Sunday, December 8, 2013

চাকৰি

ৰাতিপুৱাই বৰুৱাই বাতৰিখন মেলি ল’লে – প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ হৰফেৰে আই আই টি দিল্লীৰ ১২ জন ল’ৰাই কোটি টকীয়া চাকৰি পোৱাৰ খবৰ আহিছে৷ বৰুৱাৰ মুখত এটা হাঁহি বিয়পি পৰিল৷ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ এয়া প্লেছমেন্টৰ সময় – এইকেইদিন বাতৰি কাকতবোৰত আই আই টিৰ প্লেছমেন্টৰ কথা খুবেই লিখি আছে৷ কোটিৰ ঘৰত দৰমহা পোৱা ল’ৰাৰ খবৰ৷ বাতৰি কাকতত বৰুৱায়ো এই খবৰবোৰ পঢ়িছে৷ ভাল লাগে তেওঁৰ মনটো – পোনাৰো এনে এটা চাকৰি হ’ব বুলিয়ে পোনায়ে তেওঁক কয়–

পোনা বৰুৱাৰ একমাত্ৰ ল’ৰা – আই আই টী খড়গপুৰত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ এইবেলি সিও ওলাব ইঞ্জিনিয়াৰিং পাছ কৰি – প্লেছমেন্ট তাহাঁতৰ কলেজৰো চলি আছে - সেয়েহে বৰুৱাই বৰুৱানীক এনে বাতৰি পালে চিঞৰি পঢ়ি শুনায়৷ আজিও বাতৰিতো তেওঁ পঢ়িবলৈ ল’লে –
“ফেছবুকে আমেৰিকাৰ অফিচৰ কাৰণে ১.3 কোটি টকা দিছে, গুগলেও আমেৰিকাৰ অফিচৰ কাৰণে কেইবাজনকো আই আই টি বোম্বেৰপৰা নিৰ্বাচিত কৰিছে৷”

আমেৰিকাৰ কথা শুনি বৰুৱানীয়ে ক্ষন্তেক পৰ তভক মাৰি ৰৈ ক’লে – ইমানখিনি পঢ়ি শুনি এতিয়া আকৌ চাকৰিও বিদেশতহে কৰিব লগীয়া হ’লনে? ভাৰততো আজিকালি ভাল দৰমহা দিয়া চাকৰি আছে৷ বৰুৱানীয়ে কি ক’বলৈ বিচাৰিছে বৰুৱাই ধৰিব পাৰিলে -

বাতৰিত বৰুৱাই ভাৰতত এনে পষ্টিং দিয়া কথা বিচাৰি নাপালে – তথাপি বৰুৱানীৰ মনটো ভাল লগাবলৈকে ক’লে “ আছে আছে কিয় নাথাকিব, চবেই আমেৰিকা, ইউৰোপত চাকৰি কৰিবলৈ নাযায়৷ বৰুৱানীয়ে যেন ইয়াৰ কাৰণেহে বাট চাই আছিল, পোনছাটেই কৈ উঠিল- “পোনাই এইবিলাক চাকৰি কৰিব নালাগে৷ নালাগে ইমান টকা-পইচা! ইমানবোৰ টকা আমাক কিয় লাগিছে – বাহিৰত থাকি ল’ৰা চাহাব হ’ব নালাগে –ঘৰৰ ল’ৰা ঘৰতে থাকি চাকৰি কৰক” – তাতে পোণাই ইমান গেবাৰী খাটিব কিয় লাগিছে, আঁহো বুলি ক’লেও আহিব নোৱাৰে, কামৰপৰা আজৰিকে নাপায় -

বৰুৱানীৰ মতে ঘৰৰ ল’ৰা ঘৰতেই থাকক – কিহৰ বাহিৰত চাকৰি কৰিব লাগে – অইল, অএনজিচি, গেছ ক্ৰেকাৰ, এনআৰএল এইবিলাকতো আছেই৷ আৰামত ঘৰৰ ভাত খাই খাই ল’ৰাই চাকৰি কৰিব পাৰিব-

যোৱাবাৰ বৰুৱানী শইকীয়াৰ অইলত চাকৰি কৰা জোৱায়েকৰ ঘৰলৈ গৈছিল – অইলৰ সা-সুবিধাবোৰ হেনো বৰুৱানীয়ে বৰ ভাল দেখিলে – সেই তেতিয়াৰেপৰা বৰুৱানীৰ এটাই আশা – ল’ৰাই অইল বা অএনজিচিতে চাকৰি কৰক – চাকৰি পোৱাৰ পাছত অলপ থান থিত লাগিলেই বৰুৱানীয়ে ল’ৰাৰ বিয়াখন পাতি দিয়াৰ মতলবতেই আছে৷

