Monday, May 4, 2015

আগতে প্ৰেম কৰা নাই – প্ৰেম চাগে এনেকুৱাই

  আগতে প্ৰেম কৰা নাই – প্ৰেম চাগে এনেকুৱাই

কালি ভন্টিয়ে ক’লে বুদ্ধ পূৰ্ণিমা ৰাতি গাৰু তলত গোলাপ ফুল লৈ শুলে ৰাতি হেনো জীৱন লগৰীক দেখা পায় – সেইমতে ভন্টিয়ে কোৱামতে সন্ধিয়া বজাৰলৈ গৈ গোলাপ ফুল এপাহ কিনি আনি গাৰুৰ তলত থৈ শুৱাৰ প্লেন বনালোঁ -বুলু আজি দেখিমেই দেখিম সন্ধিয়া মাৰ্কেটলৈ গৈ ১০ টকা দি তেজ ৰঙা গোলাপ ফুল এপাহ কিনি আনিলোঁ – এই যেন বেজীৰে ফুটাই দিলে পাহীৰপৰা তেজ বিৰিঙি আহিব  -- গোলাপফুল পাহ দেখিয়েই মনটো পুৰা ৰোমাণ্টিক ৰোমাণ্টিক হৈ গল দেই -- আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই


ভবা মতে প্লেন – গধূলিতে ভাত পানী বনাই খাই মেলি ৰেডি। ফেচবুক, ৱাটছএপো বন্ধ কৰি থলো ৯ তা বজাতে – শুৱাৰ আগতে ভালকে ড’ভ চাবোন আৰু গাৰ্নিয়াৰ চেম্পুৰে গা-মূৰ ভালকে ঘঁহি ঘঁহি ধুলো – তাৰ পাছত গোতেই গাতে পুৰা ডিঅ মাৰি ফ্ৰেছ ফ্ৰেছ হৈ ল’লো – আনকালে ১২ তাৰ বজাৰ পাচত শু- কালি ১১ তাতে শুলো – পূৰ্ণিমাৰ ৰাতি – ৰোমান্টিক লাগক বুলিয়েই ৰুমৰ খিৰিকি কেইখন খুলি দিলোঁ – জোনাক এজোৰাই ৰুমটোলৈ সোমাই আহি পুৰা পোহৰাই দিলে – কেনে মজ্জা আৰু -- এনে লাগিছিল – আজি মত্যৰ কোনোবা নাহিলে স্বৰ্গৰপৰা বাপ্পেকে অপ্সৰা এজনী হলেও নামি আহিব সপোনত –


 বাহিৰৰ জোনাকভৰা আকাশ আৰু জোনটোলে চাই চায়ে টোপনী গ’লো -- চিলমিলকৈ টোপনীতো আহিছিল আৰু  -- ৰুমটোলৈ যেন কোনোবা যেন আহিছে এনে লাগিল – বুকুৰ ধপধপনি বাঢ়ি গল দেই -- অলপ পাছত এনে লাগিল যেন মূৰৰ শিতানত বহি লৈ কানৰ কাষত যেন কোনোবাই কিবা কিবি কৈ আছে – কু কু কু  --এইবাৰহে এইবাৰ আৰু দেই -- প্ৰেমৰ ভাষা চাগে এনেকুৱাই – মই পাচে একো বুজা নাই -- চেহ মই পাছে বুজি নাপালে কি হ’ব এতিয়া – আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই

 অলপ পাছত এনে লাগিল যেন গা মুৰ গোতেইখন খজুৱাইছে  -ৱা এইটো কেনেকুৱা কথা – গোতেই গাতোতে যেন কিহবাই কামুৰিছে – বিহুগীত বিলাকত যে মৰম সনা কথা কয় এয়াই নি বাৰু ?? – হ’ব পাৰে - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই –


 ভাবিলোঁ অলপ পাছত চাগে – এই কু কু বাৰ্ত্তালাপ, প্ৰেমৰ খজুৱটীবোৰ আতৰিব – তাৰ ঠাইত ধুনীয়া মূখ এখনি আহি সপোনত দেখা দিব, হিয়া শাঁত পেলাই দিব – আগ্ৰহেৰে বাট চাই ৰ’লো সেই ক্ষণটোলৈ- কি হ’ব পাৰে মই নাজানোঁ - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই

এক ঘন্টামান সময় অপেক্ষা কৰিলোঁ কিজানি - নাই ইমান আগ্ৰহেৰে বাট চোৱাৰ পাছতো তেনে ক্ষন অহাৰ একো উম ঘাম নাপালোঁ – বৰঞ্চ কু কু ৱনি আৰু খজুৱতীবোৰ বাঢ়িলহে - আগ্ৰহ লাহে লাহে তিক্ততালৈ পৰিৱৰ্ত্তন হ’ল –

  শেষত ধৈৰ্য্যৰ সীমা চিগিল মোৰ – লাইট অন কৰি ঘড়ীটো চালো – ১২ বাজি ০৫ মিনিট – শোৱা এক ঘন্টায়ো হোৱা নাই – আৰু ৰুমত এয়া কি - গোতেই ৰুমটোতে দেখোন মহৰ দপদপনি  -- আনকালে ৰুমৰ দুৱাৰ খিৰিকি খুলি নোশোঁও মই – আজি সপোনৰ ৰাজকুমাৰীক চাবলৈ গৈ দুৱাৰ খিৰিকী খুলিবলৈ গৈ এনে অৱস্থা – নিজৰ ওপৰতে খং উঠিল – কিহৰ উকে খাইছিল বাৰু খিৰিকী কেইখন খুলিবলৈ – ভৰি হাতৰ চিটচিটনীয়ে খংতো দুগুনে বঢ়াই তুলিলে --

 গাৰুতো দাঙি গোলাপ পাহ চালোঁ – সন্ধিয়াৰ তেজৰঙা ফ্ৰেছ গোলাপ ফুল পাহ দেখোন চেপেটা হ’ল – পাহিবোৰো গাৰুৰ ভৰত চিগি ফান ফান হ’ল – গোলাপ পাহ দেখি মোৰ মনটো মৰহি গ’ল –
গোলাপ ফুল পাহ দাঙি ৰুমৰ দাষ্টবিনটোত দলিয়াই দিলোঁ – মনটো কিবা শোকে খুন্দা মাৰি ধৰিলে –
কিহৰ শোক ধৰিব নোৱাৰিলোঁ – প্ৰেমৰো নেকি বাৰু??? -- হ’ব পাৰে - আগতে প্ৰেম কৰা নাই – প্ৰেমৰ অনুভূতি চাগে এনেকুৱাই --


  উঠি গৈ অল আউটৰ ছুইটছটো অন কৰি দিলোঁ -মহৰ কামোৰৰ চিটচিটনি তেতিয়াও মাৰ যোৱা নাই দেই --

No comments:

Post a Comment