Tuesday, July 30, 2013

ৰ’দ নিদিয়া আৰু বৰষুণ নপৰা মানুহ

ৰাতিপুৱা ৪ বাজিবৰ হ’ল৷ এতিয়াও এচাইনমেন্ট টো শেষ হোৱা নাই ৷ আজিও সূৰ্য্যোদয় হোৱাৰ আগত শুব পৰাৰ আশা একেবাৰে কম ৷ এতিয়াও ৰুমত গ্ৰুপৰ লগৰকেইটাৰ ব্ৰেইন ষ্টৰমিং চলিয়েই আছে৷

দুৱাৰখন খুলি বেলকনিলৈ ওলাই আহিলো৷ এচাতি চেচা বতাহে আহি মুখখন চুই গ’ল৷ যোৱা এটা বছৰত শেষৰাতিৰ এই বতাহজাক যেন মোৰ অতি চিনাকী হৈ পৰিছে ৷ বতাহজাকেও যেন বুজি পায় আমাৰ কথা ৷ গা-মন সতেজ কৰি তোলা এই বতাহজাকে উদ্যম ঘুৰাই অনাত কেতিয়াও বিফল নহয় ৷ মা'ৰ ৰাতিপুৱাৰ চাহটুপিৰ দৰেই কাম কৰে বতাহজাকে ৷

যোৱা এটা বছৰত কিমান যে পৰিৱৰ্ত্তন আহিছে জীৱনলৈ ৷ যেতিয়া আন মানুহ শোৱাপাটীৰপৰা উঠে সিহঁত শুবলৈ যায় ৷ ৪-৫ ঘন্টাৰ টোপনী মাৰি কৰ্কশ এলাৰ্মৰ শব্দত সাৰ পাই উঠি দৌৰ মাৰে পুনৰ ক্লাছলৈ ৷ ব্ৰেকফাষ্ট কৰাই নহয় প্ৰায়েই ৷ প্ৰথম আহোতে খুবেই কষ্টকৰ হৈছিল কিন্তু এতিয়া এইবিলাক সাধাৰণ হৈ পৰিছে ৷ কৰিব লাগিব এয়াই৷ বিকল্পটো নাই আমাৰ হাতত ৷

হঠাৎ সৰুতে পঢ়া গাত ৰ’দ নিদিয়া আৰু বৰষুণ নপৰা মানুহজনৰ সাধুটো মনলৈ আহি গ’ল৷ মনত পেলাবলৈ চেষ্টা কৰি থাকিলো সাধুটোৰ কথা ৷ এলেহুৱা ৰাজকুমাৰৰ স্হান আছেনে বাৰু আজিৰ যুগত? আছে কিয় নাথাকিব!! নহ'লে আমাৰ ৰাহুল বাবাই আজি ইমান ফটফটাই থাকিব নোৱাৰিলে হেতেন হয়৷ কিন্তু মইতো তেও নহয়৷ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই৷ আজি মই গাত ৰদ নিদিয়া আৰু বৰষুণ নপৰা মানুহজন হ’বই লাগিব ৷ ইয়াৰ কোনো বিকল্প নাই

“ঐ লাগি ধৰিলি যে বাহিৰত গৈ ৷ সোনকালে আহ পি পি টি বনাই চাবমিট কৰিব লাগে ৷ ডেদলাইন আছে ৬ বজাত”  ৰুমৰ ভিতৰৰপৰা ভাহি আহিল লগৰটোৰ মাত – আহ কি যে অনুভৱ এই ডেদলাইনৰো ৷ সকলোৱে ডেদলাইনৰ পাছে পাছে দৌৰে ৷ সকলোৱে কয় ইয়াত- “deadlines are sacrosanct”

এটা দীঘল নিশ্বাস এৰি ৰুমৰ ভিতৰলৈ সোমাই আহিলো –
মনে মনে আওৰালেো ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাটো –

“The woods are lovely, dark, and deep,
But I have promises to keep,
And miles to go before I sleep,
And miles to go before I sleep”

লেপটপটো খুলি বহি পৰিলো বাকী থকা কামখিনি শেষ কৰাৰ উদ্দেশ্যৰে ৷ মনত পৰিল আকৌ ৰ'দ নিদিয়া আৰু বৰষুণ নপৰা মানুহজনৰ কথা !!!!

No comments:

Post a Comment