Thursday, November 14, 2013

শিশুদিৱস, কিছু নিৰ্ভেজাল ধেমালি আৰু মোৰ ল'ৰালিকাল

সৰুতে হেনো মই বৰ দুষ্ট আছিলোঁ – ক’বলৈ গলে খটাসুৰ বুলিহে মাতিছিল কোনোবা চিনাকি মানুহ ঘৰলৈ আহিলে – কোনো কোনোৱে আকৌ কৈছিল – এই পাপু নামৰ সকলো লৰাই মহা দুষ্ট হয় – হয় তোন মই যদি দুষ্ট কৰিছোঁ তেন্তে মোৰ গাত একো ভুল নাই – সৱ ভুল মা-দেউতাৰ গাত – কিয় মোৰ নামটো পাপু দিছিল – এতিয়া পাই থাক মজাতো বাপ্পেকে - 
আমাৰ ঘৰত জাৰ্চি গৰু আছিল সৰু থাকোঁতে৷ খুব গাখীৰ খাইছিলোঁ৷ দেউতাই গাখীৰ খীৰাই আনি পুৱাই পুৱাই খাবলৈ দিছিল ওহাৰৰপৰা অহা গৰম গৰম গাখীৰ৷ খাই ইমান ভাল পোৱা নাছিলোঁ যদিও আজি দেখোন কথাটো ভাবিয়ে ভাল লাগে – এতিয়া ৰাতিপুৱাই আমোলৰ গাখীৰৰ পেকেটটো খুলিলে কিবা মনটো উৰি যায় সেই তাহানিৰ দিনলৈ -

পূজাৰ পাছৰ কথা – পূজাত কিনা পিষ্টলটোৰ গুলী খতম হোৱাত এলাগী কৰি হুইচেলটো আপোন কৰি ল’লো – ৰাতিপুৱা শুই উঠিয়েই হুইচেলটো বজাও – এদিন এনেকে হুইচেলটো বজাই গোহালিৰ ফালে যাওঁতে দেউতাক গাখীৰ খীৰাই থকা দেখিলো – বাল্টিটো প্ৰায়ে গাখীৰেৰে ভৰ্তি হও হও আৰু ৷ 

কি জানো মোৰ মন গল- গৰুজনীৰ কাণৰ ওচৰলৈ গৈ জোৰকৈ হুইচেলটো বজাই দিলোঁ – থলংকৈ শব্দ এটাহে শুনিবলৈ পালো – ঘুৰি চাই দেখিলো – গোহালিৰ মজিয়াখন প্ৰায় বগা হৈ পৰিছে -
দেউতালৈ চাবলৈ আৰু সাহস ন’হল – ভিৰাই দৌৰহে মাৰিলো আৰু গোহালিৰপৰা বাহিৰলৈ –
তাৰ পাচৰ চোৱা নকও আৰু দিয়ক – 

গাড়ীৰ প্ৰতি সৰুৰে পৰাই মোৰ খুব চখ৷ সদায়েই মই গাড়ী, বাইক আদিৰ কথা পাতি বৰ ভাল পাও৷ বজাৰলৈ কি নতুন গাড়ী আহিছে, কি কি নতুন সুবিধা আছে আদি বিলাক জানিবলৈ সদায়েই উৎসুক হৈ থাকো৷ 
পাচে মা-দেউতাই আকৌ মোৰ এই গাড়ীৰ প্ৰতি থকা আগ্ৰহৰ কথা বৰ সোনকালেই জানিব পাৰিছিল - মই হেনো সৰুতে মামা এজন তেওঁৰ গাড়ী লৈ আমাৰ ঘৰলৈ আহিলেই হাঁহি মাৰি চিঞৰি দিছিলোঁ – অ মাম্মা চক্কা গাড়ী – মামাৰ চকা গাড়ীত উঠি চাহ-বাগিচাৰ মাজে মাজে আমি প্ৰায়েই ফুৰিবলৈ গৈছিলোঁ – তেতিয়া আৰু মোক কোনে পায়৷ পাছে গাড়ী ৰখিলেই হেনো মোৰ আৰম্ভ হৈ যায় কন্দা-কটা -

পাছে তাতোতকৈ ভাল প্ৰমাণ এটা পাইছিল হেনো পূজা চাবলৈ যাওঁতে –
দেউতা কৰ্মসূত্ৰে খোৱাংত (ডিব্ৰুগড়) তেতিয়া৷ মোৰ তিনি-চাৰি বছৰ হৈছে কি নাই৷ দূৰ্গা পূজা চলি থাকোঁতে এদিন আমি ঘৰৰ গোটেই কেইটা পূজা চাবলৈ ওলালোঁ৷ পূজাৰ দোকান বিলাকত বেলুন-পুতলা চাই থাকোঁতে এখন গাড়ীয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিলে৷ ৰঙা আৰু হালধীয়া ৰঙেৰে এখন ৰিকভাৰী ট্ৰাক৷ মা-দেউতাক খাটনি ধৰিলোঁ গাড়ীখন মোক কিনি দিবলৈ – নাই খাটনি কামত নাহিল –মুখ ফুলাই শুদা হাতে আহি ঘৰ পালোঁহি- দেখিলো দাদাক দুখনমান কিতাপ কিনি দিলে –
ঘৰ পায়েই আৰম্ভ কৰি দিলোঁ মোৰ নাটক – কন্দা কটা হুলস্হূল৷ নাই মোক গাড়ীখন লাগিবই বুলিছোঁ লাগিবই৷ সেইদিনা হেনো মোৰ ভাত-পানী খোৱাই নহ’ল৷ ৰাতি এপৰলৈকে গাড়ীখন লাগে লাগে বুলি কান্দি কান্দি ভাগৰত লালকাল দি টোপনি গ’লোঁ -
ৰাতিপুৱাই শুই উঠি সপোন দেখাৰ নিচিনা লাগিল – কালি মই পচন্দ কৰি অহা গাড়ীখন দেখোন মোৰ গাৰুৰ কিনাৰত মই উঠালৈ ৰৈ আছে৷ যেন ট্ৰেফিক চিগনেলত ৰৈ ভোৰভোৰাই আছে – এই লাইটটো সেউজীয়া হ’লেই যেন গাড়ী পুৰা উৰি যোৱা দি যাব৷ মনতো তৎক্ষণাৎ ফৰকাল হৈ গ’ল – দে দৌৰ গাড়ী লৈ বাহিৰলৈ – 

বহুত পাছত মায়ে কৈছিল – ৰাতিপুৱাই শুই উঠিয়ে দেউতাই বোলে দোকানলৈ গৈ দোকানীক শুৱাৰপৰা জগাই গাড়ীখন কিনি আনিছিল৷ 

“ছাংলট ফেনলা” কিতাপখনত এটা বাক্য আছিল – নৱ নামৰ সেনানীজনে দিগন্তক কোৱা কথাখিনি এনেকুৱা আছিল বোধহয় “এনেকুৱা অপাৰেচনত গৈ ভাল লাগে য’ৰপৰা ঘুৰি অহাৰ সম্ভাৱনা খুবেই কম হয়৷ এনে অপাৰেচনৰ পৰা ঘুৰি অহাৰ মজাই বেলেগ” 

মই এনেকুৱা অপাৰেচনত গৈ পোৱা নাই কিন্তু সৰুতে অজানিতে কিছুমান দুঃসাহসীক কাম নকৰাও নহয় – হয়তো সেইসময়ত মই এই দুঃসাহস কি তাক জনাই নাছিলোঁ৷ 

বাছত যাওঁতে সদায় দেখোঁ- হেন্দিমেনবিলাকে বাছ ৰখোৱাৰ আগতে জাপ মাৰি দিয়ে৷ মোৰো এদিন এনে কৰিব মন গ’ল৷ কিন্তু বাছতটো মই এই কাম কৰিব নোৱাৰিম৷ মায়ে অনবৰতে হাতখন খামোচ মাৰি ধৰিয়ে থাকে৷ সেয়েহে সিদ্ধান্ত কৰিলোঁ- এই কামটো মই ঘৰৰ স্কুটাৰখনত কৰিম -

