Saturday, July 18, 2015

জীৱন= f(বিকল্প)






সন্ধিয়া সময় -- হোষ্টেলৰ কাষতে থকা পুূথিভৰালটোত এটা-দুটাকৈ লাইট জ্বলিছে - ষ্ট্ৰীট লাইটৰ পোহৰত পাহাৰৰ ওপৰত থকা কেম্পাছটোৰপৰা তলৰ সমতললৈ একাবেকাকৈ নামি যোৱা পথটো জিলিকি উঠিছে - - চৌদিশৰ অন্ধকাৰৰ মাজত এনে লাগিছে যেন একাবেকা পথটো তৰাভৰা আকাশখনৰ পৰাহে নামি গৈছে - আই আই এম কোজিকোড়ৰ আন এটা নাম গড'চ আউন কেম্পাছ - কাৰণটো সন্ধিয়াৰ এনে এটা মনোৰম দৃশ্য দেখিলে সহজেই বুজিব পাৰি --


অনিৰুদ্ধ আৰু মই ওলাই আহিলোঁ হোষ্টেল ৰুমৰ পৰা - সময় পালে সন্ধিয়া সময়তে আমি দুয়োটাই জগিং কৰোঁ-  ৰাতিপুৱা কৰিবলৈ সময় নাই - শুই উঠিয়েই নাকে কাণে ব্ৰেকফাচ্ট গুজি পোনে পোনে ক্লাছৰুম যাব লাগে -- যোৱা দুটা বছৰে অকল খাই খাই পেটদাল বহালোঁ - এতিয়া সেয়েহে ভাবিছোঁ কেম্পাছ এৰাৰ আগে আগে অলপ জগিং কৰি শ্লিম হৈ লও -- অনিৰু্দ্ধ আৰু মই প্ৰায়েই আহোঁ কাম নাথাকিলে - আহি তলৰ সমতল ভাগ পালেহি অনিৰুদ্ধে ফিল্ডত ৰাওন্দ লগাই - মই বহি চাই থাকোঁ - তাৰ ফিল্ডৰ ৰাওন্দ শেষ হ’লে আকৌ জগিং কৰি ওপৰলৈ উঠো - পাছে জগিং প্ৰথম হেয়াৰ পিন বেন্দটো লৈকেহে কৰা হয় - তাৰ পাছত তাৰ পেটৰ বিষ মোৰ হাওফাওৰ হাফু হাফু আৰম্ভ হৈ যায় - বাকীদোখৰ দূৰত্ত্ব খোজকাঢ়ি্যে আমি আমাৰ সন্ধিয়াৰ জগিং সম্পূৰ্ণ কৰোঁ - হোষ্টেল পোৱাৰ আগে আগে ডিপাৰ্টমেন্টেল ষ্ট’ৰৰ মিলমা কেন্টিনত ১০ মিনিট বহি ভাগৰ পলুৱা্ও - লগত থাকে মিলমা স্পিছিয়েল চুইট লাইম জুচ আৰু কেতিয়াবা মিলমা পেড়া -


প্লেছমেন্ট চিজন শেষ হ’ল যোৱাটো সপ্তাহত - অনিৰুদ্ধে মাল্টিনেচনেল এফএমচিজি কোম্পানিত  পালে, ময়ো ৰিস্ক এনালিষ্ট হিচাপে ফাইনেন্স কোম্পানী এটাত জইন কৰিম - সকলো এতিয়া নিচিন্ত -  জীৱনৰ এই অন্তহীণ ৰেট ৰেচত ক্ষন্তেক বিশ্ৰাম লোৱাৰ সময় এয়া যেন-  এইকেইদিন আগতে কাহানিও নেদেখা কেইবাখনো নতুন মুখো দেখিছোঁ গধূলী জগিং কৰিবলৈ ওলাই অহা -মোটা দৰমহাৰ পেকেজ সুনিশ্চিত কৰাৰ পাছত এতিয়া লক্ষ্য শ্লিম ফিগাৰ --  বেয়া নহয় অৱশ্যে - ভাল চেলাৰীৰ লগতে ভাল ফিগাৰ থকাটো অতিকে দৰকাৰী - কবলৈ গ’লে এটা কমপ্লিট পেকেজ -


