Thursday, November 14, 2013

শিশুদিৱস, কিছু নিৰ্ভেজাল ধেমালি আৰু মোৰ ল'ৰালিকাল

সৰুতে হেনো মই বৰ দুষ্ট আছিলোঁ – ক’বলৈ গলে খটাসুৰ বুলিহে মাতিছিল কোনোবা চিনাকি মানুহ ঘৰলৈ আহিলে – কোনো কোনোৱে আকৌ কৈছিল – এই পাপু নামৰ সকলো লৰাই মহা দুষ্ট হয় – হয় তোন মই যদি দুষ্ট কৰিছোঁ তেন্তে মোৰ গাত একো ভুল নাই – সৱ ভুল মা-দেউতাৰ গাত – কিয় মোৰ নামটো পাপু দিছিল – এতিয়া পাই থাক মজাতো বাপ্পেকে - 
আমাৰ ঘৰত জাৰ্চি গৰু আছিল সৰু থাকোঁতে৷ খুব গাখীৰ খাইছিলোঁ৷ দেউতাই গাখীৰ খীৰাই আনি পুৱাই পুৱাই খাবলৈ দিছিল ওহাৰৰপৰা অহা গৰম গৰম গাখীৰ৷ খাই ইমান ভাল পোৱা নাছিলোঁ যদিও আজি দেখোন কথাটো ভাবিয়ে ভাল লাগে – এতিয়া ৰাতিপুৱাই আমোলৰ গাখীৰৰ পেকেটটো খুলিলে কিবা মনটো উৰি যায় সেই তাহানিৰ দিনলৈ -

পূজাৰ পাছৰ কথা – পূজাত কিনা পিষ্টলটোৰ গুলী খতম হোৱাত এলাগী কৰি হুইচেলটো আপোন কৰি ল’লো – ৰাতিপুৱা শুই উঠিয়েই হুইচেলটো বজাও – এদিন এনেকে হুইচেলটো বজাই গোহালিৰ ফালে যাওঁতে দেউতাক গাখীৰ খীৰাই থকা দেখিলো – বাল্টিটো প্ৰায়ে গাখীৰেৰে ভৰ্তি হও হও আৰু ৷ 

কি জানো মোৰ মন গল- গৰুজনীৰ কাণৰ ওচৰলৈ গৈ জোৰকৈ হুইচেলটো বজাই দিলোঁ – থলংকৈ শব্দ এটাহে শুনিবলৈ পালো – ঘুৰি চাই দেখিলো – গোহালিৰ মজিয়াখন প্ৰায় বগা হৈ পৰিছে -
দেউতালৈ চাবলৈ আৰু সাহস ন’হল – ভিৰাই দৌৰহে মাৰিলো আৰু গোহালিৰপৰা বাহিৰলৈ –
তাৰ পাচৰ চোৱা নকও আৰু দিয়ক – 

গাড়ীৰ প্ৰতি সৰুৰে পৰাই মোৰ খুব চখ৷ সদায়েই মই গাড়ী, বাইক আদিৰ কথা পাতি বৰ ভাল পাও৷ বজাৰলৈ কি নতুন গাড়ী আহিছে, কি কি নতুন সুবিধা আছে আদি বিলাক জানিবলৈ সদায়েই উৎসুক হৈ থাকো৷ 
পাচে মা-দেউতাই আকৌ মোৰ এই গাড়ীৰ প্ৰতি থকা আগ্ৰহৰ কথা বৰ সোনকালেই জানিব পাৰিছিল - মই হেনো সৰুতে মামা এজন তেওঁৰ গাড়ী লৈ আমাৰ ঘৰলৈ আহিলেই হাঁহি মাৰি চিঞৰি দিছিলোঁ – অ মাম্মা চক্কা গাড়ী – মামাৰ চকা গাড়ীত উঠি চাহ-বাগিচাৰ মাজে মাজে আমি প্ৰায়েই ফুৰিবলৈ গৈছিলোঁ – তেতিয়া আৰু মোক কোনে পায়৷ পাছে গাড়ী ৰখিলেই হেনো মোৰ আৰম্ভ হৈ যায় কন্দা-কটা -

