মা
তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায় ।
তোমাৰ
হাতেৰে আকৌ এবাৰ চুলিখিনি ফুৰাই দিয়া
মনৰ
অশান্তি, দেহৰ ভাগৰ যাওক আঁতৰি তোমাৰ স্নেহৰ পৰশত মা
পাম
বিচাৰি মই আকৌ সেই ভয় শূন্যতা, পামনে বাৰু মা ??
কটাব
বিচাৰো দুটি পল আকৌ তোমাৰ মমতাৰ বান্ধোনত
আকৌ
সেই মুক্ত পক্ষী হৈ – কি যে এক আকুলতা
মা
তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায় –
সৰুতে
যে দুষ্টালি কৰিলে কোলাত তুলি মোক লৈ আনিছিলা –
মই যে
তোমাৰ কোলাৰপৰা নামিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ
আকৌ
পামনে বাৰু তেনে এটা সময় –
এইবাৰ তোমাৰ অদৃশ্য বান্ধোনৰ জোৰ কিমান ??
এইবাৰ তোমাৰ অদৃশ্য বান্ধোনৰ জোৰ কিমান ??
পাৰিমনে
বাৰু আকৌ মই মুকলি হৈ আহিব তোমাৰ পৰা
কিন্তু আজি
নিবিচাৰোঁ যে মই মুকলি হৈ আহিব
থাকিব
বিচাৰোঁ যে মই তোমাৰ কোলাতেই আজীৱন
তোমাৰ মৰমত উমলি চিৰদিন -
তোমাৰ মৰমত উমলি চিৰদিন -
মা
তোমাত কোলাতেই আকৌ এবাৰ ওমলিবলৈ মন যায় –
শীতৰ ঠেঁটুৱৈ
ধৰা জাৰ আৰু তোমাৰ উমাল শ্বালখন
বুকুত সাবটি যে দিছিলা সঞ্জীৱনী সুধা
আহ – কি
মিঠা ময় দিন আছিল সেয়া
তোমাৰ
কোলাতেই যে টোপনি যোৱা সেই নিশাবোৰ
আজি
দেখোন নাহে মোৰ কাষলৈ –
হাজাৰ
টকীয়া উমাল জেকেটতো দেখোন নাপাওঁ বিচাৰি সেই উম
– ই কি স্বপ্ন আছিল নেকি? নাছিলোতো কেতিয়াও মই স্বপ্নবিভোৰ
মা এইবাৰ
শীতত আকৌ এবাৰ তোমাৰ কোলাত ওমলিম মই –
ফুত গধূলিতে
টোপনি যোৱা আৰু মোক কোলাত লৈ ভাত খুওৱা
মা কিয়
বাৰু সেই দিনবোৰ গুচি গ’ল মিঠা স্মৃতিৰ সুবাস এৰি
সুবাসৰ পাছে
পাছে দৌৰোঁতে ময়ো যে নিজকে পাহৰি যাওঁ –
আনন্দৰ
বন্যাত যে নিজকে পুনৰ আৱিষ্কাৰ কৰো আজি
সেয়াই
চাগৈ জীৱন মা- তোমাৰ কোলা আৰু মোৰ হাঁহি
কলিজাৰপৰা ওলাই আহে এটা শেতা হুমুনিয়াহ মা - বৰ বিষাদময়
কলিজাৰপৰা ওলাই আহে এটা শেতা হুমুনিয়াহ মা - বৰ বিষাদময়
মা
তোমাৰ কোলাত আকৌ এবাৰ ওমলিবলৈ মন যায়
আকৌ
এবাৰ প্ৰাণভৰি ওমলিবলৈ মন যায় মা --
No comments:
Post a Comment