Saturday, June 29, 2013

মোৰ তবলা শিক্ষা

মোৰ তবলা শিক্ষা :
----------------------
(প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা)

ঘৰৰ কাষতে সংগীতৰ বিদ্যালয়খন আছিল। নামটো "গীতাঞ্জলী সংগীত বিদ্যালয়"৷ আমাৰ অঞ্চলটোতে এইখন এখন নাম থকা সংগীত বিদ্যালয় আছিল। শনিবাৰে আৰু দেওবাৰে সংগীতৰ পাঠদান হৈছিল। নৃত্য গীতৰ লগতে বাদ্যযন্ত্ৰৰো শিক্ষা দিয়া হৈছিল। যঠেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছিল এই সংগীত বিদ্যালয়লৈ।

  মোৰ লগৰ কেইবাজনেও ইতিমধ্যেই সংগীতৰ বিভিন্ন ক্লাছত নামভর্তি কৰিছিল। আজিকালিৰ যুগত পঢ়া শুনাৰ লগতে বাহিৰা কিবা কাম কাজত পার্গত হোৱাটো অতিকৈয়ে জৰুৰী। কিন্তু মোৰ ইমান এটা আকর্ষণ নাছিল এই গান বাজনাৰ প্ৰতি। নিজে এইবিলাক কৰাতকৈ আনে কৰা চাইহে ভাল পাইছিলো। সংগীতৰ ক্লাছলৈ নোযোৱাৰ আন এটা কাৰণ আছিল দেওবাৰৰ টি ভি প্ৰগ্ৰেম। দেওবাৰৰ দিনবোৰ সাধাৰণতে মই টি ভি চাইয়েই পাৰ কৰিছিলো। সংগীতৰ ক্লাছলৈ গ'লে মই এই আকর্ষণীয় প্ৰগ্ৰেমবিলাক বাদ দিব লাগিব যিটো মোৰ একেবাৰেই পচন্দ নাছিল। সংগীত এৰিব পাৰি কিন্তু দেওবাৰৰ টি ভি চোৱাৰ লোভ এৰিব নোৱাৰি।

কিন্তু এনেকৈ বেছি দিন নগল। ঘৰত দেওবাৰৰ দিনটোত এনেয়ে টি ভি চাই সময়বোৰ পাৰ কৰাতকৈ কিবা এটাকে শিকক বুলি মায়ে এদিন জোৰ কৰিয়েই মোক তবলা ক্লাছত নাম লগাই দিলে। তাতে তবলা শিক্ষকজন মা-দেউতাৰ চিনাকি ।

 উপায়ন্তৰ হৈ পাছৰটো দেওবাৰে যথাসময়ত ক্লাছত গৈ উপস্হিত হলোগৈ। দেখিলো মোক বাদ দি ক্লাছত কমেও ২০-২৫ জন মান ছাত্ৰ আছে। পাছে বয়সৰ ব্যৱধানটোহে বেছি। ময়েই কিজানি আটাইটকৈ সৰু আছিলো ক্লাছটোত। এটাসময়ত চাৰজন আহিল। আহিয়েই তেও পাঠ আৰম্ভ কৰিলে। মই অলপ পলমকৈ ক্লাছত যোগদান কৰিছিলো। সেয়েহে বাকীসকলে ইতিমধ্যেই প্ৰথম দুই তিনিটা পাঠ আয়ত্ব  কৰি পেলাইছিল।
ক্লাছ আৰম্ভ হ'লত মনে মনে মই বাকী সকলৰ কাম কাজ নিৰীক্ষণ কৰিবলৈ ধৰিলো। কোনোৱে ভালকৈয়ে বজাব পাৰে, কোনোৱে আকৌ বজাবলে শিকিছেহে। চাৰে এজন এজনকৈ সকলোৰে ওচৰলৈ আহি কেনেকৈ  কি কৰিব লাগে বুজাই গলহি।

এটা সময়ত চাৰে মোক তেওৰ ওচৰলৈ মাতিলে। চাৰৰ কাষতে বহি জীৱনত প্ৰথমবাৰৰ বাবে তবলাযোৰ চুই চালো। তবলাযোৰ চুই খুব ভাল লাগিল। মোক চাৰে কোন স্হানত হাতকেইখন ল'ব লাগে আঙুলিকেইটা কেনেকৈ টবলাৰ ওপৰত ৰাখিব লাগে তাৰ আদিপাঠ দিলে। মনৰ আনন্দতে তবলা কেইটা টুকুৰিয়াই চালো। যি কেইটা শব্দ ওলাল মোৰ কাণত যেন সংগীত হৈহে বাজিল। ইয়াৰ পাছতে চাৰে মোক তবলাৰ পাঠ দিলে -