ককাৰ ঘৰলৈ প্ৰায়েই দেউতাৰ লগত স্কূটাৰত পাছফালে বহি যাওঁ৷ তাতেই এদিন আইডিয়া টো মনত খেলালে৷ দেউতাই ককাৰ ঘৰৰ পদূলিমুখলৈ ১০০ মিটাৰমান থাকোঁতেই ইঞ্জিন বন্ধ কৰি দিয়ে আৰু স্কুটাৰখন চলি গৈ থাকে৷ এদিন এনেকৈ দেউতাই ইঞ্জিন বন্ধ কৰি দিয়াৰ পাছত যেতিয়া স্পীড কম হোৱা যেন ভাৱ হ’ল তেতিয়াই মা’য়ে ভৰি থোৱা ফুটপ্লেটত থিয় হৈ জাপ মাৰি দিলোঁ পাছফাললৈ লক্ষ্য কৰি৷ পাছফালে এই-কাৰণে জাপ মৰিছিলোঁ কাৰণ মই পাছফালটো ভালকৈ দেখি আহিছিলোঁ কিন্তু তাৰ বিপৰীতে আগফালে কি আছে কেনেকৈ জানিম মই – সেই সময়ত নিউটনৰ জড়তাৰ কথা মোৰ শিশু মনে কেনেকৈ জানিব বাৰু –

জাপ মৰাৰ পাছত দুই-তিনিটা মান পাক ঘূৰণি খোৱা নিচিনা লাগিল৷ তাৰ পাছত আৰু একো মনত নাই – নিজকে পুনৰ আৱিষ্কাৰ কৰিলোঁ- আইতাৰ বিচনাত- দেউতা, আইতাই পানী চটিয়াই আছে মোৰ মুখত -

ককাৰ ঘৰৰপৰা ঘূৰি আহোঁতে দেউতাই মোক স্কুটাৰৰ আগফালে থিয় কৰাই নিজৰ দুই ভৰিৰ মাজত সোমোৱাই আনিলে – মাজে মাজে তাতো আকৌ স্কুটাৰখনৰ স্পীড বঢ়াবলৈ থ্ৰটোলটো নপকোৱাকৈয়ো নাথাকিলোঁ –

এতিয়া কথাবিলাক মনত পৰিলে ভাবো – আকৌ এবাৰ কৰিব পৰা হ’লে এনেবিলাক কাম --

Tuesday, November 12, 2013

পাচপৰ্ট এপ্লিকেচন -- অসম আৰু কেৰেলা

২০১০ চন৷ ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাচত চাকৰিত সোমাবলৈ লোৱাৰ লগে লগে কোম্পানীয়ে পাচপৰ্ট বিচাৰিলে৷ তেতিয়ালৈকে পাচপৰ্টৰ কথা ইমানকৈ ভবা নাছিলোঁ৷ বিশেষকৈ পাচপৰ্ট আবেদন কৰোতে হোৱা মানুহৰ দুখ-কষ্টৰ কথা শুনিয়ে আমনি লাগিছিল৷ লগৰ কেইবাটাৰো দেখিছিলোঁ পাছপৰ্ট লৈ কি অৱস্থা৷ সেয়েহে ভাবিছিলোঁ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে মই এই আহুকালবিলাকৰ কাষ নাচাপোঁ৷ 

কিন্তু কোম্পানীয়ে বিচাৰিলে যেতিয়া উপায় নাইকিয়া হ’ল৷ এপ্লাই কৰিলো পাছপৰ্টৰ বাবে৷ 
এমাহ-দুমাহ হৈ গ’ল৷ পুলিচ ভেৰিফিকেচনৰ একো খা-খবৰ নাই৷ পাছত দেউতাই চিনাকি মানুহ এজনক সুধি গম পালে মোৰ ফাইলটো স্থানীয় থানালৈ পঠিওৱা হৈ গ’ল৷ কিন্তু পুলিচৰ পিনৰ পৰা একো খা-খবৰেই নাই৷ সেয়েহে বন্ধত ঘৰলৈ যাওঁতে নিজেই যাম বুলি ঠিক কৰিলোঁ পুলিচ থানালৈ৷ 

ডিচেম্বৰৰ শীতকো আওকাণ কৰি এদিন পুৱাই পুৱাই থানালৈ গ’লো ৷ থানালৈ অহা উদ্দেশ্যৰ কথা কবলৈহে পালো এজন পুলিচে সুধিলে “ বিদেশলৈ যোৱা নেকি ???” যেন পাচপৰ্ট মানুহে বিদেশলৈ যাবলৈহে বনায়৷ ( কথাটো অৱশ্য ইমান মিছাও নহয়)৷ 

অলপ সময়ৰ পাছত ভাৰপ্ৰাপ্ত বিষয়াজন আহিল৷ অলপ সময় মোৰ ফাইলটো লিৰিকি বিদিকি চাই কুটিল হাঁহি এটা মাৰি মোলৈ ক’লে – 
“পাছে ভাইটি চাকৰি কৰিবা, বিদেশলৈ যাবা পইচা ঘটিবা ৷ এই কামটো কৰি দিয়াৰ বাবে আমাকো কিবা এটা কিন্তু দিব লাগিব”

আজিলৈকে কাকো ঘোচ দি পোৱা নাই৷ আৰু এনেকুৱা পৰিস্থিতিৰো আগতে সন্মুখীন হোৱা নাই৷ সেয়েহে মই একো কি কম কি নকম একো বুজিব নোৱাৰিলোঁ৷ একো নকৈ তেওঁলৈ মই হেবাংটোৰ নিচিনাকৈ চাই থাকিলোঁ৷ 

পুলিচ বিষয়াজনে মোৰ মনৰ অৱস্থাটোৰ কথা গম পালে হ’বলা৷ তেও নিজেই কলে – কামটো কৰি দিম বাৰু৷ তুমি দেউতাক পঠিয়াই দিবা৷ এতিয়া যোৱা৷ 

এনেই এইবিলাক কথা-কান্ড ভাল নালাগে, তেওঁৰ কথা শুনি মই ভালেই পালো৷ ঘৰলৈ গুচি আহিলো৷ দুই তিনিদিনৰ পাছত চুটি শেষ হোৱাত কৰ্মস্থলীলৈ ঘূৰি আহিলো৷

দুই তিনি মাহ মান একো খা-খবৰ নাই৷ এদিন হঠাৎ পাছপৰ্ট এপ্লিকেচনৰ ষ্টেটাছ পঢ়ি দেখিলো – পুলিচ ৰিপোৰ্ট আহিল – কিন্তু ৰিপোৰ্ট ADVERSE আছিল৷ মই ঘৰৰ বাহিৰত থকাৰ প্ৰমাণ দিয়া নাছিলোঁ৷ পাছপোৰ্ট অফিছে গুৱাহাটীত মোক আকৌ প্ৰমাণ দাঙি ধৰিবলৈ ক’লে৷ কিন্তু সেইসময়ত মই বাংগালোৰত থকা বাবে যাব নোৱাৰিলোঁ আৰু সেইবাৰলৈ পাচপৰ্টৰ আশা বাদ দিলো৷ দুই তিনি মাহ মানৰ পাছত দেখিলো মই ভবাৰ দৰেই মোৰ আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে৷ তাৰমানে পাছপোৰ্ট পাবলৈ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব৷ 

যি কি নহওক, লাইনত থিয় হৈ থাকি এপ্লাই কৰা, পুলিচ ভেৰিফিকেচনৰ ঝামেলা আৰু ক’ত কি এইবিলাক দেখি সিদ্ধান্ত কৰিলো দৰকাৰ হ’লেহে পাচপোৰ্টৰ কাৰণে আকৌ আবেদন কৰিম৷ 

২০১৩ – কেৰেলা 

ইতিমধ্যে তিনি বছৰ পাৰ হৈ গল৷ পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াটো টেক্নলজিৰ পৰশ পৰি আগতকৈ বহুত সহজ হৈ পৰিল৷ ইন্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই বহি বহি আবেদন কৰিব পৰা হ’ল৷ সেয়েহে যোৱা অক্টোবৰ মাহত কেৰেলাত কোজিকোড়’ৰ পৰা পাছপোৰ্টৰ কাৰণে অনলাইন এপ্লাই কৰিলো৷

