Friday, May 24, 2013

বি.এ. ডাঙৰ নে এম. বি. এ ডাঙৰ?


বি.এ. ডাঙৰ নে এম. বি. এ ডাঙৰ?
~~~~~~~~~~~~~~~~~~~~~~~~~
কালি DTC( Delhi Transport Corporation) ৰ এখন বাছেৰে নয়ডা'ত থকা লগৰ এজনৰ ঘৰলৈ গৈ আছিলো. বাছখনত যাত্ৰী বৰ বেচি নাছিল. খালি আসন এখন পাই কন্ডাকট'ৰ জনৰ কাষৰ চিটতোতে বহিলো. দিল্লীত আকৌ কন্ডাকটৰৰ নিদিষ্ট আসন থাকে. যাত্ৰীয়ে তেওৰ ওচৰলৈ গৈ টিকত লোৱাটো নিয়ম. ময়ো তেওৰ কাষতে বহি তেওৰ টিকট দিয়া কামতোকে চাই আছিলো. DND highway পোৱাৰ পাছত কন্ডাকটৰজন আজৰি হ'ল বুলিবই পাৰি. নইডা ছেক্টৰ ১৬ নোপোৱালৈকে এই ২০ মিনিটমান সময় তেও আজৰি. নতুন যাত্ৰী আকৌ তাতহে উঠিব বাছ'ত.
ইমান সময়ে টিকট বিলাই তেওৰ চাগে আমনি লাগিছিল. সেয়েহে আজৰি হৈ অলপ কথা পতাৰ ইচ্ছাৰে তেখেতে মোক সুধিলে "পাছে তুমি কি কৰি আছা? পঢ়ি আছা নে চাকৰি কৰি আছা?"
ভাল লাগিল কথাখাৰ শুনি. মনতে ভাবিলো "ভাল নকলেযে এনেয়ে আছো নে কিবা কৰি আছো?"
আন দহোজনক কোৱাৰ নিচিনাকৈ মই চমুকৈ কলো "এম. বি. এ কৰি আছো" ভাবিলো বহলাই বাখ্যা কৰাৰ প্ৰয়োজন নাই. কিন্তু তেওৰ প্ৰশ্নবোধক চাৱনিতোত গম পালো তেও নুবুজিলে. ভাবিলো কি দৰে বুজাও তেওক MBA কি হয়. অলপ সময় কিবা চিন্তা কৰাৰ পাছত তেওৱেই মোক সুধিলে
" এই এম বি এ ডিগ্ৰিতো বি এ ডিগ্ৰিটোতকৈ ডাঙৰ নেকি বাৰু ?"
প্ৰশ্নটোৱে মোকো ভবাই তুলিলে. হয়তো আজিলৈকে মই এই কথাতো ভবাই নাছিলো. BA ৰ আগত M এটা লগাই দিলেইতো হল .. হৈ গল MBA.
এতিয়া মই কেনেকৈ তেওক বুজাও যে MBA আৰু BA ৰ মাজত একো সমন্ধ নাই. তথাপিতো মই মোৰ সীমিত হিন্দীৰে কন্ডাকটৰজনক বুজাবলৈ চেষ্টা কৰিলো. কলো যে MBA ডিগ্ৰীত বিজনেছ চলাবলৈ শিকোৱা হয়. কিন্তু তাতো মোৰ কাৰণে ৰই আছিল অন্য এটা সাঁথৰ. মোক অবাক কৰি এইবাৰ তেওৰ প্ৰশ্ন " মাৰৱাৰী সিন্ধী সম্প্ৰদায়ৰ মানুহবোৰেচোন এই ডিগ্ৰী নোলোৱাকৈয়ে যোৱা ২-৩ টা শতিকা জুৰি গোটেই দেশজুৰি সফলতাৰে ব্যবসায় বাণিজ্য কৰি আহিছে"
কন্ডাকটৰজনৰ প্ৰশ্ন শুনি মোৰ মুখৰ মাত সৰিল. মনত পৰিল ক্লাছত এজন প্ৰফেছৰে কোৱা কথা এফাঁকি .."We do not teach entreprenuership in MBA"
(এই পষ্ট'ৰ জৰিয়তে BA বা MBA কোনো এতা ডিগ্ৰীকে হেয় প্ৰতিপণ্ন কৰিবলৈ চেষ্টা কৰা হোৱা নাই. কন্ডাকটৰজনৰ নির্ভেজাল প্ৰশ্নতোৱে মোৰ মনত সৃষ্টি কৰা অনুভৱকে প্ৰকাশ কৰিবলে মই মাথো প্ৰয়াস কৰিছো)

No comments:

Post a Comment