱাই থাকিব
           চকুৰ পানী পৰি জান জুৰি ব'ব
           সাত সতৰুৱে বৰশী টোপাব"

এতিয়া কথাবোৰ মনত পৰিলে ভাবো --
" সেয়া মৰম নাছিল যদি আছিল নো কি? "


Saturday, June 1, 2013

তৎকাল



“এই irctc চাইটটোৱে মাথা নষ্ট কৰি দিব দেই” 
অথনিয়েপৰা ভাৰতীয় ৰেল’ৰ ৱেবছাইতটোত টিকট এটা কাটিবলৈ যত্ন কৰি থকা নৃপেনে ক্ষোভত চিঞৰি উঠিল—

খঙ উঠাটো স্বাভাৱিক। ১০ বাজিবৰপৰা আধাঘন্টামানেই হ’ল সি লাগি আছে দিল্লীৰপৰা গুৱাহাটীলৈ তৎকাল টিকট এটা বুক কৰিবলৈ । কিন্তু টিকট বুক কৰাতো দূৰৰেই কথা ছাইতটোৱে আনকি খোলা নাই। এই তৎকাল টিকট বুক কৰা কামটোও বৰ সহজ নহয়। “লগ ইন” হোৱাৰ পাছত আৰু ছাইতটো অচল হৈ যায়। বেছিভাগ সময়তে “service unavailable” দেখুৱাই। মাজে মাজে দুই তিনি পেজ মান যোৱাৰ পাছত আকৌ সেই “service unavailable”। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই।

খঙতে নৃপেন উঠি আহিল কম্পিউটাৰৰ সম্মুখৰপৰা । “নাই ইয়াত আৰু নহব বুজিছ। এজেন্টক ক’ব লাগিব। তাতো যদি নহয় তেতিয়া হলে লাস্ট অপছন ফ্লাইট। নহলে মোৰ আৰু ছোৱালী চোৱা নহ’ব।“ -  নৃপেনে হাত দাঙি দিলে।  

নৃপেনৰ মাকেই সিদিনা খবৰ দিলে যে তাৰ কাৰণে বিয়াৰ এটা প্ৰস্তাব আহিছে। ভাল ঘৰৰেই ছোৱালী। ছোৱালীজনীও দেখাই শুনাত ভাল। ঘৰত সকলোৱে পচন্দ কৰিছে। সেয়েহে সি হেনো আহি চাই যাবহি লাগে। সি যদি পচন্দ কৰে তেতিয়া হলে মাক বাপেকে বাকী কামত আগবাঢ়িব। ছোৱালীজনীৰ ফ’ট অৱশ্যে সি নেদেখা নহয়। ফেচবুক’ত তাইৰ প্ৰফাইললৈ গৈ সি তাইৰ ফ’ট চাইছিল। ভালেই লাগিল তাৰ । মিলি যাব তাৰ লগত।তথাপিতো নিজৰ চকুৰে দেখাৰ সমান আন কিবা হ’ব পাৰেনেকি।

 পাছে মাক দেউতাকে জোৰ দিয়াৰ আন এটা কাৰণো আছে। তাক কোৱাৰ আগতেই মাক দেউতাকে ছোৱালীৰ কোষ্ঠী আনি জ্যোতিষীক দেখুৱাইছিল। তেতিয়াই গম পালে যে সিহঁত দুয়োটাৰ যোৰাটো বোলে কিবা ৰাজ’যোৰা হ’ব। বৰ ভাল যোৰা হেনো।আগলৈ সংসাৰ সুখৰ হ'ব।গতিকে মাক দেউতাকৰ মতে শীঘ্ৰেই কামত আগবাঢ়িব লাগে। শুভকামত পলম নহয়। সেয়েহে তাৰ এতিয়া ঘৰলৈ যাবলৈ তৎকালৰ টিকট লৈ এই লৰাঢপৰা

 "ঐ তোৰ ওচৰত এজেন্টৰ ফ’ন নাম্বাৰ আছেনেকি?" নৃপেনে ৰুমমেট দিগন্তক সুধিলে। দিগন্তই প্ৰায়ে এজেন্টৰ হতুৱাই টিকট কৰায়। এতিয়া নৃপেনে বিছৰাত পুৰণি ডায়েৰী এখনত খুচৰি খুচৰি দিগন্তই এজেন্টৰ ফ'ন নাম্বাৰ বিচাৰিবলৈ লাগিল। এই দিগন্তটোও আৰু দেই। এই স্মার্ট ফ'নৰ যুগতো সি ফ'ন নাম্বাৰ ৰাখিছে ডায়েৰীত। ফ'তকৰে তাৰ মাকলৈ মনত পৰি গ'ল। আগতে মাকেও ফ'নৰ কাষতে থকা কেলেন্ডাৰৰ চুককেইটাতে মানুহে দিয়া ফ'ন নাম্বাৰ বিলাক লিখি পেলাইছিল। মামা বা জেঠাইৰ ঘৰৰ ফ'ন নাম্বাৰ বিচাৰিলে সেই কেলেন্ডাৰখনলৈকে ঘৰৰ সকলোৰে প্ৰথমে চকু গৈছিল। 


