Wednesday, May 29, 2013

ককা আৰু নাতি

ককা কমলা কুঁৱৰীৰ সাধুটো কওকচোন ।
ককাৰ সাধুকথা আৰম্ভ হৈ যায় -
            "কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী পানীনো কিমানে হ'ল
             স্বর্গদেউ ঈশ্বৰ স্বর্গদেউ ঈশ্বৰ পানী একাঠু হ'ল-----"

ককা এইবাৰ "তেজীমলাৰ" সাধুটো কওক --
ককাই সুৰ লগাই লগাই তেজীমলাৰ কাহিনী কৈছিল
            "হাতো নেমেলিবি ফুলো নিচিঙিবি, ক'ৰে নাৱৰীয়া তই
            পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই"

আৰু এশ এটা সাধুকথা। ককাৰ মুখত এই সাধুকথাবোৰ বাৰে বাৰে শুনিলেও যেন কেতিয়াও আমনি নালাগিছিল। ককাৰো যেন কেতিয়াও সাধুকথা কৈ আমনি নালাগিছিল। সদায় হাঁহি হাঁহি বৰ উৎসাহেৰে আমাক সাধু শুনাইছিল।
             

কি যে মৰম কৰিছিল আমাক। আমিও যেন এখন ঠেং সদায় ককাৰ ঘৰলৈ যাবলৈ দাঙি থৈছিলো। গৰম বন্ধ, পূজা বন্ধ বা বছেৰেকীয়া পৰীক্ষাৰ পাছত পোৱা বন্ধই নহওক, বন্ধত ককা-আইতাৰ ঘৰলৈ ধাপলি মেলিছিলো। তেতিয়া আৰু আমাক কোনে পাই। কবলৈ গলে সেইকেইদিন উঠি ৰজা বহি ৰজা। যি ইচ্ছা যায় তাকে কৰিছিলো।


 মাঘৰ বিহুত উৰুকাৰ দিনা ককাৰ ঘৰত থকাটো আমাৰ কাৰণে অঘোষিত পৰম্পৰা হৈ পৰিছিল। ককায়েও আমি যাম বুলি জানি প্ৰত্যেক বছৰতেই আগৰেপৰাই প্ৰস্তুতি চলাইছিল। ঘৰৰ চোতালতে ভেলাঘৰ সাজি দিছিল। ভেলাঘৰত মাটিত খেৰ পাৰি বহিব আৰু শুব পৰা কৰি দিছিল। গোটেই ৰাতিটোলৈ যাতে জুৰে তাৰ হিচাপত আগতিয়াকৈ পাছফালৰ বাৰিৰে পৰা গছৰ ডাঙৰ মুঢ়া আৰু খৰিৰ ব্যৱস্হা কৰিছিল। উৰুকাৰ দিনা ভেলাঘৰত আমাক জুই ধৰি দিছিল । লগতে লৈ আনিছিল বিবিধ প্ৰকাৰৰ আলু আৰু জুইত পুৰি আমাক সেই আলুৰ সোৱাদ লবলৈ দিছিল। ইফালে ঘৰৰ ভিতৰৰপৰা আইতাৰ আনলিমিটেড পিঠা-পনাৰ চাপ্লাইটো আছিলেই। ভোজ খোৱাৰ পাছত জুইৰ আঙঠাৰ তাপতে আমি খেৰৰ ওপৰত পাৰি দিয়া বিচনাত পৰি টোপনি গৈছিলো। ককাই গোটেই ৰাতি আমাক ৰখি থাকিছিল। আইতা ভিতৰত পিঠা-পনা পোৰাত ব্যস্ত আছিল। পাছদিনা পুৱতি নিশাতে ককাই আমাক টোপনিৰপৰা জগাই গৰম পানীৰে গা পা ধোৱাই নাম ঘৰলৈ লৈ গৈছিল। নাম ঘৰত গাঁৱৰ ৰাইজে একেলগে মেজি জ্বলায়। মেজিৰ জু্‌ইত তামোল পানৰ সৈতে এটকীয়া বা পঞ্চাশ পইছাৰ মুদ্ৰা দলিয়াই দি সেৱা কৰিছিলো আৰু পাছত মেজিৰ কাষতে বহি নাৰিকলৰ সোৱাদ লৈছিলো। 