আজিও অনিৰুদ্ধ আৰু মই আহি কেন্টিনত বহিলোহি - দুটা চুইট লাইম জুচৰ অৰ্ডাৰ ৰহমানদাক দি বাহিৰৰ বেন্সিতে আহি বহি পৰিলোঁ - ফাৰ্ষ্ট ইয়েৰৰ গ্ৰুপ এটাৰ  আদ্দা চলি আছে - চিনাকী কোনোবা আছে নেকি চালোঁ - নাই চিনাকী মুখ দেখা নাপালোঁ -
-
- কেম্পাছৰ এইবাৰ হাইয়েষ্ট পেকেজ কিমান?? আদ্দাৰ কিছু টুকুৰা আহি কাণত পৰিলহি আমাৰ -
এইটো সময়ত কেম্পাছত দুটা মানুহ গোট খালেই পেকেজ প্লেছমেন্টৰ কথাই স্থান পায় প্ৰথমতে - আমিও যোৱা বছৰ এইটো সময়ত একেবিলাক কথাই পাতিছিলোঁ - কোনে পিপিঅ (প্ৰি প্লেছমেন্ট অফাৰ) পালে, কোনে পিপিআই (প্ৰি প্লেছমেন্ট ইন্টাৰভিও) পালে সকলো কথা নখ দৰ্পণত আছিল আমাৰ - মিলমা কেন্টিনৰ আদ্দাত প্লেছমেন্ট পেকেজে স্থান পোৱাটো একো অস্বাভাবিক নহয় - কেম্পাছৰ সকলো খবৰৰ উৎস যে এই মিলমা কেন্টিন -

৩২ লাখ - ডিবি য়ে দিছে --  আমাৰ হোষ্টেলৰ প্ৰাপ্তিয়ে পাইছে --  ফ্ৰন্ট এন্ড ইনভেষ্টমেন্ট বেংকিং ৰ’ল - ছোৱালী এজনীয়ে উত্তৰ দিলে -- প্ৰাপ্তি চি হোষ্টেলৰ - ছোৱালীজনীও চি হোষ্টেলৰে  হ’ব লাগিব -


ডেট ইছ গ্ৰেন্ড - লগৰজনীৰ মাত সেয়া - মাততোত আকুলতাৰ চিন স্পষ্ট-


মেগী, চাহৰ আদ্দাত প্লেছমেন্টে নিজৰ ঠাই গজগজীয়া কৰি লৈছে -- সোনকালে এইটো টপিক ভঙ্গ হোৱাৰ আশা নাই -


আনকালে হোৱা হ’লে অনিৰুদ্ধ আৰু মই তাতে আৰু ২০ মিনিটমান সময় বহিলোহেতেন- কথা পাতিলোহেতেন - আজি সময় নাই - গধূলী ক্ৰাউন থিয়েটাৰত চিনেমা চোৱা প্লেন আছে - হাতত সময় নাই বেছি -  ৰহমান দাক খাটাত আজিৰ খৰচ লিখিবলৈ কৈ  দুয়োটাই খোজ ল’লো হোষ্টেললৈ - ওলাই যাওতে গ্ৰুপটোলৈ আকৌ এবাৰ চকু ফুৰালোঁ - সকলোবোৰ আদ্দাত নিমজ্জিত - আজিৰ এই প্লেছমেন্টৰ লগত যে সিঁহতৰ ভবিষ্যতৰ সপোনবিলাক এক অদৃশ্য সূতাৰে বান্ধ খাই আছে -- এক নিবিঢ় একাত্মীয়তা যেন -

এই প্লেছমেন্ট, জব উইথ এ বিগ ফেট চেলাৰী - এইবিলাক বস্তুৱে মোক অকনো আকৰ্ষিত নকৰে - এনে নহয় যে মই টকা-পইছা নিবিচাৰোঁ - বিচাৰোঁ মই - আন দহোজনৰ দৰে মোৰো সপোন কিছু আছে, সেয়া পূৰণ কৰিবলৈ মোকো টকাৰ দৰকাৰ - কিন্তু সেই টকা মই নিজে বিচৰামতে ঘটিব বিচাৰোঁ - নিজে ভাল পোৱা কাম কৰি টকা ঘটাৰ মজাই বেলেগ - - জীৱনটো এটা কিউবিক’লতেই পাৰ কৰি দিয়াতো মই একেবাৰেই সমৰ্থন নকৰোঁ - পাৰিম কৰিব সেয়াও যদিহে মই নিজে ভালপোৱা কাম কৰিবলৈ পাও -- কিন্তু লাখটকাৰ দৰমহা দিয়া এই মাল্টিনেচনেলৰ বেলেন্স শ্বীট, প্ৰফিট এন্ড লছ ষ্টেটমেন্টৰ প্ৰকোপত কেইজনে নিজে ভালপোৱা কাম কৰিবলৈ পায় - এক্সেল, পিপিটি ৰ মাজতেই জীৱন স্তব্ধ হৈ যায় - বাহিৰৰ গ্লেমাৰৰ প্ৰতাপত যে মনৰ সপোনৰ পাহিবোৰ চিৰাচিৰ হৈ যায়, তিলতিলকৈ জীৱনৰ ৰংবোৰ শেষ হৈ যায় -