  অলপ পাছত দিগন্তই নাম্বাৰ বিছাৰি পালে। কেইবাটাও এজেন্টৰ ফ'ন নাম্বাৰ দিগন্তই নৃপেনক দিলে।  নাম্বাৰ লৈ এইবাৰ নৃপেন এজন্টৰ পাছত পৰিল। পাচে তাতো দুর্দশা। দুই এজনে প্ৰথমতে আগ্ৰহ কৰিলেও পাছত এটীয়া টিকট বুলি জানিব পাৰি পিচ হোঁহোকিল ।লাভ লোকচানৰ সমীকৰণটোত এটীয়া টিকটত তেঁওলোকৰ বিশেষ লাভ নহয়। সেয়েহে এই অনিচ্ছা। 

 উপায় নাপাই নৃপেন আকৌ কম্পিউটাৰৰ সম্মুখতে বহিলহি। এইবাৰ যেন আগৰবাৰতকৈ অলপ ভাল। লাহে লাহে ছাইটটো খুলিছে। হওক তেও ছাইটটো খুলিছে যে। কিন্তু বুকিংৰ পেজটো খুলিলতহে সি দেখিলে যে ইতিমধ্যেই সকলো চিট বিক্ৰী হৈ গৈছে। ৱেইটিং লিস্ট আৰম্ভ হৈ গ'ল। তাৰমানে এইবাৰো তৎকাল নেছেল।মানে তাৰ সকলো প্লেন পণ্ড।

 নাই এই তৎকালত টিকট নাপালে কাৰণেই সি ঘৰলৈ নোযোৱাকৈ থাকিব নেকি? ভাল ছোৱালী এজনী পাইছে ।ৰেলত টিকট নাপালেই বুলিয়েই সি এতিয়া হাতৰপৰা এনে এটা প্ৰস্তাব যাবলৈ দিব নোৱাৰি নহয়। ফ্লাইটতেই সি যাবগৈ। অলপ পইছা খৰছ হ'ব আৰু। একো নাই ।ক্ৰেদিত কার্ড আছে যেতিয়া চিন্তা নাই। অহা মাহত হিচাপ অলপ মিলাই চলিব লাগিব। দুই-তিনিদিন পার্টি নকৰিলেই ওলাই যাব ফ্লাইটৰ টিকটৰ দাম । 

এইবাৰ নৃপেনে কম্পিউতাৰত টাইপ কৰাত লাগিল --
  "www.yatra.com"

 

Friday, May 31, 2013

পুৰুষৰ চিট বনাম মহিলাৰ চিট

কেইদিনমানৰ আগৰ কথা। DTC ( delhi transport corporation) ৰ এখন বাছেৰে নয়দালৈ গৈ আছিলো। সন্ধিয়া সময়। ভীৰ যথেষ্ট বেছি। এই গেলা গৰমতো মানুহৰ ঠেলা হেঁচা চিঞৰ বাখৰ। গালেৰে বৈ অহা ঘাম মুচিবলৈ হাতখন ওপৰলৈ নিবলৈও যেন অলপ ঠাই নাপাম। বৰ অশান্তি লাগিছিল।

    এনেতে হুলস্থুল শুনাত আগফালে চাই দেখিলো  - এগৰাকী মহিলাই মহিলাৰ আসনত বহি থকা এজন পুৰুষ যাত্ৰীক উচ্চ সুৰত কথা শুনাই আছে। গম পালো পুৰুষ যাত্ৰীজনে মহিলাৰ বাবে সংৰক্ষিত আসনখন এৰি দিবলৈ মান্তি হোৱা নাই। মহিলাগৰাকিও কম নহয়- এৰি দিয়া নাই – চিঞৰি চিঞৰিয়ে পুৰুষ যাত্ৰীজনক গালি পাৰিবলৈ ধৰিলে , ওপৰত লগাই থোৱা “মহিলাৰ বাবে” লেবেলটোলৈ আঙুলিয়াই কবলৈ আৰম্ভ কৰিলে সেই আসনৰ ওপৰত থকা মহিলাৰ চৰকাৰ প্ৰদত্ত অধিকাৰৰ কথা।