নিজৰ সুবিধামতে এপইন্টমেন্টো ল’লো আৰু সেইমতে ৩ অক্টোবৰ তাৰিখে পাছপৰ্টৰ অফিচলৈ তথ্য-পাতি ভেৰিফিকেচনৰ কাৰণে গলো৷ তাত দেখিবলৈ পালো কেনে সুন্দৰ ভাবে পৰিচালনা কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো৷ সকলো কাম সময়মতে একো জঞ্জাল নলগাকে নিয়াৰিকৈ কৰা হৈছে৷ কোনো আবেদন কৰ্তাই লাইনত থিয় হ’ব লগীয়া হোৱা নাই৷ এজেন্টৰ লগত দৰ-দাম কৰিবলগীয়া হোৱা নাই৷ অফিচৰ বিষয়াসকলো যথেষ্ট শৃংখলাবদ্ধ৷ দেখি ভাল লাগিল টেক্নল’জিয়ে যে কেনেকৈ পৰিৱৰ্ত্তন আনিছে আমাৰ জীৱনলৈ৷ তথাপিতো বাৰু আমি কিয় পৰিৱৰ্ত্তনৰ প্ৰতিৰোধ কৰো৷ যি কি নহওক আগতে নিদিষ্ট কৰি দিয়া সময় অনুসৰিয়েই মোক ভেৰিফিকেচনৰ কাৰণে মাতিলে আৰু সকলো কাম সময়মতে ৩০-৪৫ মিনিটৰ ভিতৰত হৈ গ’ল৷ 

এতিয়া মোৰ আৰু পাছপোৰ্টৰ মাজত আছে মাথো পুলিচ ভেৰিফিকেচন৷ ভয় লাগিল এইবাৰো কিজানি আগৰ বাৰৰ দৰে হয়৷ পুলিচে নছোৱাব নেকি আকৌ এইবাৰো৷ পাচে সেই ভয়ে মোৰ মনত খোপনি পুতিবলৈ সময় পোৱাৰ আগতেই ৭ দিনৰ পাছতেই এদিন মোক স্থানীয় পুলিচ থানাৰপৰা পুলিচ ভেৰিফিকেচনৰ কাৰণে মাতি পঠিয়ালে৷ সময় দিয়া মতেই পাছদিনা মই স্থানীয় পুলিচ থানালৈ গলো৷ তেখেতসকলে মোৰ প্ৰমাণ-পত্ৰ সমূহ চালে আৰু এটা চহী লৈ মোক পঠিয়াই দিলে৷ পইচা-পাতিৰ কথা একোৱেই নকলে৷ মাত্ৰ ৫-১০ মিনিট সময়ৰ কাম৷ 

এতিয়া আৰু ভয় নাই৷ পুলিচ ভেৰিফিকেচনো হৈ গ’ল আৰু ইন্টাৰনেটত পাছপোৰ্ট পৰ্টেলত সময়ে সময়ে দেখা পালো মোৰ পাছপোৰ্ট এপ্লিকেচনৰ অগ্ৰগতি৷ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাছপোৰ্ট আহি মোৰ হাতত পৰিলহি৷ আবেদন কৰাৰপৰা সময় ল’লে মাথো ১৮ দিন৷ ইমান কম সময়তে পাছপোৰ্ট পালো আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ জেপৰপৰা অতিৰিক্ত এটকাও খৰচ কৰিব লগীয়া নহ’ল৷ 

কিন্তু জমনি কথাটো হ’ল যোৱা সপ্তাহত আমাৰ অসমৰ ঘৰলৈ স্থানীয় পুলিচ থানাৰ পৰা ফ’ন আহিছিল৷ পুলিচ ভেৰিফিকেচনৰ কাৰণে মোক তেওঁলোকে হেনো মাতিছে৷ পাছপোৰ্ট আহি মোৰ হাততো পৰিলহি আৰু অসম পুলিচৰ ভেৰিফিকেচন সম্পূৰ্ণ হোৱা নাই ?? মন কৰিব মই তৎকাল শাখাত পাছপোৰ্টৰ কাৰণে এপ্লাই কৰা নাছিলোঁ সাধাৰণ শাখাতহে কৰিছিলোঁ৷ সাধাৰণ ভাবে আবেদন কৰিলে পুলিচ ভেৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পাছতহে পাছপোৰ্ট দিয়া হয়৷ অসম পুলিচৰ এনে কাণ্ড দেখি আচৰিত লাগিল৷

এয়া যি কি নহওক, কেৰেলা কিয় দেশৰ one of the most advanced state আৰু আমাৰ অসম one among the least developed state সেই কথা বুজিবলৈ বেচি সময় নালাগিল মোৰ৷৷

Thursday, September 19, 2013

ফিলিং নষ্টালজিক

দৈনিক মানুহে মৰিয়েই আছে  দৈনিক দেখি আহিছোঁ৷ দেশৰ দিক নিৰ্ধাৰণ কৰা কিমান ৰাজনীতিকৰ দেহাৱসান হল হিচাপ নাই৷ কত কিমান গুৰুত্বপূৰ্ণ পষ্টত চাকৰি কৰা লোকে অৱসৰ লৈছে৷ সৌ সিদিনা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ডি চুব্বাৰাওয়ে অৱসৰ ললে৷ মনত একো অনুভৱ নহল৷


আজি সন্ধিয়া শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ গ্ৰুপটোত এটা পষ্ট দেখিলো আমাক পঢ়ুৱা কেইবাজনো চাৰে অৱসৰ ললে-  দুই এজনৰ মৃত্যুও হল বুলি গম পালোপষ্টটো পঢ়ি হঠাৎ মনটো ভাবুক হৈ পৰিল মনতে ভাবিলোঁ আজিৰ চামে তেনে শিক্ষকৰপৰা পঢ়িবলৈ নোপোৱাৰ কাৰণে যে কিমান লছ হৈছে, আমি বৰ ভাগ্যৱান আছিলোঁ এনে অনুভৱ হলগতে এটা কথাও ভাবিলোঁ মোৰ নিচিনাকৈ হয়তো আন বহুতেই সেই কেইজন শিক্ষকৰ আমাৰ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা মনত পেলাই শ্ৰদ্ধাত তেওঁলোকৰ প্ৰতি মূৰ দোৱাই ৷ আন কি এনে বৃত্তি আছে যত এনে অকৃত্ৰিম ভালপোৱা, শ্ৰদ্ধা আদায় কৰিব পাৰি৷৷ আজি অৱসৰৰ পাছত শ্ৰদ্ধাৰ চাৰ-বাইদেউ সকলেও মনত বাৰু কেনে এটা শান্তি, প্ৰশান্তি, গৌৰৱ অনুভৱ কৰে যে তেওঁলোকৰ আজি কপি থকা হাতেৰেই শিক্ষকতাৰ কালছোৱাত কিমানৰ জীৱন নিপুণ হাতেৰে নিজে গঢ়িলে ৷ কথাষাৰ ভাবিয়েই মনটো কিবা ভাল লাগি গ'ল৷

ফিলিং নষ্টালজিক -----


( মই কোৱা নাই যে আজিৰ শিক্ষকসকল বেয়া বুলি, আমাৰ সময়ত থকা শিক্ষকসকলে আমাৰ মনত যি স্থান অধিকাৰ কৰি ললে তাৰেই ফলস্বৰূপে হয়তো মোৰ মনটোৱে দেখোন শিক্ষক বুলি কলেই তেওঁলোকৰ চেহেৰাহে মনলৈ ভাহি আহে)

Monday, September 2, 2013

এক মিঠা অনুভূতি

যোৱাকালি এখন গাঁৱৰ ঘৰলৈ গৈছিলো৷ আমি তা পাওগৈ মানে সন্ধিয়াই লাগিছিল৷ চাৰিওফালে সেউজীয়া ধাননি পথাৰৰ মাজত নতুনকৈ সজা এটা সৰু ঘৰ৷ লাইট আছিল যদিও আমি গৈ পোৱাৰ অলপ পাছতেই লাইট গ’ল৷ 

