Friday, May 24, 2013

বিহ জলকীয়া আৰু বিহফোঁহা


ক্লাছ চিক্সত তেতিয়া। গৰম বন্ধৰ কথা। দিনটো টলৌ টলৌ কৈ ঘূৰি ফুৰো। এনেতে হ’ল নহয় টিকাতে বিহফোঁহা এটা। প্ৰচণ্ড বিষ। ক’তো শান্তিত বহিব নোৱাৰি। কলৈকো যাব নোৱাৰি। খাওতেও অশান্তি। মুঠতে ক'তো শান্তি নোহোৱা হ'ল।

চিনাকি সকলোৱে নিজৰ নিজৰ দিহা পৰামর্শ দিবলৈ নাপাহৰিলে। দেউতাই এবাৰ ৰাতিপুৱা চেপে এবাৰ গধূলী চেপে। গৰম পানীৰে ধূৱাই দিয়ে। ডেটল লগায়।  নাই তিনি দিনমানৰ পাছতো ভাল নহল। আহিল এইবাৰ চুবুৰিৰ এক্সপার্টসকল। খুৰী এগৰাকিয়ে কলে “ কলগেট লগাই দে। ঠিক হৈ যাব। নাই ঠিক নহল। মামা এজনে কলে “চূণ পানী লগাই দিবি। একেবাৰতে ভাল হৈ যাব।“ নাই তেতিয়াও ভাল নহল।
  
ইফালে দিনক দিনে ফোঁহাটো বাহঁনি পানী বঢ়াৰ নিচিনাকৈ বাঢ়ি আহিছে। লগতে বিষটোও। সাত দিনমানৰ ভিতৰতে ফোঁহাটোৱে প্ৰকান্ড ৰূপ ললে। কৰবাত অলপ লাগিলেহি বিষত চিঞৰি উঠো।
যেতিয়া চুবুৰিৰ কাৰোৰে উপদেশে কাম নিদিলে দেউতাই এদিন মোক লৈ গ’ল মামাৰ ওচৰলৈ। মামা ডাক্টৰ মানুহ। বিহফোঁহাটো চাই চিটি মোক পেনিচিলিনৰ বেজী লবলৈ কলে। দিনে এটাকৈ। মনত নাই কেইটা দিছিল।

মামাৰ চেম্বাৰলৈ যাওতে ককাৰ ঘৰ বাটতে পৰে। সেয়েহে মামাৰ তাৰপৰা উলটি আহোতে ককাৰ ঘৰত সোমালোহি। ককাই আলহি ঘৰতে বহি দূৰ সমন্ধীয় খুৰা এজনৰ লগত কথা পাতি আছিল।
বিহফোঁহাটোৰ বাবে খোজ কঢ়াত অলপ অসুবিধা হৈছিল। ককাই তাকে দেখি মোক সোধাত বিহফোঁহাৰ কথা কলো। কথাটো শুনি আলহি খুৰাজনেই দিহাটো দিলে। কলে বিহ জলকীয়াই হৈছে বিহ ফোঁহা ঠিক কৰাৰ উত্তম ঔষধ। বিহ জলকীয়া লগালে হেনো বিহফোঁহা লগালগ ঠিক হৈ যায় আৰু কস্মিনকালেও আকৌ গাত দেখা নিদিয়ে।

মনে মনে নিজকে কলো “হয়তো লোহাই হে লোহা কাটিব পাৰে”

আনকালে হোৱা হলে বিহ জলকীয়া বুলি কলে দূৰতে সাত জাপ মাৰো। আগতে এবাৰ মই ককাৰ লগত ভাত খাওতে বিহ জলকীয়া চকুত লাগোতে ভাল মজা পাই থৈছো। কিন্তু সেইদিনা ফোঁহাৰ বিষ ইমানেই বেছি হৈছিল যে মই ভাল পোৱাৰ আশাত বিহ জলকীয়া লগাবলৈও সাহস কৰিলো।

    কথামতে কাম। পাকঘৰলৈ গৈ বৈয়াম এটাৰপৰা পকি ৰঙা হৈ থকা বিহ জলকীয়া এটা লৈ আনিলো। বাতৰি কাগজ এখনত ফোঁহাটোৰ সমান জোখৰ ফুটা এটা কৰি কাগজখন ফোঁহাটোৰ ওপৰত পাৰি দিলো। জলকীয়া যাতে আন ঠাইত নালাগে তাৰ কাৰণেই এই প্ৰতিকাৰ।

যি হই হ’ব বুলি ভাবি জলকীয়াটোৰ আগটি ভাঙি লাহে লাহে ফোঁহাটোৰ ওপৰত ঘহি দিলো। পাঁচ মিনিট মান সময় তেনেকৈয়ে গ’ল। লাহে লাহে অলপ পোৰণি উঠা যেন লাগিল। ভাল হওক বুলিয়ে একো নকৰি বিছনাত পৰি থাকিলো। কিন্তু অলপ পাছত মই একো গমকে নোপোৱা হলো। ফোঁহাৰ ঠাইত চুলেও একো বিষ অনুভৱ নকৰিলো যেন মই ল’কেল এনাস্থেচিয়াহে দিলো। মনতে ভাবিলো এন্টি ভেনমে কাম কৰিছে তাৰমানে। অলপ সময়ৰ পাছত দেখিলো ফোঁহাৰপৰা বিহ পানী বিৰিঙিবলৈ লৈছে। বিষটোও পাতল হৈ অহা যেন লাগিল। তাৰমানে দৰবে কাম দিছে। মনটো নাছি উঠিল। সোনকালেই এইপাতৰপৰা মুক্তি পোৱাৰ আশাত।

  তেতিয়াহে মন কৰিলো যে মোৰ হাতখনত দেখোন পোৰণি উঠিছে। আকৌ এটা সমস্যা। জলকীয়া লগাওতে একো সাবধনতা লোৱা নাছিলো। এতিয়া বিহফোঁহাৰ বিষৰ পৰা ৰেহাই নৌ পাওতেই মই হাতৰ পোৰণিত থাকিব নোৱাৰা হ’লো। অতদিনৰেপৰা ভুগি অহা ফোঁহাৰ বিষটোতকৈ হাতৰ পোৰণিটোহে যেন এতিয়া বেছি অসহ্যকৰ হ’ল।

নিজকে প্ৰায় চিঞৰিয়েই কলো .. “কি হে পাইছিল বাৰু মোক এই বিহ জলকীয়া লগাবলৈ।“

No comments:

Post a Comment