Sunday, December 1, 2013

কিংবদন্তি

সৰুতে ঘৰত আমি সৰু ল’ৰা ছোৱালী কেইটাই কাজিয়া কৰিলে ককা-আইতাই কৈছিল –তহঁতৰ মোমায়েকহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল – কাজিয়া নকৰিছিলেই,সকলো কাম মিলা-প্ৰীতিৰে কৰিছিল, খোৱা বস্ত ভগাই মেলি খাইছিল – আমিও কথাবোৰ বিশ্বাস কৰিছিলোঁ – ভাবিছিলোঁ হয় চাগৈ দে –মামাহঁতৰ মাজত বৰ মিলা-প্ৰীতি আছিল –

পূৱা গধূলি যেতিয়া কিতাপ পঢ় পঢ় বুলি মা-দেউতাই চিঞৰি থাকিছিল – আইতাই কৈছিল – তহঁতৰ মোমায়েৰহঁতক কিতাপ লোৱাৰ কথা কোৱাৰ দৰকাৰেই নাছিল – সময় হোৱাৰ লগে লগে নিজেই পঢ়াৰ টেবুলত বহিছিল – আৰু তহঁতক দেখ -- কিতাপ পঢ় পঢ় বুলি মাৰ বাপেৰে চিঞৰি থাকিব লাগে – আমি ভাবিছিলোঁ তেতিয়া  মামাহতে বাৰু কেনেকৈ পঢ়া টেবুলত নিজৰ মনটো বহাই থৈছিল – মানিব লাগিব দেই মামাহঁতক

মুঠতে কিবা এটা কৰিলেই ওপৰৰপৰা চিঞৰ আহে - সৰু থাকোতে আমি এনে আছিলোঁ, তেনে আছিলোঁ, মামা, জেঠাইহতে এনে কৰিছিল, তেনে কৰিছিল ইত্যাদি !! মুঠতে মাঁমাহতৰ আখ্যান শুনি শুনি কান ঘোলা হৈ গৈছিল - অলপ উৎপাত কৰিলেই ৰেকৰ্ডিং কৰা কেছেট খন বাজি যায় - 

সময় সলনি হ’ল – কাজিয়া কৰা, কিতাপ নপঢ়া, দুষ্টালি কৰা কাৰবাৰবোৰ কিন্তু এতিয়াও চলি থাকিল! সলনি হ'ল কেৱল সেইবিলাক দুষ্টালি কৰা অভিনেতা কেইজন! নতুন নতুন বহুতো কণমানি ল'ৰা ছোৱালীৰে মিতিৰ কুটুম্বৰ ঘৰ ভৰি পৰিল৷ এতিয়া ঘৰলৈ গ’লে কেতিয়াবা কেতিয়াবা মিতিৰ ফুৰিবলৈ যাও –

এই সৰু সৰু ল’ৰা ছোৱালী থকা মিটিৰ কুটুম্বৰ ঘৰলৈ গ’লে মাজে মাজে কিছুমান কথা শুনিবলৈ পাও – শুনি মনটো মোৰ তাহানি আইতাই কোৱা কথাবিলাকলৈ মনত পৰে –

 এতিয়াও ঘৰখনত থকা সৰু ল'ৰা-ছোৱালী কেইতাই কাজিয়া কৰিলে বা কিতাপ নপঢ়ি ধিতিঙালি কৰি ফুৰিলে ঘৰৰ ডাঙৰ বিলাকে আইতাই কোৱা সেই সংলাপ কেইটাৰ কেছেটখনেই বজায় – মাথো মামাহঁতৰ বদলি দেখোন নায়কৰ তালিকাত আমাৰ নামবিলাক সংলাপ কেইটাত সোমাবলৈ ধৰিলে – কেনেকৈ আমি ভমিলা প্ৰীতিৰে বিস্কুট-মিঠাই ভগাই খাইছিলোঁ, কেনেকৈ আমি সদায় পঢ়া-শুনা কৰিছিলোঁ – মনটো শুনি মোৰ কেনে লাগে কব নোৱাৰা – এনে হোৱাটো মোৰ দেখোন মনতেই নপৰে -- মোৰ মেমৰি বাৰু ফেল মাৰিছে নেকি ?? 

লাহে লাহে এতিয়া বুজা হ'লো বহুতো কথা, – যে মামাহ’তে কেনেকৈ কাজিয়া নকৰাকৈ থাকিব পাৰিছিল - যেনেদৰে আমি পাৰিছিলোঁ - বাহিৰৰ ইমান ৰঙেৰে ভৰা পৃথিৱীখন উপেক্ষা কৰি কেনেকৈ পঢ়া টেবুলত বহি থাকিব পাৰিছিল – যেনেদৰে আমি পাৰিছিলোঁ -

মোৰ মনটো এতিয়া এই কথাটো ভাবি বৰ ভাল লাগে যে আইতাই কোৱা সেই কথাবোৰ গালো বালো খোলাকটিৰ তাল হোৱাৰ নিচিনা হৈছিল -  আমি সৰু ল’ৰা কেইটাক ঠগিবলৈ কিমান চেষ্টা কৰিলে – পাৰিলে জানো – অলপ সময়ৰ কাৰণে আমি নিটাল মাৰিলেও দিনটোত দুই তিনিবাৰ ৰণশিঙা বজাইছিলোঁ, প্ৰায়েই কিতাপকেইখনক চুটি দিছিলোঁ, চেকনিৰ কোবলৈ ভয় লাগিলেও দুষ্টালি কৰিবলৈ এৰা নাছিলোঁ -- মুঠতে আইতাৰ ভাষাত কবলৈ গ'লে এখন কাণেৰে সোমোৱাই কথাবোৰ আনখন কাণেৰে উলিয়াই দিছিলো - 

 ভাল লাগে যেতিয়া আজিৰ ল'ৰা- ছোৱালী কেইটায়ো তাকেই কৰে - পাৰিলে হয়তো ক'লোহেতেন চুলি পকাই দে মাৰ বাপেৰৰ - শান্ত শিষ্ট মহাদুষ্ট হোৱাৰ আমেজেই সুকীয়া -

No comments:

Post a Comment