Sunday, June 2, 2013

জানমণি আৰু মই

জানমণি আৰু মই
~~~~~~~~~~~~~~
২০০৫ চনৰ জানুৱাৰি মাহৰ কথা। উচ্চ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিবলৈ হোস্টেলৰপৰা ঘৰলৈ আহিলো। সেই সময়তে বজাৰলৈ জানমণি নামৰ ভি চি ডি খন আহিল। দেউতাই অফিছৰপৰা আহোতে এদিন ঘৰলৈ জানমণিৰ চি ডি এখন লৈ আনিল।

জানমণি মোৰ লগতে ঘৰৰ সকলোৰে কাৰণে বিহু গানৰ প্ৰথম চি ডি। ২০০৪ চনত মৰমজান নামৰ চি ডি এখন ওলাইছিল যদিও চোৱাৰ সুযোগ পোৱা নাছিলো।

  জানমণি ভিচিডি চাই সকলোৰে লগতে মোৰো খুব আনন্দ লাগিল। বিশেষকৈ গান কেইটাই আৰু শ্যামন্তিকা শর্মাৰ বিহু নাচে বৰ বাৰুকৈয়ে আকর্ষিত কৰিলে। কেইবাবাৰো চালো দুদিন মানৰ ভিতৰতে। যেতিয়াই সুবিধা পাও ভিচিডি প্লেয়াৰ টোৰ আগত বহি যাও। ঘৰত বাকী থকা সময়খিনিতো টেপ ৰেকর্ডাৰটোত জানমণিৰ গানকে বাজি থকা হ'ল।
  মুখৰ ভিতৰতো গুনগুনাই থাকিবলৈ ল'লো-
 
       " সোণজনী নোসোধিবা তোমালৈ মোৰ
         মৰম আছে কিমান  - সাগৰৰ পানী যিমান"

সৰুতে ঘৰত বিহু গান এটা শুনিছিলো টেপ ৰেকর্ডাৰত - গানটো সম্ভৱ এনে আছিল -
     " যেতিয়া ফাগুণৰ বতাহ বলে
       মাজনী তোমালৈ মনত পৰে" -
মাৰ মুখত শুনিছিলো -- গানটো প্ৰথম শুনি খুৰা এজনে হেনো কৈছিল --
   "কোনোবা আছ যদি মোৰ গাত বিহ জলকীয়া এটা সানি দে ঐ "

এতিয়া জানমণিৰ গান কেইটা শুনিলেও যেন মোৰো সেই অনুৰূপ অনুভৱ হ'বলৈ ধৰিল। মা-দেউতাই দেখিলে - ল'ৰাৰ পঢ়াৰ পৰা ধাউতি গৈ দেখোন " ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ" তহে লাগিলগৈ ।ইফালে পৰীক্ষা সমাগত। কিবা এটা নকৰিলে নহ্য় দেখিছো।

এদিন টি ভি চাই থাকোতেই মায়ে ভালকৈ এজাউৰি দিলে। দৰৱে কাম দিলে হ'ব পায়। দুদিনমান ঠিকেই গ'ল। কিন্তু মই দেখিলো যে - নাই শ্যামন্তিকাৰ নাচ নোচোৱাকৈ থাকিব নোৱাৰি আৰু ।
পঢ়াৰ টেবুলত মন নবহা হ'ল- মা-দেউতাই টো বুজি নাপায় যে --

        "পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে
          এৰো বুলি কোনেও এৰিবতো নোৱাৰে
          মৰম আহে বাঢ়ে লাহে লাহে
          বুকু জহে খহে মনে মনে  "

কিমান আৰু জানমণিক নোচোৱাৰ বেদনা লৈ কিতাপৰ টেবুলত বহি থাকিম। সেয়েহে ল'ৰা আকৌ পঢ়া এৰি টি ভি ৰ আগত । আহিনিৰ জীয়েকে সঁচাকৈয়ে সেইপাত ভাল বাণ মাৰিলে মোৰ ওপৰত।  মায়ে দেখিলে কথা বিষম- কিবা এটা নকৰিলে যে নহ'ব ভালকৈয়ে বুজি পালে ।

পাছে মায়ে একোকে কৰিব লগীয়া নহ'ল -  এদিন দুপৰীয়া জানমণিৰ নাচ চাই থাকোতেই হ'ল নহয় অঘটনটো। থালৌং কৈ শব্দ এটা কৰি টি ভি টো বন্ধ হৈ থাকিল। লগতে চি ডি প্লেয়াৰটোও। কাৰেন্ট টোও গুছি গ'ল। গম পালো কিবা এটা যে হ'ল। মনে প্ৰাণে ভাবিলো যে চি ডি প্লেয়াৰটো আৰু টি ভি টো যাতে ঠিকেই থাকে। কিন্তু কাৰেণ্ট অহাৰ পাছতহে দেখিলো টিভিটো দেখোন স্টার্টেই নহয়। পাছত গম পালো "high voltage" অহা বাবে টিভি আৰু চিডি প্লেয়াৰ দুইটাই বেয়া হৈছে, মেকানিকে পৰীক্ষা কৰি ক'লে ভিতৰৰ চার্কিট হেনো জ্বলি গ'ল । হিয়া উজাৰি ASEB' ক গালি পাৰিলো।

মা-দেউতাই মোৰ কান্ড কাৰখানা দেখি পৰীক্ষা শেষ হৈ নোযোৱালৈকে টিভি ভাল নকৰাৰ সিদ্ধান্তকে ললে ।উপাইহীন হৈ ময়ো জানমণিৰ স্মৃতিৰ বেদনাকে লৈ গধুৰ মন এটা লৈ পঢ়াত মন দিবলৈ ধৰিলো পাছে প্ৰথমকেইদিন বৰ কষ্ট হ'ল-
যেন--
          "ঐ ফুল মৰহিলে সুবাস থাকি যাব
           স্মৃতিৰ বেদনাই কন্দুৱাই থাকিব
           চকুৰ পানী পৰি জান জুৰি ব'ব
           সাত সতৰুৱে বৰশী টোপাব"

এতিয়া কথাবোৰ মনত পৰিলে ভাবো --
" সেয়া মৰম নাছিল যদি আছিল নো কি? "


No comments:

Post a Comment