Sunday, July 7, 2013

সহায়

১)

“দাদা পাৰিলে মানে অলপ পা-পইছা দি সহায় কৰক। আমি বৰ দুখীয়া ঘৰৰ ল’ৰা। এইবেলি বানে খেতিটো মাৰিলে। ঘৰটোৱো উটোৱাই নিলে। আপোনালোকে সহায় নকৰিলে আমি অথাই-সাগৰত পৰি মৰিম।“

ল’ৰাটোৰ চকুৰ কৰুণ চাৱনিটো আৰু মই চাই থাকিব নোৱাৰিলো। ইমান এখন নিমাখিত মুখ অথচ কি এক দুর্যোগ মূৰৰ ওপৰত লৈ এই অকনমানি ল’ৰাটি সহায় বিচাৰি মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে।

মনটো বেয়া লাগি গ’ল। সুধিলো পঢ়া শুনা কৰে নে নাই।

“এইবাৰ মেট্ৰিক দিম। পাছে বান আহোতে কিতাপ পত্ৰ সকলো পানীত তল গ’ল। এতিয়া কিতাপ পত্ৰ কিনিবলৈও পা-পইছা নাই। পাৰিলে আপুনিয়ে অলপ সহায় কৰক আৰু দাদা। আপোনালোকৰ সহায় নাপালে মোৰ পঢ়া নহব আৰু!!“

মনতে ভাবিলো পা-পইছা অলপ দিবপৰা হ’লে ভাল আছিল কিন্তু যিহে দিন চলিছে নিজৰেই লালবাটি জ্বলিছে। হঠাৎ মনলৈ আহিল মই দেখোন ল’ৰাটোক কিতাপ-পত্ৰ দিয়ে সহায় কৰিব পাৰো। এনেও এইবাৰ ভনীজনীয়ে মেট্ৰিক পৰীক্ষা দি উঠিছে। তাইৰ পঢ়া কিতাপবিলাক ঘৰতেই আছে। ল’ৰাটোক তাকেই দিব পৰা যাব। কথাটো ভাবি মনটো ভাল লাগি গ’ল।

ল’ৰাটোক ওচৰলৈ মাতি আনি ক’লো যে পইছা পাতি দিবলৈ মোৰ ইমান এটা সামর্থ্য নাই কিন্তু তাৰ পঢ়াৰ কাৰণে যি কিতাপ-পত্ৰ লাগে তাৰ কিছু পৰিমাণে যোগাৰ দিব পাৰো।

তৎমূহুর্ততে ল’ৰাটোৰ মুখখন ম্লান পৰি গ’ল। অকনমান দেৰিৰ আগলৈকে কিতাপ-পত্ৰ কিনিবলৈ পইছা বিছৰা ল’ৰাটিক কিতাপেই দিবলৈ ওলোৱাত মুখখন যিহে কেঁহৰাজ বটাটোৰ নিচিনা কৰিলে তাতেই গম পালো তাৰ উদ্দেশ্যৰ কথা। কিতাপ নিবলৈ পাছত আকৌ এদিন আহিম বুলি কৈ ততালিকে ল’ৰাটি মোৰ চকুৰ আতৰ হ’ল। ল’ৰাজনে একো মুখ ফুটাই নকলে যদিও মই সকলো বুজি পালো।

২)

মানুহগৰাকী আহি চোতালতে থিয় হৈ মাত দি আছিল। কোচত কেঁচুৱা এটা।

মই ওলাই যোৱাত কিবা এটা দি সহায় কৰাৰ কথা কলে। গম পালো মগনীয়াই হ’ব। হাতত এটা মোনা লৈ ফুৰিছে। বয়সে কিজানি ত্ৰিশ চোৱাই নাই এনে লাগিল। ইমান কম বয়সতে মাগি ফুৰা দেখি অলপ আচৰিতেই হ’লো।

ভিতৰলৈ আহি মাক কথাটো কোৱাত মা ওলাই গ’ল চাউল এবাটি লৈ। এইবাৰ মাক আচৰিত কৰি মানুহগৰাকীয়ে ক’লে যে চাউল হেনো তেওক নালাগে। পাৰিলে পা-পইছা দিয়েই সহায় কৰিবলৈ কলে।

মাৰ খং উঠি আহিল। সুধিলে ইমান কম বয়সতে যে ঘৰে ঘৰে মাগি ফুৰিছে তেও কি কাম বন কৰিব নোৱাৰে নেকি?

উত্তৰ আহিল। কলে যে তেও ভুই ৰোৱা, ধান দোৱা, চাউল জৰা আদি সকলো কামেই জানে। আগতে গাৱত ঘৰে ঘৰে সেইবিলাক কাম কৰিয়েই দুপইচা আর্জিছিল। পাছে তেওলোকৰ গাৱৰফালে হেনো বান অহাৰ পাছত কাম কৰিবলৈ নোহোৱা হ’ল । সেয়েহে এতিয়া উপায় নাইকিয়া হৈহে ঘৰে ঘৰে তেও হেনো মাগি ফুৰিবলগীয়া হৈছে।

কথা শুনি মায়ে চোতালত থকা বস্তাটোলৈ আঙুলিয়াই ক’লে “কাম জান যেতিয়া চাউলখিনিকে তেতিয়াহলে জাৰি থৈ যা। দিনৰ ভাতসাজো খাবি আৰু কাম শেষ হ’লে পাৰিশ্ৰমিকো লৈ যাবি। লাগি থাকিলে মাগি খাব নালাগে।“

মায়ে কথাষাৰ কবলৈহে পালে মানুহগৰাকী ভোৰভোৰাই উঠিল “ পইছা দিবলৈ মন নাই যদি কৈ দিব লাগে আকৌ। এই কাম আকৌ কিয় কৰোৱাব লাগে” উচাৎ মাৰি মানুহগৰাকী লগে লগেই গুচি গল। 

মা আৰু মই তাতেই তধা লাগিলো।।

No comments:

Post a Comment