Saturday, June 1, 2013

তৎকাল



“এই irctc চাইটটোৱে মাথা নষ্ট কৰি দিব দেই” 
অথনিয়েপৰা ভাৰতীয় ৰেল’ৰ ৱেবছাইতটোত টিকট এটা কাটিবলৈ যত্ন কৰি থকা নৃপেনে ক্ষোভত চিঞৰি উঠিল—

খঙ উঠাটো স্বাভাৱিক। ১০ বাজিবৰপৰা আধাঘন্টামানেই হ’ল সি লাগি আছে দিল্লীৰপৰা গুৱাহাটীলৈ তৎকাল টিকট এটা বুক কৰিবলৈ । কিন্তু টিকট বুক কৰাতো দূৰৰেই কথা ছাইতটোৱে আনকি খোলা নাই। এই তৎকাল টিকট বুক কৰা কামটোও বৰ সহজ নহয়। “লগ ইন” হোৱাৰ পাছত আৰু ছাইতটো অচল হৈ যায়। বেছিভাগ সময়তে “service unavailable” দেখুৱাই। মাজে মাজে দুই তিনি পেজ মান যোৱাৰ পাছত আকৌ সেই service unavailable”। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই।

খঙতে নৃপেন উঠি আহিল কম্পিউটাৰৰ সম্মুখৰপৰা । “নাই ইয়াত আৰু নহব বুজিছ। এজেন্টক ক’ব লাগিব। তাতো যদি নহয় তেতিয়া হলে লাস্ট অপছন ফ্লাইট। নহলে মোৰ আৰু ছোৱালী চোৱা নহ’ব।“ -  নৃপেনে হাত দাঙি দিলে।  

নৃপেনৰ মাকেই সিদিনা খবৰ দিলে যে তাৰ কাৰণে বিয়াৰ এটা প্ৰস্তাব আহিছে। ভাল ঘৰৰেই ছোৱালী। ছোৱালীজনীও দেখাই শুনাত ভাল। ঘৰত সকলোৱে পচন্দ কৰিছে। সেয়েহে সি হেনো আহি চাই যাবহি লাগে। সি যদি পচন্দ কৰে তেতিয়া হলে মাক বাপেকে বাকী কামত আগবাঢ়িব। ছোৱালীজনীৰ ফ’ট অৱশ্যে সি নেদেখা নহয়। ফেচবুক’ত তাইৰ প্ৰফাইললৈ গৈ সি তাইৰ ফ’ট চাইছিল। ভালেই লাগিল তাৰ । মিলি যাব তাৰ লগত।তথাপিতো নিজৰ চকুৰে দেখাৰ সমান আন কিবা হ’ব পাৰেনেকি।

 পাছে মাক দেউতাকে জোৰ দিয়াৰ আন এটা কাৰণো আছে। তাক কোৱাৰ আগতেই মাক দেউতাকে ছোৱালীৰ কোষ্ঠী আনি জ্যোতিষীক দেখুৱাইছিল। তেতিয়াই গম পালে যে সিহঁত দুয়োটাৰ যোৰাটো বোলে কিবা ৰাজ’যোৰা হ’ব। বৰ ভাল যোৰা হেনো।আগলৈ সংসাৰ সুখৰ হ'ব।গতিকে মাক দেউতাকৰ মতে শীঘ্ৰেই কামত আগবাঢ়িব লাগে। শুভকামত পলম নহয়। সেয়েহে তাৰ এতিয়া ঘৰলৈ যাবলৈ তৎকালৰ টিকট লৈ এই লৰাঢপৰা

 "ঐ তোৰ ওচৰত এজেন্টৰ ফ’ন নাম্বাৰ আছেনেকি?" নৃপেনে ৰুমমেট দিগন্তক সুধিলে। দিগন্তই প্ৰায়ে এজেন্টৰ হতুৱাই টিকট কৰায়। এতিয়া নৃপেনে বিছৰাত পুৰণি ডায়েৰী এখনত খুচৰি খুচৰি দিগন্তই এজেন্টৰ ফ'ন নাম্বাৰ বিচাৰিবলৈ লাগিল। এই দিগন্তটোও আৰু দেই। এই স্মার্ট ফ'নৰ যুগতো সি ফ'ন নাম্বাৰ ৰাখিছে ডায়েৰীত। ফ'তকৰে তাৰ মাকলৈ মনত পৰি গ'ল। আগতে মাকেও ফ'নৰ কাষতে থকা কেলেন্ডাৰৰ চুককেইটাতে মানুহে দিয়া ফ'ন নাম্বাৰ বিলাক লিখি পেলাইছিল। মামা বা জেঠাইৰ ঘৰৰ ফ'ন নাম্বাৰ বিচাৰিলে সেই কেলেন্ডাৰখনলৈকে ঘৰৰ সকলোৰে প্ৰথমে চকু গৈছিল। 


  অলপ পাছত দিগন্তই নাম্বাৰ বিছাৰি পালে। কেইবাটাও এজেন্টৰ ফ'ন নাম্বাৰ দিগন্তই নৃপেনক দিলে।  নাম্বাৰ লৈ এইবাৰ নৃপেন এজন্টৰ পাছত পৰিল। পাচে তাতো দুর্দশা। দুই এজনে প্ৰথমতে আগ্ৰহ কৰিলেও পাছত এটীয়া টিকট বুলি জানিব পাৰি পিচ হোঁহোকিল ।লাভ লোকচানৰ সমীকৰণটোত এটীয়া টিকটত তেঁওলোকৰ বিশেষ লাভ নহয়। সেয়েহে এই অনিচ্ছা। 

 উপায় নাপাই নৃপেন আকৌ কম্পিউটাৰৰ সম্মুখতে বহিলহি। এইবাৰ যেন আগৰবাৰতকৈ অলপ ভাল। লাহে লাহে ছাইটটো খুলিছে। হওক তেও ছাইটটো খুলিছে যে। কিন্তু বুকিংৰ পেজটো খুলিলতহে সি দেখিলে যে ইতিমধ্যেই সকলো চিট বিক্ৰী হৈ গৈছে। ৱেইটিং লিস্ট আৰম্ভ হৈ গ'ল। তাৰমানে এইবাৰো তৎকাল নেছেল।মানে তাৰ সকলো প্লেন পণ্ড।

 নাই এই তৎকালত টিকট নাপালে কাৰণেই সি ঘৰলৈ নোযোৱাকৈ থাকিব নেকি? ভাল ছোৱালী এজনী পাইছে ।ৰেলত টিকট নাপালেই বুলিয়েই সি এতিয়া হাতৰপৰা এনে এটা প্ৰস্তাব যাবলৈ দিব নোৱাৰি নহয়। ফ্লাইটতেই সি যাবগৈ। অলপ পইছা খৰছ হ'ব আৰু। একো নাই ।ক্ৰেদিত কার্ড আছে যেতিয়া চিন্তা নাই। অহা মাহত হিচাপ অলপ মিলাই চলিব লাগিব। দুই-তিনিদিন পার্টি নকৰিলেই ওলাই যাব ফ্লাইটৰ টিকটৰ দাম । 

এইবাৰ নৃপেনে কম্পিউতাৰত টাইপ কৰাত লাগিল --
  "www.yatra.com"

 

No comments:

Post a Comment