Saturday, July 6, 2013

লাইফ বনাব লাগে

কিমান আৰু পঢ়িম??? সেই তাহানিৰেপৰা একেষাৰ কথাকে শুনি আহিছো।

এইবাৰ ভালকৈ পঢ়ি ল। এইটো পৰীক্ষা পাছ কৰিলে আৰু চিন্তা নাই একেবাৰে লাইফ বনি যাব।
মেট্ৰিক’ৰ আগতে মা দেউতাই তেনেকৈয়ে কৈছিল। ভালকৈ পাছো কৰিলো। ভাল চাই কলেজ এখনত এডমিছনো ল’লো। কিন্তু ক’তা লাইফ দেখোন একেই থাকিল, ক’তো একো সলনি হোৱা নেদেখিলো। মা দেউতাই কোৱামতে দেখোন মোৰ লাইফটো বনি নগল। কৰবাত বাৰু কেনা থাকি গ’ল নেকি। সঁচাকথা কবলৈ গলে তেতিয়া আগতকৈ পঢ়াৰ কাৰণে প্ৰেছাৰ বাঢ়িলহে। এইবাৰ আকৌ উপদেশবাণী আহিল যে সেই সময় হেনো কেৰিয়াৰ বনোৱাৰ সময়। মেট্ৰিক পাছ কৰাৰ পাছত এই দুইবছৰতেই কেৰিয়াৰৰ দিশ নির্ণয় হয়। কেনেবাকৈ ভালকৈ পঢ়া-শুনা কৰি ডাক্তৰ-ইঞ্জিনিয়াৰিংৰ লাইন ধৰিব পাৰিলে আৰু কোনো কথা নাই। লাইফ বনি যাব। গতিকে শেষবাৰৰ কাৰণে ভালকৈ পঢ়ি লও বুলি  এইচ চি বার্মা, ইৰদভ পঢ়িবলৈ ল’লো। বর্ডৰ পৰীক্ষাৰ লগতে এন্ট্ৰেন্স পৰীক্ষা বিলাকৰ কাৰণেও নিজকে সাজু কৰিলো।
 
  কষ্টৰ ফলো নোপোৱাকৈ নাথাকিলো। এন আই টি ত চিটো পালো। ভাবিলো ইঞ্জিনিয়াৰ বনি গলো যেতিয়া এতিয়া আৰু মোক কোনে পায়। এতিয়া মই উঠি ৰজা বহি ৰজা। লাইফ বনি গ’ল। কলেজত এবাৰ সোমালো যেতিয়া ইঞ্জিনিয়াৰ হৈয়ে ওলাম। তাৰ পাছৰ লাইফ কেনে মজা হ’ব আৰু। পাছে স্বপ্ন ভংগ হবলৈ বেছি দেৰি নালাগিল। যেতিয়া প্ৰথমটো ক্লাছ টেষ্টত নিজৰ নম্বৰবিলাক দেখিলো আৰু ছিনিয়ৰে মোৰ নম্বৰ চাই সাৱধান বাণী শুনালে গম পালো মানে আগৰ সেই মাৰাথনৰ শেষ পইন্ট টো মই পোৱাহিয়েই নাই। এতিয়াও মই শেষ পইন্ট পাবলৈ বহু যোজন বাট। ভালকৈ চাই দেখিলো চাৰিওফালে দেখোন সকলোৱে কেৱল প্ৰতিযোগিতাত নামিছেসকলোবোৰ  লাগি আছে নিজকে প্ৰতিষ্ঠা কৰাত। বাকীবোৰে যেতিয়া লাগি আছে মই কিয় পাছ পৰি থাকিম।

   আকৌ আৰম্ভ কৰিলো আধা হৈ ৰোৱা মাৰাথন। চাৰি বছৰৰ মূৰত ডিগ্ৰী পালো, সফলতাৰে ইঞ্জিনিয়াৰ হৈ ওলাই আহিলো। কেম্পাছ প্লেছমেন্টত এটা চাকৰি পাইছিলো। এতিয়া ভাবিলো চাকৰি হৈ গ’ল যেতিয়া লাইফ পুৰা বনি গ’ল। এতিয়া আৰু কষ্ট কৰিব নালাগে। সেই হিছাপত লাইফ বনি যাব লাগিছিল। কিন্তু নবনিল- কৰবাত কিবা কেনা আকৌ লাগিল বোধহয়। জীৱনলৈ একো পৰিৱর্ত্তন নাহিল। চাকৰিত জইন কৰাৰ দুদিন পাছতেই গম পালো যে এইবিধ দেখোন পঢ়া-শুনাতকৈয়ো বেছি কামোৰ। কেৱল কাম কাম আৰু কাম। জীৱনৰ অর্থই যেন নাইকিয়া হৈ গ’ল। গম পালো দেখিবলৈ,শুনিবলৈ ভাল বুলি কলে কি হ’ব এই চাকৰি বোলা বস্তুটোৱে দেখোন জীৱনৰ আনন্দ নাইকিয়া কৰাত একেবাৰে অনুঘটকৰ দৰে কাম কৰে। নাই এইদৰে নচলিব। লাইফটো বনাবলৈ ইমানদূৰ আহিলো যেতিয়া এতিয়া এৰি দিয়াত নাই।

