টংক মাষ্টৰৰ ডাঙৰ জীয়েক জোনটিৰ বিয়া ৷৷ মাষ্টৰৰ চিন্তা হঠাৎ বিয়াখন পাতিবলৈ কৰপৰা
ইমান পইচা পায় ৷ ল’ৰা ধনী ঘৰৰে, স্বভাৱে চৰিত্ৰয়ো ভাল ৷ সেয়েহে বিয়াখন দিব পাৰিলে
তেও স্বস্তিত উশাহ এটা ল’ব পাৰিব ৷৷ সৰুজনীলৈ তেওঁৰ চিন্তা নাই ৷৷ তাইৰ বিয়া হয় মানে ফৰ লেন হাইৱে’টো হৈ উঠিব ৷ তেতিয়ালৈ মাটিৰ
দামো বাঢ়িব৷ তেতিয়া তেও তাইৰ বিয়াত সেই ৰাস্তাৰ কাষৰ মাটি দৰাকে বিক্ৰী কৰিব পাৰিব
।।।
ল’ৰাৰ ঘৰে অৱশ্যে একো বিচৰা নাই ৷৷ কিন্তু একো দিব নালাগে বুলিও কোৱা নাই ৷৷
সমস্যাটো হৈছে মাষ্টৰনীক লৈহে ৷ তেওঁৰ মতে জোনটি তেওঁলোকৰ ডাঙৰ ছোৱালী গতিকে তাইৰ
বিয়াত সকলো দিব লাগিব৷ সকলো মানে টি ভি, ফ্ৰিজ, গডৰেজ, ৱাশ্বিং মেচিন সকলো ৷ যোৱা
মাহত হৈ যোৱা ঠিকাদাৰৰ ছোৱালীৰ বিয়াত ঠিকাদাৰে এখন নেন ‘কে দিছিল ৷ এতিয়া তেওঁলোকে
একো নিদিলে তেওঁলোকৰ মান সন্মান ক’ত থাকিব৷৷
হয় তোন গাৱৰ গোপিনী মেলত ঠিকাদাৰৰ জীয়েকৰ বিয়াৰ পাছত কম আলোচনা হৈছিল নেকি
গাড়ী দিয়াক লৈ ৷৷ মাষ্টৰনীয়ে তেতিয়াই ভাবিছিল জোনটিকো লগত ভাল ভাল দামী বস্তু দিব
লাগিব৷৷ ইমানদিনে আমনি লাগি থকা টি ভিৰ প্ৰগ্ৰেমৰ মাজত দিয়া এড কেইটা যেন হঠাৎ অতি
ইন্টাৰেষ্টিং হৈ পৰিল ঘৰখনত ৷৷
মাষ্টৰে পইচা যোগাৰ কৰিবলৈ চেষ্টাও
নকৰাকৈ নাথাকিছিল৷ বেংকলৈ গৈছিল ল’ন এটা বিচাৰি ৷ পাছে আগৰ ঘৰৰ ল’নটোৱেই মৰা নাই৷
তাতে ৰিটায়াৰমেন্টলৈ বেছি দিন নাই৷ সেয়েহে মেনেজাৰে ল’ন দিবলৈ অপাৰগতা প্ৰকাশ
কৰিলে ৷ হ’ওতে মাষ্টৰৰ বেংকত পইচা অলপ নথকা নহয় ৷ কিন্তু তাৰো উদ্দেশ্য নথকা নহয় ৷
ল’ৰা দিগন্ত পঢ়াত ভালেই ৷ এই বেলি ১০+২ পাছ কৰিব ৷ ইয়াৰ পাছত তাৰ ডাক্তৰি পঢ়িবলৈ
খুবেই ইচ্ছা আছে ৷ কলেজৰ মাষ্টৰৰ মতে সি চিট পাবই ৷ সেয়েহে তাৰ পঢ়াৰ কাৰনে লাগিবলগীয়া
টকাখিনি মাষ্টৰে আগতীয়াকৈ সাঁচি ৰাখিছে ৷
