Tuesday, November 12, 2013

পাচপৰ্ট এপ্লিকেচন -- অসম আৰু কেৰেলা

২০১০ চন৷ ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাচত চাকৰিত সোমাবলৈ লোৱাৰ লগে লগে কোম্পানীয়ে পাচপৰ্ট বিচাৰিলে৷ তেতিয়ালৈকে পাচপৰ্টৰ কথা ইমানকৈ ভবা নাছিলোঁ৷ বিশেষকৈ পাচপৰ্ট আবেদন কৰোতে হোৱা মানুহৰ দুখ-কষ্টৰ কথা শুনিয়ে আমনি লাগিছিল৷ লগৰ কেইবাটাৰো দেখিছিলোঁ পাছপৰ্ট লৈ কি অৱস্থা৷ সেয়েহে ভাবিছিলোঁ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে মই এই আহুকালবিলাকৰ কাষ নাচাপোঁ৷ 

কিন্তু কোম্পানীয়ে বিচাৰিলে যেতিয়া উপায় নাইকিয়া হ’ল৷ এপ্লাই কৰিলো পাছপৰ্টৰ বাবে৷ 
এমাহ-দুমাহ হৈ গ’ল৷ পুলিচ ভেৰিফিকেচনৰ একো খা-খবৰ নাই৷ পাছত দেউতাই চিনাকি মানুহ এজনক সুধি গম পালে মোৰ ফাইলটো স্থানীয় থানালৈ পঠিওৱা হৈ গ’ল৷ কিন্তু পুলিচৰ পিনৰ পৰা একো খা-খবৰেই নাই৷ সেয়েহে বন্ধত ঘৰলৈ যাওঁতে নিজেই যাম বুলি ঠিক কৰিলোঁ পুলিচ থানালৈ৷ 

ডিচেম্বৰৰ শীতকো আওকাণ কৰি এদিন পুৱাই পুৱাই থানালৈ গ’লো ৷ থানালৈ অহা উদ্দেশ্যৰ কথা কবলৈহে পালো এজন পুলিচে সুধিলে “ বিদেশলৈ যোৱা নেকি ???” যেন পাচপৰ্ট মানুহে বিদেশলৈ যাবলৈহে বনায়৷ ( কথাটো অৱশ্য ইমান মিছাও নহয়)৷ 

অলপ সময়ৰ পাছত ভাৰপ্ৰাপ্ত বিষয়াজন আহিল৷ অলপ সময় মোৰ ফাইলটো লিৰিকি বিদিকি চাই কুটিল হাঁহি এটা মাৰি মোলৈ ক’লে – 
“পাছে ভাইটি চাকৰি কৰিবা, বিদেশলৈ যাবা পইচা ঘটিবা ৷ এই কামটো কৰি দিয়াৰ বাবে আমাকো কিবা এটা কিন্তু দিব লাগিব”

আজিলৈকে কাকো ঘোচ দি পোৱা নাই৷ আৰু এনেকুৱা পৰিস্থিতিৰো আগতে সন্মুখীন হোৱা নাই৷ সেয়েহে মই একো কি কম কি নকম একো বুজিব নোৱাৰিলোঁ৷ একো নকৈ তেওঁলৈ মই হেবাংটোৰ নিচিনাকৈ চাই থাকিলোঁ৷ 

পুলিচ বিষয়াজনে মোৰ মনৰ অৱস্থাটোৰ কথা গম পালে হ’বলা৷ তেও নিজেই কলে – কামটো কৰি দিম বাৰু৷ তুমি দেউতাক পঠিয়াই দিবা৷ এতিয়া যোৱা৷ 

এনেই এইবিলাক কথা-কান্ড ভাল নালাগে, তেওঁৰ কথা শুনি মই ভালেই পালো৷ ঘৰলৈ গুচি আহিলো৷ দুই তিনিদিনৰ পাছত চুটি শেষ হোৱাত কৰ্মস্থলীলৈ ঘূৰি আহিলো৷

দুই তিনি মাহ মান একো খা-খবৰ নাই৷ এদিন হঠাৎ পাছপৰ্ট এপ্লিকেচনৰ ষ্টেটাছ পঢ়ি দেখিলো – পুলিচ ৰিপোৰ্ট আহিল – কিন্তু ৰিপোৰ্ট ADVERSE আছিল৷ মই ঘৰৰ বাহিৰত থকাৰ প্ৰমাণ দিয়া নাছিলোঁ৷ পাছপোৰ্ট অফিছে গুৱাহাটীত মোক আকৌ প্ৰমাণ দাঙি ধৰিবলৈ ক’লে৷ কিন্তু সেইসময়ত মই বাংগালোৰত থকা বাবে যাব নোৱাৰিলোঁ আৰু সেইবাৰলৈ পাচপৰ্টৰ আশা বাদ দিলো৷ দুই তিনি মাহ মানৰ পাছত দেখিলো মই ভবাৰ দৰেই মোৰ আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে৷ তাৰমানে পাছপোৰ্ট পাবলৈ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব৷ 

যি কি নহওক, লাইনত থিয় হৈ থাকি এপ্লাই কৰা, পুলিচ ভেৰিফিকেচনৰ ঝামেলা আৰু ক’ত কি এইবিলাক দেখি সিদ্ধান্ত কৰিলো দৰকাৰ হ’লেহে পাচপোৰ্টৰ কাৰণে আকৌ আবেদন কৰিম৷ 