আকৌ লাইফ বনোৱাৰ কিবা উপাই আছেনেকি বিছাৰিবলৈ ধৰিলো। অলপ অধ্যয়ন কৰি গম পালো আজিকালি সাধাৰণ ইঞ্জিনিয়াৰিংৰ ডিগ্ৰীৰে লাইফ বনাব নোৱাৰি। কেনেবাকৈ যদি উচ্চ শিক্ষা ল’ব পাৰো তেতিয়াও লাইফ বনি যোৱাৰ আশা আছে। সিদ্ধান্ত কৰিলো মাষ্টাৰ ডিগ্ৰী লম। গম  পালো যে আই আই এমৰ পৰা এম বি এ কৰিলে হেনো ভাল চাকৰি পায়। লাইফ বনি যাব তেতিয়া। শুনি ভাল পালো। হওক তেও লাইফটো বনি যোৱাৰ আশাৰ বন্তিকন যে নুমাই যোৱা নাই। আৰম্ভ কৰিলো আকৌ আই আই এমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে পঢ়া। দিনত চাকৰি আৰু বাকী সময়ত পৰীক্ষাৰ কাৰনে পঢ়া। লাইফ’ত আনন্দ কৰাৰ আশা আকৌ বাদ দিলো এটা বছৰৰ কাৰণে।

  পৰীক্ষা দিলো আৰু চিটো পালো। এইবাৰ সকলোৱে ক’লে একেবাৰে জেগাত আহি পৰিছোহি হেনো মইমোৰ লাইফ বনি গ’ল আৰু  কৰিবলৈ একো নাই মোৰ। দুটা বছৰৰ পাছত হেনো মই ৰজাৰদৰে জীৱন কটাব পাৰিমমনতো একেবাৰে ফুলি উঠিল। সপোনেই হওক বাৰু কিন্তু ইমানদিনে ভাবি অহাৰ দৰে লাইফটো বনি যোৱাৰ সপোন যে আকৌ দেখিবলৈ পৰা হৈছো। কিন্তু কলেজলৈ অহাৰ পাছতেই গম পালো যে ইয়াত সোমাবলৈ যিমান টান তাতোতকৈ বহুগুণে টান দেখোন ইয়াৰপৰা ওলাই যাবলৈ। আগতে আই আই এমত সোমোৱাৰ সপোন দেখিছিলো এতিয়া আই আই এমৰপৰা ওলোৱাৰ সপোন দেখা হ’লোআগতকৈ যেন মাৰাথানৰ চোকটো বাঢ়িলহে দিনৰ দিনটো কেছ স্টাদি, এছাইনমেন্ট, পি পি টি আদিতেই ব্যস্ত থাকো। ভূতৰ ওপৰত দানৱ পৰাদি ক্লাছটেষ্ট, কুইজ আদি উপসর্গবিলাকটো মূৰৰ কামোৰণি হৈ আহিবলে অনবৰতে সাজু হৈ থাকেই।

  গম পালো মোৰ লাইফটো মই সেই তাহানিতে ভবাৰ নিচিনাকৈ আই আই এমটো বনি নুঠিল এতিয়া আশাৰে ডিগ্ৰীটো লোৱালৈ বাট চাও। মনতে ক্ষীণ আশা এটা পুহি ৰাখিছো কিজানি তেতিয়া লাইফটো বনি যায়। কিন্তু এই ছিনিয়ৰবিলাকে দেখোন বেলেগ কিবা কথাহে কয়।  ছিনিয়ৰৰ পৰামর্শ মতে এই দুই বছৰতেই হেনো যিমান মৌজ-মস্তি কৰিব পাৰি সকলো কৰি লব লাগে তাৰ পাছত হেনো কামৰ বাহিৰে কৰিবলৈ একোৱে নাথাকে লাইফটোত মই দেখোন এতিয়াৰ অৱস্হাটোকে বেয়া দেখিছো আৰু ছিনিয়ৰে কয় আহিব লগীয়া দিনবিলাক হেনো ইয়াতকৈয়ো বেছি নিৰস। মানে মোৰ লাইফটো নবনিবই নেকি বাৰু কাহানিও মই ভবাৰদৰে??

এতিয়া মাজে মাজে ভাবো তাহানিৰে পৰা যে শুনি আহিছো এই লাইফ বনি যোৱাৰ কথা এইটো বাৰু সঁচা নে মৰীচিকা ??? এই লাইফ বনোৱাৰ চক্কৰটোত ফচি দেখিছো মোৰ জীৱনৰ লাভ-লোকচানৰ সমীকৰণটোত দেখোন মই বৰ বেয়াকৈয়ে ঘাটি খালো। এতিয়াৰপৰা আৰু লাইফ বনোৱাৰ চিন্তা নকৰো। বৰ ঠগ খালো দেই !!! আজি ভাবিছো যে এতিয়াৰপৰা লাইফ বনোৱাতকৈ লাইফ এন্জয় কৰাতহে গুৰুত্ত্ব দিম। হ’ল আৰু বহুত!!! ইমান চেষ্টাৰ পাছতো যেতিয়া লাইফ বিছৰামতে নবনেই লাইফটো উপভোগ কৰাই ভাল। যলৈ যেনেকৈ ই গৈ থাকে গৈ থাকক নিজে নিজেই মই আৰু চিন্তা কৰি মূৰ ঘমাই নাথাকো।।



(এতিয়া আকৌ লগৰ কেইটামানৰ  চিভিল ছার্ভিছৰ পৰীক্ষাত সফলতা দেখি মাজে মাজে ভাবো কেনেবাকৈ আই এ এচ হৈ যাব পাৰিলেও লাইফ বনি যাব। কিন্তু ৰিক্স কিয় লও বাৰু? ইমানদিনে ফাঁকি খাই আহিছো এতিয়াও যদি একেটাকে হয়।) 

No comments:

Post a Comment