পাছে তাতোতকৈ ভাল প্ৰমাণ এটা পাইছিল হেনো পূজা চাবলৈ যাওঁতে –
দেউতা কৰ্মসূত্ৰে খোৱাংত (ডিব্ৰুগড়) তেতিয়া৷ মোৰ তিনি-চাৰি বছৰ হৈছে কি নাই৷ দূৰ্গা পূজা চলি থাকোঁতে এদিন আমি ঘৰৰ গোটেই কেইটা পূজা চাবলৈ ওলালোঁ৷ পূজাৰ দোকান বিলাকত বেলুন-পুতলা চাই থাকোঁতে এখন গাড়ীয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিলে৷ ৰঙা আৰু হালধীয়া ৰঙেৰে এখন ৰিকভাৰী ট্ৰাক৷ মা-দেউতাক খাটনি ধৰিলোঁ গাড়ীখন মোক কিনি দিবলৈ – নাই খাটনি কামত নাহিল –মুখ ফুলাই শুদা হাতে আহি ঘৰ পালোঁহি- দেখিলো দাদাক দুখনমান কিতাপ কিনি দিলে –
ঘৰ পায়েই আৰম্ভ কৰি দিলোঁ মোৰ নাটক – কন্দা কটা হুলস্হূল৷ নাই মোক গাড়ীখন লাগিবই বুলিছোঁ লাগিবই৷ সেইদিনা হেনো মোৰ ভাত-পানী খোৱাই নহ’ল৷ ৰাতি এপৰলৈকে গাড়ীখন লাগে লাগে বুলি কান্দি কান্দি ভাগৰত লালকাল দি টোপনি গ’লোঁ -
ৰাতিপুৱাই শুই উঠি সপোন দেখাৰ নিচিনা লাগিল – কালি মই পচন্দ কৰি অহা গাড়ীখন দেখোন মোৰ গাৰুৰ কিনাৰত মই উঠালৈ ৰৈ আছে৷ যেন ট্ৰেফিক চিগনেলত ৰৈ ভোৰভোৰাই আছে – এই লাইটটো সেউজীয়া হ’লেই যেন গাড়ী পুৰা উৰি যোৱা দি যাব৷ মনতো তৎক্ষণাৎ ফৰকাল হৈ গ’ল – দে দৌৰ গাড়ী লৈ বাহিৰলৈ – 

বহুত পাছত মায়ে কৈছিল – ৰাতিপুৱাই শুই উঠিয়ে দেউতাই বোলে দোকানলৈ গৈ দোকানীক শুৱাৰপৰা জগাই গাড়ীখন কিনি আনিছিল৷ 

“ছাংলট ফেনলা” কিতাপখনত এটা বাক্য আছিল – নৱ নামৰ সেনানীজনে দিগন্তক কোৱা কথাখিনি এনেকুৱা আছিল বোধহয় “এনেকুৱা অপাৰেচনত গৈ ভাল লাগে য’ৰপৰা ঘুৰি অহাৰ সম্ভাৱনা খুবেই কম হয়৷ এনে অপাৰেচনৰ পৰা ঘুৰি অহাৰ মজাই বেলেগ” 

মই এনেকুৱা অপাৰেচনত গৈ পোৱা নাই কিন্তু সৰুতে অজানিতে কিছুমান দুঃসাহসীক কাম নকৰাও নহয় – হয়তো সেইসময়ত মই এই দুঃসাহস কি তাক জনাই নাছিলোঁ৷ 

বাছত যাওঁতে সদায় দেখোঁ- হেন্দিমেনবিলাকে বাছ ৰখোৱাৰ আগতে জাপ মাৰি দিয়ে৷ মোৰো এদিন এনে কৰিব মন গ’ল৷ কিন্তু বাছতটো মই এই কাম কৰিব নোৱাৰিম৷ মায়ে অনবৰতে হাতখন খামোচ মাৰি ধৰিয়ে থাকে৷ সেয়েহে সিদ্ধান্ত কৰিলোঁ- এই কামটো মই ঘৰৰ স্কুটাৰখনত কৰিম -

ককাৰ ঘৰলৈ প্ৰায়েই দেউতাৰ লগত স্কূটাৰত পাছফালে বহি যাওঁ৷ তাতেই এদিন আইডিয়া টো মনত খেলালে৷ দেউতাই ককাৰ ঘৰৰ পদূলিমুখলৈ ১০০ মিটাৰমান থাকোঁতেই ইঞ্জিন বন্ধ কৰি দিয়ে আৰু স্কুটাৰখন চলি গৈ থাকে৷ এদিন এনেকৈ দেউতাই ইঞ্জিন বন্ধ কৰি দিয়াৰ পাছত যেতিয়া স্পীড কম হোৱা যেন ভাৱ হ’ল তেতিয়াই মা’য়ে ভৰি থোৱা ফুটপ্লেটত থিয় হৈ জাপ মাৰি দিলোঁ পাছফাললৈ লক্ষ্য কৰি৷ পাছফালে এই-কাৰণে জাপ মৰিছিলোঁ কাৰণ মই পাছফালটো ভালকৈ দেখি আহিছিলোঁ কিন্তু তাৰ বিপৰীতে আগফালে কি আছে কেনেকৈ জানিম মই – সেই সময়ত নিউটনৰ জড়তাৰ কথা মোৰ শিশু মনে কেনেকৈ জানিব বাৰু –

জাপ মৰাৰ পাছত দুই-তিনিটা মান পাক ঘূৰণি খোৱা নিচিনা লাগিল৷ তাৰ পাছত আৰু একো মনত নাই – নিজকে পুনৰ আৱিষ্কাৰ কৰিলোঁ- আইতাৰ বিচনাত- দেউতা, আইতাই পানী চটিয়াই আছে মোৰ মুখত -

ককাৰ ঘৰৰপৰা ঘূৰি আহোঁতে দেউতাই মোক স্কুটাৰৰ আগফালে থিয় কৰাই নিজৰ দুই ভৰিৰ মাজত সোমোৱাই আনিলে – মাজে মাজে তাতো আকৌ স্কুটাৰখনৰ স্পীড বঢ়াবলৈ থ্ৰটোলটো নপকোৱাকৈয়ো নাথাকিলোঁ –

এতিয়া কথাবিলাক মনত পৰিলে ভাবো – আকৌ এবাৰ কৰিব পৰা হ’লে এনেবিলাক কাম --

No comments:

Post a Comment