শেষত উপায় নাপাই পুৰুষ যাত্ৰীজনে আসনখন এৰি দিবলৈ বাধ্য হ’ল। কিন্তু তেও সহজে মহিলাগৰাকীক এৰি নিদিলে। তেও চিঞৰিয়ে মহিলাগৰাকীক কলে ‘মহিলালৈ নির্ধাৰিত আসনত বহিলে আমাক যে আপোনলোকে আসনৰপৰা উঠাই দিয়ে, পুৰুষৰ আসনত বহিলে আপোনালোকক কেতিয়াবা কোনো পুৰুষে উঠি দিবলৈ কোৱা দেখিছেনেকি?”

এইবাৰ মোৰ অবাক হোৱাৰ পাল। ইমান বছেৰে মই  বাছে ট্ৰেইনেৰে ফুৰিছো - মহিলা আৰু বিকলাংগৰ বাবে সংৰক্ষিত আসন দেখিছো কিন্তু পুৰুষৰ বাবে সংৰক্ষিত আসন আজিলৈকে দেখা নাই।

 এইবিধ আকৌ কেতিয়াৰপৰা আহিল --

পাছত গম পালো। সকলোৰে বাবে মুকলি পাচফালৰ আসনকেইখনক যাত্ৰীজনে পুৰুষৰ বাবেই সংৰক্ষিত বুলি ভাবি লৈছিল ।

Wednesday, May 29, 2013

ককা আৰু নাতি

ককা কমলা কুঁৱৰীৰ সাধুটো কওকচোন ।
ককাৰ সাধুকথা আৰম্ভ হৈ যায় -
            "কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীনো কিমানে হ'ল
             স্বর্গদেউ ঈশ্বৰ স্বর্গদেউ ঈশ্বৰ পানী একাঠু হ'ল-----"

ককা এইবাৰ "তেজীমলাৰ" সাধুটো কওক --
ককাই সুৰ লগাই লগাই তেজীমলাৰ কাহিনী কৈছিল
            "হাতো নেমেলিবি ফুলো নিচিঙিবি, ক'ৰে নাৱৰীয়া তই
            পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই"

আৰু এশ এটা সাধুকথা। ককাৰ মুখত এই সাধুকথাবোৰ বাৰে বাৰে শুনিলেও যেন কেতিয়াও আমনি নালাগিছিল। ককাৰো যেন কেতিয়াও সাধুকথা কৈ আমনি নালাগিছিল। সদায় হাঁহি হাঁহি বৰ উৎসাহেৰে আমাক সাধু শুনাইছিল।
             

কি যে মৰম কৰিছিল আমাক। আমিও যেন এখন ঠেং সদায় ককাৰ ঘৰলৈ যাবলৈ দাঙি থৈছিলো। গৰম বন্ধ, পূজা বন্ধ বা বছেৰেকীয়া পৰীক্ষাৰ পাছত পোৱা বন্ধই নহওক, বন্ধত ককা-আইতাৰ ঘৰলৈ ধাপলি মেলিছিলো। তেতিয়া আৰু আমাক কোনে পাই। কবলৈ গলে সেইকেইদিন উঠি ৰজা বহি ৰজা। যি ইচ্ছা যায় তাকে কৰিছিলো।


 মাঘৰ বিহুত উৰুকাৰ দিনা ককাৰ ঘৰত থকাটো আমাৰ কাৰণে অঘোষিত পৰম্পৰা হৈ পৰিছিল। ককায়েও আমি যাম বুলি জানি প্ৰত্যেক বছৰতেই আগৰেপৰাই প্ৰস্তুতি চলাইছিল। ঘৰৰ চোতালতে ভেলাঘৰ সাজি দিছিল। ভেলাঘৰত মাটিত খেৰ পাৰি বহিব আৰু শুব পৰা কৰি দিছিল। গোটেই ৰাতিটোলৈ যাতে জুৰে তাৰ হিচাপত আগতিয়াকৈ পাছফালৰ বাৰিৰে পৰা গছৰ ডাঙৰ মুঢ়া আৰু খৰিৰ ব্যৱস্হা কৰিছিল। উৰুকাৰ দিনা ভেলাঘৰত আমাক জুই ধৰি দিছিল । লগতে লৈ আনিছিল বিবিধ প্ৰকাৰৰ আলু আৰু জুইত পুৰি আমাক সেই আলুৰ সোৱাদ লবলৈ দিছিল। ইফালে ঘৰৰ ভিতৰৰপৰা আইতাৰ আনলিমিটেড পিঠা-পনাৰ চাপ্লাইটো আছিলেই। ভোজ খোৱাৰ পাছত জুইৰ আঙঠাৰ তাপতে আমি খেৰৰ ওপৰত পাৰি দিয়া বিচনাত পৰি টোপনি গৈছিলো। ককাই গোটেই ৰাতি আমাক ৰখি থাকিছিল। আইতা ভিতৰত পিঠা-পনা পোৰাত ব্যস্ত আছিল। পাছদিনা পুৱতি নিশাতে ককাই আমাক টোপনিৰপৰা জগাই গৰম পানীৰে গা পা ধোৱাই নাম ঘৰলৈ লৈ গৈছিল। নাম ঘৰত গাঁৱৰ ৰাইজে একেলগে মেজি জ্বলায়। মেজিৰ জু্‌ইত তামোল পানৰ সৈতে এটকীয়া বা পঞ্চাশ পইছাৰ মুদ্ৰা দলিয়াই দি সেৱা কৰিছিলো আৰু পাছত মেজিৰ কাষতে বহি নাৰিকলৰ সোৱাদ লৈছিলো। 


