Monday, September 1, 2014

জীৱন যু্দ্ধৰ এনাস্থেচিয়া ::


কেম্পাছত সময় শেষ হৈ আহিছে – আৰু মাথো এটা মাহ – তাৰ পাছতেই সকলো বেলেগ বেলেগ ঠাইলৈ যাবগৈ –

প্লেছমেন্ট ইতিমধ্যে শেষ হৈছে – সকলোৰে বাবে স্বস্তিৰ উশাহ লোৱা সময় – যোৱা ১৮ মাহে দিনে ৰাতিয়ে কৰা কষ্টৰ যেন অৱসান ঘটিছে -

হতাশ কৰে মোক – ইমান বিলাক টেলেন্টেড ল’ৰা ছোৱালী – আৰু সকলোৱে চিন্তা কৰে কেৱল এটা হাইলি পেইড জব পোৱাৰ – ক’ত ভাল আৰ্টিষ্ট আছে, ক’ত ভাল ডান্সাৰ আছে, লিখক আছে – কিন্তু কেৱল মাথো পইছা ঘটাৰ স্বপ্নই নিজৰ এই ভালপোৱা কামবিলাকত কিবা এটা কৰাৰ স্বপ্নক টেটু চেপি মাৰিছে-

 মিনাক্ষীয়ে পি পি অ পালে – এটা ইন্টাৰনেচনেল ইনভেষ্টমেন্ট বেংকত – কেম্পাছৰ ড্ৰিম জব – দৈনিক কমেও ১৫-১৬ ঘন্টা অফিচত দিব লাগিব – দৰকাৰ হ’লে কেতিয়াবা সেয়াও কম হয় -
কৈছিল মোকো এপ্লাই কৰিবলৈ - মন আছিল কিন্তু মই জানো মই নোৱাৰোঁ দিব ইমান সময় অফিচত – জীৱনৰ কাৰণেহে টকা, টকাৰ কাৰণে জীৱনটো নহয় – আৰু ইন্টাৰভিও যিহে এপ্লাই কৰা হলেও মই যে চাকৰিটো নাপালোঁহেঁতেন তাত মই এশ শতাংশই নিশ্চিত -

  সাধাৰণতে এনে বেংকবিলাকত যাৰ লগত অফিচত কাম কৰিব লাগে তেওঁলোকেই ইন্টাৰভিও লবলৈ আহে – সেয়েহে ইন্টাৰভিউত প্ৰাৰ্থীক বহুত সুক্ষ্মভাবে চালি জাৰি চায় যাতে নিজৰ টিমলৈ ভুল প্ৰাৰ্থীক বাচনি কৰা নহয় – মিনাক্ষীয়ে কৈছিল ইন্টাৰভিও লওঁতে হেনো ইন্টাৰভিও লোৱা ল’ৰাজনে তাইক কৈছিল – “মই মোৰ পত্নীৰ লগত যিমান সময় কটাম তাতকৈ বহুত বেছি সময় দৈনিক অফিচত তোমাৰ লগত কটাব লাগিব – গতিকে মই নিশ্চিত হ’ব লাগিব যে তোমাৰ সঁচাকৈয়ে ফাইনেন্সত ইন্টাৰেষ্ট আছে - 

 হাঁহি মাৰি কৈছিলোঁ – “ থেংকছ গড!! সি ইছ মেৰিড ” – হাঁহিটোত যেন বিষন্নতা আছিল তাই ঠিকেই ধৰিব পাৰিছিল -  আচৰিত হোৱা নাছিলোঁ – এনে কথা বহুতো শুনিছোঁ – ছিনিয়ৰ বহুতৰে ব্ৰেক আপ হোৱা দেখিছোঁ কেৰিয়াৰ আৰু ফেমিলিৰ মাজত হোৱা এনে তুমুল যুদ্ধত – বেছিভাগতে হৃদয়ে হাৰ মনা দেখিছোঁ – শুনাত একো নতুন কথা নহয় মোৰ বাবে – কিন্তু ভয় লাগে নিজৰ কথা ভাবি – ভৱিষ্যতৰ কথা ভাবি -

   কেমেৰাটো লৈ ওলাই গ’লো – বতৰতো ডাৱৰীয়া – বৰষুণ দিব পাৰে – জানুৱাৰী, ফেব্ৰুৱাৰী মাহত সাধাৰণতে কেৰালাত বৰষুণ নিদিয়ে – হয়তো আজিৰ বৰষুণ জাক কেম্পাছৰ শেষ বৰষুণ জাকো হ’ব পাৰে –আজি কেইখন মান ভাল ফ’ট তুলিব লাগিব –বৰষুণত কেম্পাছটো অপৰূপ দেখি - নিজকে ক’লো –“ আই এম গইং টো মিচ দিছ কেম্পাছ এ লট”