বাহিৰৰ পৰিবেশটো ভাল লগাত ভিতৰৰপৰা চকী এখন আনি বাহিৰতেই বহিলো –

এটা সম্পূৰ্ণ গাৱলীয়া পৰিবেশ৷ পথাৰৰপৰা অনবৰতে ৰিবৰিব কৈ এজাক চেঁচা বতাহ বৈ আছিল৷ গা-মন জুৰ পেলাই দিয়া এজাক নিৰ্মল বতাহ৷ চাৰিওফালে অন্ধকাৰ৷ দূৰৈত কাৰোবাৰ ঘৰত ঢ়িমিক ঢ়ামাক কৈ চাকি জিলিকিছে৷জোনাকি পৰুৱাবিলাকেও তাৰ মাজতে দেও দি দি নাচি উৰি ফুৰিছে৷ পৰিবেশটো আৰু মনোমোহা কৰি তুলিছে চাৰিওফালৰপৰা ভাহি অ্হা জিলি,কুমটিৰ মাতে৷ ওপৰত এখন মুকলি তৰা ভৰ্ত্তী আকাশ, বহুত দিনৰ মূৰত যেন তৰাৰে থাহ খাই থকা আকাশ এখন ইমান সুন্দৰকৈ দেখা পালো৷ বহুত পৰ ধৰি আমি তাকেই চাই থাকিলো – সৰুতে হাতীপটি, ধ্ৰুব তৰা বিছাৰিচিলো৷ কালিও একেই উৎসাহেৰে পুনৰ আকাশত তৰা বিচৰাত লাগি গলো- কিমান দিন যে হ’ল এনে এখন আকাশ নেদেখা –

অলপ পাছত দেখিলো দাদা এজনে আহি ঘৰৰ কাষেৰে বৈ যোৱা জানটোত টৰ্চ মাৰি ঘুৰি ফুৰিছে৷  কৌতুহল বশত কি কৰিছেনো চাবলৈ গৈ দেখিলো – জানটোত বহুত মাছ৷ পানীত সৰু সৰু বহুত মাছ৷ দাদা এজনে টৰ্চ মাৰি মোক এটা গৰৈ মাছো দেখুৱাই দিলে -
প্ৰায় এক ঘন্টা মান তেনেদৰে কটোৱাৰ পাছত ঘৰলৈ উভতি আহিলো – মনত বহুতো মিঠা অনু্ভূতি লৈ –

Wednesday, August 21, 2013

ইনফ্লেচন, লিকুইদিটি, ইন্টাৰেষ্ট ৰেট আৰু দেশৰ বিকাশ

কালি আপুনি ১ কিলো পিয়াঁজ ২০ টকাত কিনিছিল আৰু আজি ৩০ টকাত কিনিছে --- এনেদৰে দিনক দিনে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িয়ে আহিছে– এইদৰে সামগ্ৰীৰ দাম বঢ়া প্ৰক্ৰিয়াটোকে Inflation বোলা হয়৷ 

অকল পিয়াঁজৰ দাম বাঢ়িলেই তেনেহ’লে কম নেকি আমি যে Inflation হৈছে বুলি – নিশ্চয় ক’ব নোৱাৰোঁ – পিয়াঁজৰ সমসাময়িক ভাবে বাকীবিলাক বস্তুৰ দামো চাব লাগিব৷ 

Inflation ৰ আচল কথাটো হ’ল আপোনাৰ কাৰণে পিয়াঁজৰ মূল্য একেই আছে- কিন্তু আপোনাৰ হাতত থকা টকাৰ মূল্য কমি গৈছে৷ সেই কাৰণে আপুনি অধিক দাম দি পিঁয়াজ কিনিব লগীয়া হৈছে৷ এই যে টকাৰ মূল্য কমি গৈছে তাৰ মানে কি?? ইয়াৰ অৰ্থ হ’ল টকাৰ ক্ৰয় কৰিব ক্ষমতা কমি গৈছে৷ আগতে আপুনি ২০ টকাতেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিছিল, কিন্তু আজি সেই একেই ১ কিলো পিয়াঁজ ক্ৰয় কৰিবলৈ আপোনাক ৩০ টকাৰ দৰকাৰ হৈছে৷ 

এতিয়া আহোঁ – কিহৰ কাৰণে এই Inflation হয়৷ 

ধৰি লওক আজি ভাৰতৰ উৎপাদিত সামগ্ৰীৰ পৰিমাণ ১ কিলো৷ আৰু মাৰ্কেটত থকা টকাৰ পৰিমাণ ১০০ টকা৷ তেতিয়াহ’লে এই ১ কিলো সামগ্ৰীৰ কাৰণে আজিৰ দিনত ১০০ টকাৰ লেনদেন হ’ব পাৰে৷ কালিলৈ যদি ৰিজাৰ্ভ বেংকে আৰু ১০০ টকা চপাই মাৰ্কেটলৈ মুকলি কৰি দিয়ে আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণ একেই ১ কিলো থাকে তেনেহ’লে এই একেই ১ কিলো সামগ্ৰীৰ কাৰণে হোৱা লেনদেনৰ পৰিমাণ কালিলৈ হৈ পৰিব ২০০ টকা৷ ফলস্বৰূপে বস্তুৰ দাম বাঢ়িল, টকাৰ ক্ৰয় ক্ষমতা কমিল৷ এয়াই inflation

এই যে ৰিজাৰ্ভ বেংক অধিক টকা মাৰ্কেটলৈ এৰি দিছে তাকেই liquidity বুলি কোৱা হয়৷ যিমানেই বেছি টকা মাৰ্কেটলৈ আহিব সিমানেই liquidity বেছি হ’ব আৰু সমান্তৰালভাৱে inflation বেছি হ’ব৷ ঠিক তেনেদৰে liquidity কমা মানে মাৰ্কেটৰপৰা টকা কম হৈ যোৱাটোকে বুজাই৷

কিন্তু এই liquidity মানে মাৰ্কেতত প্ৰচলিত টকাৰ পৰিমাণ কমা বঢ়া কেনেকৈ কৰে-

১) cash reserve ratio(CRR): প্ৰত্যেক বেংকেই তেওঁলোকে কৰা লেনদেনৰ (net demand and time liability) এটা অংশ ৰিজাৰ্ভ বেংকৰ ওচৰত জমা ৰাখিব লাগে৷ এই অংশটোকে CRR বুলি কোৱা হয়৷ ধৰক আজি CRR ৰ পৰিমাণ ৪%৷ তাৰ অৰ্থ হ’ল আজিৰ দিনত SBI(state bank of India) ৰ যিমান টকাৰ লেনদেন(net demand and time liability) আছে তাৰ ৪% ৰিজাৰ্ভ বেংক ৰ ওচৰত SBI য়ে জমা ৰাখিব লাগে৷ ৰিজাৰ্ভ বেংক ৰ ওচৰত ৰখা এই টকা বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে ল’ন দিয়া আদি কাৰ্য্য) নোৱাৰে৷ ফলত মাৰ্কেটত থকা টকাৰ পৰিমাণ কমি থাকে৷ কিন্তু যদিহে ৰিজাৰ্ভ বেংক য়ে CRR ৰ পৰিমাণ কালিলৈ ৩% কৰি দিয়ে তেনেহ’লে এই ১% টকা ( ভাৰতত ইয়াৰ পৰিমাণ ৬৪০০০ কোটিৰ সমান হয়) বেংকবিলাকে ব্যৱহাৰ কৰিব(উদাহৰণস্বৰূপে আপোনাক- মোক ল’ন দিয়া) পাৰিব৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ বাঢ়ি যাব-ইয়াকে liquidity বঢ়া বুলি কয়- ঠিক তাৰ বিপৰীতে CRR বঢ়াই ৰিজাৰ্ভ বেংকে মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ কমাব পাৰে --

2) ইন্টাৰেষ্ট ৰেট :: ইন্টাৰেষ্ট ৰেট যদি বেছি হয় তেন্তে আপুনি মই অধিক সুত পোৱাৰ আশাত বেংকৰপৰা টকা নুলিয়াম৷ ফলত মাৰ্কেটত প্ৰচলিত টকাৰ পৰিমাণ অৰ্থাত liquidity কম হৈ থাকিব৷ আনহাতে যদি ইন্টাৰেষ্ট ৰেট কম হৈ পৰে তেন্তে বেংকত টকা থোৱাত বেছি লাভজনক নেদেখি আমি খৰচ কৰিব পাৰোঁ বা বেলেগ কিবা কামত লগাব পাৰোঁ৷ এই যে বেংকৰপৰা মাৰ্কেটলৈ টকা ওলাই আহিল –ই liquidity বঢ়ায় 

এতিয়া ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে সাধাৰণ ৰাইজে বস্তুৰ দাম বঢ়াটো মানে inflation হোৱাটো নিবিচাৰে৷ তেতিয়াহ’লে ৰিজাৰ্ভ বেংক য়ে মাৰ্কেটত liquidity কম কৰি ইয়াক কমাব পাৰে৷ কিন্তু তাকে কৰিবলৈ ইন্টাৰেষ্ট ৰেট বঢ়াব লাগিব৷ যদি সাধাৰণ ৰাইজক সকাহ দিবলৈ সেয়াই জৰুৰী কিয় ৰিজাৰ্ভ বেংক য়ে তাকে কৰা নাই??