এই প্ৰথম পাঠ কি আছিল পাহৰিলো এতিয়া কিন্তু যি মনত আছে তাৰেপৰাই তলৰ কথাষাৰিয়েই মনত আছে-

"টি ত কি ত টাক' টাক' "

অলপ অনুশীলন কৰাৰ পাছত লাহে লাহে মই এই ৰাগটো বজাব পৰা হ'লো। চাৰে মোক অনুশীলন কৰি থাকিবলৈ ক'লে। কিন্তু সেই সময়ত আমাৰ ঘৰত তবলা নাছিল। সেয়েহে চাৰে পৰামর্শ দিলে যে মই যাতে এনেয়ে ঘৰত সময় পালে টেবুলতে এই ৰাগৰ আখৰা কৰো।

নিজৰ আঙুলিৰ পৰশত যে ইমান সুন্দৰকৈ একো একোটা শব্দ নিগৰিত হ'ব পাৰে ই মোক সঁচাকৈয়ে তবলাৰ প্ৰতি ধাউতি বঢ়াই তুলিলে। ঘৰলৈ অহাৰ পাছত আৰম্ভ কৰি দিলো মোৰ অনুশীলন। কিন্তু চাৰে কোৱাৰ দৰে আজৰি সময়ত নহয়। যতেই বহো তাতেই আৰম্ভ কৰি দিও তবলাৰ অনুশীলন। পঢ়াই টেবুলত বহিলেও পঢ়াৰ কাম বাদ দি টেবুলত "টি ত কি ত টাক টাক" কৰি থাকিবলৈ ল'লো। খোৱা টেবুলতো তেনেকৈ ভাতৰ কাৰণে অপেক্ষা কৰি থাকোতে আঙুলিকেইটাক শান্তিত মনে মনে থাকিবলৈ নিদিয়া হ'লো। মুঠতে মই যতেই নাথাকো কিয়- "টি ত  কি ত টাক টাক" বাজি থাকিবলৈ লোৱা হ'ল।

 মা দেউতাই প্ৰথমতে ভাবিছিল - নতুনকৈ শিকিছে সেইকাৰণে এনে হৈছে। লাহে লাহে চৱ ঠিক হৈ যাব। নাই মা-দেউতাই ভবাৰ দৰে তেনে একো নহ'ল। যিমানেই ক্লাছ কৰিলো সিমানেই তবলাৰ প্ৰতি মোৰ আকর্ষণ বাঢ়িলহে। পঢ়া-শুনা চৱ বাদ পৰিল। সংগীতৰ চাৰৰপৰা যিমান ভাল ফিদবেক আহিল সিমানেই বেয়া ফিদবেক আহিল স্কুলৰপৰা। পঢ়াক লৈ নহয় কিন্তু এইবুলি যে আজিকালি মই হেনো যেতিয়াই তেতিয়াই ক্লাছতো টিত কিত টাক টাক কৰি থাকো--

৩-৪ সপ্তাহৰ পাছতো যেতিয়া একো শুধৰণি নহ'ল মায়ে মোৰ তবলা শিক্ষাৰ তাতেই সাং কৰাৰ সিদ্ধান্ত ল'লে। তবলাৰ চাৰে হেনো মাক এনে নকৰিবলৈ হাক দিছিল কিন্তু মায়ে মোৰ কান্ড-কাৰখানা দেখি বাৰুকৈয়ে ভয় খালে।  অলপ ডাঙৰ হ'লে বুজা পৰা হ'লে আকৌ শিকিব বুলি মায়ে এদিন মোৰ নাম কটাই দিলে তবলাৰ ক্লাছৰপৰা।

ময়ো বেয়া নাপালো। দেওবাৰৰ টি ভি প্ৰগ্ৰেমৰ মাজলৈ আকৌ মই ঘুৰি আহিলো। যোৱা তিনি চাৰি সপ্তাহে মই দেওবাৰৰ আবেলিৰ দূৰদর্শনত সম্প্ৰচাৰিত হোৱা চিনেমা কেইখন চোৱাৰেপৰা বঞ্চিত হৈ আছিলো। এতিয়া তবলাৰ অধ্যায় শেষ হ'ল যেতিয়া দেওবাৰৰ আবেলিটো আকৌ দূৰদর্শনৰ নামত উর্চগা কৰিলো। যদিও তাতেই মোৰ তবলাৰ শিক্ষা সমাপ্ত হ'ল, সেই খোৱা টেবুলে,পঢ়া টেবুলত মই কৰা অনুশীলনৰ ধ্বনি যেন আজিও বাজি থাকে মোৰ কাণত--

 " টি ত কি ত টাক টাক"

No comments:

Post a Comment