  একাডেমিক ব্লকৰ দীঘল কৰিডৰটোৱেদিয়েই বাট ল’লো – জুনিয়ৰ দুটা মানে কেছ-ষ্টাডি কৰি আছে – ব্যস্ত নিজৰ মাজতে পি পি টি বনোৱাত- বাহিৰৰ সুন্দৰ পৰিৱেশটোলৈ ভ্ৰূক্ষেপ নাই  - এবছৰৰ আগৰ নিজৰ কথা মনত পৰি গ’ল – আমিও টো এনেকুৱা ই আছিলোঁ – ভাল গ্ৰেড লাগে, ভাল চাকৰি লাগে আৰু ক’ত কি –
   লাইব্ৰেৰীত সুমাই চালোঁ – লগৰ কাকো কে দেখা নাপালোঁ – জুনিয়ৰ বিলাক পঢ়াত ব্যস্ত – বেটছ ট’পাৰ অঙ্কুৰe কোণত মেগাজিন পঢ়ি আছে – আচৰিত নহলোঁ– এনেয়েনো বেটছ ট’পাৰ হ’ব পাৰিছেনে – চকু আপুনা আপুনি গ’ল সেই নিদিষ্ট টেবুলখনলৈ – নাই তাত আজি মিনাক্ষী নাই – তাৰ সলনি জুনিয়ৰ দুটামানে পঢ়ি আছে – কিমান যে কথা পাতিছিলোঁ এই টেবুলতে – জুনিয়ৰ কেইটাৰো চাগৈ পঢ়াৰ মাজে মাজে কিমান কথাৰ চুপটি মৰা হৈছে – কেম্পাছৰ গৰম খবৰ, ছিনিয়ৰ বেটছ’ৰ খবৰ, প্লেছমেন্টৰ খবৰ আৰু ক’ত কি -

এদমিন ব্লক পাও গৈ মানে বৰষুণ পৰা আৰম্ভ হ’লেই – অৰুণলৈ ৱাটছ এপত মেছেজ কৰিলো এডমিন ব্লকলৈ আহিবলৈ – বহুত দিনৰেপৰা আমি বৰষুণ এজাকৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ – আজি আহিছে যেতিয়া এৰাত নাই -

অলপ পাছতেই বিজুলী-গাজনিৰে সৈতে ডাঙৰকে বৰষুণজাক আহিল – সোঁ-সোৱাই বতাহ বলিছে - বতাহত নাৰিকল গছৰ পাতবিলাক মুক্ত মনেৰে নাচিছে – সন্মুখৰ পাহাৰকেইটাও কুঁৱলীৰ আৱৰণত অদৃশ্য হৈ পৰিল- চাৰিওফালে কেৱল শুদ্ধ বগা কুঁৱলীৰ উৰনী – কেমেৰাটো হাতত লৈ ছাতাৰ স্পীড, আই এচ অ, এপাৰচাৰ ছেটিং কৰাত লাগিলোঁ – কেম্পাছৰ সৌন্দৰ্য্য ধৰি ৰখাৰ সুৱৰ্ণ সুযোগ এয়া- এৰি দিব নোৱাৰি –

অলপ সময়ৰ পাছতে অৰুণ আৰু বাকী লগৰ কেইটাও আহি পালেহি – সকলোৰে মনত উল্লাস – আহিয়েই বাহিৰৰ মুকলি দৰালৈ দৌৰি ওলাই গ’ল – বৰষুণত তিতিছে, নাচিছে, কাষৰ জমা হৈ পৰা পানী ডোঙাত জঁপিয়াইছে, বিভিন্ন ভঙ্গিমাত প’জ দিছে – আৰু মই মাথো কেমেৰাত আৱদ্ধ কৰি গৈছোঁ সেই দৃশ্যাৱলী – কালিলৈ হয়তো এই ফ’টকেইখন সিহঁতে ফেচবুকত আপলড কৰিব – কেম্পাছৰ সৌন্দৰ্য্যক লৈ বন্ধুৰপৰা বাহ বাহ বুটলিব – আৰু মই – সেয়াইতো মোৰ আনন্দ – কিবা এটা ভাল কৰিব পৰাৰ আনন্দ – জীৱনৰ সুন্দৰ মুহূৰ্ত্তবিলাক ধৰি ৰাখিব পৰা আনন্দ - কিবা এটা ক্ৰিয়েটিভ কৰাৰ আনন্দ – দুদিন পাছত জীৱনৰ কোবাল সোঁতত নিজকে উটুৱাই দিওঁতে এনেবিলাক সোঁৱৰণীয়েই তো জীৱনটি সজীৱ কৰি তুলিব –

  সোঁৱৰণীও বৰ আচৰিত অতীতৰ সেই ভাল লগা মিঠা ক্ষণবিলাকে আজি তোমাৰ চকু চলচলীয়া কৰিব পাৰে মুহূৰ্ত্তৰ বাবে নিজৰ সংযমী মনটোক লেকাম চিঙি দৌৰিবলৈ বাধ্য কৰিব পাৰে – আহ – তপত চকুলো আজিকালি নিচেই সুলভ -

  চেঁচা বতাহজাকে কঢ়িয়াই অনা এজাক এচাকনিয়ে তিয়াই পেলালে মোক গোতেই গাতো চেচাঁ-চেঁচা লাগি গ হাতখন মেলি দি বৰষুণৰ টোপালবোৰ চুই চালোঁ – সেই একেই আকৰ্ষণ – উলাই কৰিব নোৱাৰা দুৰ্বাৰ আকৰ্ষণ - কেমেৰাটো বেগটোত সুমুৱাই বাৰাণ্ডাতে বেগটো থৈ লাহে লাহে বাহিৰৰ বৰষুণ জাকলৈ ওলাই আহিলোঁ - এৰি দিলোঁ নিজকে বৰষুণ জাকৰ মাজত বৰষুণৰ টোপালবোৰে মুখখন কোবাই গল - ভাল লাগিল - পাৰে যদি বৰষুণ জাকে উটুৱাই নিয়ক মোৰ চকুপানীখিনি - কলহৰ মুখেৰে ঢলা বৰষুণৰ শব্দত হৃদয়ৰ গাজনিবোৰ যেন তল পৰিল এনে লাগিল ভাল লাগিল মনতো জীৱনৰ যুদ্ধত এনে সময়বিলাকেই তো এনাস্থেচিয়াৰ কাম কৰে


এনাস্থেচিয়াৰ যে মোক এতিয়া অতিকে প্ৰয়োজন --

No comments:

Post a Comment