Monday, July 13, 2015

শান্ত সাগৰ অশান্ত মন --

শান্ত সাগৰ অশান্ত মন ~~~

ঘড়ীতোলৈ চালোঁ - ১০ বাজিবলৈ ১৫ মিনিট আছে - মাৰ্চ মাহৰ  কন্যাকুমাৰীৰ ৰাতিপুৱাৰ সূৰ্য্যটোৱে খাও খাও মূৰ্ত্তি ধৰি ওপৰলৈ উঠি আহিছে -- কপালত বিন্দু বিন্দু ঘামৰ অস্তিত্ব অনুভৱ কৰিলোঁ - ৰাতিপুৱা হোটেলৰ ৰুমৰ পৰা খৰখেদাকৈ ওলাই আহিছিলোঁ সূৰ্য্যোদয় চোৱাৰ আশাত - এঘন্টাৰ অপেক্ষাৰ পাছত সূৰ্য্য দেৱতাৰ দৰ্শন হয় মানে ডাৱৰৰ ওৰণীৰ লগত লুকা ভাকু খেলি বেলি গৈ মূৰৰ ওপৰ পালেগৈ  -  নিৰাশ মনেৰে ব্ৰেকফাচ্ট কৰি আহি এতিয়া বিবেকানন্দ ৰক মেমৰিয়েললৈ ফেৰী ধৰিবলৈ ফেৰীঘাটত প্ৰতিক্ষাৰত  আমি -- আমি মানে অনিবাৰ্ণ, অনিৰুদ্ধ, মিনাক্ষী আৰু মই -


অনিৰ্বাণ, অনিৰু্দ্ধে ৰেলিংত আওজি চিগাৰেটৰ ধুৱা ওৰুৱাইছে - ফেৰী আহিবলৈ এতিয়াও ১০ মিনিট সময় আছে - অফুৰন্ত সময় হাতত - ধুৱা ওৰোৱাবলৈ


মিনাক্ষীলৈ চালোঁ - অদূৰত শিল এছটাৰ ওপৰত বহি একান্তমনেৰে পানীলৈ চাই আছে -- সাগৰৰ পৰা মৰা বতাহজাকে চুৰিদাৰৰৰ আচলখন ওৰোৱাই নিও নিও কৰিছে, কাণৰ কাষৰ চুলিকিদাৰি বাৰে বাৰে মূখৰ সন্মুখলৈ আহি আমনি কৰিছে -- ধুনিয়া লাগিছে মিনাক্ষীক -- কেমেৰাটো তাইৰ পিনে ফকাছ কৰি ফ’ট এখন ল’লোঁ -


 অপূৰ্ব -- ভিউফাইন্ডাৰত ফ’টখন চাই নিজকে নিজেই কলোঁ --


“ বাবা - হাতখন চোৱাবা নি?? মাত্ৰ ১০ টকাতে তোমাৰ ভৱিষ্যত জানি লোৱা --


অচিনাকী মাতষাৰত পাছফাললৈ ঘুৰি চালোঁ - শেতা মুখেৰে মলিয়ন কাপোৰেৰে এগৰাকী পঞ্চাশোৰ্ধৰ মহিলা ৰৈ আছে -- হাত চোৱা মানুহ - মুখখনৰ চাৱনিত জ্যোতিষীৰ মুখত দেখা মই বৰ ভাৱ দেখা নাপালোঁ - তাৰ ঠাইত যেন কৰূণ চাৱনী আদহীয়া মহিলাগৰাকীৰ চকুত -- মহিলাগৰাকীক নিৰাশ কৰিবলৈ মন নগল এই ৰাতিপুৱাতে -- সোঁহাতখন আগবঢ়াই দিলোঁ -


“তুমি বৰ চোকা ল’ৰা, তুমি জীৱনত বহুত উন্নতি কৰিবা - -  মানুহগৰাকীয়ে হাতৰ তলুৱাখন চাই চাই মোৰ বিষয়ে কোৱা আৰম্ভ কৰিলে - আচৰিত হ’বলগীয়া একো নাছিল মোৰ বাবে -- জানিছিলোৱে এইশ্ৰেণীৰ মানুহে মানুহে শুনি ভাল পোৱা কথা কৈয়ে - ইয়েই যে জীৱিকা -- তথাপিতো কিবা বেলেগ কথা ক’ব বুলি আশা কৰি থাকিলোঁ - নাই নকলে - প্ৰেডিক্টেব’ল হিন্দি চিনেমাৰ ক্লাইমেক্সৰ নিচিনাকৈয়ে মোৰ ভবিষ্যতৰ কাহিনীৰ অন্ত পৰিল -


