Saturday, July 11, 2015

এপিয়লা গৰম চাহ, এজাক দোপালতিতা বৰষুণ আৰু এজাক সপোন




দুদিনমানৰপৰা দিল্লীত বৰষুণ দিছে দৈনিক - দিছে মানে বাৰুকৈয়ে দিছে - এজাক ১০ মিনিটৰ বৰষুনৰ কাৰণেও প্ৰস্তুত নোহোৱা মহানগৰীখনৰ কাৰণে প্ৰায় দৈনিক ২-৩ ঘন্টাৰ বৰষুণ কেইজাকে যঠেষ্ট সমস্যাৰ সৃষ্টি কৰিছে -
অলিয়ে গলিয়ে এআঠুলৈকে পানী, ৰাস্তাত পানী, যান-যট মুঠতে এইকেইদিন দিল্লীবাসীৰ কাৰণে বাহিৰলৈ ওলাবলৈকে চিন্তা হৈছে - সাধাৰণতে ৫-১০ মিনিটত অতিক্ৰম কৰা দূৰত্ত্ব যাবলৈ এইকেইদিন ঠাই বিশেষে ৩০-৪৫ মিনিট পয্যন্ত লৈছে - সেয়েহে বিশেষ দৰকাৰ নহলে বাহিৰলৈ ওলোৱা বাদেই দিছো এইকেইদিন - ঘৰৰ ভিতৰৰপৰাই বাৰিষাৰ বৰষুণৰ সোৱাদ লোৱা যাওক - এনেও দিল্লীত এনেদৰে বৰষুণক লগ পোৱা ইমান এটা সহজ নহয়  -


আজিও বতৰ একেই - ৰাতিপুৱাৰেপৰা বৰষুণ একেৰাহে দি আছে বুলি ক’ব পাৰি - মাজে মাজে এৰে আকৌ দিয়ে  - আগফালৰ গলিটোত এআঠু পানী - কলৈকো ওলাই যাব নোৱাৰি -






একাপ চাহ বনাই লৈ খিৰিকীৰ কাষতে আহি বহিলোহি - বৰষুণজাক বাঢ়িহে হৈ গৈছে - সোনকালে এৰা আশা নাই - উঠি গৈ ইউটিউব’ত নতুনকৈ মুক্তি পোৱা নীলাকৈ আকাশত নামৰ নতুন অসমীয়া গানটো লগাই দিলো - এটা মিঠা কন্ঠত ভাহি আহিল --


নীলাকৈ আকাশত তৰাৰে ধেমালী - চুই চাও চুই চাও লাগে
জোনাকীৰ বোকোচাত তৰায়ে ওমলে - চুই চাও চুই চাও লাগে -


মনটো ভাল লাগি গ’ল -আকাশখন আজি নীলা নহয় - বৰং এতিয়া আকাশখনত ঘোৰ কলীয়া ডাৱৰৰ একছত্ৰী ৰাজত্ত্ব - নাই এতিয়া জিকমিক কৰি থকা তৰাও - আছে মাথো অসংখ্য সৰি পৰা বৰষুণৰ টোপাল -

 তথাপিতো মনতো ভাল লাগি গ’ল - এখনি গোমা আকাশ আৰু সৰি পৰা বৰষুণৰ টুপাল - চুই চাও চুই চাও লাগিছে

কেতিয়াবা চুই চাও বুলি চুই চাইছিলো নে বাৰু বৰষুণৰ টোপাল -আকাশলৈ মুখ কৰি পাতি দিছিলোনে মুখখন বৰষুণৰ টোপাল বিলাকৰ সোৱাদ লবলৈ -- লৈছিলোঁ কিয় নলৈছিলোঁ- ছাটি থাকিলেও ছাটিতো মেলি নলৈ বৰষুণত তিতিছিলোঁ - আঠুলৈকে পেন্টটো কোচাই ৰাস্তাতোৰ পানীজমা হোৱা ঠাইখনত ভৰি দি আগবাঢ়িছিলোঁ - ভৰিৰ তলুৱাৰে পানীখিনি শুকানঠাইদোখৰলৈ ঠেলি দিছিলোঁ - কিযে উৎসাহ আছিল, কেনে যে ৰং লাগিছিল -