ককা আইতাৰ ঘৰলৈ গলে ককাৰ লগত প্ৰায়েই গাওঁ ফুৰিবলৈ গৈছিলো। সচা কবলৈ গলে ককাৰ লগত এনেদৰে গাও ফুৰা চকা কৰোতেই কিজানি গাঁৱৰ বেছিভাগ মানুহৰ লগত মই চিনাকি হৈছিলো।  আলহীৰ ঘৰত ককাৰ লগতে আমিও লাল চাহ আৰু তামোলৰ জুটি লৈছিলো। জাৰৰ দিনত কেতিয়াবা কেতিয়াবা ন খাবলৈও গৈছিলো। মাজ চোতালত থৈ দিয়া লেন্ঠনৰ পোহৰত ককাৰ কাষতে বহি ন চাউলৰ ভাত খাইছিলো। লগত ৰাইজৰ মাজত হাঁহিৰ খলকনি তোলা ধেমালিৰ ৰস।  গাঁও ফুৰি ৰাতি ৰাতি আন্ধাৰ নিজান গাৱঁৰ ৰাস্তাইদি ঘৰলৈ ঘুৰি আহোতে খুব ভয় লাগিছিল। ককাৰ হাতখন জোৰেৰে খামোচ মাৰি ধৰিছিলো আৰু চকুমুদি ককাৰ ওপৰত ভৰসা কৰিয়েই খোজ দিছিলো। বিশেষকৈ আহঁত বা বৰ গছৰ তলেদি আহোতে মই কিজানি চকু ভুলতেও মেলি চোৱা নাছিলো।   


অসমীয়া পৰম্পৰাৰ একো এটাকে যাতে আমি বাদ নিদিও নকৰো তাৰ ওপৰত ককাই সদায় চকু দিছিল। প্ৰত্যেক বছৰতেই যাতে আমি চুঙা চাউল খাও তাৰ বাবে ব্যৱস্হা কৰিছিল। কেতিয়াবা কিবা কাৰণত আমি ককা আইতাৰ ঘৰলৈ যাব নোৱাৰিলে ককাই পাছদিনা ৰাতিপুৱাই বাছ ধৰি আমাৰ ঘৰ ওলাইছিলহি। লগত লৈ আনিছিল অসংখ্য বাঁহৰ চুঙা আৰু গাখীৰ। ঠিক তেনেদৰে বাৰিৰ গছত ফলমূল পকিলেও ককাই সযতনে আমালৈ সেয়া লৈ আনিছিল। মোনাৰপৰা উলিয়াই দিছিল পকি মোক খা মোক খা কৰি থকা আম,কঠাল, লেটেকু,পনিয়ল আদি বাৰিত লগা ফলমূল বিলাক।


মাজে মাজে ককাই বাৰিৰ শাক পাছলি বা ফলমূল বেপাৰীক বেচা মেলা কৰিছিল। তাত পোৱা টকাকেইটা ককাই সযতনে সাঁচি ৰাখিছিল। ককাৰ ঘৰলৈ গলে বা ককা আমাৰ ঘৰলৈ আহিলে হাততে সেই টকা গুজি দিছিল। যেন তাৰ ওপৰত কেৱল নাতিৰহে অধিকাৰ। তেতিয়া ককাৰ চকুত দেখিছিলো এক বুজাব নোৱাৰা আনন্দ। তেনেদৰে ককাৰ বৃদ্ধ পেন্সনৰ ভাগো আমি নাতিকেইটাই পাইছিলো। চাকৰি কৰাৰ পাছতো যেতিয়া ককাৰ ওচৰলৈ গৈছিলো তেতিয়াও ককাই সাঁচতিৰপৰা আলফুলকৈ অতদিনৰেপৰা সাঁচি ৰখা টকাকেইটা মোলৈ উলিয়াই দিছিল। কেতিয়াবা ২০-৩০ টকা কেতিয়াবা ১০০-২০০ টকা। কিন্তু সেই টকাকেইটাৰ আৰত থকা আনন্দ জানো  এম. এন. চি. ত কাম কৰি  মাহৰ শেষত পোৱা মোটা দৰমহাটোৱে মোক দিব পাৰিছিল। মৰমৰ তুলাচনীত যে ককাৰ সেই টকাৰ ভৰ মোৰ দৰমহাতকৈ শতগুণে বেছি।