২০১৩ – কেৰেলা 

ইতিমধ্যে তিনি বছৰ পাৰ হৈ গল৷ পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াটো টেক্নলজিৰ পৰশ পৰি আগতকৈ বহুত সহজ হৈ পৰিল৷ ইন্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই বহি বহি আবেদন কৰিব পৰা হ’ল৷ সেয়েহে যোৱা অক্টোবৰ মাহত কেৰেলাত কোজিকোড়’ৰ পৰা পাছপোৰ্টৰ কাৰণে অনলাইন এপ্লাই কৰিলো৷

নিজৰ সুবিধামতে এপইন্টমেন্টো ল’লো আৰু সেইমতে ৩ অক্টোবৰ তাৰিখে পাছপৰ্টৰ অফিচলৈ তথ্য-পাতি ভেৰিফিকেচনৰ কাৰণে গলো৷ তাত দেখিবলৈ পালো কেনে সুন্দৰ ভাবে পৰিচালনা কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো৷ সকলো কাম সময়মতে একো জঞ্জাল নলগাকে নিয়াৰিকৈ কৰা হৈছে৷ কোনো আবেদন কৰ্তাই লাইনত থিয় হ’ব লগীয়া হোৱা নাই৷ এজেন্টৰ লগত দৰ-দাম কৰিবলগীয়া হোৱা নাই৷ অফিচৰ বিষয়াসকলো যথেষ্ট শৃংখলাবদ্ধ৷ দেখি ভাল লাগিল টেক্নল’জিয়ে যে কেনেকৈ পৰিৱৰ্ত্তন আনিছে আমাৰ জীৱনলৈ৷ তথাপিতো বাৰু আমি কিয় পৰিৱৰ্ত্তনৰ প্ৰতিৰোধ কৰো৷ যি কি নহওক আগতে নিদিষ্ট কৰি দিয়া সময় অনুসৰিয়েই মোক ভেৰিফিকেচনৰ কাৰণে মাতিলে আৰু সকলো কাম সময়মতে ৩০-৪৫ মিনিটৰ ভিতৰত হৈ গ’ল৷ 

এতিয়া মোৰ আৰু পাছপোৰ্টৰ মাজত আছে মাথো পুলিচ ভেৰিফিকেচন৷ ভয় লাগিল এইবাৰো কিজানি আগৰ বাৰৰ দৰে হয়৷ পুলিচে নছোৱাব নেকি আকৌ এইবাৰো৷ পাচে সেই ভয়ে মোৰ মনত খোপনি পুতিবলৈ সময় পোৱাৰ আগতেই ৭ দিনৰ পাছতেই এদিন মোক স্থানীয় পুলিচ থানাৰপৰা পুলিচ ভেৰিফিকেচনৰ কাৰণে মাতি পঠিয়ালে৷ সময় দিয়া মতেই পাছদিনা মই স্থানীয় পুলিচ থানালৈ গলো৷ তেখেতসকলে মোৰ প্ৰমাণ-পত্ৰ সমূহ চালে আৰু এটা চহী লৈ মোক পঠিয়াই দিলে৷ পইচা-পাতিৰ কথা একোৱেই নকলে৷ মাত্ৰ ৫-১০ মিনিট সময়ৰ কাম৷ 

এতিয়া আৰু ভয় নাই৷ পুলিচ ভেৰিফিকেচনো হৈ গ’ল আৰু ইন্টাৰনেটত পাছপোৰ্ট পৰ্টেলত সময়ে সময়ে দেখা পালো মোৰ পাছপোৰ্ট এপ্লিকেচনৰ অগ্ৰগতি৷ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাছপোৰ্ট আহি মোৰ হাতত পৰিলহি৷ আবেদন কৰাৰপৰা সময় ল’লে মাথো ১৮ দিন৷ ইমান কম সময়তে পাছপোৰ্ট পালো আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ জেপৰপৰা অতিৰিক্ত এটকাও খৰচ কৰিব লগীয়া নহ’ল৷ 

কিন্তু জমনি কথাটো হ’ল যোৱা সপ্তাহত আমাৰ অসমৰ ঘৰলৈ স্থানীয় পুলিচ থানাৰ পৰা ফ’ন আহিছিল৷ পুলিচ ভেৰিফিকেচনৰ কাৰণে মোক তেওঁলোকে হেনো মাতিছে৷ পাছপোৰ্ট আহি মোৰ হাততো পৰিলহি আৰু অসম পুলিচৰ ভেৰিফিকেচন সম্পূৰ্ণ হোৱা নাই ?? মন কৰিব মই তৎকাল শাখাত পাছপোৰ্টৰ কাৰণে এপ্লাই কৰা নাছিলোঁ সাধাৰণ শাখাতহে কৰিছিলোঁ৷ সাধাৰণ ভাবে আবেদন কৰিলে পুলিচ ভেৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পাছতহে পাছপোৰ্ট দিয়া হয়৷ অসম পুলিচৰ এনে কাণ্ড দেখি আচৰিত লাগিল৷

এয়া যি কি নহওক, কেৰেলা কিয় দেশৰ one of the most advanced state আৰু আমাৰ অসম one among the least developed state সেই কথা বুজিবলৈ বেচি সময় নালাগিল মোৰ৷৷

No comments:

Post a Comment