চাহত সুহা মাৰিলোঁ - এনে বতৰত পকৰিৰ লগত আদা দিয়া চা্হৰ সোৱাদেই বেলেগ - পাছে এই বৰষুণত এআঠু পানীত তিতি বুৰি পকৰি কিনাতকৈ ৰুমতে থকা কাটা বিস্কুটেই ভাল হ’ব যেন লাগিল  - গৰম চাহে গাটো গৰম উঠাই দিলে -


লেপটপটোৰপৰা ভাহি আহিল --


তোমাৰে দুচকুত সপোনে ওমলে - চুই চাও চুই চাও লাগে --


ভাল লাগিছিল - খুব ভাল লাগিছিল তাইক - চালে চাই থাকিবলৈ মন গৈছিল - তাইৰ লগত কটোৱা সময়বোৰ কেনেকৈ গৈছিল গমকে নাপাইছিলোঁ - সময়বোৰ যেন সপোন আছিল তেতিয়া - সপোনৰ ৰং বিৰঙৰ লহৰত ময়ো নিজকে উটুৱাই দিছিলোঁ - কিন্তু জনা নাছিলোঁ কেনেবাকৈ সপোনৰ সাগৰত অহা বা মাৰলিত মোৰ জাহাজ ডুবিলে মোৰ কি অৱস্থা হ’ব  -  আৰু এদিন সেয়াই হ’ল - সেই অলেখ এজাৰ সপোন সপোনেই হৈ থাকিল - আশাতীতভাবে টাইটানিকৰ দৰেই মনৰ মহাসাগৰৰ তলিত অলেখ সপোন লৈ মোৰ সপোনৰ জাহাজ ডুব গ’ল - জীৱনৰ কোবাল সোঁতত এতিয়া সকলো সপোন মাথো কেৱল মনৰ উৱলি যোৱা আধালিখা দস্তাবেজতেই আবদ্ধ -- মাজে মাজে নিগৰি ওলাই আহে - প্ৰথমতে বুজিবলৈ কষ্ট হৈছিল - আজিকালি স্বাভাবিক হৈ পৰিছে আৰু  - সপোন দেখিবলৈ এতিয়া ভয় হয় - কিজানি আকৌ একে দশা হয় -
বৰষুণজাকো এটা সময়ত হাতেৰে ঢ়ুকি পোৱাতে আছিল - দিল্লীত চুই চাও বুলিলেও  বৰষুণ নাই -  প্ৰায়ে সুধিছিলোঁ বৰষুণ আ্হিলে থাকিবনে  বৰষুণজাক চুই চাবলৈ মোৰ আগৰদৰে সেই উৎসা্হ, পামনে বৰষুণজাকত বিচাৰি সেই তাঁহানিৰ মাদকতা -- ভাবিছিলোঁ নিশ্চয় থাকিব সেই উৎসাহ,পাম সেই মাদকতা -- কিয় নাপাম -

খিৰিকিৰে হাতখন বাহিৰলৈ উলিয়াই দিলোঁ - চেঁচা বৰষুণৰ টোপালবিলাকে হাতখনত বেজীয়ে বিন্ধাদি বিন্ধিলে - চুলে জয় পৰি যোৱা নিলাজীবনৰ নিচিনাকৈ হাতখন আপুনা আপুনি কোচখাই আহিল - ক'ত হেৰাল সেই তাহানিৰ উৎসাহ,ক'ত লুকাল সেই মাদকতা --  বৰষুণৰ টোপালবিলাক চুই চোৱাতকৈ এতিয়া চাহৰ সোৱাদলৈ বৰষুণজাক দূৰৈৰপৰা চোৱাতহে বেছি আমেজ থকাৰ দৰে লাগিল! জীৱন সঁচাকৈয়ে বৈচিত্ৰপূৰ্ণ !!!

মনটো বেজাৰ লাগি গ'ল - গানটো শুনিবলৈ মন নগল আৰু !! উঠি গৈ আন এটা গান লগাই দিলোঁ -- জুবিনৰ কন্ঠত ভাহি আহিল --

"ভুলতো নাচাবা তুমি, নামাৰিবা মিঠা হাঁহি 
 নালাগে তোমাৰ মৰমকে নালাগে তোমাৰ প্ৰেৰণাকে 
থাকিম অকলে অকলে, পাৰিম জীৱন সজাবলে"   ---

No comments:

Post a Comment