Tuesday, July 9, 2013

জীৱন

কিয় বাৰু ভাব হয় আজিকালি জীৱনটো যেন শূণ্যতাৰে ভৰা
মনতচোন  নপৰে মোৰ কাহানিও আগতে এনে অনুভৱ কৰা
পাহৰিয়েই পেলাইছো দেখোন সেই কথাবোৰ হাঁহিব পৰা
আজি মোৰ বাবে সেয়া ঢুকি নোপাৱা দুৰ আকাশৰ তৰা ৷৷

দিক-বিদিক চলাথ কৰিলো বিধিৰ বিপাকত পৰি
তথাপিও নাপালো সফলতা ক’তো মই বিচাৰি
ভাগৰুৱা আজি মই আনক অনুসৰণ কৰি
চাৰখাৰ কৰিলে নিষ্ঠুৰ জীৱনে মোৰ মনৰ পাপৰি ৷৷

বিচাৰি ফুৰিছো জীৱনত কি মই নিজেই পোৱা নাই বুজি
ভৱিষ্যতৰ পথো দেখোন হৈ পৰিছে অন্ধকাৰময় আজি
তথাপি জীৱনৰ সোঁতত নিজকে উটুৱাবলৈ নহও কেতিয়াও মই ৰাজী
গঢ়িম মই নিজেই জীৱনৰ পথ লগালো আজি তাৰ বাজী ৷৷

No comments:

Post a Comment