ককাই আমাক প্ৰায়েই সাধু কৈছিল। আমিও ককাৰ সাধু শুনি বেচ ৰস পাইছিলো। ৰাতি ককাৰ লগত শুবলৈ দাদা আৰু মই প্ৰায়েই কাজিয়া কৰিছিলো। গৰমৰ দিনত ৰাতি বিছনাত ককাই বিচনীৰে বিচি বিচি সাধু শুনাইছিল। কমলা কুঁৱৰীৰ সাধুতো ককাৰ বৰ প্ৰিয় আছিল বোধহয়। বাৰে বাৰে শুনা স্বতেও আমাৰ আমনি নালাগিছিল। কিন্তু ককাই সাধুকথাতকৈ বেছিকৈ তেওৰ জীৱনৰ কাহিনীবিলাকহে কৈছিল । কেনেকৈ বেপাৰ কৰিছিল,দেউতাক কষ্ট কৰি পঢ়োৱাইছিল,  ইত্যাদি অনেক কথা।


সদায় যে ককা আৰু আমাৰ একেটা সুঁতিৰে পানী বৈছিল সেইটোও সত্য নহয়। কেণাটো লাগিছিল যেতিয়া ককা আমাৰ ঘৰলৈ আহে। ককা আমাৰ ঘৰলৈ আহিলে প্ৰায়ে ঘূৰি যাবলৈ আহে। থাকিলেও দুই এদিনতকৈ বেছি নাথাকে। আমি ককাক ৰাখিবলৈ বহুত বুদ্ধি সাজিছিলো। ককাৰ চোলা,চুৰিয়া লুকোৱাই থৈছিলো, ঘড়ীৰ সময় পিছুৱাই থৈছিলো যাতে ককাই বাছ ধৰিবগৈ  নোৱাৰে ইত্যাদি অনেক কিবা কিবি। ককায়ো আমাৰ লগত মাজে মাজে জেদ ধৰিছিল। কিন্তু ক্ষন্তেকৰ বাবেহে। মুহূর্ততে আকৌ আমি আগৰদৰেই ককা নাতি হৈ পৰিছিলো।


ককাই আমাক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল। সুবিধা পালেই গাঁৱৰ মানুহৰ আগত আমাৰ প্ৰশংসা কৰিবলৈ নেৰিছিল। পৰীক্ষাত কোন ডিভিজনত পাছ কৰিছো তাৰ খবৰ ককাৰ নখ দর্পণত আছিল।


এদিন ককাক সুধিছিলো “ ককা আটাইকেইটা নাতিৰ ভিতৰত আপোনাৰ কাক ভাল লাগে”
ককাই ধেমালিতে হাঁহি মাৰি কৈছিল “জী নাতি জপনা কাতি, পো নাতি ধৰে ছাতি”

কিন্তু মোৰেই দুর্ভাগ্য - আমাক এৰি থৈ যোৱাৰ সময়ত ককাক মই মাত এষাৰো দিব নোৱাৰিলো -- ককা  ঢুকোৱাৰ খবৰটো পোৱাৰ পাছত বহুত দেৰিলৈকে কাণত ককাই কোৱা কথাফাঁকি বাজি থাকিল -
  " -- পো নাতি ধৰে ছাতি "  

(আজি আৰু ককা আমাৰ মাজত নাই। কিন্তু ককাৰ এই কথাবিলাকে দেখোন মনত বৰকৈ খুন্দিয়াইছেহি। ককাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই প্ৰার্থনা কৰিলো)


বেবেৰিবাং


মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পাছত বিজ্ঞান শাখাত নাম লগালো।আগৰ কেৱল এখন বিজ্ঞানৰ পাঠ্যপুথিৰ ঠাইত পদার্থ বিজ্ঞান,ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানৰ দেখিলেই ভয় লগা কিতাপে ঠাই ললে।

