কেৰিয়াৰ গঢ়িবলৈ আহিলো
ওলাই এদিন চেনেহৰ ঘৰখন এৰি
কেৰিয়াৰ আজি মৰীচিকা
হ’ল নোপোৱা হ'লো ক’তো বিচাৰি।
ট্ৰেইন বগালো, বাছ
বগালো দেখিলো নিতৌ ন-ন ঠাই
তথাপি আপোন ঘৰখনহে
লাগে বিকল্প দেখোন ক'তো নাই।
ফ্লেট’ত থাকো
আকাশলংঘী অট্ৰালিকাত দেখিবলৈ ভাল লগা
আজিলৈকে পাছে ওচৰ
চুবুৰীয়াৰ মুখখনেই মই নাই দেখা।
দিনটোৰ শেষত ভাগৰুৱা দেহ লৈ যেতিয়া ঘৰলৈ আহো
মাৰ এষাৰ মৰমৰ মাতৰ
অভাৱ বাৰুকৈয়ে অনুভৱ কৰো।
বিৰিয়ানি পিজ্জা
কিমান আৰু খাম দেখিলেই আমনি লাগে
অতদিনে অনাদৃত পইতা
ভাতমুঠি আজি অমৃত দুর্লভ হৈ পৰে।
বিহুৱে-পার্বণে লগৰ ল’ৰা যেতিয়া ঘৰলৈ যায়
মনটোক মই কেনেকৈ
বুজাও কেৰিয়াৰ যে ইম্পৰটেন্ট ভাই।
ঘৰৰ ল’ৰাই আলহী হৈ পৰিলো বাহিৰত থকাৰে পৰা
বিয়া সকামতো মোৰ
প্ৰয়োজন নাই, যেন আকাশৰ নিষ্প্ৰভ তৰা।
সেউজীয়া পথাৰ,শীতৰ কুঁৱলীয়ে আজি বাৰুকৈয়ে আমনি কৰে
আকৌ এবাৰ সেয়া দেখা
পোৱাৰ আশাই মোক অতি ব্যাকুল কৰি তোলে।
কেৰিয়াৰ - ই যে মায়া লগা মোহ কেনেকৈ ইয়াক এৰো
No comments:
Post a Comment