মানুহগৰাকীৰ ভাল ল’গা কথা শুনি অনিৰুদ্ধ, অনিবাৰ্ণৰো যেন তাঁহাতৰো ভৱিষ্যত জানিবলৈ মন গ’ল  -- ইটোৰ পাছত সিটোৱে  হাত দেখুৱাত লাগিল - হাঁহি উঠিল মোৰ - একেখন কেছেটকেই কিমান নুশুনে আৰু  -- কেমেৰাটো লৈ আতৰি গলোঁ - বেলিটোৱে অলপ দিগদাৰ দিছে ফ’ট তোলাত - বেলেগ এটা এনগ’লৰ পৰা ফ’ট ল’ব লাগিব ৰ’ক মেমৰিয়েলটোৰ  --


মিনাক্ষীলৈ চালোঁ - এতিয়া্াও একে ঠাইতে বহি আছে - চকুযুৰি নিলীম  সাগৰৰ অসীমত নিবদ্ধ - কিবা এটা যেন গভীৰ চিন্তাত বিভোৰ - কৰিবলৈ একো নাছিল মোৰ - লাহে লাহে খোজ ললোঁ তাইৰ ফালে --


মোৰ খোজৰ শব্দ শুনি মিনাক্ষীয়ে মই অহা ফালে ঘুৰি চালে -
হাত নেদেখুৱা তুমি ?? অনিৰুদ্ধ অনিবাণেও দেখুৱাইছে -- কাষতে বহি তাঁহাতলৈ আঙুলিয়াই হাঁহি মাৰি সুধিলোঁ তাইক -
নাই নেদেখাও - তোমাক কি ক’লে -
তোমাক পাম বুলি ক’লে - আৰু চিধাই কথাষাৰ তোমাক কবলৈ ইয়াত মই হাজিৰ - দুষ্টালি ভৰা হাঁহি এটা মাৰি উত্তৰ দিলোঁ -
খিলখিলাই হাঁহি উঠিল তাই - এনেকৈ হাঁহিলে মিনাক্ষীৰ চকু দুয়োটা প্ৰায় মুদ খোৱাৰ নিচিনা হৈ যায় - ভাল লাগে মোৰ --


ভৱিষ্যতৰ কথা তোমাৰ জানিবলৈ মন নাযায় ?
ভবিষ্যততো মই নিজে বিচৰা মতে গঢ়িব বিচাৰোঁ - তাৰ কাৰনে জ্যোতিষীৰ ওচৰলৈ যাবলৈ নিবিচাৰোঁ -- আকৌ খিলখিলনি -
কুৱাইট হেভী - তাইৰ হাঁহিত ময়ো যোগ দিলোঁ -


ধেমালীত কথাষাৰ ক'লেও মিনাক্ষীৰ কথাষাৰিত যে সত্যতা নাই তাক নুয়ো কৰিব নোৱাৰিলোঁ - সেইকাৰণেই মিনাক্ষীক ভাল লাগে মোৰ - যোৱা দুটা বছৰে তাইক দেখি আহিছোঁ - আন হাজাৰজনী ছোৱালীৰ দৰে নহয় তাই -- নিজৰ মন এটা আছে তাই -- ভাল বেয়া বিচাৰ কৰিব পাৰে - সময়ৰ ধৌত উটি যোৱা ছোৱালী নহয় - প্ৰয়োজন হ’লে সোঁতৰ বিপৰীতে যুঁজ দিবলৈও সাজু তাই -


