Wednesday, August 21, 2013

ইনফ্লেচন, লিকুইদিটি, ইন্টাৰেষ্ট ৰেট আৰু দেশৰ বিকাশ

কালি আপুনি ১ কিলো পিয়াঁজ ২০ টকাত কিনিছিল আৰু আজি ৩০ টকাত কিনিছে --- এনেদৰে দিনক দিনে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িয়ে আহিছে– এইদৰে সামগ্ৰীৰ দাম বঢ়া প্ৰক্ৰিয়াটোকে Inflation বোলা হয়৷ 

অকল পিয়াঁজৰ দাম বাঢ়িলেই তেনেহ’লে কম নেকি আমি যে Inflation হৈছে বুলি – নিশ্চয় ক’ব নোৱাৰোঁ – পিয়াঁজৰ সমসাময়িক ভাবে বাকীবিলাক বস্তুৰ দামো চাব লাগিব৷ 

Inflation ৰ আচল কথাটো হ’ল আপোনাৰ কাৰণে পিয়াঁজৰ মূল্য একেই আছে- কিন্তু আপোনাৰ হাতত থকা টকাৰ মূল্য কমি গৈছে৷ সেই কাৰণে আপুনি অধিক দাম দি পিঁয়াজ কিনিব লগীয়া হৈছে৷ এই যে টকাৰ মূল্য কমি গৈছে তাৰ মানে কি?? ইয়াৰ অৰ্থ হ’ল টকাৰ ক্ৰয় কৰিব ক্ষমতা কমি গৈছে৷ আগতে আপুনি ২০ টকাতেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিছিল, কিন্তু আজি সেই একেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিবলৈ আপোনাক ৩০ টকাৰ দৰকাৰ হৈছে৷ 

এতিয়া আহোঁ – কিহৰ কাৰণে এই Inflation হয়৷ 

ধৰি লওক আজি ভাৰতৰ উৎপাদিত সামগ্ৰীৰ পৰিমাণ ১ কিলো৷ আৰু মাৰ্কেটত থকা টকাৰ পৰিমাণ ১০০ টকা৷ তেতিয়াহ’লে এই ১ কিলো সামগ্ৰীৰ কাৰণে আজিৰ দিনত ১০০ টকাৰ লেনদেন হ’ব পাৰে৷ কালিলৈ যদি ৰিজাৰ্ভ বেংকে আৰু ১০০ টকা চপাই মাৰ্কেটলৈ মুকলি কৰি দিয়ে আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণ একেই ১ কিলো থাকে তেনেহ’লে এই একেই ১ কিলো সামগ্ৰীৰ কাৰণে হোৱা লেনদেনৰ পৰিমাণ কালিলৈ হৈ পৰিব ২০০ টকা৷ ফলস্বৰূপে বস্তুৰ দাম বাঢ়িল, টকাৰ ক্ৰয় ক্ষমতা কমিল৷ এয়াই inflation

এই যে ৰিজাৰ্ভ বেংক অধিক টকা মাৰ্কেটলৈ এৰি দিছে তাকেই liquidity বুলি কোৱা হয়৷ যিমানেই বেছি টকা মাৰ্কেটলৈ আহিব সিমানেই liquidity বেছি হ’ব আৰু সমান্তৰালভাৱে inflation বেছি হ’ব৷ ঠিক তেনেদৰে liquidity কমা মানে মাৰ্কেটৰপৰা টকা কম হৈ যোৱাটোকে বুজাই৷

কিন্তু এই liquidity মানে মাৰ্কেতত প্ৰচলিত টকাৰ পৰিমাণ কমা বঢ়া কেনেকৈ কৰে-

১) cash reserve ratio(CRR): প্ৰত্যেক বেংকেই তেওঁলোকে কৰা লেনদেনৰ (net demand and time liability) এটা অংশ ৰিজাৰ্ভ বেংকৰ ওচৰত জমা ৰাখিব লাগে৷ এই অংশটোকে CRR বুলি কোৱা হয়৷ ধৰক আজি CRR ৰ পৰিমাণ ৪%৷ তাৰ অৰ্থ হ’ল আজিৰ দিনত SBI(state bank of India) ৰ যিমান টকাৰ লেনদেন(net demand and time liability) আছে তাৰ ৪% ৰিজাৰ্ভ বেংক ৰ ওচৰত SBI য়ে জমা ৰাখিব লাগে৷ ৰিজাৰ্ভ বেংক ৰ ওচৰত ৰখা এই টকা বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে ল’ন দিয়া আদি কাৰ্য্য) নোৱাৰে৷ ফলত মাৰ্কেটত থকা টকাৰ পৰিমাণ কমি থাকে৷ কিন্তু যদিহে ৰিজাৰ্ভ বেংক য়ে CRR ৰ পৰিমাণ কালিলৈ ৩% কৰি দিয়ে তেনেহ’লে এই ১% টকা ( ভাৰতত ইয়াৰ পৰিমাণ ৬৪০০০ কোটিৰ সমান হয়) বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে আপোনাক- মোক ল’ন দিয়া) পাৰিব৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ বাঢ়ি যাব-ইয়াকে liquidity বঢ়া বুলি কয়- ঠিক তাৰ বিপৰীতে CRR বঢ়াই ৰিজাৰ্ভ বেংকে মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ কমাব পাৰে --