অধিক ইন্টাৰেষ্ট ৰেটে দেশৰ প্ৰগতিত বাধা হিচাপে থিয় দিয়ে৷ দেশৰ বিকাশৰ বাবে দেশৰ উদ্যোগ আদিত উৎপাদিত সামগ্ৰীৰ চাহিদা থাকিব লাগে৷ এখন দেশৰ মাৰ্কেটত জনসাধাৰণে যিমানেই বেছি খৰচ (spending ) কৰিব তাৰ উদ্যোগ-পাতিৰ অৱস্থা সিমানেই ভাল হ’ব আৰু দেশৰ অৰ্থনীতিও সিমানেই সৱল হৈ থাকিব৷ সেয়েহে recession ৰ সময়ত যেতিয়া জনসাধাৰণে ভৱিষ্যতৰ শংকাত খৰচ পাতি কৰিবলৈ এৰি দিছিল বহুতো দেশৰ চৰকাৰে খৰচ(spending) বঢ়াবলৈ stimulus package ঘোষণা কৰিছিল৷ কিন্তু ইন্টাৰেষ্ট ৰেট বেছি হ’লে জনসাধাৰণে বেছি সুত পোৱাৰ আশাত খৰচ কৰাতকৈ বেংকত পইচা থ’বলৈ বিচাৰিব৷ ফলত দেশত খৰচৰ (spending) পৰিমাণ কম হৈ পৰিব আৰু তাৰ ফলস্বৰূপে উদ্যোগ-জগতৰ বৃদ্ধি হ্ৰাস পাব আৰু ই দেশৰ প্ৰগতি(growth) স্থবিৰ হৈ পৰিব৷ 

ঠিক তেনেদৰে যিমানেই ইন্টাৰেষ্ট ৰেট বেছি হয় সিমানেই ধাৰ কৰিব পৰা ক্ষমতা হ্ৰাস পায় আৰু তাৰ পৰিণতিত খৰচ কৰিব পৰা ক্ষমতাই হ্ৰাস পাই যায়৷ উদাহৰণস্বৰূপে বেংক ল’নৰ ইন্টাৰেষ্ট ৰেট কম হ’লে আপুনি মই গাড়ী কিনিবলৈ, ঘৰ বনাবলৈ ল’ন ল’ব বিচাৰিম৷ ফলস্বৰূপে চাহিদা বঢ়াৰ বাবে গাড়ী নিৰ্মাণ উদ্যোগটো বা চিমেন্ট, ষ্টিল বনোৱা উদ্যোগ কেইটাৰ অৱস্হা শক্তিশালী হৈ পৰিব৷ এই উদ্যোগৰ প্ৰগতিয়ে দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তাৰ বিপৰীতে ইন্টাৰেষ্ট ৰেট বেছি হ’লে আপুনি মই ল’ন ল’বলৈ ইচ্ছা প্ৰকাশ নকৰিম৷ ফলত খৰচ কম কৰিম আৰু ইয়াৰ প্ৰভাৱ উপৰোক্ত উদ্যোগকেইটাত পৰিব৷ 

গতিকে আমি দেখিলো যে দেশৰ অৰ্থনীতিৰ বিকাশৰ বাবে ইন্টাৰেষ্ট ৰেট কম কৰিব লাগে –কিন্তু inflation ৰ পৰা সাধাৰণ ৰাইজক সকাহ দিবলৈ আকৌ ইন্টাৰেষ্ট ৰেট কম নোহোৱাটো বাঞ্ছনীয়৷ গতিকে পলিচি বনোৱা সকলে সদায় এই দুয়োটাৰে মাজত সহাৱস্হান কৰে যাতে দেশৰ সমৃদ্ধিও হওক আৰু একে সময়তে সাধাৰণ ৰাইজৰ অৱস্থাও বেয়া নহওক –

যেন সাপো মৰক আৰু লাঠিও নাভাঙক -

Tuesday, August 20, 2013

ডলাৰ আৰু ৰুপি --

যোৱা কেইবাদিনো ধৰি বাতৰি কাকতত প্ৰকাশ পাই আহিছে যে ভাৰতৰ ৰুপিৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত দ্ৰুতগতিত হ্ৰাস পাইছে৷ আজিৰ লেখাত কেনেকৈ এই বিনিময় হাৰ নিৰ্ধাৰিত হয় আৰু সাধাৰণ জনতাৰ ওপৰত কেনেকৈ প্ৰভাব পেলায় তাৰ ওপৰত এক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ৷

সাধাৰণতে মুদ্ৰাৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত(market) নিৰ্ধাৰিত হয়৷ ডলাৰৰ তুলনাত মাৰ্কেটত ৰুপিৰ চাহিদা যদি বেছি হৈ পৰে তেনেহ’লে ৰুপিৰ মূল্যও বেছি হৈ পৰে৷ বজাৰত পিঁয়াজৰ ষ্টক কম হ’লে পিঁয়াজৰ দাম বঢ়াৰ নিচিনা এই কথা৷ আনহাতে ৰুপিৰ চাহিদা কম যদি হয় তেনেহ’লে ৰুপিৰ মূল্যও কম হৈ পৰে৷ এই ৰুপি-ডলাৰৰ চাহিদা নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ গতিৰ দিশৰ ওপৰত৷ দেশখনলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বৈছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে এই বিনিময় হাৰ ৷ দেশৰ আমদানি-ৰপ্তানি, বৈদেশিক বিনিয়োগ, সঞ্চয় আদিৰ ওপৰত নিৰ্ভৰ কৰে বৈদেশিক মুদ্ৰাৰ সোঁতৰ দিশ৷ 

যিমানেই ৰপ্তানি বেছি হয় সিমানেই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত ডলাৰৰ পৰিমাণ বাঢ়ি যায় (উদাহৰণৰ সুবিধাৰ্থে ডলাৰ লৈছো) বিদেশী ৰাষ্ট্ৰক ভাৰতৰ বস্তু কিনিবলৈ ৰুপিৰ দৰকাৰ পৰে৷ সেয়েহে তেওঁলোকে ডলাৰ দি ৰুপি কিনি লয়৷ ফলত ৰুপিৰ চাহিদা বজাৰত বাঢ়ি যায় আৰু তাৰ ফলস্বৰূপে ৰুপিৰ মূল্য বাঢ়ি যায়৷ তাৰ বিপৰীতে যেতিয়া অধিক আমদানি কৰিব লগীয়া হয় তেতিয়া আমি ডলাৰ পৰিশোধ কৰি বিদেশৰপৰা বস্তু কিনিব লগীয়া হয়৷ এই যে বস্তু কিনিবলৈ ডলাৰৰ প্ৰয়োজন হয় ই মাৰ্কেটত ৰুপিৰ তুলনাত ডলাৰৰ মূল্য বঢ়াই তুলে আৰু ফলস্বৰূপে ৰুপিৰ মান কমি যায়৷ 