ককা আইতাৰ ঘৰলৈ গলে ককাৰ লগত প্ৰায়েই গাওঁ ফুৰিবলৈ গৈছিলো। সচা কবলৈ গলে ককাৰ লগত এনেদৰে গাও ফুৰা চকা কৰোতেই কিজানি গাঁৱৰ বেছিভাগ মানুহৰ লগত মই চিনাকি হৈছিলো।  আলহীৰ ঘৰত ককাৰ লগতে আমিও লাল চাহ আৰু তামোলৰ জুটি লৈছিলো। জাৰৰ দিনত কেতিয়াবা কেতিয়াবা ন খাবলৈও গৈছিলো। মাজ চোতালত থৈ দিয়া লেন্ঠনৰ পোহৰত ককাৰ কাষতে বহি ন চাউলৰ ভাত খাইছিলো। লগত ৰাইজৰ মাজত হাঁহিৰ খলকনি তোলা ধেমালিৰ ৰস।  গাঁও ফুৰি ৰাতি ৰাতি আন্ধাৰ নিজান গাৱঁৰ ৰাস্তাইদি ঘৰলৈ ঘুৰি আহোতে খুব ভয় লাগিছিল। ককাৰ হাতখন জোৰেৰে খামোচ মাৰি ধৰিছিলো আৰু চকুমুদি ককাৰ ওপৰত ভৰসা কৰিয়েই খোজ দিছিলো। বিশেষকৈ আহঁত বা বৰ গছৰ তলেদি আহোতে মই কিজানি চকু ভুলতেও মেলি চোৱা নাছিলো।   


অসমীয়া পৰম্পৰাৰ একো এটাকে যাতে আমি বাদ নিদিও নকৰো তাৰ ওপৰত ককাই সদায় চকু দিছিল। প্ৰত্যেক বছৰতেই যাতে আমি চুঙা চাউল খাও তাৰ বাবে ব্যৱস্হা কৰিছিল। কেতিয়াবা কিবা কাৰণত আমি ককা আইতাৰ ঘৰলৈ যাব নোৱাৰিলে ককাই পাছদিনা ৰাতিপুৱাই বাছ ধৰি আমাৰ ঘৰ ওলাইছিলহি। লগত লৈ আনিছিল অসংখ্য বাঁহৰ চুঙা আৰু গাখীৰ। ঠিক তেনেদৰে বাৰিৰ গছত ফলমূল পকিলেও ককাই সযতনে আমালৈ সেয়া লৈ আনিছিল। মোনাৰপৰা উলিয়াই দিছিল পকি মোক খা মোক খা কৰি থকা আম,কঠাল, লেটেকু,পনিয়ল আদি বাৰিত লগা ফলমূল বিলাক।


মাজে মাজে ককাই বাৰিৰ শাক পাছলি বা ফলমূল বেপাৰীক বেচা মেলা কৰিছিল। তাত পোৱা টকাকেইটা ককাই সযতনে সাঁচি ৰাখিছিল। ককাৰ ঘৰলৈ গলে বা ককা আমাৰ ঘৰলৈ আহিলে হাততে সেই টকা গুজি দিছিল। যেন তাৰ ওপৰত কেৱল নাতিৰহে অধিকাৰ। তেতিয়া ককাৰ চকুত দেখিছিলো এক বুজাব নোৱাৰা আনন্দ। তেনেদৰে ককাৰ বৃদ্ধ পেন্সনৰ ভাগো আমি নাতিকেইটাই পাইছিলো। চাকৰি কৰাৰ পাছতো যেতিয়া ককাৰ ওচৰলৈ গৈছিলো তেতিয়াও ককাই সাঁচতিৰপৰা আলফুলকৈ অতদিনৰেপৰা সাঁচি ৰখা টকাকেইটা মোলৈ উলিয়াই দিছিল। কেতিয়াবা ২০-৩০ টকা কেতিয়াবা ১০০-২০০ টকা। কিন্তু সেই টকাকেইটাৰ আৰত থকা আনন্দ জানো  এম. এন. চি. ত কাম কৰি  মাহৰ শেষত পোৱা মোটা দৰমহাটোৱে মোক দিব পাৰিছিল। মৰমৰ তুলাচনীত যে ককাৰ সেই টকাৰ ভৰ মোৰ দৰমহাতকৈ শতগুণে বেছি।