2) ইন্টাৰেষ্ট ৰেট :: ইন্টাৰেষ্ট ৰেট যদি বেছি হয় তেন্তে আপুনি মই অধিক সুত পোৱাৰ আশাত বেংকৰপৰা টকা নুলিয়াম৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ অৰ্থাত liquidity কম হৈ থাকিব৷ আনহাতে যদি ইন্টাৰেষ্ট ৰেট কম হৈ পৰে তেন্তে বেংকত টকা থোৱাত বেছি লাভজনক নেদেখি আমি খৰচ কৰিব পাৰোঁ বা বেলেগ কিবা কামত লগাব পাৰোঁ৷ এই যে বেংকৰপৰা মাৰ্কেটলৈ টকা ওলাই আহিল –ই liquidity বঢ়ায় 

এতিয়া ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে সাধাৰণ ৰাইজে বস্তুৰ দাম বঢ়াটো মানে inflation হোৱাটো নিবিচাৰে৷ তেতিয়াহ’লে ৰিজাৰ্ভ বেংক য়ে মাৰ্কেটত liquidity কম কৰি ইয়াক কমাব পাৰে৷ কিন্তু তাকে কৰিবলৈ ইন্টাৰেষ্ট ৰেট বঢ়াব লাগিব৷ যদি সাধাৰণ ৰাইজক সকাহ দিবলৈ সেয়াই জৰুৰী কিয় ৰিজাৰ্ভ বেংক য়ে তাকে কৰা নাই??

অধিক ইন্টাৰেষ্ট ৰেটে দেশৰ প্ৰগতিত বাধা হিচাপে থিয় দিয়ে৷ দেশৰ বিকাশৰ বাবে দেশৰ উদ্যোগ আদিত উৎপাদিত সামগ্ৰীৰ চাহিদা থাকিব লাগে৷ এখন দেশৰ মাৰ্কেটত জনসাধাৰণে যিমানেই বেছি খৰচ (spending ) কৰিব তাৰ উদ্যোগ-পাতিৰ অৱস্থা সিমানেই ভাল হ’ব আৰু দেশৰ অৰ্থনীতিও সিমানেই সৱল হৈ থাকিব৷ সেয়েহে recession ৰ সময়ত যেতিয়া জনসাধাৰণে ভৱিষ্যতৰ শংকাত খৰচ পাতি কৰিবলৈ এৰি দিছিল বহুতো দেশৰ চৰকাৰে খৰচ(spending) বঢ়াবলৈ stimulus package ঘোষণা কৰিছিল৷ কিন্তু ইন্টাৰেষ্ট ৰেট বেছি হ’লে জনসাধাৰণে বেছি সুত পোৱাৰ আশাত খৰচ কৰাতকৈ বেংকত পইচা থ’বলৈ বিচাৰিব৷ ফলত দেশত খৰচৰ (spending) পৰিমাণ কম হৈ পৰিব আৰু তাৰ ফলস্বৰূপে উদ্যোগ-জগতৰ বৃদ্ধি হ্ৰাস পাব আৰু ই দেশৰ প্ৰগতি(growth) স্থবিৰ হৈ পৰিব৷ 

ঠিক তেনেদৰে যিমানেই ইন্টাৰেষ্ট ৰেট বেছি হয় সিমানেই ধাৰ কৰিব পৰা ক্ষমতা হ্ৰাস পায় আৰু তাৰ পৰিণতিত খৰচ কৰিব পৰা ক্ষমতাই হ্ৰাস পাই যায়৷ উদাহৰণস্বৰূপে বেংক ল’নৰ ইন্টাৰেষ্ট ৰেট কম হ’লে আপুনি মই গাড়ী কিনিবলৈ, ঘৰ বনাবলৈ ল’ন ল’ব বিচাৰিম৷ ফলস্বৰূপে চাহিদা বঢ়াৰ বাবে গাড়ী নিৰ্মাণ উদ্যোগটো বা চিমেন্ট, ষ্টিল বনোৱা উদ্যোগ কেইটাৰ অৱস্হা শক্তিশালী হৈ পৰিব৷ এই উদ্যোগৰ প্ৰগতিয়ে দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তাৰ বিপৰীতে ইন্টাৰেষ্ট ৰেট বেছি হ’লে আপুনি মই ল’ন ল’বলৈ ইচ্ছা প্ৰকাশ নকৰিম৷ ফলত খৰচ কম কৰিম আৰু ইয়াৰ প্ৰভাৱ উপৰোক্ত উদ্যোগকেইটাত পৰিব৷ 

গতিকে আমি দেখিলো যে দেশৰ অৰ্থনীতিৰ বিকাশৰ বাবে ইন্টাৰেষ্ট ৰেট কম কৰিব লাগে –কিন্তু inflation ৰ পৰা সাধাৰণ ৰাইজক সকাহ দিবলৈ আকৌ ইন্টাৰেষ্ট ৰেট কম নোহোৱাটো বাঞ্ছনীয়৷ গতিকে পলিচি বনোৱা সকলে সদায় এই দুয়োটাৰে মাজত সহাৱস্হান কৰে যাতে দেশৰ সমৃদ্ধিও হওক আৰু একে সময়তে সাধাৰণ ৰাইজৰ অৱস্থাও বেয়া নহওক –

যেন সাপো মৰক আৰু লাঠিও নাভাঙক -

No comments:

Post a Comment