দ্বিতীয় বার্ষিকলৈ পোৱাৰ লগে লগে  থিঅৰি ক্লাছৰ লগতে প্ৰেক্টিকেল ক্লাছো আৰম্ভ হ’ল। লেব’ত এপ্ৰন পিন্ধি "ছল্ট টেস্ট" কৰোতে নিজকে কিবা ডাঙৰ বিজ্ঞানী বুলি ভবা হলো। যেন এই হঠাৎ কিবা এটা জগত টোলপাৰ লগোৱা বস্তু আৱিস্কাৰ কৰিম। টোলপাৰ লগাবলৈ কিবা আৱিস্কাৰ কৰিলো নে নাই সেয়া মই নাজানো পিছে ৰসায়ন বিজ্ঞানৰ লেব’ত লগৰ দুটামানৰ লগত টেস্ট টিউব ভঙাৰ ৰেকর্দ কৰি কলেজত যে টোলপাৰ লগাইছিলো সেয়া ঠিক মনত আছে। প্ৰিন্সিপাল চাৰে এবাৰ লেবলৈ আহি কিবা ৱার্নিং দিয়া কথাও মনত পৰে।

এতিয়া আহো আচল কথাটোলৈ । জীৱবিজ্ঞানৰ প্ৰেক্টিকেল’ৰ ক্লাছত আমাক ভেকুলী  কাটিবলৈ শিকোৱা হৈছিল। টেবুলৰ সোঁমাজতে ওলোটাকৈ পেলাই পেটটো কাটি দিয়াৰ পাছতো বহুত সময়লৈকে ভেকুলী টোৰ হৃদযন্ত্ৰটো উঠা নমা কৰি থাকিছিল। তাকে দেখি বাকিবিলাকৰ কি ভাব হৈছিল নাজানো মোৰ কিন্তু একেবাৰেই ভাল লগা নাছিল। ক্লাছত উৎপাত কৰিব পাৰো, ক্লাছৰপৰা পলাব পাৰো, দীপাৱলিত শিক্ষকে নেদেখাকৈ আলু বম ফুটাব পাৰো কিন্তু এই কটা মেলা কথা কলেই মোৰ হাত ভৰি পেটতে লুকাইছিল।

অশান্তিৰ আন এটা কাৰণো আছিল। প্ৰেক্টিকেলৰ কাৰণে ভেকুলী ছাত্ৰ ছাত্ৰীয়ে নিজেই যোগাৰ কৰিব লগীয়া হৈছিল। মই তেতিয়া হোস্টেলত আছিলো। হোস্টেল’ত থকাৰ বাবে ময়ো নিজেই ভেকুলী  যোগাৰ কৰিব লগা হৈছিল। কৰবাত ভেকুলীৰ টোৰ-টোৰনি শুনিলেই ছার্ক মাছে তেজৰ গোন্ধ পালেই চিকাৰৰ সন্ধানত যোৱাৰ নিচিনাকৈ দৌৰি গৈছিলো ভেকুলী ক’ত আছে বুলি বিছাৰি।

সেইসময়ত ভেকুলী ধৰিবলৈ গলে হাতত পলিথিন পিন্ধি লৈছিলো। ভেকুলী ধৰিবলৈ ঘিণ নলগা নহয়।কিন্তু পলিথিন পিন্ধাৰ অন্য এটা কাৰণো আছিল। ভেকুলী ৰ মূত যাতে হাতত নপৰে। মানুহে ভেকুলী  ধৰিলে ভেকুলী য়ে ৰক্ষা পাবলৈ হাততে মূতি দিয়ে। আৰু ধৰিবলৈ যোৱাজনেও যদি আগতিয়াকৈ প্ৰতিকাৰ নলয় তেন্তে স্বাভাবিকতেই তেও ভেকুলী টো এৰি দিব লগাত পৰে। ভেকুলীৰ মূতেৰে হাত লেতেৰা কৰাতকৈ ভেকুলীটোকে এৰি দিয়া ভাল। সেই সুযোগতে ভেকুলীয়ে পলাই পত্ৰং দিয়ে। অথাৎ কবলৈ গলে  মূত্ৰ বিসর্জনেই হৈছে ভেকুলীৰ আত্মৰক্ষাৰ উপায়।