ককাই আমাক প্ৰায়েই সাধু কৈছিল। আমিও ককাৰ সাধু শুনি বেচ ৰস পাইছিলো। ৰাতি ককাৰ লগত শুবলৈ দাদা আৰু মই প্ৰায়েই কাজিয়া কৰিছিলো। গৰমৰ দিনত ৰাতি বিছনাত ককাই বিচনীৰে বিচি বিচি সাধু শুনাইছিল। কমলা কুঁৱৰীৰ সাধুতো ককাৰ বৰ প্ৰিয় আছিল বোধহয়। বাৰে বাৰে শুনা স্বতেও আমাৰ আমনি নালাগিছিল। কিন্তু ককাই সাধুকথাতকৈ বেছিকৈ তেওৰ জীৱনৰ কাহিনীবিলাকহে কৈছিল । কেনেকৈ বেপাৰ কৰিছিল,দেউতাক কষ্ট কৰি পঢ়োৱাইছিল,  ইত্যাদি অনেক কথা।


সদায় যে ককা আৰু আমাৰ একেটা সুঁতিৰে পানী বৈছিল সেইটোও সত্য নহয়। কেণাটো লাগিছিল যেতিয়া ককা আমাৰ ঘৰলৈ আহে। ককা আমাৰ ঘৰলৈ আহিলে প্ৰায়ে ঘূৰি যাবলৈ আহে। থাকিলেও দুই এদিনতকৈ বেছি নাথাকে। আমি ককাক ৰাখিবলৈ বহুত বুদ্ধি সাজিছিলো। ককাৰ চোলা,চুৰিয়া লুকোৱাই থৈছিলো, ঘড়ীৰ সময় পিছুৱাই থৈছিলো যাতে ককাই বাছ ধৰিবগৈ  নোৱাৰে ইত্যাদি অনেক কিবা কিবি। ককায়ো আমাৰ লগত মাজে মাজে জেদ ধৰিছিল। কিন্তু ক্ষন্তেকৰ বাবেহে। মুহূর্ততে আকৌ আমি আগৰদৰেই ককা নাতি হৈ পৰিছিলো।


ককাই আমাক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল। সুবিধা পালেই গাঁৱৰ মানুহৰ আগত আমাৰ প্ৰশংসা কৰিবলৈ নেৰিছিল। পৰীক্ষাত কোন ডিভিজনত পাছ কৰিছো তাৰ খবৰ ককাৰ নখ দর্পণত আছিল।


এদিন ককাক সুধিছিলো “ ককা আটাইকেইটা নাতিৰ ভিতৰত আপোনাৰ কাক ভাল লাগে”
ককাই ধেমালিতে হাঁহি মাৰি কৈছিল “জী নাতি জপনা কাতি, পো নাতি ধৰে ছাতি”

কিন্তু মোৰেই দুর্ভাগ্য - আমাক এৰি থৈ যোৱাৰ সময়ত ককাক মই মাত এষাৰো দিব নোৱাৰিলো -- ককা  ঢুকোৱাৰ খবৰটো পোৱাৰ পাছত বহুত দেৰিলৈকে কাণত ককাই কোৱা কথাফাঁকি বাজি থাকিল -
  " -- পো নাতি ধৰে ছাতি "  

(আজি আৰু ককা আমাৰ মাজত নাই। কিন্তু ককাৰ এই কথাবিলাকে দেখোন মনত বৰকৈ খুন্দিয়াইছেহি। ককাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই প্ৰার্থনা কৰিলো)


No comments:

Post a Comment