Wednesday, July 31, 2013

অসহায়


সৰুৰেপৰা সঙ্গীতৰ প্ৰতি তাৰ এটা টান আছিল ৷ দেউতাকে ভাল ভায়লিন বজাইছিল ৷ নামকৰা শিল্পী আছিল ৷ দেউতাকে যেতিয়া ভায়লিন বজাইছিল সি দেউতাকৰ কাষতে বহি আপোন পাহৰা হৈ শুনি থাকিছিল ৷ সপোন দেখিছিল এদিন সিও দেউতাকৰ দৰে ভায়লিন বজাব৷ অজস্ৰ গুনমুগ্ধই হাত চাপৰিৰে তাক উৎসাহ দিব৷

অলপ ডাঙৰ হৈ ভালদৰে ভায়লিন খন ধৰিব পৰা হোৱাত এদিন সিয়ো দেউতাকৰ আঙুলিত ধৰি ধৰি ভায়লিন শিকিবলৈ ল’লে ৷ ভোক পিয়াহ সকলো নাইকিয়া হৈ গল তাৰ ৷ ঘন্টা ঘন্টা ধৰি সদায়েই সি ভায়লিন বজাবলৈ ল’লে৷৷ লাহে লাহে তাৰ হাত পাকৈত হৈ পৰিল৷ মানুহে কোৱা হৈছিল বাপেকৰ নিচিনাকৈয়ে সি ভাল বজায় বুলি ৷

এতিয়া সি এজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভায়লিন বাদক৷ দিল্লীত অনুষ্ঠিত প্ৰতিযোগীতাত তাৰ ভায়লিন বাদনে যথেষ্ট প্ৰশংসা বুটলিছিল৷ কেইবাজনো সংগীতজ্ঞই তাক এই সাধনা জাৰি ৰাখিবলৈ পৰামৰ্শ দিছিল ৷

পঢ়াত বেয়া নাছিল সি ৷ আই আই এম ত চিট পাইছিল ৷ ঘৰত সকলো সুখী হৈছিল৷ অত দিনে অভাৱ অনাটনে আগুৰি থকা ঘৰখনলৈ তাৰ ৰিজাল্টে আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল৷ কিন্তু সি নাজানিছিল সি নিজে সুখী হৈছিল নে নাই ৷ তাৰ মন আছিল ভায়লিনৰ এটা ক’ৰ্চ লোৱাতহে ৷ কিন্তু উপযুক্ত প্ৰাপ্যৰপৰা সদায়েই বঞ্চিত হোৱা তাৰ মৰমৰ কেইবাজনো শিল্পীৰ জীৱনৰ শেষলৈ হোৱা দুৰাৱস্থা দেখি সি পঢ়িবলৈ যোৱাৰ সিদ্ধান্তকেই লৈছিল৷ স্বয়ং দেউতাকেই তাক পঢ়িবলৈ যাবলৈ কৈছিল ৷ নিজৰ জীৱনৰ অভিজ্ঞতাৰপৰাই তেও ঠিকেই বুজিছিল যে ভায়লিনৰ সুৰেৰে হাজাৰজন শ্ৰোতাৰ মন তেও ভৰাই তুলিব পাৰে, লৈ যাব পাৰে শ্ৰোতাক এখন বেলেগ জগতলৈ কিন্ত নোৱাৰে তেও দূৰ কৰিব মাথো পৰিয়ালটোৰ সাধাৰণ অভাৱ অভিযোগবোৰ ৷

ক্ষীণ আশা এটা তথাপিতো পুহি ৰাখিছিল সি ৷ কিন্তু কলেজলৈ অহাৰ পাছত ব্যস্ততাত হেৰাই গৈছিল আগতে ভায়লিন খনৰ লগত কটোৱা নিবিৰ মূহুৰ্ত্তবোৰ ৷ কেছ ষ্টাডি, এচাইনমেন্ট, ক্লাছৰ লগত যুজ দিওতে পাহৰি গৈছিল সি তাৰ মৰমৰ ভায়লিনখনৰ কথা ৷ পাহৰিবলৈ বাধ্য কৰাইছিল নিজকে সি ৷ এয়া যে প্ৰতিযোগীতাৰ যুগ৷ লাহে লাহে ভায়লিন খনত ধুলিৰ প্ৰলেপ পৰিবলৈ আৰম্ভ কৰিছিল ৷

আজি বহু দিন হ’ল কোঠাৰ চোকতেই পৰি আছে ভায়লিনখন৷ আজি তাৰ আৰু ভায়লিনখনৰ মাজত থকা আগৰ সেই মধুৰ সম্পৰ্ক নাই ৷ আৰু ৬ মাহৰ পাছত হয়তো বহুজাতিক কোম্পানীৰ লাখটকীয়া দৰমহাই কাঢ়ি লৈ যাব আজি চিগো নিচিগোকৈ থকা বাকী থকা সম্পৰ্কও৷ সৰুতে দেখা সেই সপোনবিলাক য’ত দেউতাকৰ নিচিনাকৈ সিয়ো ভায়লিন বজাইছে, বজোৱাৰ শেষত হাততালিৰ গুন্জনত হ’ল মুখৰিত হৈ পৰিছে আদি যেন তাৰপৰা ক্ৰমান্বয়ে দূৰলৈ আতৰি গৈছে--

নিজকে বৰ অসহায় বোধ কৰিলে – সজাত বন্দী বনৰ পখীটিয়েও চাগৈ মুকলি আকাশত উৰিবলৈ নোপোৱাৰ বেদনাত চাগে এনেকৈয়ে অনুভৱ কৰে --

No comments:

Post a Comment