নাই ছোৱালীৰ বিয়াত পইচা খৰচ কৰি তেখেতে দিগন্তৰ ভৱিষ্যত চূৰমাৰ কৰিব নোৱাৰে ৷ মাষ্টৰনীক
তেও শুনাই দিছিল তেওঁৰ শেষ সিদ্ধান্ত ৷৷
দিগন্তই হয়তো কথাটো বুজিছিল ৷ দেউতাকক সিয়েই প্ৰস্তাৱ দিলে যে সি ল’ন লৈয়েই
পঢ়িব ৷ তাৰ কাৰনে সাঁচি ৰখা টকাখিনি বায়েকৰ বিয়াতেই দেউতাকে খৰচ কৰক ৷৷ বায়েকৰ
বিয়াখন ঠিকে ঠাকে হৈ যাওঁকচোন ৷ ৷ সি কিবা প্ৰকাৰে মেনেজ কৰিব ৷৷ তাতে ভিনিহিয়েকৰ
কেইবাটাও বেংকৰ মেনেজাৰৰ লগত ভাল সম্পৰ্ক আছে ৷৷ একো নহ’লে সি এটা বছৰ ড্ৰপকে দিব
৷ তাত কোনো তাৰ আক্ষেপ নাই ৷ বায়েকৰ বিয়াখন মাথো হৈ গলেই হ’ল ৷৷ মাষ্টৰে একো ক’ব
পৰা নাছিল পুতেকক ৷ মাথো নিৰ্বাক হৈ তললৈ মূৰ কৰি শুনি গৈছিল বুকুত শেলে বিন্ধা দি
বিন্ধা দিগন্তৰ কথাবোৰ৷ মাষ্টৰে বুজিছিল পুতেকক বুজাব পৰাৰ শক্তি আৰু তেওঁৰ নাই
আজি ৷৷ সেই কেই বছৰ মানৰ আগতে পূজাৰ দোকানত পুতলা গাড়ী দেখি লাগেই বুলি দাবী কৰি
এৰাতি নুশুৱাকৈ থকা সৰু ল’ৰাটোৰ আজি ইমান আত্মবিশ্বাস, চকুত ইমান দৃঢ়তা, প্ৰত্যয়
৷৷
~~~~~~~~~~~~****~~~~~~~~~~~~~~~~~~~~
আজি জোনটিৰ বিয়া ৷৷ ৰভাতলীত মানুহৰ গিজগিজনি ৷ কাৰো গাত আজি আহৰি নাই ৷ ৰভাৰ এটা
চুকত ছোৱালীৰ লগত দিব লগীয়া বস্তুবিলাক থৈ দিয়া আছে ৷ নতুন মডেলৰ টি ভি, গডৰেজ,
ৱাশ্বিং মেছিন আদি সকলোৱেই আছে ৷৷ মানুহে চাই মেলি কথা পাতিছে, কোনোৱে
মাষ্টৰ-মাষ্টৰনীক প্ৰশংসা কৰিছে ৷৷
কিন্তু মাষ্টৰ যেন সুখী হ’ব পৰা নাই ৷৷৷ এই কেইদিনতে ঘোষিত হ’বলগীয়া মেডিকেলৰ
এনট্ৰেন্স পৰীক্ষাৰ ৰিজাল্টৰ কথা ভাবিলেই তেওঁৰ মনলৈ এটা অপৰাধ মূলক মনোভাব আহি
যায় ৷৷ মনত ভয় ভাব – ছোৱালীক যৌতুক দিওঁতে তেও দিগন্তৰ ভৱিষ্যত তোকেই জলাঞ্জলি
দিয়া নাইতো !!!! যদি দিগন্তই অৰ্থৰ অভাৱত
এই বছৰ পঢ়িব নোৱাৰে তেও তেন্তে নিজকে কেতিয়াও ক্ষমা নকৰিব ৷ নাই কেতিয়াও তেও ক্ষমা
কৰিব নোৱাৰিব ৷৷
No comments:
Post a Comment