নিবিচাৰিছিলোঁ মই এনে জীৱন - কিন্তু ইয়াৰ পাছতো বহি পৰিছিলোঁ প্লেছমেন্টত - বিকল্প যে নাছিল-


কেতিয়াবা ভাবোঁ - ভুল কৰা নাইতো মই -- বিকল্প সঁচাকৈয়ে নাছিল নেকি বাৰু ?
মনত পৰিল প্ৰথমদিনা কেম্পাছত প্ৰফেচাৰে পৰিচয় লওতে সকলোকে সুধিছিল - কিয় তোমালোকে এমবিএ কৰিব বিচাৰিছা -
ইন্টাৰভিও ৰাওন্দতো একেটা প্ৰশ্নৰে সন্মুখীন হৈছিলোঁ - কিন্তু তেতিয়া উত্তৰ দিছিলোঁ ইমপ্ৰেছ কৰিবলৈ - কেৰিয়াৰ গ্ৰউথ, লাৰ্নিং কাৰ্ভ, ম'ৰ ৰেছপনছিবিলিটি আৰু ক'ত কি যে কৈছিলোঁ --
কিন্তু সেইদিনা প্ৰফেচৰজনৰ একেটা প্ৰশ্নতে একো নভবা নিচিন্তাকৈ মনলৈ অহা ভাবটোকে কৈ দিছিলোঁ -
অসমৰ কাৰণে কিবা এটা কৰিব বিছাৰোঁ - বিশেষকৈ পৰ্য্যটনৰ দিশটোত -
সেয়া দুটা বছৰৰ আগৰ কথা ----

কেতিয়াবা ভাবোঁ - প্লেছমেন্টৰপৰা অপ্ট আওট কৰিব লাগিছিল নেকি বাৰু ??? প্লেছমেন্টত বহি মই নিজকে নিজে ফাঁকি দিয়া নাইতো --

সৰুতে পঢ়া তীখৰৰ অংক জংক পংকৰ এটা সাঁথৰ মনলৈ আহিল --


তীখৰে এবাৰ লগৰটোক দুটা চইছ দিলে -- প্ৰথমটো হ’ল তীখৰে লগৰটোক ৩০ দিনলৈ দৈনিক এক লাখ টকাকৈ দিব --
আনটো হ’ল - প্ৰথম দিনা ১ টকা দিব দ্বিতীয় দিনা ২ টকা তৃতীয় দিনা ৪ টকা  এনেকৈ ৩০ দিনলৈ প্ৰত্যক দিনাই আগদিনা দিয়া টকাৰ দুগুণ দিব -
লগৰজনে কোনো চিন্তা নকৰাকৈয়ে বিনা দ্বিধাই প্ৰথমটোকে বাছি ল’লে -- কিন্তু পাছতহে তীখৰে হিচাপ কৰি দেখুৱাতহে গম পালে যে  দ্বিতীয়টো অপছন লোৱা হ’লে ৩০ দিনত তেও কোটিপটী হ’ব পাৰিলে্হেতেন --- এটা ভুল সিদ্ধান্ত -

হোষ্টেলৰ গেটৰ মুখত অনুৰুদ্ধকো আজি একেটা সাঁথৰকে সুধিলোঁ মই -- চৰ্ত্ত ৰাখিলোঁ - প্ৰশ্ন শেষ হোৱাৰ লগে লগে উত্তৰ দিব লাগিব --


উত্তৰ আহিল- সিয়োঁ প্ৰথম বিকল্পটোকে বাছি ল’লে -- আঁচৰিত নহলোঁ মই - চিন্তা কৰিবলৈ যে সময়ো দিয়া নাছিলোঁ তাক -
অনিৰুদ্ধক আকৌ এবাৰ ভালদৰে দুয়োটা অপচন চালিজাৰি চাবলৈ কৈ নিজৰ ৰুমত সোমালোঁ --

ৰুমৰ ফেনখনৰ চুইটছটো অন কৰোতে মাথো এটা ভাবে মনত দোলা দি থাকিল -- আমি বাৰু জীৱনৰ এই প্লেছমেন্ট নামৰ সাঁথৰটোত কোনটো চইছ বাছি ল’লোঁ --

No comments:

Post a Comment