যেতিয়া দেশৰ অৰ্থনীতি শক্তিশালী হয়, ভবিষ্যতে আৰু উন্নত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া বিদেশী বিনিয়োগকাৰীয়ে ভাৰতত তেওঁলোকৰ ধন বিনিয়োগ কৰিবলৈ বিছাৰে৷ ফলস্বৰূপে মাৰ্কেটত ৰুপিৰ চাহিদা বাঢ়ি যায়৷ এনেদৰে যেতিয়াই দেশলৈ বৈদেশিক মুদ্ৰাৰ সোঁত বয় দেশখনৰ মুদ্ৰাৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেকৈ যেতিয়া এই সোঁতৰ দিশ বিপৰীত মুখী হয় তেতিয়া দেশৰ মুদ্ৰাৰ মূল্য তললৈ নামি আহে৷ দেশৰ অৰ্থনীতিৰ মন্দাবস্হা, চৰকাৰৰ দুৰ্বল নীতি বা দেশৰ ৰাজনৈতিক অৱস্থাৰ Instability আদি বিভিন্ন কাৰণত বিনিয়োগকাৰীয়ে দেশৰ অৰ্থনীতিৰ ভৱিষ্যতৰ ওপৰত শংকা প্ৰকাশ কৰে আৰু বিদেশত সেই ধন বিনিয়োগ কৰিবলৈ চেষ্টা কৰে৷ বিনিয়োগকাৰীয়ে বিশ্বাস কৰে যে ভাৰতৰ সলনি বিদেশত বিনিয়োগ কৰিলে তেওৰ ৰিটাৰ্ণ ভাল হ’ব৷ সেয়েহে তেও ৰুপি পৰিশোধ কৰি ডলাৰ কিনিবলৈ চেষ্টা কৰে৷ ফলস্বৰূপে ৰুপিৰ চাহিদা কমি যায় আৰু ডলাৰৰ মূল্য বজাৰত বাঢ়ি যায়৷ লগে লগে দেশত বিনিয়োগৰ পৰিমাণো কমি যায়৷ 

কিন্তু এই মুদ্ৰাৰ মানে অতি বেছি পৰিমাণে উঠা নমা কৰিলে দেশখনৰ চেন্ট্ৰেল বেংকে (ভাৰতৰ ৰিজাৰ্ভ বেংক) হস্তক্ষেপ কৰে মাজে মাজে ৷ ইয়াৰ বাবে কিছুমান পলিচি ৰিৰ্জাভ বেংকে হাতত লোৱা দেখা যায়৷ তাৰ ভিতৰত এটা হ’ল বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভৰপৰা ডলাৰ বেচা-কিনা কৰা৷৷
প্ৰত্যেক দেশৰে এটা বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভ থাকে৷ এই বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত বিভিন্ন দেশৰ বৈদেশিক মুদ্ৰা থাকে৷ দেশৰ সামগ্ৰীৰ ৰপ্তানিয়ে এই ৰিজাৰ্ভ বঢ়োৱাত সহায় কৰে৷ ঠিক তেনেদৰে আমদানিয়ে ৰিজাৰ্ভৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ কম কৰে৷ বৈদেশিক মুদ্ৰাৰ ৰিজাৰ্ভত থকা এই বিভিন্ন দেশৰ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি নিজ দেশৰ মুদ্ৰাৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ উদাহৰণ স্বৰূপে ৰুপিৰ মূল্য কমি গলে (ডলাৰৰ চাহিদা বাঢ়ি গলে) এই ৰিজাৰ্ভৰপৰা ডলাৰ বিক্ৰী কৰি বজাৰত ডলাৰৰ চাপ্লাই বঢ়াব পাৰি৷ চাপ্লাই বাঢ়ি গ’লে ডলাৰৰ মূল্য বৃদ্ধি কম হ’ব আৰু এনে কৰিলে ৰুপিৰ মূল্য বেছি তললৈ যোৱাৰ পৰা ৰোধ কৰিব পাৰি৷ ঠিক তেনেদৰে ৰুপিৰ মূল্য কমাবলৈ ৰিজাৰ্ভ বেংকে আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰ ক্ৰয় কৰিব পাৰে৷

আন এটা পলিচি হ’ল ইন্টাৰেষ্ট ৰেট বঢ়োৱা৷ ইয়াৰ উদ্দেশ্য হ’ল বিদেশী বিনিয়োগকাৰীক ভাৰতত বিনিয়োগ কৰিবলৈ আকৰ্ষিত কৰা যাতে তেওঁলোকৰ বিনিয়োগৰ কাৰণে ৰুপিৰ চাহিদা মাৰ্কেটত বৃদ্ধি হয় আৰু ৰুপিৰ মূল্য বাঢ়ি যায়৷ ঠিক তেনেদৰে ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰি ভাৰতীয় বিনিয়োগকাৰীৰ বিদেশত কৰা বিনিয়োগৰ পৰিমাণো হ্ৰাস কৰিব পাৰি৷ ইয়াতো যদি বিদেশলৈ বোৱা ধনৰ সোঁত নকমে তেন্তে ৰিজাৰ্ভ বেংকে বিদেশত কৰা বিনিয়োগত প্ৰতিবন্ধকতা লগাব পাৰে৷ কেইদিন মানৰ আগতে ৰিজাৰ্ভ বেংকে বিদেশত এজন ভাৰতীয়ই বিনিয়োগ কৰিব পৰা ধনৰ পৰিমাণৰ উচ্চ সীমা বান্ধি দিয়াৰ কাৰণ ইয়েই৷ 

এতিয়া আহোঁ বিনিময় হাৰে কিদৰে সাধাৰণ জনতাক প্ৰভাৱিত কৰে৷ দেশৰ মুদ্ৰাৰ মূল্য কমিলে বিদেশী সামগ্ৰীৰ দাম বাঢ়ি যায় যাৰ ফলত তুলনামূলকভাৱে আমদানিৰ খৰচ বাঢ়ি যায়৷ উদাহৰণ স্বৰূপে পেট্ৰলৰ দামৰ কথা ক’ব পাৰি৷ আজিকালি প্ৰায়েই পেট্ৰলৰ দাম কমা বঢ়া দেখা যায়৷ আন্তৰাষ্ট্ৰীয় বজাৰত ক্ৰোদ অইলৰ (crude oil) দাম কমা-বঢ়াৰ লগতে ভাৰতীয় মুদ্ৰাৰ ( ৰুপি) মূল্যৰ সঘনে উঠা নমা কৰাই তাৰ এটা প্ৰধান কাৰণ৷ ৰুপিৰ মূল্য যদি কম হয় তেন্তে একে পৰিমাণৰ পেট্ৰল আমদানি কৰিবলৈ তেল কোম্পানীবোৰে আগতকৈ অধিক খৰচ কৰিবলগীয়া হয় যাৰ ফলত সাধাৰণ জনতাই অধিক দামত পেট্ৰল কিনিবলগা হয়৷ উদাহৰণ স্বৰূপে crude oil আন্তৰাষ্ট্ৰীয় বজাৰত ডলাৰত কিনা হয়৷ এতিয়া ধৰক আজি ১ লিটাৰ পেট্ৰলৰ মূল্য ১ ডলাৰ আৰু ডলাৰ ৰুপিৰ বিনিময় হাৰ হ’ল ১ ডলাৰ=৫০ টকা ৷ এনেক্ষেত্ৰত ১ লিটাৰ পেট্ৰল কিনিবলৈ তেল কোম্পানীয়ে আজি ৫০ টকা দিব লাগিব৷ এতিয়া ধৰি লওক কালিলৈ বিনিময় হাৰ হ’লগৈ ১ডলাৰ=৬০ টকা৷ তেন্তে তেল কোম্পানীয়ে কালিলৈ সেই একেই ১ লিটাৰ পেট্ৰল কিনিবলৈ ৬০ টকা দিব লাগিব৷ ঠিক তেনেদৰে নিত্য ব্যৱহাৰ্য্য যিবোৰ সামগ্ৰী বিদেশৰপৰা আমদানি কৰা হয়, দেশৰ মুদ্ৰাৰ মূল্য কম হ’লে সেইবিলাক সামগ্ৰীৰ দাম বাঢ়ি যায় আৰু সাধাৰণ ৰাইজক জুৰুলা কৰে৷

বহুতে বৈদেশিক মুদ্ৰাৰ মূল্যৰ তুলনাত নিজ দেশৰ মুদ্ৰাৰ মূল্য কমি গলে আক্ষেপ কৰে৷ সেয়া স্বাভাৱিক৷ কিন্তু বহুতো এনে দেশ আছে যি জানি বুজিয়েই নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে৷ সাধাৰণতে চীনে এইধৰণে নিজৰ মুদ্ৰাৰ মূল্য কম কৰি ৰাখে বুলি আমেৰিকাই বহুত সময়ৰেপৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা দেখা গৈছে৷