এতিয়া ভেকুলীৰপৰা ভূতৰ কথালৈ আহো ।  কালি অ ক ব’ত এটা ভৌতিক গল্প পঢ়াৰ পাছত এনেয়ে লগৰ এজনৰ লগত ভূতৰ বিষয়ে কথা পাতি আছিলো। ভূত আছেনে নাই, যদি আছে ভূত দেখিবলৈ কেনেকোৱা, ভূতৰ কিহ’লে ভয় ইত্যাদি কথাবিলাক। কথা প্ৰসংগত বন্ধুজনেই উল্লেখ কৰিলে যে ভূতৰ হেনো প্ৰস্ৰাৱলৈ ভয়। সৰিয়হ, কটাৰীৰ কথা শুনিছিলো কিন্তু প্ৰস্ৰাৱৰ কথা মই জনা নাছিলো। কথাষাৰ শুনি চাৎকৰে কথা এষাৰ মনলৈ আহিল ..আমি যে প্ৰায়েই এষাৰ কথা কও বা শুনা পাও  “আমুকে সেইদিনা ভূতৰ ভয়তে মূতি দিলে” তাৰমানে ভূতৰ পৰা বাছিবলৈহে ভয় খোৱা মানু্হজনে মূতি দিয়ে নেকি বাৰু? মানুহক ভয় খোৱাবলৈ আহি মানুহে মূতা দেখি ভূতে নিজেই ভয় খাই যায় আৰু মুহুর্ততে হৰলুকি মাৰে। বেঁজক খৰে খালে বুলি ইয়াকে কৈ চাগে ।

অভিজ্ঞতা নথকাৰ বাবেই মই এই কথাষাৰৰ সত্যতাৰ ওপৰত অভিমত ৰাখিবলৈ অপাৰগ। কেৱল চিনেমা বা সাধুকথাতহে আজিলৈকে এ্নে কথা শুনি আহিছো। কিন্তু যদিহে কথাষাৰ সঁচা হয় তেন্তে মানুহে ভয়তে মূতি দিয়া আৰু ভূতৰ মূতলৈ ভয় এই দুয়োটা কথাৰ মাজত যে কিবা সমন্ধ আছে তাক নুই কৰিব নোৱাৰি। নিজে বাচিবলৈ ভেকুলীয়ে মূতি দিয়াৰ নিচিনাকৈ মানুহেও আত্মৰক্ষাৰ হেতু ভূতৰ ভয়ত মূতি দিয়ে বুলি কলে ভুল কোৱা নিশ্চয় নহব ।

যদি সেয়াই সত্য তেনেহ’লে ভয়তে মূতি দিয়া মানুহজনক অলপধতুৱা বুলি ঠাট্ৰা কৰাতকৈ তেখেতে যে ভূতকো “এন্টিজেক” দিব পাৰিলে তাৰ বাবে তেওৰ উপস্হিত বুদ্ধিক ( যদিও সেয়া  স্বতঃস্ফুত) আমি প্ৰশংসাহে জনোৱা উচিত। ।

Monday, May 27, 2013

ৰিকি চানলৈ যাবা ???


কালি আবেলি ঘৰলৈ যাবলৈ আহি বাছৰ অপেক্ষাত পাণবজাৰৰ বাছ স্টপ টোত ৰৈ আছো। অলপ পাছতে ওচৰতে ছোৱালী দুজনী আহি ৰলহি। সাজ পোছাকে দেখাত ভাল ঘৰৰ ছোৱালী যেনেই লাগিল। ইফালে বাছৰ দেখা দেখিয়ে নাই। ছোৱালী দুজনীৰ এই গেলা গৰমত বাছৰ কাৰণে ৰ'দত থিয় হৈ হৈ বোধহয় আমনি লাগিল। পেচেন্জাৰলৈ বুলি ওচৰতে ৰৈ থকা অটো'ৰিক্সা চালকজনক সুধিলে " ৰিকি চানলৈ যাবা??"


মই একোকে বুজি নাপালো। কোন এ্ই ৰিকি?? আৰু এই যে ক’লে চানলৈ বুলি মইতো আজিলৈকে গুৱাহাটীত এনে ঠাইৰ নাম শুনা নাই। একেবাৰে SUN 'ৰ কথাই কলেনেকি বাৰু?? দুয়োজনীৰে তাঁৰ দুডালমান ধিলা আছে চাগৈ । মনতে ভাবিলো। কিন্তু মোক আচৰিত কৰি অট’ চালকজনে ছোৱালীকেইজনিক যাম বুলি কৈ অট’ স্টার্ট দিলে আৰু ছোৱালীকেইজনীৱেও অটো'ত উঠি গলগৈ।মই চাই থাকোতেই গল।