বৰুৱানীৰ ইচ্ছা আছিল পোনাক ডাক্তৰ পঢ়োৱাৰ কিন্তু পোনাৰ আকৌ সৰুৰে পৰা কম্পিউটাৰৰ প্ৰতি প্ৰৱল ধাউতি আছিল – সেই যে ক্লাছ ছেভেনত সি কম্পিউটাৰৰ লগ ল’লে তাক আৰু এৰি নিদিলে, আই আই টিত এডমিছনো সি কম্পিউটাৰ বিভাগতেই ল’লে – পোনাৰ উৎসাহ দেখি আৰু বৰুৱাই ডাক্তৰি পঢ়িবলৈ তাক জোৰ নকৰিলে৷

  থাৰ্ড ইয়েৰত পোনাই ফেচবুকতে ইন্টাৰ্ণচিপ কৰিছিল, ফেচবুকৰ আমেৰিকাৰ অফিচত৷ বৰুৱানীৰ সেই দুইমাহ দুই-যোগ যেন লাগিছিল৷ ৰাতিপুৱা, গধূলি মাথো পোনাৰ কথা৷

এইবাৰ নামঘৰত বৰুৱানীয়ে ৰাসৰ সবাহৰ দিনা নামঘৰত চাকি এগছি জ্বলাই থৈ আহিছে – পোনাৰ ভাল চাকৰি এটা হ’বলৈ – কাকতিৰ ল’ৰাটোৰ চাকৰি হওক বুলি তেখেতসকলে নামঘৰলৈ শৰাই এখন আগবঢ়াইছিল, শৰাই আগবঢ়োৱাৰ কথা ভবাৰ দুই সপ্তাহৰ পাছতেই টেটৰ ৰিজাল্টত কাকতিৰ ল’ৰাৰ নাম আহিছিল৷ সেই তেতিয়াই বৰুৱানীয়ে ঠিক কৰিছিল ৰাসৰ দিনাই নামঘৰত গৈ চাকি এগছি দি থৈ আহিব -
দুপৰীয়া পোনাৰ ফ’ন আহিল – তাৰ প্লেছমেন্ট হৈ গ’ল – জাপানীজ ছফটৱেৰ কম্পেনী এটাত তাৰ চাকৰি হ’ল – দৰমহা ভাৰতীয় টকাৰ হিচাপত কোটিৰ ওপৰতেই হ’ব, সা-সুবিধাও ভালেই৷ গতিকে পোনাই এই কোম্পানীটোতে জইন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা মাকক ক’লে –বৰুৱানীৰ ক’বলৈ মন গৈছিল – নালাগে সেইবিলাক চাকৰি কৰিব, ঘৰৰ ল’ৰা ঘৰলৈকে আহ, ইয়াত চাকৰি নাইকিয়া হোৱা নাই নহয়- পাছে  বৰুৱানীয়ে একো ক’ব নোৱাৰিলে পোনাক – মাথো ও আ কৈ শলাগিয়ে ফ’নটো থৈ দিলে –

আবেলি বৰুৱা অফিচৰপৰা ঘূৰি অহাৰ পাছত বৰুৱানীয়ে বৰুৱাক খবৰটো কওঁতে বৰুৱানীৰ গালেৰে দুধাৰি অশ্ৰু বৈ আহিল – বৰুৱাই ধৰিব নোৱাৰিলে সেয়া বৰুৱানীৰ পুতেকে চাকৰি পোৱাৰ আনন্দৰ চকুলো নে পুতেক ঘৰৰপৰা আৰু বেছি দূৰলৈ আঁতৰি যোৱাৰ বেদনাৰ চকুলো –


 বৰুৱাৰো চকুহালো সেমেকি উঠিল৷ বাহিৰলৈ চাই বৰুৱাই ভাবিলে -কালিলৈয়ে বিএচএন্এলৰ অফিচত গৈ ব্ৰডবেন্ডৰ কনেকচন এটাৰ কাৰণে এপ্লাই কৰিব লাগিব – ওচৰত নাথাকিলেও পুতেকৰ লগত অন্তত মাকে স্কাইপতে কথা পাতিব পাৰিব৷ 

No comments:

Post a Comment