সাধাৰণতে দেখা যায় মুদ্ৰাৰ মূল্য কমি গ’লে এখন দেশৰ ৰপ্তানিৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰ মূল কাৰণ হ’ল যেতিয়া নিজ দেশৰ মুদ্ৰাৰ মূল্য বৈদেশিক মুদ্ৰাৰ মূল্যতকৈ কমি যায়, বিদেশৰ মানুহৰ বাবে সেই দেশৰ বস্তুবিলাক সস্তা হৈ পৰে৷ ফলস্বৰূপে সেই দেশৰ পৰা তেওলোকে কম খৰচতে বেছিকৈ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে ধৰি লোৱা হওক ভাৰতৰ এজন চাহ ব্যৱসায়ীয়ে এক কিলো চাহ ৫০ টকাত বিক্ৰী কৰে৷ যদি আজি ১ ডলাৰ= ৫০ টকা তেন্তে এজন আমেৰিকানে আজি এক কিলো চাহ ক্ৰয় কৰিবলৈ ১ ডলাৰ পৰিশোধ কৰিলেই হ’ব৷ কিন্ত ৰুপিৰ মূল্য কম হৈ কালিলৈ যদি ১ ডলাৰ=৬০টকা হয় তেন্তে কালিলৈ সেই একেই ১ কিলো চাহ কিনিবলৈ ০.৮৩ ডলাৰ দিলেই হব৷ অথাৎ ভাৰতীয় চাহ আমেৰিকানজনৰবাবে সস্তা হৈ পৰিল৷ অন্যহাতে ইয়াৰ কাৰণে চাহ ব্যৱসায়ীজনৰ চাহ ৰপ্তানি কৰিবলৈ অধিক সুবিধা হৈ পৰিল৷ আজিৰ প্ৰতিযোগিতামূলক মূল্যৰ দিনত এনে সস্তা হৈ পৰা সামগ্ৰীয়ে এখন দেশৰ ৰপ্তানিৰ দিশটো সৱল কৰি ৰখাত বহুপৰিমাণে সহায় কৰে৷