 নিজৰেই আচৰিত লাগিল। অট’ চালকজনেও দেখোন জানে ঠাইটুকুৰাৰ কথা। মানে সচাকৈয়ে চান নামৰ ঠাই এডোখৰ এই গুৱাহাটীতে আছে। নিজৰ এই গুৱাহাটীতে নিজকেই কিবা অচিনাকী অচিনাকী যেন লাগিল। বাছত আহি থাকোতে লগৰজনক সুধিম বুলি ভাবিও নোসোধিলো। সেইটো কথাকে নাজানো বুলি যদি ঠাট্ৰা কৰে। নাই মান সম্মান হেৰুৱাব নোৱাৰি। তাতকৈ ঘৰত গৈ আজি গুগ’ল মেপতে চাব লাগিব ক’ত এই চান ঠাইটুকুৰা আছে। ঘৰত আহি চালো। নাই নাপালো এ্ই চান  নামৰ ঠাইটুকুৰা। মনতে ভাবিলো " এতিয়াও আমাৰ এই গুৱাহাটীৰে বহুত ঠাই আপডেট কৰিবলগীয়া আছে দেই গুগ'ল মেপত। ভাবি ওৰ নাপালো ক’ত থাকিৰ পাৰে এই ঠাইকণ।


পাছত ঘৰত ৰাতি ভাতৰ পাতত কথাটো উলিয়াওতেহে উৰহীৰ ওৰ ওলাল ।

ক্লাছ নাইন'ত পঢ়া খুৰাৰ লৰাতোয়েই মোৰ কথা শুনি ধেক ধেকাই হাঁহি ক'লে .."ছোৱালীকেইজনী চাগৈ ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ে। মডার্ণ ছোৱালী। আজিকালি হেনো তাহাতি ইস্টাইলতে অটো'ৰিক্সাক ৰিকি বুলি আৰু চান্দমাৰিক চান বুলি কয়। সেয়েহে অট'ৰ চালক জনক চান্দমাৰিলৈ যাৰ নে নাযাই সুধিবলৈকে কৈছিল "ৰিকি চানলৈ যাবা ??"


হয়তোন তেনেকৈ নোসোধিলে লগৰ ল’ৰা ছোৱালীয়ে গাৱঁলীয়া ভূত বুলি নাহাঁহিব নেকি কিবা তাঁহাতক ? প্ৰেচতিজ বোলা কথা এটাও থাকে নহয়।

 কথাতো শুনি সৰুতে পঢ়া কৌতুক এটাৰ কথা মনত পৰি গ’ল। কৌতুকটো আছিল এনেধৰণৰ--
  দেউতাক : মাজনি আজিকালি তুমি যে মোক “পাপা” বুলি নকৈ ‘দেদ্দি” বুলি কোৱা?
  মাজনি: “পাপা” বুলি ক’লে উঠ কেইটা লাগি যায় আৰু লিপস্টিক এৰাই যায় কিন্তু দেদ্দি বুলি ক’লে সেয়া নহয়। সেইকাৰণেই পাপাৰপৰা দেদ্দিলৈ এই পৰিবর্ত্তন”

 কথাটো মনত পৰিলত ময়ো মুখৰ ভিতৰতেই এনেই দুবাৰমান আওৰাই চালো “ৰিকি চানলৈ যাবা?

ইউৰেকা!!!! ইউৰেকা!!!  এতিয়াহে যেন উৰহীৰ ওৰ ওলাই পৰিছে। ৰিকি বা চান বুলি ক’লেচোন উঠকেইটা লগ নালাগে কিন্তু চান্দমাৰি বুলি ক’লে দেখোন লাগি যায়। তাৰমানে কথাটো সেইটোয়েই নেকি বাৰু ।

"এই মডার্ণ ছোৱালীবিলাক কিন্তু সাংঘাটিক ইনজেনিআছ দেই!!!"

মোৰ অজানিতেই মূখৰপৰা অতর্কিতে কথাষাৰ ভাতৰ পাততে ওলাই গ'ল। তেতিয়াহে মন কৰিলো যে খোৱা বাদ দি সকলোৰে চকু দেখোন মোৰ ওপৰত। অলপ যেন সময় লাগিল তেওলোকৰ কথাষাৰৰ গুৰি ক'ত বুজিবলৈ?  অলপ পাছত মায়ে ক'লে "হ'ব দে চিন্তা কৰিব নালাগে। তোলৈ তেনেকোৱা চানলৈ,মুনলৈ যোৱা এজনীকে আনিব লাগিব।"

হে হৰি। দিন কাল বৰ বেয়া চলিছে দেই!!! মান ভন্ঞ্জনৰ দিন আছিল নেকি বাৰু আজি। কেলেন্ডাৰখন চাব লাগিছিল ৰাতিপুৱাই। চিঞৰিয়ে মাক কলো -

"সেই কিনো কথাবোৰ কৈ থাকে জানো । মাংস অলপ দিয়ক । ভাল বনাইছে আজি মাংস "