আচ্ছা - বাৰু কোৱাছোন সেই যে দূৰত জাহাজখন দেখিছা, জাহাজখনে কেনেকৈ বাৰু দিক নিৰ্ণয় কৰে --
“ কম্পাছেৰে” -আচৰিত হোৱাৰ পাল এইবাৰ মোৰ -  এই সাধাৰণ কথাটোও নাজানে নে বেটছ ট’পাৰ মিনাক্ষীয়ে -
“বাৰু কম্পাছতো যদি নাথাকে, ধৰি লোৱা আছিল কিন্তু মাজ সাগৰত বেয়া হৈ গ’ল “
“কি হ’ব আৰু - দিকবিহীন ভাবে ঘুৰি ফুৰিব মাজ সাগৰত “  অলপ অস্বস্তিয়ে অনুভৱ কৰিলোঁ - কি যে কথাবোৰ সুধে নহয় এই ছোৱালীজনীয়ে --


এছাটি ধৌৱে আহি আমাৰ দুয়োটাৰে ভৰিকেইটা তিয়াই থৈ গ’ল -  চেঁচা চেঁচা ভাৱ এটা আহিল এই গৰমতো - ভাল লাগিল - ভাল লাগিল ধৌছাটিয়ে আমাৰ মাজলৈ কঢ়িয়াই অনা মৌনতা খিনিও - দূৰৈৰ জাহাজকিখনলৈ চাই পঠিয়ালোঁ - আৰু কিমান দিনলৈ বা এনেকৈয়ে মাজসাগৰত কটাব লাগিব - গন্তব্যস্থান নোপোৱালৈকে -


জানা, আমাৰ সপোনবোৰে জীৱনত কম্পাছৰ কাম কৰে - কেতিয়াও জীৱনৰপৰা এই সপোনবিলাক আতৰি যাবলৈ নিদিবা - নহলে মাজ সাগৰত দিক বিহীন হ’বা - সেই মাজসাগৰৰ কম্পাছ নথকা জাহাজখনৰ নিচিনাকৈয়ে -- আই হ’প ইউ আন্দাৰষ্টেন্দ ৱাট আই মীন --


 মিনাক্ষীৰ মুখলৈ চালোঁ -- এপলক আগতে খিলখিলাই হাঁহি থকা মুখখন অত্যন্ত চিৰিয়াছ-- পঢ়াক লৈ, কেৰিয়াৰক লৈ মিনাক্ষী সদায়েই চিৰিয়াছ -


মিনাক্ষীৰ কথাষাৰে মোক ভবাই তুলিলে - পাঁচ মিনিটৰ আগতে যে মই টু এটাও নোকোৱাকৈ জ্যোতিষীগৰাকীৰ ফালে হাতখন আগবঢ়াই দিলোঁ, সপোনবোৰ শেষ হৈ আহিছে নেকি বাৰু মোৰ জীৱনত -- কিয় বাৰু উৎকন্ঠাৰে জ্যোতিষীগৰাকীৰ মূখলৈ চাই ৰৈছিলোঁ কিবা এটা ভাল কথা শুনাৰ আশাত --


উত্তৰ দিবলৈ মোৰ হাতত উত্তৰ নাছিল -পৰিস্থিতিতো অলপ গহীনেই হৈ পৰিছিল - মই জানো মিনাক্ষীয়ে মোৰ পৰা উত্তৰ বিচৰা নাই - বিচাৰিছে মাথো মই কথাষাৰ এবাৰ ভাবি চোৱাটো - ভাবিব লাগিব এই বিষয়ে দকৈ - আই প্ৰমিজ ইও মিনাক্ষী -আই উইল ইনট্ৰস্পেকট- মনৰ ভিতৰতে ক’লো মই নিজকে -


মৃদু হাঁহি এটা মাৰি ক’লো - “ য়া - আই আন্দাৰষ্টেন্ড - ইউ আৰ দা কম্পাছ অাফ মাই লাইফ নাও--” বাৰু   ব’লা এতিয়া  ফেৰীতে উঠোগে - ফেৰি আহিবৰ হ’ল -- জাহাজত উঠিবলৈ সময় আছে এতিয়াও বহুত জীৱনত, পাছে পৰেও তাৰ কথা চিন্তা কৰিম --

অনিৰুদ্ধ, অনিবাণলৈ ঘুৰি চালোঁ - তাঁহাতি এতিয়াও জ্যোতিষীৰ লগত হাত দেখুৱাতে ব্যস্ত --

No comments:

Post a Comment