এতিয়া আহোঁ চীনৰ প্ৰসংগলৈ৷ চীনৰ অৰ্থনীতি বহু পৰিমাণে ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে চীনৰ কাৰণে নিজৰ দেশৰ সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত আন দেশৰ সামগ্ৰীতকৈ তুলনামূলকভাৱে অধিক প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ চীনৰ মুদ্ৰাৰ মূল্য কম কৰি ৰখাটো অতিকে জৰুৰী৷ সেয়েহে চীনে নিজৰ মুদ্ৰাৰ মান নিৰ্ধাৰণ কৰাটো আন্তৰাষ্ট্ৰীয় বজাৰৰ ওপৰত এৰি নিদি নিজেই হস্তক্ষেপ কৰি সদায়ে চীনৰ মুদ্ৰাৰ মান কম কৰি ৰাখে বুলি বাকী ৰাষ্ট্ৰবিলাকে অভিযোগ উত্থাপন কৰিছে৷ উদাহৰণ স্বৰূপে ডলাৰ’ৰ মূল্য কমি গলে চীনে আমেৰিকান ট্ৰেজাৰিৰ জৰিয়তে (us treasuries) ডলাৰ কিনে যাতে ডলাৰৰ মূল্য বাঢ়ি যায়৷ ফলস্বৰূপে চীনা মুদ্ৰাৰ মূল্য তুলনামূলক ভাবে কম হৈ থাকে আৰু চীনত উৎপাদিত সামগ্ৰী competitive হৈ থাকে ৷৷


~~~~~~~~~~~~~~~~~~

আজিৰ ৰাতিপুৱাৰ লেখাটো পঢ়ুৱৈয়ে আদৰি লোৱা দেখি ভাল লাগিছে৷ তাত বিশেষকৈ অৰ্থনীতিৰ ওপৰত আলোকপাত কৰিছিলোঁ কিন্তু ই কেনেদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে তাক চমুকৈহে উল্লেখ কৰিছিলোঁ – এই লেখাত ৰুপিৰ মূল্যৰ অৱনমনে ষ্টক, বিনিয়োগ, ৰপ্তানি-আমদানিৰ পৰা নিলগত থকা অসমৰ ৰাইজৰ জীৱনত কেনে প্ৰভাব পেলাব পাৰে তাকে ক’বলৈ চেষ্টা কৰিছোঁ - 

১) যিবিলাক সামগ্ৰী আমি বাহিৰৰপৰা আমদানি কৰো- তেনে সামগ্ৰীৰ দাম অতি সোনকালেই বঢ়াৰ সম্ভাৱনা আছে৷ তাৰ ভিতৰত পেট্ৰল- ডিজেল আৰু সোণ উল্লেখযোগ্য৷ ভাৰতৰ আমদানিৰ এক বুজন অংশ খাৰুৱা তেল আৰু সোণে অধিকাৰ কৰে৷ সেয়েহে ৰুপিৰ মূল্য কম হোৱাৰ লগে লগে পেট্ৰল ডিজেলৰ লগতে সোণৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক৷

কিন্তু ডিজেলৰ মূল্যৰ সমান্তৰালভাৱে বৃদ্ধি পাব খাদ্য সামগ্ৰীৰ মূল্য, পৰিৱহণত অধিক খৰচ কৰিবলগীয়া হ’ব৷

২)খাদ্য সামগ্ৰীৰ তালিকাত পালচ, তেল আদিৰ দাম বাঢ়িব পাৰে৷ কিয়নো ইয়াৰ বেছিভাগেই ভাৰতে আমদানি কৰে৷ ঠিক একেদৰে FMCG (fast moving consumer goods) সামগ্ৰীৰ দাম বৃদ্ধি পাব৷

৩) ল’ন ত অধিক ইন্টাৰেষ্ট দিব লাগিব

ৰিজাৰ্ভ বেংকে ইতিমধ্যে ভাৰতত বিনিয়োগৰ কাৰণে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ইন্টাৰেষ্ট ৰেট বৃদ্ধি কৰিছে৷ ইয়াৰ সমান্তৰাল ভাবে আপুনি মই লোৱা বেংকৰ ল’নৰ সুত বেছিকৈ পৰিশোধ কৰিব লাগিব (যদিহে ইতিমধ্যে আপুনি ল’ন লৈছে আৰু সুত floating interest হ’লে) ৷ ঠিক তেনেকৈ নতুন ল’ন ল’বলৈ গ’লে অধিক সুতত ল’ন ল’ব লাগিব৷৷ এয়া গৃহ ল’ন, কাৰ ল’ন, শিক্ষাৰ বাবে লোৱা ল’ন সকলোতে প্ৰযোজ্য৷

বিশেষকৈ বাহিৰত পঢ়িবলৈ যোৱা বিদ্যাৰ্থীৰ কাৰণে খৰচৰ পৰিমাণ যথেষ্ট বাঢ়ি যাব৷

৪) বিদেশ ভ্ৰমণ অধিক খৰচী হ’ব৷ এই সময়ত বিদেশ ভ্ৰমণ নকৰাই ভাল৷ অন্যহাতে বিদেশী পৰ্যটকৰ বাবে ভাৰত ভ্ৰমণৰ বাবে অতি উপযুক্ত সময়৷ অতি কম খৰচতে ভাৰত ভ্ৰমণ কৰিব পাৰিব৷ সেইফালৰপৰা চাবলৈ গলে tourism industry ৰ কাৰণে ভাল সময় ৷৷

৫) নতুনকৈ গাড়ী কিনিব বিচাৰিছে যদি গাড়ীৰ দাম বঢ়াৰ সম্ভাৱনা অধিক৷ কিয়নো অধিকাংশ গাড়ী, মটৰ বাইকৰ নিৰ্মাতাই পাৰ্টছ বাহিৰৰপৰা আমদানি কৰে৷ গতিকে নিৰ্মাতাৰ খৰচ বঢ়াটো স্বাভাৱিক৷

ঠিক তেনেদৰে ঘৰ নিমাৰ্ণৰ বাবে দৰকাৰী সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব পাৰে৷ কাৰণ industry ৰ মূল ইন্ধন ডিজেল, কয়লাৰ ( কয়লাও আমদানি কৰে ভাৰতে) মূল্য বৃদ্ধিয়ে চিমেন্ট, ষ্টিলৰ দাম নিশ্চয় বৃদ্ধি কৰিব

শেহত কও যে এইয়া এক সম্ভাব্য ভৱিষ্যতৰ আলোকপাতহে৷ ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে পলিচিৰ যঠেষ্ট সাল সলনি কৰিছে যোৱা কেইমাহত৷ আশা কৰো অতি সোনকালেই ৰুপিয়ে আকৌ ডলাৰক টক্কৰ দিবলৈ সক্ষম হ'ব৷৷

Wednesday, August 7, 2013

যৌতুক


টংক মাষ্টৰৰ ডাঙৰ জীয়েক জোনটিৰ বিয়া ৷৷ মাষ্টৰৰ চিন্তা হঠাৎ বিয়াখন পাতিবলৈ কৰপৰা ইমান পইচা পায় ৷ ল’ৰা ধনী ঘৰৰে, স্বভাৱে চৰিত্ৰয়ো ভাল ৷ সেয়েহে বিয়াখন দিব পাৰিলে তেও স্বস্তিত উশাহ এটা ল’ব পাৰিব ৷৷ সৰুজনীলৈ তেওঁৰ চিন্তা নাই ৷৷ তাইৰ বিয়া হয়  মানে ফৰ লেন হাইৱে’টো হৈ উঠিব ৷ তেতিয়ালৈ মাটিৰ দামো বাঢ়িব৷ তেতিয়া তেও তাইৰ বিয়াত সেই ৰাস্তাৰ কাষৰ মাটি দৰাকে বিক্ৰী কৰিব পাৰিব ।।।

ল’ৰাৰ ঘৰে অৱশ্যে একো বিচৰা নাই ৷৷ কিন্তু একো দিব নালাগে বুলিও কোৱা নাই ৷৷ সমস্যাটো হৈছে মাষ্টৰনীক লৈহে ৷ তেওঁৰ মতে জোনটি তেওঁলোকৰ ডাঙৰ ছোৱালী গতিকে তাইৰ বিয়াত সকলো দিব লাগিব৷ সকলো মানে টি ভি, ফ্ৰিজ, গডৰেজ, ৱাশ্বিং মেচিন সকলো ৷ যোৱা মাহত হৈ যোৱা ঠিকাদাৰৰ ছোৱালীৰ বিয়াত ঠিকাদাৰে এখন নেন কে দিছিল ৷ এতিয়া তেওঁলোকে একো নিদিলে তেওঁলোকৰ মান সন্মান ক’ত থাকিব৷৷

হয় তোন গাৱৰ গোপিনী মেলত ঠিকাদাৰৰ জীয়েকৰ বিয়াৰ পাছত কম আলোচনা হৈছিল নেকি গাড়ী দিয়াক লৈ ৷৷ মাষ্টৰনীয়ে তেতিয়াই ভাবিছিল জোনটিকো লগত ভাল ভাল দামী বস্তু দিব লাগিব৷৷ ইমানদিনে আমনি লাগি থকা টি ভিৰ প্ৰগ্ৰেমৰ মাজত দিয়া এড কেইটা যেন হঠাৎ অতি ইন্টাৰেষ্টিং হৈ  পৰিল ঘৰখনত ৷৷

 মাষ্টৰে পইচা যোগাৰ কৰিবলৈ চেষ্টাও নকৰাকৈ নাথাকিছিল৷ বেংকলৈ গৈছিল ল’ন এটা বিচাৰি ৷ পাছে আগৰ ঘৰৰ ল’নটোৱেই মৰা নাই৷ তাতে ৰিটায়াৰমেন্টলৈ বেছি দিন নাই৷ সেয়েহে মেনেজাৰে ল’ন দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে ৷ হ’ওতে মাষ্টৰৰ বেংকত পইচা অলপ নথকা নহয় ৷ কিন্তু তাৰো উদ্দেশ্য নথকা নহয় ৷ ল’ৰা দিগন্ত পঢ়াত ভালেই ৷ এই বেলি ১০+২ পাছ কৰিব ৷ ইয়াৰ পাছত তাৰ ডাক্তৰি পঢ়িবলৈ খুবেই ইচ্ছা আছে ৷ কলেজৰ মাষ্টৰৰ মতে সি চিট পাবই ৷ সেয়েহে তাৰ পঢ়াৰ কাৰনে লাগিবলগীয়া টকাখিনি মাষ্টৰে আগতীয়াকৈ সাঁচি ৰাখিছে ৷

নাই ছোৱালীৰ বিয়াত পইচা খৰচ কৰি তেখেতে দিগন্তৰ ভৱিষ্যত চূৰমাৰ কৰিব নোৱাৰে ৷ মাষ্টৰনীক তেও শুনাই দিছিল তেওঁৰ শেষ সিদ্ধান্ত ৷৷

দিগন্তই হয়তো কথাটো বুজিছিল ৷ দেউতাকক সিয়েই প্ৰস্তাৱ দিলে যে সি ল’ন লৈয়েই পঢ়িব ৷ তাৰ কাৰনে সাঁচি ৰখা টকাখিনি বায়েকৰ বিয়াতেই দেউতাকে খৰচ কৰক ৷৷ বায়েকৰ বিয়াখন ঠিকে ঠাকে হৈ যাওঁকচোন ৷ ৷ সি কিবা প্ৰকাৰে মেনেজ কৰিব ৷৷ তাতে ভিনিহিয়েকৰ কেইবাটাও বেংকৰ মেনেজাৰৰ লগত ভাল সম্পৰ্ক আছে ৷৷ একো নহ’লে সি এটা বছৰ ড্ৰপকে দিব ৷ তাত কোনো তাৰ আক্ষেপ নাই ৷ বায়েকৰ বিয়াখন মাথো হৈ গলেই হ’ল ৷৷ মাষ্টৰে একো ক’ব পৰা নাছিল পুতেকক ৷ মাথো নিৰ্বাক হৈ তললৈ মূৰ কৰি শুনি গৈছিল বুকুত শেলে বিন্ধা দি বিন্ধা দিগন্তৰ কথাবোৰ৷ মাষ্টৰে বুজিছিল পুতেকক বুজাব পৰাৰ শক্তি আৰু তেওঁৰ নাই আজি ৷৷ সেই কেই বছৰ মানৰ আগতে পূজাৰ দোকানত পুতলা গাড়ী দেখি লাগেই বুলি দাবী কৰি এৰাতি নুশুৱাকৈ থকা সৰু ল’ৰাটোৰ আজি ইমান আত্মবিশ্বাস, চকুত ইমান দৃঢ়তা, প্ৰত্যয় ৷৷

~~~~~~~~~~~~****~~~~~~~~~~~~~~~~~~~~

আজি জোনটিৰ বিয়া ৷৷ ৰভাতলীত মানুহৰ গিজগিজনি ৷ কাৰো গাত আজি আহৰি নাই ৷ ৰভাৰ এটা চুকত ছোৱালীৰ লগত দিব লগীয়া বস্তুবিলাক থৈ দিয়া আছে ৷ নতুন মডেলৰ টি ভি, গডৰেজ, ৱাশ্বিং মেছিন আদি সকলোৱেই আছে ৷৷ মানুহে চাই মেলি কথা পাতিছে, কোনোৱে মাষ্টৰ-মাষ্টৰনীক প্ৰশংসা কৰিছে ৷৷

কিন্তু মাষ্টৰ যেন সুখী হ’ব পৰা নাই ৷৷৷ এই কেইদিনতে ঘোষিত হ’বলগীয়া মেডিকেলৰ এনট্ৰেন্স পৰীক্ষাৰ ৰিজাল্টৰ কথা ভাবিলেই তেওঁৰ মনলৈ এটা অপৰাধ মূলক মনোভাব আহি যায় ৷৷ মনত ভয় ভাব – ছোৱালীক যৌতুক দিওঁতে তেও দিগন্তৰ ভৱিষ্যত তোকেই জলাঞ্জলি দিয়া নাইতো !!!!  যদি দিগন্তই অৰ্থৰ অভাৱত এই বছৰ পঢ়িব নোৱাৰে তেও তেন্তে নিজকে কেতিয়াও ক্ষমা নকৰিব ৷ নাই কেতিয়াও তেও ক্ষমা কৰিব নোৱাৰিব ৷৷