Thursday, November 28, 2013

আজিকালিৰ ছোৱালী চোৱা

ঘৰত দাদাৰ কাৰণে ছোৱালী চোৱা চিতা কৰিবলৈ আৰম্ভ কৰি দিছে । মই ভালেই পাইছো। সোনকালেই মোৰো বাটটো খুল খাই পৰিব। কিমান আৰু ফেচবুকত লোকৰ আঙঠি পিন্ধোৱা বা বিয়াৰ ফ’টত লাইক আৰু কমেন্ট কৰি থাকিম। নিজৰ ফ’টখনো আপল’দ কৰি লাইক বুটলাৰ সময় আহি পৰিছে।

 কেইদিনমানৰ আগত মাক দাদাৰ বিয়াৰ কথা উলিয়াওতে মায়েই ক’লে – এই ছোৱালী বিচৰা কামটো বৰ সহজ নহয় দেই। ছোৱালী বিচাৰিছোহে বিছাৰিছো ছোৱালী দেখোন বিচাৰিয়েই নাপাও। প্ৰায়বোৰ ছোৱালীৰে দেখোন আজিকালি ঠিকেই হৈ থাকে“

 কথাটো শুনি ভালেই পালো নে বেয়াই পালো ধৰিব নোৱাৰিলো। মায়ে বাৰু সেই কথাষাৰৰ জৰিয়তে নিজৰ ছোৱালী নিজেই আন বুলি কৈছেনেকি বাৰু? আৰু প্ৰায়বোৰ ছোৱালীৰেই যে বিয়া আগতিয়াকৈ ঠিক হৈ থাকে বুলি কলে, আমি মানে সেই বিদ্যাত বাকীবোৰতকৈ বহুত পাছ পৰি আছোনেকি হে??

 পাছে আজিকালি দেখোন ছোৱালী চোৱা প্ৰচেছ টোৱেই বেলেগ। তাৰ অর্থ এইটো নহয় যে মই তাহানিতে ছোৱালী চাবলৈ গৈছিলো। মাঁহতেই ৰস লগাই লগাই মামালৈ, খুৰালৈ ছোৱালী কেনেকৈ চাইছিল তাক আমাৰ আগত কৈছিল। কিন্তু এতিয়া যি দেখিছো আজিকালি ইন্টাৰনেটতে হয় যায় দেখোন লৰা ছোৱালী চোৱা। ইজনে সিজনক ফেচবুকৰ প্ৰফাইল’ৰ লিংকটো দি দিব যেন সেয়া বিয়াৰ “ৰেজিওম” হে। ইমেইল'ত ফ'টৰ আদান প্ৰদাণ চলে৷ দৰাই ছোৱালীৰ ফ’ট চাব, ছোৱালীয়ে লৰাৰ ফ’ট চাব। উভয় পক্ষৰে সম্মতি হ’লে বাকী কাম কাজ আগবাঢ়ে। মুঠতে গোটেইখন হাই-ফাই কাৰবাৰ। ভাল কথা ভাল কথা। একেবাৰেই খৰছ পাতি নাই বুলিব পাৰি। ছোৱালী চাবলৈ আহিছে বুলি মিঠাই, দৈৰ টেকেলী আনিবলগীয়া নহয়, নতুন কোচন কভাৰ, নতুন পর্দাও আৰিবলগীয়া নহয়। ঘৰত ৰং-চূণ দিব নালাগে। মুঠতে বহুত খৰছ হোৱাৰপৰা ঘৰখন ৰক্ষা পৰে।

সিদিনা বিয়া খাবলৈ যাওতে দূৰ সম্পর্কীয় খুৰী এগৰাকীক লগ পালো। তেখেতেই মোক কলে জীয়েকৰ হেনো বিয়া। তাৰিখ লবলৈহে বাকী আছে। দৰাৰ কথা সুধাত গম পালো; দৰা হেনো আমেৰিকাত থাকে। ভাল চাকৰিয়েই কৰে। চাকৰিৰ ব্যস্ততাৰ বাবে একেবাৰে বিয়াতহে আহিব বোলে । মোৰ সন্দেহ হোৱাত সুধিকে পেলালো; “তেতিয়াহ'লে দৰাই ছোৱালীক দেখাই নাই নেকি??” খুৰীয়ে যেন এই প্ৰশ্নটোৰ বাবেহে বাট চাই আছিল। তপৰাই কলে “আজিকালি ইন্টাৰনেটৰ যুগত আৰু লৰা ছোৱালী সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও পচন্দ কৰিব পাৰি। তাইৰ ফেচবুকৰ ফ’ট দেখিছে দৰাই। তাতে ‘স্কাইপ”ত ভিদিঅত কথা-বতৰা পাতিছে, খুৰা-খুৰীয়েও স্কাইপতে লৰাক দেখিলে, কথা বতৰা পাতিলে ” । মুঠতে স্কাইপতে বিয়া খাটাং।“

 ভাবিলো এনে এটা দিন আহি আছে নেকি বাৰু যেতিয়া দৰা হোমৰ গুৰিত বহিব লন্ডনত আৰু একেসময়তে ছোৱালী বহিব জকাইচুকত।

 ভাবিলে গছত গৰু উঠা কথা যেন লাগে কিন্তু সৌ সিদিনাখনিলৈকে দেখোন মবাইল'ৰ কথা ভাবিবই পৰা নাছিলো কিন্তু আজি দেখোন হাটে বাটে ডেকাই-বুঢ়াই চবৰে হাততে মবাইল। মবাইল নহলে সংসাৰ অচল।

সকলো সম্ভৱ। এই পৃথিৱীত অসম্ভৱ বুলি কোনো কথা নাই । অপেক্ষা মাথো সময়ৰ৷৷

No comments:

Post a Comment