যোৱাকালি এখন গাঁৱৰ ঘৰলৈ গৈছিলো৷ আমি তা পাওগৈ মানে সন্ধিয়াই লাগিছিল৷
চাৰিওফালে সেউজীয়া ধাননি পথাৰৰ মাজত নতুনকৈ সজা এটা সৰু ঘৰ৷ লাইট আছিল যদিও আমি গৈ
পোৱাৰ অলপ পাছতেই লাইট গ’ল৷
বাহিৰৰ পৰিবেশটো ভাল লগাত ভিতৰৰপৰা চকী এখন আনি বাহিৰতেই বহিলো –
এটা সম্পূৰ্ণ গাৱলীয়া পৰিবেশ৷ পথাৰৰপৰা অনবৰতে ৰিবৰিব কৈ এজাক চেঁচা
বতাহ বৈ আছিল৷ গা-মন জুৰ পেলাই দিয়া এজাক নিৰ্মল বতাহ৷ চাৰিওফালে অন্ধকাৰ৷ দূৰৈত
কাৰোবাৰ ঘৰত ঢ়িমিক ঢ়ামাক কৈ চাকি জিলিকিছে৷জোনাকি পৰুৱাবিলাকেও তাৰ মাজতে দেও দি
দি নাচি উৰি ফুৰিছে৷ পৰিবেশটো আৰু মনোমোহা কৰি তুলিছে চাৰিওফালৰপৰা ভাহি অ্হা
জিলি,কুমটিৰ মাতে৷ ওপৰত এখন মুকলি তৰা ভৰ্ত্তী আকাশ, বহুত দিনৰ মূৰত যেন তৰাৰে থাহ
খাই থকা আকাশ এখন ইমান সুন্দৰকৈ দেখা পালো৷ বহুত পৰ ধৰি আমি তাকেই চাই থাকিলো –
সৰুতে হাতীপটি, ধ্ৰুব তৰা বিছাৰিচিলো৷ কালিও একেই উৎসাহেৰে পুনৰ আকাশত তৰা বিচৰাত
লাগি গলো- কিমান দিন যে হ’ল এনে এখন আকাশ নেদেখা –
অলপ পাছত দেখিলো দাদা এজনে আহি ঘৰৰ কাষেৰে বৈ যোৱা জানটোত টৰ্চ মাৰি
ঘুৰি ফুৰিছে৷ কৌতুহল বশত কি কৰিছেনো চাবলৈ
গৈ দেখিলো – জানটোত বহুত মাছ৷ পানীত সৰু সৰু বহুত মাছ৷ দাদা এজনে টৰ্চ মাৰি মোক
এটা গৰৈ মাছো দেখুৱাই দিলে -
প্ৰায় এক ঘন্টা মান তেনেদৰে কটোৱাৰ পাছত ঘৰলৈ উভতি
আহিলো – মনত বহুতো মিঠা অনু্ভূতি লৈ –
No comments:
Post a Comment